সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চিলাৰায় মহাবিদ্যালয়
চিলাৰায় মহাবিদ্যালয় (Chilarai College) হৈছে ১৯৭৩ চনত স্থাপিত অসমৰ ধুবুৰীৰ গোলকগঞ্জত অৱস্থিত স্নাতক মহলাৰ সহ-শিক্ষাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷
-
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ এখন অসমৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ২০১৮ চনত অসম চৰকাৰে কাছাৰ জিলাৰ শিলচৰত এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে।
-
ছুচং ভাইৰাছ
ছুচং ভাইৰাছ (SOOV) হৈছে এটা জুনোটিক নেগেটিভ চেন্স একক-ডালযুক্ত আৰ এন এ ভাইৰাছ। ই অৰ্থ’হাণ্টাভাইৰাছ প্ৰজাতিৰ সদস্য হ’ব পাৰে, কিন্তু ইয়াক নিৰ্দিষ্টভাৱে প্ৰজাতি হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই আৰু ই কেৱল এটা প্ৰজাতিহে হ’ব পাৰে।
-
জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম
জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (National Law University and Judicial Academy, Assam ) অসমৰ গুৱাহাটীত অৱস্থিত এখন ভাৰতৰ স্বায়ত্বশাসিত আইন বিদ্যালয়। এইখন ভাৰতৰ ১৭খন নামজ্বলা জাতীয় আইন বিদ্যালয়ৰ অন্যতম।
-
জিন্না মহিলা বিশ্ববিদ্যালয়
জিন্না মহিলা বিশ্ববিদ্যালয় (JUW) হৈছে পাকিস্তানৰ সিন্ধৰ কৰাচীত অৱস্থিত এখন ব্যক্তিগত গৱেষণা বিশ্ববিদ্যালয়। ই সৰ্বমহিলা বিশ্ববিদ্যালয় আৰু দেশৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়।
-
জৱাহৰ নবোদয় বিদ্যালয়, গোলাঘাট
গোলাঘাটৰ জৱাহৰ নবোদয় বিদ্যালয় হৈছে অসম ৰাজ্যৰ, গোলাঘাট জিলাত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ জৱাহৰ নৱোদয় বিদ্যালয়সমূহ ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক আবাসিক বিদ্যালয় ব্যৱস্থা।
-
জৱাহৰলাল নেহৰু মহাবিদ্যালয়
জৱাহৰলাল নেহৰু মহাবিদ্যালয় (Jawaharlal Nehru College) ১৯৬৪ চনত স্থাপন কৰা অসমৰ কামৰূপ জিলাৰ বকো অঞ্চলত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
টাই দন জনগোষ্ঠী
বগা টাই (ইংৰাজীঃ White Tai), টাই-খাও বা টাই-ডন হৈছে চীন, লাওছ আৰু ভিয়েটনামৰ এটা টাই জনগোষ্ঠী। ভিয়েটনামত তেওঁলোকক টাই দন বুলি কোৱা হয় আৰু অইন টাই জনগোষ্ঠীৰ গোটত অন্তৰ্ভুক্ত কৰা হয়। ভিয়েটনাম চৰকাৰৰ দ্বাৰা স্বীকৃত ৫৪টা জনগোষ্ঠীৰ ভিতৰত টাই জাতি হৈছে তৃতীয় বৃহত্তম জাতি।
-
টিহু মহাবিদ্যালয়
টিহু মহাবিদ্যালয় (Tihu College) হৈছে ১৯৬৩ চনত স্থাপিত অসমৰ নলবাৰীৰ টিহুত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ঠেকুৱা
ঠেকুৱা ( ठेकुआ; ঠোকোৱা বা ঠেকাৰিছ), যাক 'খাজুৰিয়া' বা 'থিকৰী' বুলিও কোৱা হয়, ভাৰতীয় উপমহাদেশৰ একপ্ৰকাৰৰ শুকান মিঠাই। বিহাৰ, উত্তৰ প্ৰদেশ আৰু নেপালৰ তেৰাই অঞ্চলত ই অতি জনপ্ৰিয়। ঠেকুৱা হৈছে ছট পূজাৰ সময়ত উপাস্য দেৱতালৈ উৎসৰ্গ কৰা এক প্ৰসাদ।
-
ডখৰা খাৰ
একাধিক মুছলমান ঐতিহাসিকৰ উপৰিও বিদেশী পৰ্যটক বৰ্ণিয়াৰ চাহাবে অসমীয়া মানুহে খাৰ খোৱাৰ কথা উল্লেখ কৰাটোেৱে অসমত খাৰৰ প্ৰাচীনতাৰ কথা সূচায়। খাৰ দুবিধ - কলাখাৰ আৰু উখৰা (উত্তৰ কামৰূপ, বৰপেটা আদি জিলাত ডখলা আৰু মধ্য অসমত সৎখাৰৰূপে জনাজাত) খাৰ।
