অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দ্য ছেণ্টিনেল

দ্য ছেণ্টিনেল (The Sentinel) এখন দৈনিক ইংৰাজী বাতৰি কাকত। ১৯৮৩ চনত গুৱাহাটীত এই বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়। ই উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত। কাকতখনৰ উৎকৃষ্ট ভাষা আৰু বৌদ্ধিক দৰ্শনৰ বাবে অসমত যথেষ্ট প্ৰচলিত আৰু জনপ্ৰিয়।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

দ্য ছেণ্টিনেল (The Sentinel) এখন দৈনিক ইংৰাজী ভাষা বাতৰি কাকত। ১৯৮৩ চনত গুৱাহাটীত এই বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়। ই উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত। কাকতখনৰ উৎকৃষ্ট ভাষা আৰু বৌদ্ধিক দৰ্শনৰ বাবে অসমত যথেষ্ট প্ৰচলিত আৰু জনপ্ৰিয়। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, শ্বিলং আৰু ইটানগৰৰ পৰা একেসময়তে প্ৰকাশ পায়। ছেণ্টিনেল গোষ্ঠী উত্তৰ-পূব ভাৰতৰ এক বৃহৎ সংবাদ গোষ্ঠী।

দ্য ছেণ্টিনেল কাকতখনৰ প্ৰথম প্ৰকাশ হয় ১৯৮৩ চনত গুৱাহাটীত আৰু জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা আছিল কাকত খনৰ প্ৰতিষ্ঠাপক সম্পাদক। শংকৰ ৰাজখোৱা হৈছে ইংৰাজী দৈনিক খনৰ বৰ্তমানৰ মুখ্য সম্পাদক।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংবাদ পত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য ছেণ্টিনেল” প্ৰবন্ধৰ সংশোধন ৪২৩১০৯ (১৫ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।