কিতাপ পঢ়াৰ আনন্দ (Kitap Pohar Aanondo) হৈছে অসমীয়া সাহিত্যিক,সাংবাদিক,সমালোচক,কবি,গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য-ৰচনা। ১৯৯১ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে তেখেতৰ বন্ধু অশোক শইকীয়াৰ কৰকমলত আগবঢ়াইছে।১
বিৱৰণ
কিতাপখন দুটা অধ্যায়ত বিভক্ত। কিতাপখনৰ পাতনিত তেওঁ কিতাপে সভ্যতাৰ দ্ৰুত বিকাশ কৰাৰ প্ৰসংগত ফৰাচী দাৰ্শনিক ভলতেয়ৰে কোৱা এষাৰ বাণী উল্লেখ কৰিছে,“কিতাপেই আধুনিক পৃথিৱীখন শাসন কৰিছে। যি সমাজত কিতাপৰ প্ৰচলন নাই সেই সমাজ থকা-নথকা একে কথা।”১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক,সাংবাদিক,সমালোচক,কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ হোমেন বৰগোহাঞি. (আগষ্ট,২০১৫). কিতাপ পঢ়াৰ আনন্দ. শ্ৰী অজয় কুমাৰ দত্ত. ISBN 978-81-7665-541-5
- ↑ Sahitya Akademi Official website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিতাপ পঢ়াৰ আনন্দ” প্ৰবন্ধৰ সংশোধন ৬১৬১৬৬ (৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।