ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভত্ৰী ভাষা
ভত্ৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ওড়িয়া উপগোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ চত্তীছগঢ় আৰু উৰিষ্যাৰ ভটড়া জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। এই ভাষা ভাষী লোকে প্ৰায় পূব বস্তৰ জিলা আৰু উৰিষ্যাৰ কোৰাপুত আৰু নবৰংপুৰ জিলাত বাস কৰে।
-
ভীলী ভাষা
ভীলী (Deva, Gujr) হৈছে পশ্চিম-মধ্য ভাৰতৰ ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশ ৰাজ্যত কথিত এটা পশ্চিম ইণ্ডো-আৰ্য ভাষা। এই ভাষাটোৰ আন নামসমূহৰ ভিতৰত ভিলবোলী অন্তৰ্ভুক্ত, আৰু ভীলী ভাষাৰ কেইবাটাও ৰূপক গৰাসিয়া বুলি কোৱা হয়।
-
মানুহ হোৱাৰ গৌৰৱ
মানুহ হোৱাৰ গৌৰৱ (Manuh Huaar Gourab) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন দুঃসাহসিক অভিযানমূলক গ্ৰন্থ। ইয়াত মানুহে পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ মেৰু বিজয় কৰাৰ কাহিনী বৰ্ণনা কৰিছে। গ্ৰন্থখন ১৯৯৪ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।
-
মালৱী ভাষা
মালৱী (माळवी भाषा) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ ভাৰতৰ মালৱা অঞ্চলত ব্যৱহাৰ কৰা হয়। ই নিমাড়ীৰ সৈতে সামঞ্জস্য ৰাখে, যি মধ্য প্ৰদেশৰ নিমাড় অঞ্চলত ব্যৱহাৰ কৰা হয়।
-
মিউজ ইণ্ডিয়া
মিউজ ইণ্ডিয়া (ইংৰাজী: Muse India) হ’ল হাইদৰাবাদৰপৰা ইংৰাজী ভাষাত প্ৰকাশিত সাহিত্য বিষয়ক এখন ই-আলোচনী৷ ২੦੦৫ চনৰপৰা আলোচনীখন অনলাইনত দুমহীয়াকৈ প্ৰকাশ পাই আহিছে৷ আলোচনীখনৰ কোনো ছপা সংস্কৰণ নাই৷ ২੦১৭ চনত বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিয়ে আলোচনীখনক এখন সাহিত্য বিষয়ক ই-জাৰ্নেল হিচাপে…
-
শব্দ (ব্যাকৰণ)
শব্দ হ'ল বৰ্ণৰ মিলন। সাধাৰণতে এটা বা তাতোকৈ অধিক বৰ্ণ বা আখৰ লগ লাগি অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলে। যেনে: ই, আম, ল'ৰা, ছোৱালী, কিতাপ, কাগজ, কলম আদি। বহল ব্যাকৰণৰ মতে অৰ্থযুক্ত বৰ্ণ বা বৰ্ণসমষ্টিক শব্দ বোলা যায়। - জুই, পানী, ঘৰ, মানুহ, অৰ্থযুক্ত বৰ্ণসমষ্টি, এতেকে সিহঁত শব্দ।
-
ৰবীন্দ্ৰ গুহ
ৰবীন্দ্ৰ গুহ বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ জন্ম ১৯৩৪ চনৰ ২৫ অক্টোবৰ।
