অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অন্তৰীপ (উপন্যাস)

অন্তৰীপ ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ১৯৭৯ চনত লিখিবলৈ আৰম্ভ কৰা উপন্যাসখন ৰামধেনু নামৰ আলোচনীত তিনিটা সংখ্যাত তিনিছোৱা প্ৰকাশ পোৱাৰ পাছত লিখাৰ কাম বন্ধ হয়। প্ৰান্তিক নামৰ আলোচনীত ১৯৮২ চনৰ ১৬ এপ্ৰিলৰ সংখ্যাৰ পৰা সেই তিনিছোৱা আকৌ প্ৰকাশ হয়। তাৰপাছত লিখা কাম আৰম্ভ হয়।

হালনাগাদ: ১ জুন ২০২০ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অন্তৰীপ ভবেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ১৯৭৯ চনত লিখিবলৈ আৰম্ভ কৰা উপন্যাসখন ৰামধেনু নামৰ আলোচনীত তিনিটা সংখ্যাত তিনিছোৱা প্ৰকাশ পোৱাৰ পাছত লিখাৰ কাম বন্ধ হয়। প্ৰান্তিক নামৰ আলোচনীত ১৯৮২ চনৰ ১৬ এপ্ৰিলৰ সংখ্যাৰ পৰা সেই তিনিছোৱা আকৌ প্ৰকাশ হয়। তাৰপাছত লিখা কাম আৰম্ভ হয়। প্ৰান্তিকৰ ধাৰাবাহিকভাৱে প্ৰকাশ হৈ থাকে আৰু ১৯৮৪ চনৰ ১ জানুৱাৰীৰ সংখ্যাত শেষছোৱা প্ৰকাশ হয়।

চৰিত্ৰসমূহ

  • মহীকান্ত
  • মেনকা
  • মদন চোৰ
  • যোগেশ্বৰী
  • ঘনকান্ত
  • ৰত্নকান্ত
  • ভদ্ৰকান্ত
  • ইন্দ্ৰ
  • চিত্ৰা
  • দীন

চলচ্চিত্ৰ

মূল প্ৰবন্ধ: অগ্নিস্নান

উপন্যাসখনৰ আধাৰত ভবেন্দ্ৰ নাথ শইকীয়া ই ১৯৮৫ চনত অগ্নিস্নান নামৰ চলচ্চিত্ৰখন পৰিচালিত কৰিছিল। ভবেন্দ্ৰনাথ শইকীয়াই চলচ্চিত্ৰখনৰ বাবে ১৯৮৫ চনৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।১

তথ্যসূত্ৰ

  1. ↑ দত্ত, ৰীমা. “অন্তৰীপ” উপন্যাসখনৰ আধাৰত নিৰ্মিত ছবি “অগ্নিস্নান”. rupaliparda.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্তৰীপ (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ২৩৩৮২৪ (১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।