ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
জোংখা ভাষা
জোংখা (རྫོང་ཁ་; [dzòŋkʰɑ́]) হৈছে ভূটানৰ চৰকাৰী আৰু জাতীয় ভাষা। ইয়াক তিব্বতী লিপি ব্যৱহাৰ কৰি লিখা হৈছে।
-
অসমীয়া খবৰ
অসমীয়া খবৰ (Asomiya Khabar) হৈছে এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। এই বাতৰি কাকতখনৰ দুই সংস্কৰণ গুৱাহাটী আৰু যোৰহাটৰ পৰা একেসময়তে প্ৰকাশিত হয়। জ্যেষ্ঠ সংবাদকৰ্মী শংকৰ লস্কৰ বাতৰি কাকতখনৰ সম্পাদক আৰু বিশ্বজিৎ দাস মুখ্য সম্পাদক।
-
ব্ৰজ ভাষা
ব্ৰজ হৈছে ভাৰত-আৰ্য ভাষা পৰিয়ালৰ ভিতৰৰ এটা ভাষা পশ্চিম উত্তৰ প্ৰদেশৰ ব্ৰজ অঞ্চলত মথুৰাক কেন্দ্ৰ কৰি প্ৰচলিত। আৱাধিৰ লগতে ই উত্তৰ-মধ্য ভাৰতৰ দুটা প্ৰধান সাহিত্যিক ভাষাৰ ভিতৰত অন্যতম আছিল আৰু তাৰ পিছত ক্ৰমান্বয়ে একত্ৰিত হৈ ১৯ শতিকাত মানক হিন্দী ভাষাৰ বিকাশত অৰিহণা যোগাইছিল।
-
দ্য ছেণ্টিনেল
দ্য ছেণ্টিনেল (The Sentinel) এখন দৈনিক ইংৰাজী বাতৰি কাকত। ১৯৮৩ চনত গুৱাহাটীত এই বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়। ই উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত। কাকতখনৰ উৎকৃষ্ট ভাষা আৰু বৌদ্ধিক দৰ্শনৰ বাবে অসমত যথেষ্ট প্ৰচলিত আৰু জনপ্ৰিয়।
-
অন্তহীন প্ৰেৰণা
অন্তহীন প্ৰেৰণা(Antohin Prerona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ১৬ জন ব্যক্তিৰ জীৱনক লৈ ১৬ টা প্ৰবন্ধ আছে। বনলতা প্ৰকাশনে ২০০৬ চনত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে তেখেতৰ ভগ্নীসম শ্ৰীমতী বিচিত্ৰা দলেলৈ উছৰ্গা কৰিছে।
-
কিতাপ পঢ়াৰ আনন্দ
কিতাপ পঢ়াৰ আনন্দ (Kitap Pohar Aanondo) হৈছে অসমীয়া সাহিত্যিক,সাংবাদিক,সমালোচক,কবি,গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য-ৰচনা। ১৯৯১ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে তেখেতৰ বন্ধু অশোক শইকীয়াৰ কৰকমলত আগবঢ়াইছে।
-
আখৰ
আখৰ হ'ল অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা চিহ্ন। কোনো ভাষাক লিখিত ৰূপ দিবলৈ যিবোৰ চিহ্ন ব্যৱহাৰ কৰা হয় সেইবোৰেই আখৰ৷ উদাহৰণ হিচাপে অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা — অ, আ, ই, ক, খ, গ আদি চিহ্ন৷ অসমীয়া ব্যঞ্জনবৰ্ণমালাত ৪১ টা আখৰ পোৱা যায় যদিও ইয়াৰে ‘ক্ষ’ আখৰটো ‘ক’ আৰু ‘ষ’ৰ যুগ্ম ৰূপহে (ক+ষ=ক্ষ)৷ আখৰৰ…
-
চন্দ্ৰকান্ত অভিধান
