আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ (Anandaram Dhekiyal Phukanor Jiwon Soritro) হৈছে অসমৰ সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ, বুৰঞ্জীবিদ গুণাভিৰাম বৰুৱাৰ দ্বাৰা লিখিত এখনি বিশেষ গ্ৰন্থ। এই গ্ৰন্থখনত অসমৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন লিপিবদ্ধ হৈছে। এই গ্ৰন্থখনক প্ৰথমখন আধুনিক অসমীয়া জীৱনী গ্ৰন্থ হিচাপে বিবেচনা কৰা হয়।১
জীৱনীকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: গুণাভিৰাম বৰুৱা
গুণাভিৰাম বৰুৱা (১৮৩৭-১৮৯৪) এগৰাকী অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। তেখেতক ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ-প্ৰদৰ্শক ৰূপে গণ্য কৰা হয়। অসমীয়া নাটকৰ আধুনিক ধাৰা প্ৰকৃততে তেখেতৰ "ৰাম-নৱমী" (১৮৫৭)ৰ পৰাই আৰম্ভ হয়।
গ্ৰন্থৰ চমু পৰিচিতি
জীৱনী-গ্ৰন্থখন পুঙ্খানুপুঙ্খ বিৱৰণেৰে সমৃদ্ধ। পৰিৱেশ আৰু পৰিস্থিতিৰ সত্যনিৰ্ভৰ বৰ্ণনা সন্নিৱিষ্ট হোৱা গ্ৰন্থখনত আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনৰ প্ৰায় সকলোবোৰ ঘটনায়েই অবিকৃত ৰূপত অন্তৰ্ভুক্ত হৈছে।১
তথ্যসূত্ৰ
- ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৫৯৬. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ” প্ৰবন্ধৰ সংশোধন ৩২৩৮৮১ (১২ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।