শীতৰ বতাহ আৰু বৰষুণ (Xeetor Botah Aru Boroxun) হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক আৰু চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ দ্বাৰা লিখিত এখন গল্পৰ সংকলন। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০২১ চনৰ অক্টোবৰ মাহত প্ৰকাশিত হৈছিল। অসমীয়া প্ৰকাশন গোষ্ঠী বান্ধৱে গ্ৰন্থখন প্ৰকাশ কৰে। ১
গল্পকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: অপূৰ্ব শৰ্মা
গল্পকাৰ-সমালোচক অপূৰ্ব শৰ্মাৰ জন্ম হৈছিল ১৯৪৩ চনত। তেখেতৰ বাঘে টাপুৰ ৰাতি (গল্প সংকলন), এজন কবিৰ মৃত্যু আৰু এজোপা বাৰমহীয়া আম, নাগৰিক আদি উল্লেখযোগ্য গল্প-সংকলন। "বাঘে টাপুৰ ৰাতি" গ্ৰন্থখনৰ বাবে তেখেতে ২০০০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এগৰাকী কীৰ্তিমান চলচ্চিত্ৰ সমালোচক হিচাপেও পৰিচিত অপূৰ্ব শৰ্মাই অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ শীৰ্ষক গ্ৰন্থখনৰ বাবে ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিযোগিতাত শ্ৰেষ্ঠ চলচ্চিত্ৰ গ্ৰন্থৰ বঁটা লাভ কৰে৷
গ্ৰন্থৰ চমু পৰিচিতি
গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা গল্পকেইটা হৈছে:
- ধন্য নৰতনু
- ক্ষুৰৰ ধাৰেৰে খোজ
- স্থাৱৰ
- দুৰ্বৃত্তৰ ইতিবৃত্ত
- শীতৰ বতাহ আৰু বৰষুণ
তথ্যসূত্ৰ
- ↑ অপূৰ্ব শৰ্মা. শীতৰ বতাহ আৰু বৰষুণ. বান্ধৱ প্ৰকাশন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শীতৰ বতাহ আৰু বৰষুণ” প্ৰবন্ধৰ সংশোধন ৪০৩১৭৫ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।