চন্দ্ৰকান্ত অভিধান এখন দ্বি−ভাষিক অভিধান। প্ৰকাশ হয় ১৯৫১ চনত। অভিধানখনত ৩৬,৮১৬ টা শব্দ আছে আৰু ১৯৩৩ চনত প্ৰথমে অসম সাহিত্য সভাই ইয়াৰ সংকলন আৰু প্ৰকাশ কৰিছিল। ১৯৮৭ চনত, মহেশ্বৰ নেওগ আৰু উপেন্দ্ৰনাথ গোস্বামীৰ সম্পাদনাত গৌহাটী বিশ্ববিদ্যালয়ে ইয়াৰ তৃতীয় সংস্কৰণ প্ৰকাশ কৰে।
-
হিন্দুস্তানী ভাষা
হিন্দুস্তানী (দেৱনাগৰী: हिंदुस्तानी) হৈছে এটা বহুকেন্দ্ৰিক ভাষা যাৰ দুটা মানক উপভাষা, হিন্দী (অধিকভাৱে সংস্কৃতকৃত) আৰু উৰ্দু (বেছি পৰিমাণে ফাৰ্চী- আৰবীকৃত)।
-
কল্পবিজ্ঞান
কল্পবিজ্ঞান হৈছে কল্পনামূলক সাহিত্যৰ এক ধাৰা যি সাধাৰণতে কল্পনাশীল আৰু ভবিষ্যন্তৰীণ ধাৰণা যেনে উন্নত বিজ্ঞান আৰু প্ৰযুক্তি, মহাকাশ অন্বেষণ, সময় ভ্ৰমণ, সমান্তৰাল ব্ৰহ্মাণ্ড, আৰু পৃথিৱীৰ বাহিৰৰ জীৱন সম্পৰ্কে আলোচনা কৰে।
-
পশতু ভাষা
পশতু ভাষা (پښتو) ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ এটা পূব ইৰাণী ভাষা। ঐতিহাসিক পাৰ্চী সাহিত্যত ইয়াক আফগানী নামেৰে জনা যায়।
-
অসমীয়া-বঙালী ভাষাগোষ্ঠী
অসমীয়া-বঙালী ভাষাগোষ্ঠী (বা বঙালী-অসমীয়া ভাষাগোষ্ঠী) হৈছে ভাৰত-আৰ্য ভাষা পৰিয়ালৰ পূব এলেকাৰ গোষ্ঠী। এই গোষ্ঠীটোৰ ভাষাবিলাক হ’ল:
-
কেলিগ্ৰাফী
কেলিগ্ৰাফী (লিপিবিদ্যা, লিপিকলা বা হস্তলিপি শিল্প হিচাপেও পৰিচিত; Calligraphy গ্ৰীক: καλλιγραφία) হৈছে হাতৰ আখৰৰ সৈতে সম্পৰ্কিত এক প্ৰকাৰৰ দৃশ্যমান শিল্পকলা। এই শিল্পৰ জৰিয়তে কলম বা ব্ৰাছৰ সহায়ত আখৰৰ নক্সা তৈয়াৰ কৰা হয়।
-
জনসাধাৰণ
জনসাধাৰণ অসমৰ এখন দৈনিক অসমীয়া বাতৰি কাকত। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা সমসাময়িকভাৱে কাকতখন প্ৰকাশিত হয়। কাকতখন ২০০৩ চনত প্ৰথম প্ৰকাশ পায়। কাকতখনৰ প্ৰথম সম্পাদক আছিল মনোজ কুমাৰ গোস্বামী।
-
গুৰমুখী
গুৰমুখী লিপি (গুৰমুখী: ਗੁਰਮੁਖੀ ) হ'ল পঞ্জাবী ভাষাৰ তিনিটা লিখিত ৰূপৰ ভিতৰত অন্যতম৷ দ্বিতীয় শিখ গুৰু গুৰু অংগদে (১৫৬৩–১৬০৬) এই লিপিত কিছু সংস্কাৰ কৰিছিল যাৰ ফলত ইয়াক "গুৰমুখ" বা "গুৰুমুখী" নাম দিয়া হৈছিল। শিখসকলৰ উপৰি ভাৰতৰ কিছু অংশত চৰকাৰী নথি-পত্ৰৰ বাবে গুৰমুখী লিপি ব্যৱহাৰ কৰা হয়।
-
চাকমা ভাষা
চাকমা ভাষা (; autonym: 𑄌𑄋𑄴𑄟𑄳𑄦 𑄞𑄌𑄴, Changmha Bhach) হৈছে চাকমা আৰু দাইঙেত জনগোষ্ঠীৰ লোকে কোৱা এটা ভাৰত-আৰ্য ভাষা। বাংলাদেশৰ চট্টগ্ৰামীয়া ভাষা, তাঞ্চঙীয়া, ৰাখাইনীয়া আদি ভাষাৰ সৈতে এই ভাষাৰ কিছু মিল আছে।
-
মায়া (আলোচনী)
