অসমীয়া ভাষা-চিন্তন হৈছে অৰ্পণা কোঁৱৰৰ দ্বাৰা ৰচিত অসমীয়া ভাষা বিষয়ক এখন গ্ৰন্থ। গ্ৰন্থখন ২০১৬ চনত বনলতা প্ৰকাশনে প্ৰথম প্ৰকাশ কৰে। গ্ৰন্থখনত সৰ্বমুঠ ৯টা অধ্যায় আছে।
অধ্যায়সমূহ
- অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক বিশ্লেষণ
- অসমীয়া ভাষাৰ সৰ্গ
- অসমীয়া ভাষাৰ শব্দসাধন-প্ৰক্ৰিয়া
- অসমীয়া ভাষাৰ ক্ৰিয়াপদঃগঠন আৰু প্ৰকাৰ
- অসমীয়া ভাষাৰ বাক্যতাত্ত্বিক বিশ্লেষণ
- অসমীয়া ভাষাত আৰ্যভিন্ন ভাষাৰ উপাদান
- আৰ্যভিন্ন ভাষাত অসমীয়া ভাষাৰ উপাদান
- অসমীয়া ভাষাৰ উচ্চাৰণ বিধি
- অসমীয়া ভাষাৰ আখৰ জোঁটনিঃ সমস্যা আৰু সমাধান
লেখিকাৰ পৰিচয়
মূল প্ৰবন্ধ: অৰ্পণা কোঁৱৰঅৰ্পণা কোঁৱৰ' (Arpana Konwar) হৈছে এগৰাকী অসমীয়া লেখিকা,ভাষা গৱেষক, অধ্যাপক। তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ সন্মানীয় অধ্যাপক আৰু Faculty of Humanities and Law বিভাগৰ ‘ডীন’ হিচাপে কৰ্মৰত৷১ অসমৰ ভাষা বিষয়ক বহুকেইখন প্ৰাসংগিক গ্ৰন্থ ইতিমধ্যেই তেওঁ লিখি উলিয়াইছে৷ সেইদৰে অসমীয়া আৰু ইংৰাজী ভাষাত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইটা ভাষাৰ বিষয়ে তেওঁ গ্ৰন্থ প্ৰকাশ কৰিছে৷
তথ্যসূত্ৰ
- ↑ (২০১২). অৰ্পণা কোঁৱৰ. বনলতা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া ভাষা-চিন্তন” প্ৰবন্ধৰ সংশোধন ৫২২৩৪৪ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।