-
অনঙ্গৰঙ্গ
অনঙ্গৰঙ্গ (अनंगरंग) বা কমলেধিপ্লৱ (कमलेधिप्लव) হ'ল পঞ্চদশ নাইবা ষোড়শ শতিকাত কল্যাণ মল্লাই ৰচনা কৰা সংস্কৃত গ্ৰন্থ। পাণ্ডুলিপিখনৰ অনুবাদকসকলে কয় যে, ইয়াৰ উদ্দেশ্য কেৱল স্বামী-স্ত্ৰীৰ বিচ্ছেদ ৰোধ কৰা, অবাধ্যতাক উৎসাহিত কৰা নহয়।
-
অমৰকোষ
অমৰকোষ ( Amarkosa) অমৰসিংহৰ দ্বাৰা ৰচিত এখন সংস্কৃত অভিধান। ই অন্যতম পুৰণি সংস্কৃত অভিধান। লেখকে নিজেই পূৰ্বৰ ১৮খন গ্ৰন্থৰ কথা উল্লেখ কৰিছে যদিও সেইবোৰ হেৰাই গৈছে। অমৰকোষৰ ওপৰত ৪০টাতকৈও অধিক টীকা আছে।
-
অসম সাহিত্য সভাই প্ৰদান কৰা বঁটা আৰু সন্মান
১৯১৭ চনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে অসম সাহিত্য সভাৰ জন্ম হয়। বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। যোৰহাটত অৱস্থিত চন্দ্ৰকান্ত সন্দিকৈ ভৱন হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়।
-
অসমীয়া শিশু আলোচনীসমূহৰ তালিকা
"অসম ইয়াৰবুক ২০১৫", শৰাইঘাট প্ৰকাশন
-
অসমীয়া সাহিত্যৰ ৰূপৰেখা
অসমীয়া সাহিত্যৰ ৰূপৰেখা হৈছে মহেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক এখন সংক্ষিপ্ত বুৰঞ্জীসদৃশ গ্ৰন্থ৷ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৬২ চনৰ অক্টোবৰত৷ গ্ৰন্থখনৰ ত্ৰয়োদশ তাঙৰণটো প্ৰকাশ কৰিছে চন্দ্ৰ প্ৰকাশে৷ এই সংস্কৰণটোত মুঠ ১৬ টা অধ্যায় আছে৷ মুঠ পৃষ্ঠা সংখ্যা ৪০০ টা।
-
আইচ টুডে
আইচ টুডে বা আই চি ই টুডে হৈছে দেশৰ সমসাময়িক সংস্কৃতি আৰু সমাজৰ ওপৰত গুৰুত্ব আৰোপ কৰা বাংলাদেশী জীৱন-শৈলীৰ আলোচনী। আলোচনীখনত ব্যৱসায়, ফেশ্বন, স্বাস্থ্য, মহিলা, সংগীত, ভ্ৰমণ আৰু খাদ্যৰ ওপৰত নিবেদিত শিতান আছে।
-
আগবাৰীত ফুলিলে সোণে মোৰ চম্পা
আগবাৰীত ফুলিলে সোণে মোৰ চম্পা (Aag Barit Fulile Xune Mur Champa) কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ জীৱনভিত্তিক এখন উপন্যাস। উপন্যাসখন লিখিছে আৰাধনা পটংগীয়া গোস্বামীয়ে।
-
আধুনিক অসমীয়া শব্দকোষ
আধুনিক অসমীয়া শব্দকোষ (Adhunik Asamiya Sabdakosh) সুমন্ত চলিহাৰ দ্বাৰা সংকলিত অসমীয়া ভাষাৰ অভিধান। ইয়াৰ প্ৰথম সংস্কৰণ প্ৰকাশ হয় ১৯৯১ চনত। প্ৰকাশ কৰে বাণী মন্দিৰৰ হৈ সূৰ্যকান্ত হাজৰিকায়।
-
আৱাৰ ফিল্মছ, দেয়াৰ ফিল্মছ