মায়া এখন অসমীয়া বিনোদনধৰ্মী আলোচনী। আলোচনীখনৰ প্ৰথমটো সংখ্যা প্ৰকাশ পাইছিল ১৯৯৯ চনৰ জানুৱাৰী মাহত। অসমৰ শ্ৰব্য কেছেট প্ৰযোজনা তথা চলচ্চিত্ৰ, চুটিছবি নিৰ্মাতা আৰু বিতৰণ প্ৰতিষ্ঠান এন.কে. প্ৰডাকচনৰ ভগ্নী প্ৰতিষ্ঠান ‘নতুন প্ৰকাশ'ৰ দ্বাৰা প্ৰকাশিত ‘মায়া'ৰ প্ৰথম প্ৰকাশিকা আছিল ৰাণী বৰকটকী।
-
কোচ ভাষা
কোচ হৈছে ভাৰত আৰু বাংলাদেশৰ কোচ লোকসকলে কোৱা এটা তিব্বত-বৰ্মী ভাষা। ভাৰতৰ কোচসকলে মেঘালয়, অসম আৰু উত্তৰ বংগৰ কিছুমান অঞ্চলত তথা বাংলাদেশৰ কোচসকলে বৃহত্তৰ মৈমনসিং জিলাৰ শ্বেৰপুৰ, নেত্ৰকোনা, কিশোৰগঞ্জ, গাজীপুৰ আৰু বৰেন্দ্ৰ অঞ্চলৰ পাবনা, বগৰা, ৰাজশাহী, মালদাহ, ৰংপুৰ, দিনাজপুৰ, জয়পুৰহাট আৰু নাওগাঁও…
-
তুৰ্কী ভাষা
তুৰ্কী ভাষা হ'ল তুৰ্কী ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষাসমূহৰ ভিতৰত আটাইতকৈ বেছি প্ৰচলিত। পৃথিৱীত প্ৰায় ৯ কোটি তুৰ্কী ভাষী লোক আছে। ই তুৰস্কৰ ৰাষ্ট্ৰীয় ভাষা আৰু চাইপ্ৰাছৰ দুটা চৰকাৰী ভাষাৰ ভিতৰত অন্যতম। সৰ্বাধিক কথিত ভাষাৰ তালিকাত তুৰ্কী ভাষা ১৮ নং স্থানত আছে।
-
দৈনিক অগ্ৰদূত
দৈনিক অগ্ৰদূত (Dainik Agradoot) হৈছে অসমৰ এখন অসমীয়া ভাষাৰ বাতৰি কাকত। কাকতখন গুৱাহাটী, যোৰহাট আৰু তেজপুৰৰ পৰা প্ৰকাশিত হয়। দৈনিক অগ্ৰদূতৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ দিছপুৰত অৱস্থিত। অগ্ৰদূত পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড হৈছে কাকত খনৰ প্ৰকাশক। এই কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো আছে।
-
ধৰ্মপুস্তক
ধৰ্মপুস্তক প্ৰথম অসমীয়া ছপা পুথি; ই বাইবেলৰ অসমীয়া অনুবাদ। শ্ৰীৰামপুৰৰ মিছনেৰী উইলিয়াম কেৰিৰ উদ্যোগত ১৮১৩ চনত নগাঁও জিলাৰ কলিয়াবৰৰ নিবাসী আত্মাৰাম শৰ্মাই বাইবেলৰ নিউ টেষ্টামেণ্টখন ধৰ্মপুস্তক নামেৰে অসমীয়ালৈ ভাঙনি কৰে। ৮৬৪ পৃষ্ঠাৰ এই গ্ৰন্থখন ছপাবৰ বাবে অতি পাতল তুলাপাত ব্যৱহাৰ কৰা হৈছিল।
-
নন্দিনী
নন্দিনী (ইংৰাজী: Nandini) মূলতঃ মহিলাসকলৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান সম্পাদক মাইনী মহন্ত আৰু কাৰ্যবাহী সম্পাদক টুনা গৌতম। ২০১৩ চনৰ ফেব্ৰুৱাৰীত আলোচনীখনে ত্ৰয়োদশ বছৰত ভৰি দিয়ে।
-
বঙালী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
এয়া বঙালী ভাষাত ৰচনা কৰি সাহিত্য অকাডেমি বঁটা পোৱাসকলৰ তালিকা। সাহিত্য অকাডেমি বঁটা প্ৰতি বছৰে প্ৰদান কৰা হয়, চিহ্নিত ভাষাসমূহত ৰচনা কৰা লেখকসকলক।
-
চাটগাঁইয়া ভাষা
