অন্য যুগ অন্য পুৰুষ (Onyo Jug Onyo Purux) হৈছে অসমীয়া ঔপন্যাসিক, সাহিত্যিক দেবেন্দ্ৰ নাথ আচাৰ্যৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৭০ চনত প্ৰকাশিত হোৱা গ্ৰন্থখন তেখেতৰ সাহিত্যিক জীৱনৰ প্ৰথমখন উপন্যাস বুলি গণ্য কৰা হয়।১
গ্ৰন্থকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: দেবেন্দ্ৰ নাথ আচাৰ্য
দেবেন্দ্ৰ নাথ আচাৰ্যৰ জন্ম হৈছিল যোৰহাটৰ ওচৰৰ গৰখীয়া দ'লত। পিতৃৰ নাম আছিল নগেন্দ্ৰনাথ আচাৰ্য, আৰু মাতৃৰ নাম জয়ন্তীপ্ৰিয়া দেৱী। তেখেত এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক। তেখেত ঘাইকৈ অসমৰ বুৰঞ্জী ভিত্তিক উপন্যাসৰ ৰচয়িতা। তেখেতৰ দ্বাৰা ৰচিত উপন্যাস জঙ্গমএ মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
গ্ৰন্থৰ চমু পৰিচয়
এই উপন্যাসখনত অতীতৰ সমাজখনক পটভূমি হিচাপে ব্যৱহাৰ কৰা হৈছে। এক বিশেষ ভৌগোলিক অঞ্চলতে উপন্যাসখন বৰ্ণনা সীমাবদ্ধ। গ্ৰন্থখনত বিভিন্ন বৈচিত্ৰ্যময় চৰিত্ৰৰ সমাহাৰ ঘটিছে।১
তথ্যসূত্ৰ
- ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৫৯৩. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্য যুগ অন্য পুৰুষ” প্ৰবন্ধৰ সংশোধন ২৫০৩৬৫ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।