আৱাৰ ফিল্মছ, দেয়াৰ ফিল্মছ (Our Films, Their Films) হ'ল বিশিষ্ট বাঙালী চলচ্চিত্ৰ নিৰ্মাতা, সুৰকাৰ আৰু লেখক সত্যজিৎ ৰায়ৰ এখন চলচ্চিত্ৰ সমালোচনা বিষয়ক প্ৰবন্ধ সংকলন।
-
উদয়াদিত্য ভৰালী
উদয়াদিত্য ভৰালী অসমৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ তথা অধ্যাপক। পিতৃৰ কৰ্মসূত্ৰে তেওঁ মঙলদৈ, ওদালগুৰি, মাজবাট, গহপুৰ, শিৱসাগৰ, গুৱাহাটী, বৰমা, নলবাৰী আৰু বৰপেটাত বুনিয়াদী আৰু হাইস্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল।
-
এদিনৰ সংবাদ
এদিনৰ সংবাদ হ'ল অসমৰ গুৱাহাটীৰপৰা প্ৰকাশিত এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। ২০০৬ চনৰ ২৯ অক্টোবৰ তাৰিখে কাকতখন প্ৰথম প্ৰকাশ পায়। অদীপ কুমাৰ ফুকন কাকতখনৰ সম্পাদক। বৰ্তমান এইখন কাকত উপলব্ধ নহয়।
-
কথা ৰত্নাকৰ
কথা ৰত্নাকৰ হ'ল ড॰ ধ্ৰুৱজ্যোতি বৰাৰ দ্বাৰা ৰচিত এক উপন্যাস। স্বাধীনতাৰ উত্তৰ কালত, অসমৰ পিছপৰা সমাজ এখন আৰু অনুন্নত সম্প্ৰদায় এটাৰ জীৱনলৈ সমাজবাদী ৰাজনৈতিক আন্দোলন আৰু মহাপুৰুষীয়া ধৰ্মৰ প্ৰভাৱে কঢ়িয়াই অনা পৰিৱৰ্তন বৰ্ণিত হৈছে এই উপন্যাসখনত।
-
কমৰ ভাষা
কমৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মধ্য প্ৰদেশৰ এখন জিলা আৰু ছত্তীসগঢ়ৰ এখন জিলাত ব্যৱহাৰ কৰা হয়। পূৰ্বী ভাৰতীয়-আৰ্য ভাষাসমূহৰ মাজত ই হলবিক গোটত আহে, যি অসমীয়া-বঙালী, ওড়িয়া আৰু বিহাৰী, তিনিওৰে পৰা পৃথক।
-
কালপুৰুষ
কালপুৰুষ (Kalpurush) হৈছে অসমৰ ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ দ্বাৰা লিখিত এখন উপন্যাস। এই উপন্যাসখন ১৯৭৬ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হয়। উপন্যাসখনত আহোম ৰাজত্বৰ এছোৱা গুৰুত্বপূৰ্ণ সময়ৰ বৰ্ণনাৰ লগতে সাহিত্যিক কল্পনাৰো সমাহাৰ ঘটিছে।
-
কেসৰী (বাতৰিকাকত)
কেসৰী (केसरी) হৈছে এখন মাৰাঠী বাতৰিকাকত যিখনক ১৮৮১ চনৰ ৪ জানুৱাৰী তাৰিখে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বিশিষ্ট নেতা লোকমান্য বাল গঙ্গাধৰ তিলকে প্ৰতিষ্ঠা কৰিছিল।
-
খৰিয়া থাৰ ভাষা
খৰিয়া থাৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ঘাইকৈ ভাৰতৰ পাহাড়ীয়া খৰিয়া লোকে ব্যৱহাৰ কৰে। যদিও তেওঁলোকৰ এভাগে খৰিয়া থাৰ ভাষা কয়। এই ভাষা ওড়িয়াতকৈ অসমীয়া আৰু বাঙালী ভাষাৰহে অধিক নিকটৱৰ্তী।
