শৰাইঘাট অভিধান (ইংৰাজী:Saraighat Abhidhan) ড॰ দীনেশ চন্দ্ৰ গোস্বামীৰ মুখ্য সম্পাদনাত প্ৰণিত অসমীয়া অভিধান। ২০০০ চনৰ জানুৱাৰী মাহত ড॰ বিশ্বনাৰায়ণ শাস্ত্ৰীক মুখ্য সম্পাদক আৰু ভবেন কুমাৰ বৰা আৰু ড॰ শ্যামা প্ৰসাদ শৰ্মাক সহযোগী সম্পাদক হিচাপে লৈ শৰাইঘাট প্ৰকাশনৰ যোগেশ শৰ্মাই আৰম্ভ কৰা অভিধান প্ৰকল্পটো পৰৱৰ্তী সময়ত বিভিন্ন আহুকালৰ মাজেৰে পাৰ হৈ ২০০৯ চনত ড॰ দীনেশ চন্দ্ৰ গোস্বামীয়ে মুখ্য সম্পাদকৰ দায়িত্ব লোৱাৰ পিছত ২০১১ চনৰ অক্টোবৰ মাহত শৰাইঘাট অভিধানে প্ৰকাশৰ বাট দেখে। সহযোগী সম্পাদক ক্ৰমে বিনয় মোহন শইকীয়া আৰু ড॰ ৰূপশ্ৰী গোস্বামী; জীৱবিজ্ঞানৰ সম্পাদক ড॰ সোণেশ্বৰ শৰ্মা; চিত্ৰ সম্পাদক ক্ষীৰধৰ বৰুৱাই অভিধানখন প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰাইঘাট অভিধান” প্ৰবন্ধৰ সংশোধন ৩১৯৩১৬ (২২ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।