চাটগাঁইয়া, চট্টগ্ৰামীয়া, চাটগাঞা, বা চিটাইঙ্গা হৈছে বাংলাদেশৰ চট্টগ্ৰাম আৰু দক্ষিণ-পূৰ্বাঞ্চলত প্ৰচলিত এটা ভাৰত-আৰ্য ভাষা। বঙালী ভাষাৰ সৈতে এই ভাষাৰ ওতপ্ৰোত সম্পৰ্ক থকাৰ বাবেই ইয়াক সাধাৰণতে বঙালী ভাষাৰ অ-মান্য উপভাষাৰূপে বিবেচিত হয়, কিয়নো এই ভাষাৰ কওঁতাসকলে নিজক জাতিগতভাৱে বঙালী বুলি পৰিচয়…
-
ফেমিনা
ফেমিনা এক মহিলাৰ ওপৰত ভিত্তি কৰি প্ৰকাশ পোৱা, ভাৰতীয় আলোচনী। এই আলোচনী টাইমস গ্ৰুপৰ মালিকানাধীনত প্ৰকাশ হয়। ভাৰতৰ আটাইতকৈ পুৰণি মহিলা ইংৰাজী আলোচনী ফেমিনা প্ৰায় ছয় দশক ধৰি প্ৰকাশ হৈ আহিছে। এই আলোচনীত মহিলাৰ লগত জড়িত বিভিন্ন বিষয়ৰ প্ৰবন্ধ আৰু আলোচনা প্ৰকাশ হয়।
-
মুৰকী
মুৰ্কী হৈছে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতত এটা চমু তান বা উলটি দিয়া মৰ্ডেণ্ট, যাক কৰ্ণাটকী সংগীতত প্ৰত্যাহতম বুলি জনা যায়। ই এটা দ্ৰুত আৰু সূক্ষ্ম সজ্জা বা সংগীতৰ অলংকাৰ, য’ত দুটা বা ততোধিক স্বৰ ব্যৱহাৰ কৰা হয় আৰু ই এটা মৰ্ডেণ্ট বা উলটা মুৰ্কীৰ সৈতে সাদৃশ্যপূৰ্ণ।
-
গ্ৰীক বৰ্ণমালা
গ্ৰীক আখৰ গ্ৰীক বৰ্ণমালাৰ ব্যৱহাৰ ন শতিকাৰ শেষৰ ফালে নাইবা আঠ শতিকাৰ আৰম্ভণিত হৈছিল। এই বৰ্ণমালা সমূহ ফিনিসীয়(Phoenician) বৰ্ণমালাৰ পৰা লোৱা হৈছে। বৰ্তমান গ্ৰীক ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ২৪টা গ্ৰীক আখৰ হৈছে - # Α α আলফা(alpha), Β β বিটা(beta), Γ γ গামা(gamma), Δ δ ডেলটা(delta), Ε ε…
-
তিব্বতী লিপি
তিব্বতী লিপি হৈছে তিব্বতী, জোংখা, ছিকিমিজ, লাডাখী, জিৰেল আৰু বাল্টিকে ধৰি কিছুমান বিশেষ তিব্বতী ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ভাৰতীয় মূলৰ এটা খণ্ডগত লিখন ব্যৱস্থা (আবুগিদা)৷ তিব্বতৰ সৈতে ঘনিষ্ঠ সাংস্কৃতিক সংস্পৰ্শত থকা কিছুমান অতিব্বতী ভাষাৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হৈছে, যেনে ঠাকালি আৰু পুৰণি তুৰ্কী।
-
তিৰহুতা লিপি
তিৰহুতা লিপি বা মিথিলাক্ষৰ হৈছে মৈথিলী ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা এক লিপি। এই লিপিটোৰ বিকাশ ১০ম শতিকাত বৰ্তমান বিহাৰৰ মিথিলা অঞ্চল আৰু নেপালৰ তৰাই অঞ্চলত হয় বুলি অনুমান কৰা হৈছে। তিৰহুতা লিপিৰ প্ৰাচীনতম ব্যৱহাৰৰ নমুনা ৯৫০ খৃষ্টাব্দৰ বিহাৰৰ সহোদৰা মন্দিৰত পোৱা গৈছে।
-
ধ্বনি
ধ্বনি হৈছে ভাষাৰ মূল। মানুহে মনৰ ভাৱ ভাষাৰ জৰিয়তে মুখেৰে প্ৰকাশ কৰে। কথা কোৱাৰ সময়ত মুখৰ ভিতৰলৈ সোমাই যোৱা বায়ু আৰু ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহা বায়ুৰ মুখ-গহ্বৰত সংঘৰ্ষৰ সৃষ্টি হয়, সেয়াই ধ্বনি। মানুহৰ মুখখনেই হ’ল ঘাই বাক্যন্ত্ৰ।