অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ধৰ্মপুস্তক

ধৰ্মপুস্তক প্ৰথম অসমীয়া ছপা পুথি; ই বাইবেলৰ অসমীয়া অনুবাদ। শ্ৰীৰামপুৰৰ মিছনেৰী উইলিয়াম কেৰিৰ উদ্যোগত ১৮১৩ চনত নগাঁও জিলাৰ কলিয়াবৰৰ নিবাসী আত্মাৰাম শৰ্মাই বাইবেলৰ নিউ টেষ্টামেণ্টখন ধৰ্মপুস্তক নামেৰে অসমীয়ালৈ ভাঙনি কৰে। ৮৬৪ পৃষ্ঠাৰ এই গ্ৰন্থখন ছপাবৰ বাবে অতি পাতল তুলাপাত ব্যৱহাৰ কৰা হৈছিল।

হালনাগাদ: ২০ অক্টোবৰ ২০২৪ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ধৰ্মপুস্তক প্ৰথম অসমীয়া ছপা পুথি; ই বাইবেলৰ অসমীয়া অনুবাদ। শ্ৰীৰামপুৰৰ মিছনেৰী উইলিয়াম কেৰিৰ উদ্যোগত ১৮১৩ চনত নগাঁও জিলাৰ কলিয়াবৰৰ নিবাসী আত্মাৰাম শৰ্মাই বাইবেলৰ নিউ টেষ্টামেণ্টখন ধৰ্মপুস্তক নামেৰে অসমীয়ালৈ ভাঙনি কৰে।১ ৮৬৪ পৃষ্ঠাৰ এই গ্ৰন্থখন ছপাবৰ বাবে অতি পাতল তুলাপাত ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান এই গ্ৰন্থখনৰ প্ৰকৃত সংস্কৰণটো লণ্ডনৰ ব্ৰিটিছ গ্ৰন্থাগাৰত সংৰক্ষিত কৰি ৰখা হৈছে। ১৮৩৩ চনত পুনৰায় উইলিয়াম কেৰিৰ উদ্যোগত আত্মাৰাম শৰ্মাই বাইবেলৰ অল্ড টেষ্টামেন খনো ধৰ্মপুস্তক (আদিভাগ) নামেৰে অসমীয়ালৈ অনুবাদ কৰে। ১২০০ পৃষ্ঠাৰ এই গ্ৰন্থখন ৩৯টা অধ্যায়ত সম্পূৰ্ণ কৰা হৈছিল। ৩৯টা অধ্যায় মানে বাইবেলৰ পুৰণি নিয়মৰ ৩৯ খন পুস্তক।২

বৰ্ণৰ ব্যৱহাৰ

ধৰ্মপুস্তকত অসমীয়া ৰ আৰু ৱ আখৰ দুটাৰ ব্যৱহাৰ আছিল। ১৮১৩ চনত ছপা ধৰ্মপুস্তকৰ ৰ আখৰৰ দুটা ৰূপ আছিল ৰ আৰু ৰ।২

ধৰ্মপুস্তকৰ ওপৰত ভিন্নজনৰ মত

  • নন্দ তালুকদাৰৰ মতে, "অসমীয়া ছপা গ্ৰন্থখনিৰ আখৰৰ গঢ় ভালেখিনি সাঁচিপতীয়া আখৰৰ গঢ়ৰ।"
  • মহেশ্বৰ নেওগৰ মতে, "ছপাখানাৰ হৰফ পুৰণি অসমীয়া লিপি নহয়, বৰং শ্ৰীৰামপুৰত মুদ্ৰণ কৰাৰ সম্পৰীক্ষাৰ এই কালছোৱাৰ কোনো ছপা বঙলা হৰফৰে ই প্ৰকাৰভেদ।"
  • উপেন্দ্ৰনাথ গোস্বামীৰ মতে, "মিছনেৰী সকলে অসমীয়াত ধৰ্মপুস্তক ছপাওঁতে সাঁচিপতীয়া পুথিৰ আখৰৰ আৰ্হিতে ছপা কৰে। পিছত সাঁচিপাতৰ মাত্ৰ কৃ, হু, হৃ, কু আখৰকেইটাৰ পুৰণি ৰূপৰ সলনি কৰাত সেই লিপি সম্পূৰ্ণ আধুনিক ৰূপত পৰিণত হ'ল।"৩

তথ্যসূত্ৰ

  1. ↑ নগেন শইকীয়া. (২০১৪). ঊনবিংশ শতিকাৰ পোহৰত আধুনিক অসমীয়া সাহিত্য, নগেন শইকীয়া. কৌস্তুভ প্ৰকাশন. পৃ. ১৯
  2. ↑ সত্যেন্দ্ৰনাথ শৰ্মা. (২০১৩). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা. সৌমাৰ প্ৰকাশ. পৃ. ২৪৭
  3. ↑ (2023-04-06). অসমীয়া লিপি আৰু শাসন অধ্যয়ন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধৰ্মপুস্তক” প্ৰবন্ধৰ সংশোধন ৪৩৯৪৩৯ (২০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।