মায়া এখন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) বিনোদনধৰ্মী আলোচনী। আলোচনীখনৰ প্ৰথমটো সংখ্যা প্ৰকাশ পাইছিল ১৯৯৯ চনৰ জানুৱাৰী মাহত। অসমৰ শ্ৰব্য কেছেট প্ৰযোজনা তথা চলচ্চিত্ৰ, চুটিছবি নিৰ্মাতা আৰু বিতৰণ প্ৰতিষ্ঠান এন.কে. প্ৰডাকচনৰ ভগ্নী প্ৰতিষ্ঠান ‘নতুন প্ৰকাশ'ৰ দ্বাৰা প্ৰকাশিত ‘মায়া'ৰ প্ৰথম প্ৰকাশিকা আছিল ৰাণী বৰকটকী। বৰ্তমান দেৱব্ৰত দত্তই প্ৰকাশ কৰা এই আলোচনীখন অসমৰ সংগীত শিল্পৰ লগত জড়িত পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখ্য সম্পাদনা আৰু ৰবচন বৰুৱাৰ সম্পাদনাত প্ৰথমে আত্মপ্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত বিতোপন বৰাই সম্পাদকৰ দায়িত্ব বহন কৰা এই আলোচনীখনে বৰ্তমান (২০১২, মাৰ্চ) ১৩ বছৰত ভৰি দিছে। মাৰ্চ, ২০১২ সংখ্যাৰ সম্পাদক অমৃতকৃষ্ণ বৰা। গায়ক জুবিন গাৰ্গ এই আলোচনীৰ মুখ্য পৃষ্ঠপোষক।
অনলাইন সংস্কৰণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়া (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫৩২৭৭৪ (১৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।