চাটগাঁইয়া, চট্টগ্ৰামীয়া, চাটগাঞা, বা চিটাইঙ্গা হৈছে বাংলাদেশৰ চট্টগ্ৰাম আৰু দক্ষিণ-পূৰ্বাঞ্চলত প্ৰচলিত এটা ভাৰত-আৰ্য ভাষা। বঙালী ভাষাৰ সৈতে এই ভাষাৰ ওতপ্ৰোত সম্পৰ্ক থকাৰ বাবেই ইয়াক সাধাৰণতে বঙালী ভাষাৰ অ-মান্য উপভাষাৰূপে বিবেচিত হয়, কিয়নো এই ভাষাৰ কওঁতাসকলে নিজক জাতিগতভাৱে বঙালী বুলি পৰিচয় দিয়ে আৰু বঙালী ভাষাতেই শিক্ষা গ্ৰহণ কৰে।১ কিন্তু এই দুয়োটা ভাষা পৰস্পৰে বোধগম্য নহয়।২৩ কিছুমান ভাষাবিদে এই ভাষাক এক সুকীয়া ভাষা হিচাপে গণ্য কৰে।
২০০৯ চনৰ প্ৰাককলন অনুসৰি এই ভাষা ১ কোটি ৬০ লাখ লোকে কয়।৪
শ্ৰেণী বিভাজন
চট্টগ্ৰামীয়া হৈছে ভাৰত-আৰ্য ভাষা পৰিয়ালৰ প্ৰাচ্য গোটৰ অসমীয়া-বঙালী উপশাখাৰ এটা ভাষা। এই শাখাৰে অন্য ভাষাসমূহ হ'ল― ছিলঠীয়া, ৰহিঙীয়া, চাকমা, অসমীয়া আৰু বঙালী। প্ৰাচীন-ভাৰত-ইউৰোপীয় ভাষাৰ পৰা প্ৰাচ্য মধ্য ভাৰত-আৰ্য ভাষাৰ মাধ্যমেদি প্ৰাচীন ভাৰত-আৰ্য ভাষাৰ পৰা ইয়াৰ উৎপত্তি ঘটিছে।৫
কেইটামান চট্টগ্ৰামীয়া শব্দৰ উদাহৰণ
| একবচন | অসমীয়া অৰ্থ | বহুবচন | অসমীয়া অৰ্থ |
|---|---|---|---|
| ফটু ইয়ান | ফটোখন | ফটু গিন | ফটোকেইখন |
| ফাতা উয়া | পাতটো | ফাতা গিন | পাতকেইটা |
| দুয়াব় গান | দুৱাৰখন | দুয়াব় গিন | দুৱাৰকেইখন |
| ফা'ব় গুয়া | পাহাৰখন | ফা'ব় গুন | পাহাৰকেইখন |
| দেবাল ইয়ান | দেৱালখন | দেবাল ইয়ুন | দেৱালকেইখন |
| কিতাব উয়া | কিতাপখন | কিতাব উন | কিতাপকেইখন |
| মানুশ উয়া | মানুহজন | মানুশ উন | মানুহকেইজন |
| উগ্গোয়া ফাতা / ফাতা উগ্গোয়া | এটা পাত | হদুন ফাতা / ফাতা হদুন | কেইটামান পাত |
| এক্কান ফটু / ফটু এক্কান | এখন ফটো | হদিগিন ফটু / হদিইয়িন ফটু / ফটু হদিইয়িন | কেইখনমান ফটো |
কেইটামান চট্টগ্ৰামীয়া বাক্যৰ উদাহৰণ
| চট্টগ্ৰামীয়া | অসমীয়া অৰ্থ |
|---|---|
| আঁই 'বাত'হাই | মই 'ভাত'খাওঁ |
| ইঁতি 'টিবি'সাব় | সি 'টিভি'চাই আছে |
| ইঁতে ছাইব়কেলত সৰেৰ | সি চাইকেলত উঠি আছে |
| ইঁতাব়া 'খ্যালা'হাব় | সিহঁতে 'খেল'খেলি আছে |
লিখন প্ৰণালী
ঐতিহাসিকভাৱে এই ভাষা লিখিবলৈ আৰবী লিপি ব্যৱহাৰ কৰা হৈছিল। বৰ্তমানৰ সময়ত সাধাৰণতে বঙালী লিপি ব্যৱহাৰ কৰা হয়।
তথ্যসূত্ৰ
- ↑ Masica. (1991). The Indo-Aryan Languages. Cambridge University Press. পৃ. 25
- ↑ (2009). Chittagonian A language of Bangladesh. Ethnologue: Languages of the World, Sixteenth edition
- ↑ Masica. (1991). The Indo-Aryan Languages. Cambridge University Press. পৃ. 16 "The dialect of Chittagong, in southeast Bangladesh, is different enough to be considered a separate language."
- ↑ (2009). Summary by language size. Ethnologue: Languages of the World, Sixteenth edition
- ↑ (2009). Chittagonian A language of Bangladesh. Ethnologue: Languages of the World, Sixteenth edition
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাটগাঁইয়া ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩২১৬৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।