অৰুণ অসমীয়া ভাষাত প্ৰকাশিত এখনি শিশু আলোচনী৷ ১৯২৬ চনত কলিকতাৰ ৮ সুবল চন্দ্ৰ লেনৰ পৰা প্ৰকাশিত আলোচনীখনৰ সম্পাদক আছিল মহাদেৱ শৰ্মা৷১ শিশু উপযোগী প্ৰবন্ধ, গল্প, কবিতাৰে ভৰপুৰ আলোচনীৰখনত পুথি সমালোচনা শিতান এটাও আছিল৷ আলোচনীখনৰ লেখকসকল আছিল, তৰুণ ৰাম ফুকন, ডিম্বেশ্বৰ নেওগ, ৰোহিণীকান্ত বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা আদি৷ ১৯৩৪ চনত আলোচনীখনৰ প্ৰকাশ বন্ধ হয়৷২
“অৰুণ’’ নামৰ আন এখন সাধাৰণ আলোচনী ১৯৫৮ চনত মাজুলীৰ পৰা থানেশ্বৰ হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পায়৷ আলোচনীখন মাত্ৰ দুটা সংখ্যা প্ৰকাশ হোৱাৰ পিছত বন্ধ হৈ যায়৷২
আন এখন “অৰুণ’’ নামৰ সাহিত্য বিষয়ক আলোচনী ১৯৭৩ চনত বনগাঁও, বাদুলিপাৰ, গোলাঘাটৰ পৰা প্ৰকাশ হৈছিল৷ সম্পাদক আছিল ৰামকুমাৰ আগৰৱালা৷ প্ৰকাশক বোধেশ্বৰ দোৱনীয়া৷৩
তথ্যসূত্ৰ
- ↑ শৰ্মা, হেমন্ত কুমাৰ. (১৯৯১). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. বীণা লাইব্ৰেৰী. পৃ. ৩৭৬
- ↑ ফুকন, প্ৰসন্ন কুমাৰ. (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃ. ৪১
- ↑ ফুকন, প্ৰসন্ন কুমাৰ. (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃ. ৮০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণ (শিশু আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫২০০৬৫ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।