কল্পবিজ্ঞান হৈছে কল্পনামূলক সাহিত্যৰ এক ধাৰা যি সাধাৰণতে কল্পনাশীল আৰু ভবিষ্যন্তৰীণ ধাৰণা যেনে উন্নত বিজ্ঞান আৰু প্ৰযুক্তি, মহাকাশ অন্বেষণ, সময় ভ্ৰমণ, সমান্তৰাল ব্ৰহ্মাণ্ড, আৰু পৃথিৱীৰ বাহিৰৰ জীৱন সম্পৰ্কে আলোচনা কৰে। ইয়াক "ধাৰণাৰ সাহিত্য" বুলিও কোৱা হৈছে, যি প্ৰায়ে বৈজ্ঞানিক, সামাজিক আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ সম্ভাৱ্য পৰিণাম অন্বেষণ কৰে।১২ ইংৰাজীত কল্পবিজ্ঞানক Science fiction বা চমুকৈ sci-fi বোলা হয়।
কল্পবিজ্ঞানৰ মূল প্ৰাচিন কালতে বুলি অনুমান কৰিব পাৰি, আৰু ই ফেণ্টাছি, ভৌতিক, আৰু চুপাৰহিৰো কল্পকাহিনীৰ সৈতে সম্পৰ্কিত, আৰু ইয়াৰ বহুতো উপধাৰা আছে। ইয়াৰ সঠিক সংজ্ঞা লেখক, সমালোচনা, গৱেষক আৰু পাঠকসকলৰ মাজত দীৰ্ঘদিন ধৰি বিতৰ্ক হৈ আহিছে।
কল্পবিজ্ঞান সাহিত্য, চলচ্চিত্ৰ, টেলিভিছন, আৰু অন্যান্য মাধ্যমেৰে সমগ্ৰ বিশ্বতে জনপ্ৰিয় আৰু প্ৰভাৱপ্ৰিয় হৈ পৰিছে। মনোৰঞ্জন প্ৰদান কৰাৰ উপৰিও, ই বৰ্তমানৰ সমাজক সমালোচনা কৰিব পাৰে, আৰু প্ৰায়ে এক "বিস্ময়বোধ" অনুপ্ৰেৰণা জগাব পাৰে বুলি কোৱা হয়।৩
তথ্যসূত্ৰ
- ↑ Marg Gilks; Paula Fleming; Moira Allen. (2003). Science Fiction: The Literature of Ideas. WritingWorld.com
- ↑ von Thorn, Alexander. (August 2002). Aurora Award acceptance speech
- ↑ Prucher, Jeff (ed.). Brave New Words. The Oxford Dictionary of Science Fiction (Oxford University Press, 2007) page 179
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পবিজ্ঞান” প্ৰবন্ধৰ সংশোধন ২৫০৪৯১ (২৫ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।