ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নতুন আৱিষ্কাৰ
নতুন আৱিষ্কাৰ অসমীয়া ভাষাত শিশুসকলৰ বাবে প্ৰকাশিত এখন বিজ্ঞান আলোচনী। যোৰহাটৰপৰা প্ৰকাশ পোৱা এই আলোচনীখনৰ সম্পাদক শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক শান্তনু তামূলী। ১৯৮৮ চনত প্ৰথম প্ৰকাশ পোৱা এই শিশু আলোচনীখন এতিয়ালৈ (২০২৬) এটাও সংখ্যা যতি নপৰাকৈ প্ৰকাশিত হৈ আছে।
-
বাংলাপিডিয়া
বাংলাপিডিয়া: বাংলাদেশ ৰাষ্ট্ৰীয় বিশ্বকোষ বাংলাদেশ এছিয়াটিক ছ'চাইটিৰ দ্বাৰা প্ৰকাশিত বাংলাদেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় বিশ্বকোষ। এই বিশ্বকোষখন বাংলা আৰু ইংৰাজী উভয় ভাষাতে ছপা সংস্কৰণ, ইলেক্ট্ৰনিক সংস্কৰণ আৰু চিডি-ৰেমত উপলব্ধ। এই ছপা সংস্কৰণটো ৫০০ পৃষ্ঠাৰ দহটা খণ্ডৰে গঠিত।
-
মৃত্যুঞ্জয়
মৃত্যুঞ্জয় (Mrityunjay) অসমীয়া সাহিত্য জগতত লেখত ল’বলগীয়া উপন্যাসসমূহৰ ভিতৰত অন্যতম। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক ১৯৭৯ চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল।
-
আউটলুক (আলোচনী)
আউটলুক হৈছে এখন সাপ্তাহিক সাধাৰণ ৰুচিৰ ভাৰতীয় বাতৰি আলোচনী, যি ইংৰাজী আৰু হিন্দী ভাষাত প্ৰকাশিত হয়।
-
আধা লেখা দস্তাবেজ
আধালেখা দস্তাবেজ (Adha Lekha Dastabej) সাহিত্যিক ড॰ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীমূলক উপন্যাস। গ্ৰন্থখন ১৯৮৮ চনত প্ৰকাশ পায়। ১৯৬৮ চনৰ জুন মাহৰ দুই তাৰিখে প্ৰসিদ্ধ সাহিত্যক হোমেন বৰগোহাঞিৰ প্ৰেৰণাদায়ক চিঠিয়ে তেওঁৰ হৃদয় স্পৰ্শ কৰিছিল।
-
আৰবী বৰ্ণমালা
আৰবী বৰ্ণমালা'(আৰবী আবজাদ; الأَبْجَدِيَّة العَرَبِيَّة আল্-আব্জাদীয়াহ্ আল্-ʻআৰবীয়াহ্ বা الحُرُوف العَرَبِيَّة আল্-হুৰুফ্ আল্-ʻআৰবীয়াহ্) হ'ল আৰবী আৰু কুৰ্দিচ ভাষা লিখাৰ বাবে বিশেষভাৱে সংহিতাকৃত আৰবী লিপি। ইয়াক সোঁফালৰ পৰা বাওঁফালে কাৰ্চিভ শৈলীত লিখা হয়, আৰু ইয়াত ২৮টা আখৰ অন্তৰ্ভুক্ত কৰা হৈছে।
-
ইংৰাজী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
সাহিত্য অকাডেমি বঁটা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাহিত্যৰ সন্মান। জ্ঞানপীঠ বঁটাৰ পিছতে ইয়াৰ স্থান। ইংৰাজী ভাষাত সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ১৯৬০ চনৰ পৰা। প্ৰথম বাৰৰ বাবে এই বঁটা লাভ কৰে আৰ কে নাৰায়ণে তেওঁৰ উপন্যাস "দ্য গাইড"-ৰ বাবে।
-
কাঞ্জি
কাঞ্জি (漢字; ) বা কান-জি হ'ল জাপানী ভাষাত ব্যৱহৃত, চীনা ভাষাৰ পৰা গ্ৰহণ কৰা ইডিয়'গ্ৰাফিক চিহ্ন। এই চিহ্নসমূহ আধুনিক জাপানী ভাষাত হিৰাগানা আৰু কাটাকানাৰ সৈতে ব্যৱহাৰ কৰা হয়।
-
কুলূঈ
কুলূঈ বা কুলৱী (টাকৰী লিপিত: 𑚊𑚰𑚥𑚷𑚱𑚃/𑚊𑚰𑚥𑚷𑚱𑚦𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ঘাইকৈ ব্যৱহাৰ কৰা হয়।
-
ছত্তীছগঢ়ী ভাষা
ছত্তীছগঢ়ী ভাষা (छत्तीसगढ़ी) হৈছে এটা ইন্দো-আৰ্য ভাষা, যাক প্ৰায় ১৬.২৫ মিলিয়ন লোক ভাৰতৰ ছত্তীছগঢ়, ওড়িশা, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰত ব্যৱহাৰ কৰে। ই হিন্দীৰ সৈতে একেলগে ছত্তীছগঢ় ৰাজ্যৰ সহ-অধিকাৰিক ভাষা।
-
তঞ্চঙ্গ্যা ভাষা
