বাজু হৈছে বাহুত পৰিধান কৰা এবিধ অলংকাৰ।
নিৰ্মাণ শৈলী
সোণ,ৰূপেৰে গঢ়া বাজু এপদ চেপেটা অলংকাৰ। বাজুৰ ওপৰৰ ফালটোত ফুল বা অন্য আৰ্হিৰ চানেকি থাকে। বাজুৰ দুই মূৰত মগৰৰ চানেকিও থাকে। এটা মূৰত এটা আঙঠি আৰু আনটো মূৰত শিকলি হাকোটা লগোৱা থাকে। হাকোটা ডাল ইটো মূৰৰ ৰিং টোত সুমুৱাই দি পিন্ধা হয় নাইবা কেতিয়াবা দুয়োটা মূৰত সোণ- ৰূপৰ সূতা লগাই গাঁথি মাৰিও পিন্ধা হয়। সোণৰ বাজুক 'সুৱৰ্ণৰ টাৰ' আৰু অঞ্চল বিশেষে 'কেয়ূৰ' বুলিও কোৱা হয়১। আজিকালি এই বিধ অলংকাৰৰ বিশেষ প্ৰচলন নাই যদিও কোনো কোনোৱে বিভিন্ন পাথৰ আদি খটুৱাই বাজু সদৃশ এপদ অলংকাৰ পিন্ধিবলৈ লৈছে। কিছুমান গোলাকৃতিৰ বাজুৰ ভিতৰত লা বা বালি মিলোৱা থাকে।
বিষো উপশম হয় বুলি বিশ্বাস আছে।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাজু” প্ৰবন্ধৰ সংশোধন ৩৭২৫৬৬ (২৮ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।