তিৰহুতা লিপি বা মিথিলাক্ষৰ হৈছে মৈথিলী ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা এক লিপি। এই লিপিটোৰ বিকাশ ১০ম শতিকাত বৰ্তমান বিহাৰৰ মিথিলা অঞ্চল আৰু নেপালৰ তৰাই অঞ্চলত হয় বুলি অনুমান কৰা হৈছে। তিৰহুতা লিপিৰ প্ৰাচীনতম ব্যৱহাৰৰ নমুনা ৯৫০ খৃষ্টাব্দৰ বিহাৰৰ সহোদৰা মন্দিৰত পোৱা গৈছে।১ তিৰহুতা লিপিৰ যথেষ্ট সাদৃশ্য অসমীয়া লিপি আৰু বঙালী লিপিৰ সৈতে দেখা যায়। মৈথিলী ভাষী অধিকাংশ লোকে ভাষাটো লিখিবৰ বাবে বৰ্তমান তিৰহুতা লিপিৰ সলনি দেৱনাগৰী লিপি ব্যৱহাৰ কৰে।

বৰ্ণমালা
স্বৰবৰ্ণ
| স্বতন্ত্ৰ ৰূপ | গৌণ ৰূপ | অসমীয়া লিপিত | |||
|---|---|---|---|---|---|
| চিত্ৰ | চিহ্ন | চিত্ৰ | চিহ্ন | স্বতন্ত্ৰ | গৌণ |
| 𑒁 | অ | ||||
| 𑒂 | 𑒰 | আ | া | ||
| 𑒃 | 𑒱 | ই | ি | ||
| 𑒄 | 𑒲 | ঈ | ী | ||
| 𑒅 | 𑒳 | উ | ু | ||
| 𑒆 | 𑒴 | ঊ | ূ | ||
| 𑒇 | 𑒵 | ঋ | ৃ | ||
| 𑒈 | 𑒶 | ||||
| 𑒉 | 𑒷 | ||||
| 𑒊 | 𑒸 | ||||
| 𑒋 | 𑒹 | এ | ে | ||
| 𑒺 | |||||
| 𑒌 | 𑒻 | ঐ | ৈ | ||
| 𑒍 | 𑒼 | ও | ো | ||
| 𑒽 | |||||
| 𑒎 | 𑒾 | ঔ | ৌ |
ব্যঞ্জনবৰ্ণ
| চিত্ৰ | চিহ্ন | অসমীয়া লিপিত |
|---|---|---|
| 𑒏 | ক | |
| 𑒐 | খ | |
| 𑒑 | গ | |
| 𑒒 | ঘ | |
| 𑒓 | ঙ | |
| 𑒔 | চ | |
| 𑒕 | ছ | |
| 𑒖 | জ | |
| 𑒗 | ঝ | |
| 𑒘 | ঞ | |
| 𑒙 | ট | |
| 𑒚 | ঠ | |
| 𑒛 | ড | |
| 𑒜 | ঢ | |
| 𑒝 | ণ | |
| 𑒞 | ত | |
| 𑒟 | থ | |
| 𑒠 | দ | |
| 𑒡 | ধ | |
| 𑒢 | ন | |
| 𑒣 | প | |
| 𑒤 | ফ | |
| 𑒥 | ব | |
| 𑒦 | ভ | |
| 𑒧 | ম | |
| 𑒨 | য | |
| 𑒩 | ৰ | |
| 𑒪 | ল | |
| 𑒫 | ৱ | |
| 𑒬 | শ | |
| 𑒭 | ষ | |
| 𑒮 | স | |
| 𑒯 | হ |
সংখ্যা
| চিত্ৰ | ||||||||||
| চিহ্ন | 𑓐 | 𑓑 | 𑓒 | 𑓓 | 𑓔 | 𑓕 | 𑓖 | 𑓗 | 𑓘 | 𑓙 |
| অসমীয়া লিপিত | ০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
ইউনিক’ড
ইউনিক’ডৰ ২০১৪ চনৰ জুনত প্ৰকাশিত ৭.০ সংস্কৰণত তিৰহুতা লিপিক অন্তৰ্ভুক্ত কৰা হয়। তিৰহুতা লিপিৰ ইউনিক’ড ব্লকটো অসমীয়া-বঙালী লিপিৰ পৰা পৃথক আৰু ই U+11480 ৰ পৰা U+114DF ক'ড বিন্দুলৈ বিয়পি আছে।
তথ্যসূত্ৰ
- ↑ Pandey, Anshuman. (2011-05-05). N4035: Proposal to Encode the Tirhuta Script in ISO/IEC 10646. Working Group Document, ISO/IEC JTC1/SC2/WG2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিৰহুতা লিপি” প্ৰবন্ধৰ সংশোধন ৬০১৩১৮ (১৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।