অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অন্তহীন প্ৰেৰণা

অন্তহীন প্ৰেৰণা(Antohin Prerona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ১৬ জন ব্যক্তিৰ জীৱনক লৈ ১৬ টা প্ৰবন্ধ আছে। বনলতা প্ৰকাশনে ২০০৬ চনত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে তেখেতৰ ভগ্নীসম শ্ৰীমতী বিচিত্ৰা দলেলৈ উছৰ্গা কৰিছে।

হালনাগাদ: ২৬ মাৰ্চ ২০২৫ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

অন্তহীন প্ৰেৰণা(Antohin Prerona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ১৬ জন ব্যক্তিৰ জীৱনক লৈ ১৬ টা প্ৰবন্ধ আছে। বনলতা প্ৰকাশনে ২০০৬ চনত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে তেখেতৰ ভগ্নীসম শ্ৰীমতী বিচিত্ৰা দলেলৈ উছৰ্গা কৰিছে।১

বিৱৰণ

কিতাপখনত থকা প্ৰবন্ধসমূহ হৈছে, এৰিষ্টটল চক্ৰেটিছ ওনাচিছ;হো চি মিন;মাও জে দং; মহেন্দ্ৰ মৈহেংদাং ডেকাফুকন; জয়প্ৰকাশ নাৰায়ণ; মাইকেল এঞ্জেলো; টমাছ মান; লিওনাৰ্ডো ডা ভিন্সি; আৰ্নল্ড টয়ন্‌বী; কঠিন প্ৰহৰ; আঁদ্ৰে মাল্‌ৰো; গিবন; হেনৰি ডেভিদ থৰো; বিষ্ণুপ্ৰসাদ ৰাভা; সত্যনাথ বৰা আৰু অম্বিকাগিৰী ৰায়চৌধুৰী।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. (আগষ্ট,২০০৯). অন্তহীন প্ৰেৰণা. শ্ৰী অনন্ত হাজৰিকা. ISBN 81-7339-472-5
  2. ↑ Sahitya Akademi Official website
  3. ↑ Homen Borgohain

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্তহীন প্ৰেৰণা” প্ৰবন্ধৰ সংশোধন ৪৯৭৬৪৬ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।