অসমী অসমীয়া ভাষাৰ তিনিমহীয়া এখন শিশু আলোচনী৷ ১৯৮০ চনত শিৱসাগৰৰ চেপনৰ পৰা প্ৰকাশ পাইছিল৷ আলোচনীখনৰ সম্পাদক আছিল মৃদুল কুমাৰ বৰা৷১
অসমী নামৰ আন এখন সাহিত্য-সংস্কৃতিমূলক অসমীয়া ভাষাৰ মাহেকীয়া আলোচনী ১৯৬৯ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পায়৷ সম্পাদক আছিল, ৰিজু হাজৰিকা৷ পত্ৰিকাখন দেৱকুমাৰ ভূঞা, অৰুণ কুমাৰ, প্ৰতাপ চন্দ্ৰ বড়ো, মনমোহন কলিতা আৰু গজেন্দ্ৰনাথ ডেকাৰ হৈ মথুৰামোহন শৰ্মাৰ দ্বাৰা মুদ্ৰিত আৰু প্ৰকাশিত৷ নতুন লেখকৰ সৃষ্টিত গুৰুত্ব দিয়া আলোচনীখনৰ বিষয় সূচীৰ আৰম্ভণিতেই “নতুন আলোচনী’’ শীৰ্ষক আলোচনাত লিখা হৈছিল, “নতুন নতুন একোখন আলোচনীৰ জন্ম হৈ একো একোদল লিখক আৰু চিন্তাশীল লোকক সমবেত কৰিব পৰাটোত আশা আৰু আনন্দ দুয়োটাই থাকে৷ সম্পাদকীয় শিতানত অসমীয়া আলোচনীৰ সমস্যাৰ কথা আলোচনা কৰা হৈছিল৷২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমী (শিশু আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫২০০৪৯ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।