অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আমাৰ সময়

আমাৰ সময় এখন অসমীয়া ভাষাৰ সাপ্তাহিক বাতৰি কাকত। ‘সূৰ্যোদয় গোষ্ঠী’ৰ দ্বাৰা প্ৰকাশিত এই কাকতখন বৰ্তমান মাজুলীৰ পৰা প্ৰতি দেওবাৰে প্ৰকাশ পাই আহিছে। কাকতখন প্ৰথম প্ৰকাশ পাইছিল ২০২০ চনৰ ৫ জানুৱাৰী তাৰিখে।

হালনাগাদ: ৬ মাৰ্চ ২০২৪ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

আমাৰ সময় এখন অসমীয়া ভাষাৰ সাপ্তাহিক বাতৰি কাকত। ‘সূৰ্যোদয় গোষ্ঠী’ৰ দ্বাৰা প্ৰকাশিত এই কাকতখন বৰ্তমান মাজুলীৰ পৰা প্ৰতি দেওবাৰে প্ৰকাশ পাই আহিছে। কাকতখন প্ৰথম প্ৰকাশ পাইছিল ২০২০ চনৰ ৫ জানুৱাৰী তাৰিখে।

সমল

সাপ্তাহিক আমাৰ সময় কাকতখনে অসমক কেন্দ্ৰ কৰি উত্তৰ পূবক সামৰি সমগ্ৰ ভাৰতবৰ্ষৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তৰ্জাতিক বাতৰি, আলোকচিত্ৰ আদি প্ৰকাশ কৰি আহিছে।

মুঠ ১৪ পৃষ্ঠাজোৰা আমাৰ সময় কাকতখনে বাতৰি আৰু ভিন্ন বিষয় বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰত্যেকটো পৃষ্ঠা শ্ৰেণীকৰণ কৰিছে।

পৃষ্ঠাসমূহ সাধাৰণতে মুখ্য পৃষ্ঠা, খবৰ, প্ৰবন্ধ, সম্পাদকীয়, কাব্যবৃষ্টি (কবিতাৰ পৃষ্ঠা), ৰংঘৰ (শিশু উপযোগী বিশেষ লেখা), সানমিহলি, আঞ্চলিক বাতৰি আদিৰ লগতে মাহটোৰ প্ৰতিটো সংখ্যাত এটি বিশেষ পৃষ্ঠা বিদ্যাদৰ্পণ (শিক্ষাৰ্থীৰ বাবে), নৱপ্ৰজন্মৰ সময় (মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে) আৰু খ্যাত-অখ্যাত জীৱনী, শিল্পবাৰ্তা (এক সাক্ষাৎকাৰ) আদি কেইবাটাও ভাগত বিভক্ত কৰা হৈছে।

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংবাদ পত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমাৰ সময়” প্ৰবন্ধৰ সংশোধন ৪০৯৯৪৮ (৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।