-
গন্ধবংশ
গন্ধবংশ (আক্ষৰিক অৰ্থত সাহিত্যৰ ইতিহাস; কুলাগন্ধবংশও) হৈছে নন্দপান্নাৰ ১৭ শতিকাৰ পালি সাহিত্যৰ এটা খণ্ড য'ত বাৰ্মা আৰু চিলনৰ উত্তৰ-কেননিক পালি সাহিত্যৰ বৰ্ণনা কৰা হৈছে।
-
চিৰিলিক লিপি
চিৰিলিক লিপি হৈছে পূব ইউৰোপ, উত্তৰ এছিয়া আৰু মধ্য এছিয়াত ভৌগোলিকভাৱে ব্যৱহৃত এক অধ্বনিগত বৰ্ণানুক্ৰমিক লিপি। বৰ্তমান চিৰিলিক লিপি ১২খন দেশৰ ৰাষ্ট্ৰীয় লিপি আৰু বিশ্বৰ ৫ম সৰ্বাধিক ব্যৱহৃত লিখন ব্যৱস্থা।
-
ছাংলট ফেন্লা
ছাংলট ফেন্লা হৈছে লেখক-সাংবাদিক পৰাগ কুমাৰ দাসৰ এখন বহুপঠিত উপন্যাস। উপন্যাসখনৰ যোগেদি লেখকে অসমৰ এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ উত্থান আৰু অৱক্ষয়ৰ বিভিন্ন দিশ সম্পৰ্কে বৰ্ণনা কৰিছে।
-
জসীমউদ্দিন
জসীমউদ্দিনৰ জন্ম হয় ১৯০৪ চনৰ ১ জানুৱাৰীত বাংলাদেশৰ ফৰিদপুৰ জিলাৰ অম্বিকাপুৰ গাঁঁৱত। তেওঁৰ পিতা মৌলভি আনসাৰ উদ্দিন আছিল এজন স্কুল শিক্ষক। তেওঁৰ লিখনীৰে বাংলা লোক সাহিত্যৰ ভাণ্ডাৰ সমৃদ্ধশালী কৰাৰ বাবে তেওঁক পল্লীকবি বুলিও কোৱা হয়। ১৯৩১ চনত জসীমউদ্দিনে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা এম. এ পাছ কৰে।
-
জিলেণ্ডিক
জিলেণ্ডিক ভাষা জিলেণ্ডৰ ওলন্দাজ অঞ্চলত আৰু দক্ষিণ হ'লেণ্ডত কথিত এক আঞ্চলিক ভাষা। যদিও ইয়াক প্ৰায় ওলন্দাজ ভাষাৰ উপভাষা হিচাপে অভিহিত কৰা হয়, উচ্চাৰণ, ব্যাকৰণ আৰু শব্দ-সম্ভাৰৰ ভালেমান অমিলে পাকৈত নোহোৱা ওলন্দাজ কথনকাৰীৰ বাবে জিলেণ্ডিক বুজা কষ্টকৰ কৰি তুলে। ভাষাগতভাৱে ই পশ্চিম ফ্লেমিছৰ এক উপভাষা।
-
জৈন সাহিত্য
জৈন সাহিত্য ( সংস্কৃত: जैन साहित्य) বুলিলে জৈন ধৰ্মৰ সাহিত্যক বুজোৱা হয়। ই এক বিশাল আৰু প্ৰাচীন সাহিত্য পৰম্পৰা, যিটো প্ৰথম অৱস্থাত মৌখিকভাৱে প্ৰচাৰিত হৈছিল। অৰ্ধমাগধী প্ৰাকৃত (মধ্য-ইণ্ডো আৰ্য) ভাষাত লিখা কেননিক জৈন আগমত বৰ্তমানৰ আটাইতকৈ পুৰণি সামগ্ৰী সন্নিবিষ্ট কৰা হৈছে।
-
জৌনসাৰী ভাষা
জৌনসাৰী (দেৱনাগাৰী লিপিত: जौनसारी, ) এটি পশ্চিমীয়া পাহাড়ী ভাষা যাক উত্তৰাখণ্ড ৰাজ্যৰ গঢ়ৱাল অঞ্চলৰ দেহৰাদুন জিলাৰ চক্ৰতা আৰু কালসীত জৌনসাৰী লোকে ব্যৱহাৰ কৰে। জৌনসাৰীৰ উপ-ভাষাসমূহে চুবুৰীয়া বংগনী, জৌনপুৰী, নাগপুৰীয়া আৰু সিৰমৌৰীৰ সৈতে প্ৰায় ৬০% শব্দাৱলী একেই ৰাখে।