তঞ্চঙ্গ্যা হৈছে বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰাম, ভাৰতৰ ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্য আৰু ম্যানমাৰৰ ৰাখাইন ৰাজ্যত প্ৰচলিত এটা ভাষা। ই এটা ভাৰত-আৰ্য ভাষা যদিও কোনো কোনো বিদ্বানৰ মতে ই তিব্বত-বৰ্মীয় ভাষা। ইয়াৰ চাকমা আৰু চট্টগ্ৰামীয়া ভাষাৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক আছে।
-
দৈনিক গণ অধিকাৰ
দৈনিক গণ অধিকাৰ অসমৰ এখন অসমীয়া দৈনিক বাতৰি কাকত। এই কাকতখন গুৱাহাটী আৰু শিলচৰৰ পৰা প্ৰকাশিত হয়। কাকতখনৰ মুখ্য কাৰ্য্যালয় গুৱাহাটীৰ হাতীগাঁৱত অৱস্থিত। গণ অধিকাৰ প্ৰথম প্ৰকাশ পায় ১৯৯৪ চনত পষেকীয়া কাকত হিচাপে।
-
নীলাচল (বাতৰি কাকত)
নীলাচল (Nilachal) হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন বাতৰি কাকত। অসম চৰকাৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আছিল কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক।
-
বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ২০০৫ চনৰ পৰা। প্ৰথম বাৰৰ বাবে এই বঁটা লাভ কৰে মংগলসিং হাজোৱাৰীয়ে তেওঁৰ কাব্য সংকলন "জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ"-ৰ বাবে।
-
বতাহত ক’ৰ গধূলি গোপাল
বতাহত ক’ৰ গধূলি গোপাল হীৰেন গোহাঁইৰ প্ৰথম প্ৰকাশিত আত্মজীৱনী। হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ প্ৰথম খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৫ চনত। গ্ৰন্থখনত মুঠ ২৯টা অধ্যায় আছে। গ্ৰন্থখনৰ তৃতীয় সংস্কৰণৰ মুঠ পৃষ্ঠা সংখ্যা-৩৭৬।
-
ভানুমতী
পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী (১৯০৫) ৰচনাৰ পাছত আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় বুলিব পাৰি। ভানুমতী উপন্যাসখন বিজুলী আলোচনীত খণ্ড-খণ্ডকৈ ধাৰাবাহিক ভাৱে প্ৰকাশ হৈ থাকোঁতেই পূৰ্ণাংগ ৰূপত লাহৰী গ্ৰন্থ আকাৰত প্ৰকাশ হৈ ওলায়।
-
মায়াবৃত্ত
মায়াবৃত্ত হৈছে অসমীয়া ঔপন্যাসিকা ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। পুতি নামৰ এজনী অকণমানি ছোৱালী হৈছে কাহিনীটোৰ মূল চৰিত্ৰ। যি সময়ত মানুহৰ মনত দয়া মমতা সকলো শেষ হৈ প্ৰকৃতি আইক ধ্বংস কৰাত উন্মাদ হৈ পৰিছে, সেই একে সময়তে কণমানি পুতি আৰু তাইৰ একমাত্ৰ বন্ধু সুবৰ্ণৰ মনটোৱে কিদৰে প্ৰকৃতি ৰক্ষাৰ…
-
মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা
মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (Mariam Astin Athaba Hira Barua) হৈছে অৰূপা পটঙ্গীয়া কলিতাৰ দ্বাৰা ৰচিত ২০১৪ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এখন চুটিগল্পৰ সংকলন। গ্ৰন্থখন ২০১১ চনৰ পৰা ২০১২ ৰ ভিতৰত লেখা। চন্দ্ৰ প্ৰকাশনে ২০১২ চনত এই গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে।
-
সপোনৰ দিকচৌ বনত
সপোনৰ দিকচৌ বনত হীৰেন গোহাঁইৰ এখন আত্মজীৱনী। হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ তৃতীয় খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৯ চনত। গ্ৰন্থখনৰ পৰিৱৰ্ধিত দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছে। প্ৰকাশক জ্যোতি প্ৰকাশন। পৰিৱৰ্ধিত সংস্কৰণটোত মুঠ ২০টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২০০।
-
হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী
হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী হীৰেন গোহাঁইৰ এখন আত্মজীৱনী। হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ দ্বিতীয় খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৭ চনত। গ্ৰন্থখনত মুঠ ৩০টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২২৪।
-
অলকানন্দা
অলকানন্দা (Alakananda) হৈছে অসমীয়া কবি-সাহিত্যিক নলিনীবালা দেৱীৰ এখনি কাব্যগ্ৰন্থ। ১৯৬৭ চনত প্ৰকাশিত এই কাব্যগ্ৰন্থৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা
অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা হৈছে ড॰ হীৰেন গোহাঁইৰ দ্বাৰা ৰচিত গ্ৰন্থ। এই গ্ৰন্থখন ১৯৮৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল। এই গ্ৰন্থৰ বাবে ১৯৮৯ চনত ড॰ হীৰেন গোহাঁইক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।
-
আধুনিক গল্প সাহিত্য
আধুনিক গল্প সাহিত্য (Adhunik Golpo Xahitya) হৈছে অসমৰ সাহিত্যিক, সমালোচক তথা শিক্ষাবিদ ত্ৰৈলোক্য নাথ গোস্বামীৰ দ্বাৰা লিখিত এখন বিশেষ গ্ৰন্থ। সাহিত্যৰ বিভিন্ন দিশ আৰু প্ৰসংগ আলোচনা সন্নিৱিষ্ট হোৱা এই গ্ৰন্থখনে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
ইউনিক'ডত অসমীয়া–বঙালী লিপি
বঙালী আৰু অসমীয়া ইউনিক'ড ব্লকত অসমীয়া, বঙালী, বিষ্ণুপ্ৰিয়া মণিপুৰী, গাৰো, হাল্লাম, খাছী, মুণ্ডা, মিজো, নগা, ৰিয়ান, ডফলা আৰু চাঁওতালি ভাষাত বঙালী আৰু অসমীয়া লিপিৰ চিহ্ন ব্যৱহাৰ কৰা হৈছে।
-
ইমান তিতা সাগৰৰ পানী
ইমান তিতা সাগৰৰ পানী এখন আত্মজীৱনী। হীৰেন গোহাঁইৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০১১ চনত। প্ৰথম প্ৰকাশক-আলিবাট প্ৰকাশন। গ্ৰন্থখনত মুঠ ১৭টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২৭২।
-
চাকমা লিপি
চাকমা লিপি ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হোৱা লিপি, এই লিপি চাকমা ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয় ৷ ইয়াক চাকমা ভাষাত ‘আঝাপাত’ বুলি কোৱা হয়। তঞ্চঙ্গ্যা ভাষা লিখাৰ ক্ষেত্ৰতো এই লিপি ব্যৱহাৰ কৰা হয়। এই লিপি বাৰ্মিজ ভাষাৰ লিপিৰ সৈতে মিল থকা লিপি।
-
ডোটেলী ভাষা
ডোটেলী ভাষা প্ৰায় ৮,০০,০০০ মানুহে ব্যৱহাৰ কৰে, যাৰ ভিতৰত বেছিভাগেই নেপালত বসবাস কৰে। এই ভাষা দেৱনাগৰী লিপিৰে লিখা হয়। নেপালী ভাষাৰ লগত এই ভাষাৰ বহুক্ষেত্ৰত মিল দেখা যায়। ভাৰতৰ কুমাঊনী ভাষাৰ লগতো ৭৫% মিল আছে।
-
নীলকণ্ঠী ব্ৰজ
নীলকণ্ঠী ব্ৰজ (Neelakanthi Braja) জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ সুদীৰ্ঘকাল বৃন্দাবনবাস কৰি পোৱা অভিজ্ঞতাৰে ৰচনা কৰা উপন্যাস। ১৯৭৬ চনত প্ৰকাশিত এই উপন্যাসখনৰ প্ৰকাশক চন্দ্ৰ প্ৰকাশ।
-
নেফামিজ
নেফামিজ বা অৰুণামিজ (Nefamese বা Arunamese) ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ ৮৩,৭৪৩ বৰ্গ কিঃমিঃ ব্যাপ্ত হৈ থকা ৰাজ্য অৰুণাচল প্ৰদেশৰ মিশ্ৰিত (pidgin) ভাষা। পূৰ্বে এই প্ৰদেশখনক উত্তৰ-পূব সীমান্ত অঞ্চল যাক ইংৰাজীত North East Frontier Agency বা চমুকৈ NEFA বুলি জনা গৈছিল।
-
পাইথন
পাইথন এটা বহুল ভাবে প্ৰচলিত উচ্চস্তৰীয় প্ৰগ্ৰামিং ভাষা। সচৰাচৰ পাইথনত লিখা ক'ড সমূহ অন্যান্য প্ৰগ্ৰামিং ভাষাত লিখা ক'ডতকৈ অত্যন্ত চমু আৰু নিকা হয়। পাইথনৰ সৃষ্টিকৰ্তা হৈছে গুইড' ভান ৰসাম। এই প্ৰগ্ৰামিং ভাষা প্ৰথমে ১৯৯১ চনত মুকলি কৰা হৈছিল।