জনসাধাৰণ অসমৰ এখন দৈনিক অসমীয়া বাতৰি কাকত। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা সমসাময়িকভাৱে কাকতখন প্ৰকাশিত হয়। কাকতখন ২০০৩ চনত প্ৰথম প্ৰকাশ পায়।১ কাকতখনৰ প্ৰথম সম্পাদক আছিল মনোজ কুমাৰ গোস্বামী। ২০১১ চনৰ পৰা জনসাধাৰণ কাকতখনৰ মুখ্য সম্পাদক হৈ আছে পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন অধ্যাপক তথা সাহিত্যিক ড°শিৱনাথ বৰ্মন।২ ড° বৰ্মনে আঠবছৰ সেৱা আগবঢ়োৱাৰ পিছত সেই দায়িত্বভাৰ ত্যাগ কৰে৷৩ কাকতখনৰ সৈতে প্ৰতি দেওবাৰে 'ইত্যাদি' নামৰ এখন পৰিপূৰিকা প্ৰকাশ হৈছিল। 'ইত্যাদি'ৰ মুখ্য সম্পাদক আছিল বেদব্ৰত বৰা। ২০১৮ চনত কাকতখনৰ প্ৰকাশ বন্ধ হয়।৪
তথ্যসূত্ৰ
- ↑ About Janasadharan
- ↑ Janasadharan Assamese Newspaper
- ↑ পৰমানন্দ মজুমদাৰ. (২০১৭). শিৱনাথ বৰ্মন অভিনন্দন গ্ৰন্থ. বিপঞ্চিতা প্ৰকাশন
- ↑ শান্তনু কৌশিক বৰুৱা. (ডিচেম্বৰ, ২০২০). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জনসাধাৰণ” প্ৰবন্ধৰ সংশোধন ৫২০৯২০ (২৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।