-
তাৰিণী চৌধুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
তাৰিণী চৌধুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় (Tarini Choudhury Govt. Girls H.S. & M.P. School) শিক্ষাবিদ তাৰিণী চৰণ চৌধুৰীৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। বিদ্যালয়খনে ২০১৯ চনত প্লেটিনাম জয়ন্তী উদযাপনৰ আয়োজন কৰিছিল।
-
দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়
দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় (Dakshin Kamrup Girls' College) হৈছে ১৯৮৮ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ মিৰ্জাত অৱস্থিত এখন সাধাৰণ ডিগ্ৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় (বাক্সা)
দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় (Dakshin Bijni Degree College) অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দবজাৰ অঞ্চলৰ এখন উচ্চশিক্ষাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰে।
-
দুগদুগী
দুগদুগী এবিধ অসমীয়া সোণৰ বিশেষ লকেট। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ডিঙিৰপৰা বুকুলৈ ইয়াক ওলোমাই পিন্ধা হয়। উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে।
-
ধিং মহাবিদ্যালয়
ধিং মহাবিদ্যালয় (Dhing College) হৈছে ১৯৬৫ চনত স্থাপিত অসমৰ ধিঙত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান৷ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷
-
ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়
ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ২০২০ চনত অসমৰ ধেমাজি জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১১ চনত মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ২০২১ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
-
নগাঁও চিকিৎসা মহাবিদ্যালয়
নগাঁও চিকিৎসা মহাবিদ্যালয় (Nagaon Medical College and Hospital অসমৰ নগাঁও জিলাৰ মহখুলিত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। মহাবিদ্যালয়খনে ২০২৩ চনৰ পৰা কাৰ্যক্ষমতা আৰম্ভ কৰাৰ অনুমতি লাভ কৰে।
-
নগৰবধু
নগৰবধু আছিল প্ৰাচীন ভাৰতৰ কিছুমান ঠাইত পালন কৰা পৰম্পৰা। মহিলাসকলে নগৰবধূৰ খিতাপ লাভৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, আৰু এই প্ৰথাৰ বিৰুদ্ধে কোনো নিষেধাজ্ঞা নাছিল। আটাইতকৈ ধুনীয়া আৰু বিভিন্ন নৃত্যৰ ৰূপত আটাইতকৈ প্ৰতিভাশালী নাৰীক নগৰবধু হিচাপে বাছনি কৰা হৈছিল।
-
নটৰ ডেম কলেজ, ঢাকা
নটৰ ডেম কলেজ (নটব় ডেম কলেজ, Notre Dame College) বাংলাদেশৰ ঢাকাৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ১৯৪৯ চনত এইখন চেণ্ট গ্ৰেগৰী কলেজ হিচাপে স্থাপন কৰা হৈছিল। নটৰ ডেম কলেজত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা ডিগ্ৰী পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে।
