ফেমিনা এক মহিলাৰ ওপৰত ভিত্তি কৰি প্ৰকাশ পোৱা, ভাৰতীয় আলোচনী। এই আলোচনী টাইমস গ্ৰুপৰ মালিকানাধীনত প্ৰকাশ হয়।১ ভাৰতৰ আটাইতকৈ পুৰণি মহিলা ইংৰাজী আলোচনী ফেমিনা প্ৰায় ছয় দশক ধৰি প্ৰকাশ হৈ আহিছে। এই আলোচনীত মহিলাৰ লগত জড়িত বিভিন্ন বিষয়ৰ প্ৰবন্ধ আৰু আলোচনা প্ৰকাশ হয়। উদাহৰণস্বৰূপে কিছুমান বিষয় হৈছে সম্পৰ্ক, কেৰিয়াৰ, ফেশ্বন, সৌন্দৰ্য, আৰু উচ্চ সাফল্য অৰ্জন কৰা মহিলাৰ তথ্য, সাক্ষাৎকাৰ, ইত্যাদি। ফেমিনা (ইণ্ডিয়া)ৰ বৰ্তমান ফেচবুকত ২.৮ নিযুত অনুসৰণকাৰী আছে,২ ইনষ্টাগ্ৰামত ৫৫৬.৬০০ ৩ আৰু টুইটাৰত ৫৫২.০০০ আছে।৪ এই দ্বিমাহিলী আলোচনীখনে ফেমিনা হিন্দী,৫ ফেমিনা বাংলা৬আৰু ফেমিনা তামিলৰ ৭ দৰে আঞ্চলিক ভাষাতো প্ৰকাশ হয়। ইয়াৰ উপৰিও, এই আলোচনীত ফেমিনা চেলোন এণ্ড স্পা প্ৰকাশ হয়, যাক মাহিলী ভাৰতীয় সৌন্দৰ্য ব্যৱসায়লৈ পোনপটীয়াকৈ বিতৰণ কৰা হয়, আৰু বিভিন্ন সময়ত ফেমিনা ব্ৰাইডছ, ফেমিনা পেৰেণ্টিং, আৰু ফেমিনা কুকবুক আদি প্ৰবন্ধও প্ৰকাশ হয়।
বাহ্যিক সংযোগসমূহ
তথ্যসূত্ৰ
- ↑ Dana McLachlin; Tara Dhakal; Pramada Menon (Spring 2012). "For All the Women You Are": National Identity, Gender, and Tradition/Modernity in Indian Women's Magazines". School for International Training India. Retrieved 26 July 2016
- ↑ www.facebook.com/feminawoman
- ↑ www.instagram.com/feminaindia/
- ↑ twitter.com/FeminaIndia
- ↑ महिलाओं की पत्रिका/मैगजीन - फ़ैशन, सौंदर्य, रिश्ते, स्वास्थ्य, खानपान – Women's Hindi Magazine. फेमिना हिन्दी
- ↑ মহিলাদেৰ পত্ৰিকা- ফ্যাশন, সৌন্দৰ্য, সম্পৰ্ক, স্বাস্থ্য- Fashion, Beauty & Lifestyle Tips for Women in Bengali. ফেমিনা বাংলা
- ↑ பெண்களுக்கான இதழ் – ஃபேஷன், அழகு, உறவுகள், ஆரோக்கியம் · ஃபெமினா தமிழ் · Women's Magazine - Fashion, Beauty, Relationships, Health · Femina Tamil. பெமினா
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেমিনা” প্ৰবন্ধৰ সংশোধন ৫২০০৭৯ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।