অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আগান

আগান হৈছে ১৯৯৪ চনৰ পৰা প্ৰকাশ পোৱা অসমীয়া ভাষাৰ এখন দহদিনীয়া বাৰ্তালোচনী। এই আলোচনীখন সম্পাদনা তথা প্ৰকাশ কৰিছিল পৰাগ কুমাৰ দাসে। এই বাৰ্তালোচনীখন গুৱাহাটীৰ পৰা প্ৰকাশ পাইছিল। প্ৰতিটো মাহৰ এক, এঘাৰ আৰু একৈশ তাৰিখে বাৰ্তালোচনীখনৰ একোটা সংখ্যা প্ৰকাশ পাইছিল।

হালনাগাদ: ৩১ ডিচেম্বৰ ২০২৩ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আগান হৈছে ১৯৯৪ চনৰ পৰা প্ৰকাশ পোৱা অসমীয়া ভাষাৰ এখন দহদিনীয়া বাৰ্তালোচনী।১ এই আলোচনীখন সম্পাদনা তথা প্ৰকাশ কৰিছিল পৰাগ কুমাৰ দাসে।২ এই বাৰ্তালোচনীখন গুৱাহাটীৰ পৰা প্ৰকাশ পাইছিল। প্ৰতিটো মাহৰ এক, এঘাৰ আৰু একৈশ তাৰিখে বাৰ্তালোচনীখনৰ একোটা সংখ্যা প্ৰকাশ পাইছিল। ইয়াত মূলতঃ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিশ্লেষণাত্মক প্ৰতিবেদন, অনুসন্ধানমূলক প্ৰতিবেদন, নিবন্ধ আদি প্ৰকাশ পাইছিল। ধাৰাবাহিক উপন্যাস, গল্প, কবিতা আদিও বাৰ্তালোচনীখনত প্ৰকাশ পাইছিল।

ইতিহাস

পূৰ্বতে পৰাগ কুমাৰ দাস বুধবাৰ নামৰ সাপ্তাহিক কাকতত কৰ্মৰত আছিল। পিছলৈ তেওঁ এই কাকত এৰি ১৯৯৪ চনৰ এপ্ৰিল মাহত মনোৰম গগৈ, মনোজ গোস্বামী আদি কেইজনমান সতীৰ্থ সাংবাদিকৰ সৈতে লগ লাগি আগানৰ জন্ম দিয়ে। ২৪ টা সংখ্যা প্ৰকাশ পোৱাৰ পিছত১ আৰ্থিক কাৰণত বাৰ্তালোচনীখনৰ প্ৰকাশ বন্ধ হয়।

তথ্যসূত্ৰ

  1. ↑ (17 May 2019). ‘পৰাগ দা’ নহয়, পৰাগ কুমাৰ দাসক জীয়াই ৰাখো আহক…. অসমীয়া প্ৰতিদিন ই-কাকত
  2. ↑ (17 May 2017). পৰাগ কুমাৰ দাসৰ ২১ তম মৃত্যুবাৰ্ষিকী. sangbad365.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংবাদ পত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আগান” প্ৰবন্ধৰ সংশোধন ৩৯৯৮৬৮ (৩১ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।