অসমীয়া খবৰ (Asomiya Khabar) হৈছে এখন অসমীয়া ভাষাৰ দৈনিক বাতৰিকাকত। এই বাতৰি কাকতখনৰ দুই সংস্কৰণ গুৱাহাটী আৰু যোৰহাটৰ পৰা একেসময়তে প্ৰকাশিত হয়। জ্যেষ্ঠ সংবাদকৰ্মী শংকৰ লস্কৰ বাতৰি কাকতখনৰ সম্পাদক আৰু বিশ্বজিৎ দাস মুখ্য সম্পাদক।১
সমল
এই অসমীয়া দৈনিক কাকতখনে অসমক কেন্দ্ৰ কৰি সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তৰ্জাতিক বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে। এই কাকতখনে ইণ্টাৰনেট সংস্কৰণো মুকলি কৰিছে। কাকতখনত মূলতঃ ১২খন পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়। পৃষ্ঠাসমূহ সাধাৰণতে আঞ্চলিক বাতৰি, সম্পাদকীয় শিতান, সাহিত্য, আন্তৰ্জাতিক বাতৰি, ক্ৰীড়া-জগত আদি বিভিন্ন ভাগত বিভক্ত থাকে। তদুপৰি কাকতখনৰ সাপ্তাহিক পৰিপূৰিকা দেওবৰীয়া খবৰ প্ৰতি দেওবাৰে প্ৰকাশ কৰা হয়।
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Asomiya Khobor Epaper. NE Now
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া খবৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৬২ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।