-
নৰ্থ কামৰূপ মহাবিদ্যালয় বাঘমাৰা
নৰ্থ কামৰূপ মহাবিদ্যালয় (North Kamrup College) অসমৰ বজালী জিলাৰ বাঘমৰাত অৱস্থিত এখন অন্যতম উচ্চশিক্ষা শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰা হয়।
-
পখ্টা
পখ্টা দক্ষিণ এছিয়াৰ উত্তৰ সীমান্ত অঞ্চলত বাস কৰা এটা প্ৰাচীন বৈদিক ভাৰত-আৰ্য জনগোষ্ঠী আছিল। আধুনিক পাখতুন লোকসকলৰ অন্যতম সম্ভাৱ্য পূৰ্বপুৰুষ বুলি গণ্য কৰা হয়।
-
পশ্চিম কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়
অসমৰ নগাঁও জিলাৰ কলিয়াবৰ ব্লকৰ বেচেলেমাৰী গাঁৱত অৱস্থিত পশ্চিম কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয় (পশ্চিম কলিয়াবৰ হাইস্কুল বুলিও জনা যায়) এখন সহ-শৈক্ষিক বিদ্যালয়। ১৯৭২ চনত প্ৰতিষ্ঠা হোৱা এইখন বিদ্যালয়ক শিক্ষা বিভাগে পৰিচালনা কৰে।
-
প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Pragjyotishpur Medical College & Hospital) অসমৰ গুৱাহাটীত অৱস্থিত চতুৰ্দশ চৰকাৰী চিকিৎসা মহাবিদ্যালয়।২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা চিকিৎসা মহাবিদ্যালয়খন বহিঃ বিভাগৰ আৰম্ভণিৰ দ্বাৰা কাৰ্যক্ষম হয়।মহাবিদ্যালয়খনে ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা…
-
বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ
বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ চমুকৈ বিমষ্টেক দক্ষিণ-পূব এছিয়াৰ বংগোপসাগৰৰ আশে-পাশে থকা দেশ কেইখনমান আন্তৰাষ্ট্ৰীয় সংগঠন। এই সংগঠনৰ সদস্য ৰাষ্ট্ৰসমূহৰ মুঠ জনসংখ্যা ১.৫ বিলিয়ন আৰু মুঠ ঘৰুৱা আয় ৩.৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰ।
-
বাছকা ডিগ্ৰী মহাবিদ্যালয় বাগানপাৰা
বাছকা ডিগ্ৰী মহাবিদ্যালয় এখন সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়। এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। ১৯৮৭ চনত স্থাপিত মহাবিদ্যালয়খন অসমৰ বাক্সা জিলাৰ বাগানপাৰাত স্থাপন কৰা হৈছে।
-
বাজু
বাজু হৈছে বাহুত পৰিধান কৰা এবিধ অলংকাৰ।
-
বিছাটি
বিছাটি এটা মুছলমান সম্প্ৰদায়, যিসকলক উত্তৰ ভাৰতত পোৱা যায়। এই সম্প্ৰদায়ৰ বহু সদস্যই ১৯৪৭ চনত পাকিস্তানলৈ প্ৰব্ৰজন কৰি কৰাচী আৰু সিন্ধত বসতি স্থাপন কৰিছে।
-
বিশ্ব ডাউন চিনড্ৰম দিৱস
বিশ্ব ডাউন চিণ্ড্ৰম দিৱস (World Down Syndrome Day বা WDSD) ২০০৭ চনৰ পৰা, প্ৰতি বছৰে ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। ২১ মাৰ্চৰ দিনটো (বছৰৰ ৩য় মাহ) ২১তম ক্ৰম’জমৰ ট্ৰিপ্লিকেচন (ট্ৰাইছ’মী)ৰ স্বকীয়তাক বুজাবলৈ বাছনি কৰা হৈছিল যিয়ে ডাউন চিণ্ড্ৰমৰ সৃষ্টি কৰে।
-
বিশ্ব দয়া দিৱস
বিশ্ব দয়া দিৱস (World Kindness Day) ১৩ নৱেম্বৰত আন্তঃৰাষ্ট্ৰীয়ভাৱে পালন কৰা হয়। ১৯৯৮ চনত বিশ্ব দয়া আন্দোলনৰ জাতিসমূহৰ দয়াৰ এন জি অ’ৰ মিত্ৰজোঁটে ইয়াক প্ৰৱৰ্তন কৰিছিল। কানাডা, অষ্ট্ৰেলিয়া, নাইজেৰিয়া আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীকে ধৰি বহু দেশত ইয়াক উদযাপন কৰা হয়।