নাৰীবাদী তত্ত্ব
৪৯ প্ৰবন্ধ
-
নাৰীৰ অধিকাৰ
নাৰীৰ অধিকাৰ (Women's rights) হৈছে বিশ্বজুৰি মহিলা আৰু ছোৱালীৰ বাবে দাবী কৰা অধিকাৰ আৰু প্ৰাপ্য। এই দাবী আৰু অধিকাৰে ১৯ শতিকাত নাৰী অধিকাৰ আন্দোলন আৰু ২০ আৰু একবিংশ শতিকাৰ সময়ছোৱাত নাৰীবাদী আন্দোলনৰ ভিত্তি গঠন কৰিছিল।
-
নাৰীবাদী তত্ত্ব
নাৰীবাদী তত্ত্ব (Feminist Theory) হৈছে নাৰীবাদৰ তাত্ত্বিক, কাল্পনিক বা দাৰ্শনিক বক্তৃতাৰ সম্প্ৰসাৰণ। ইয়াৰ লক্ষ্য লিংগ বৈষম্যৰ স্বৰূপ বুজি পোৱা। ইয়াত নাৰী আৰু পুৰুষৰ সামাজিক ভূমিকা, অভিজ্ঞতা, আগ্ৰহ, কাম-কাজ আৰু নাৰীবাদী ৰাজনীতি বিভিন্ন ক্ষেত্ৰত পৰীক্ষা কৰা হয়৷ তাৰে ভিতৰত নৃতত্ত্ব আৰু সমাজবিজ্ঞান,…
-
কৃষ্ণাংগ নাৰীবাদ
কৃষ্ণাংগ নাৰীবাদক (Black feminism) আমেৰিকাৰ বাহিৰত আফ্ৰিকান-নাৰীবাদ(Afro-feminism) বুলি কোৱা হয়৷ কৃষ্ণাংগ নাৰীবাদ নাৰীবাদৰ এনে এটা শাখা যি আফ্ৰিকান-আমেৰিকীয় মহিলাৰ অভিজ্ঞতাত কেন্দ্ৰীভূত আৰু বৰ্ণবাদ তথা যৌনতাবাদৰ আন্তঃবিভাজনক স্বীকৃতি দিয়ে।
-
মাৰ্ক্সবাদী নাৰীবাদ
মাৰ্ক্সবাদী নাৰীবাদ (Marxist Feminism) হৈছে নাৰীবাদৰ এক দাৰ্শনিক ৰূপ যিয়ে মাৰ্ক্সবাদী তত্ত্বক সামৰি লৈছে আৰু ইয়াক সম্প্ৰসাৰিত কৰিছে। মাৰ্ক্সবাদী নাৰীবাদে পুঁজিবাদ আৰু ব্যক্তিগত সম্পত্তিৰ ব্যক্তিগত মালিকীস্বত্বৰ জৰিয়তে নাৰীক শোষণৰ ধৰণসমূহ বিশ্লেষণ কৰে।
-
নাৰীবাদী দৰ্শন
নাৰীবাদী দৰ্শন (Feminist Philosophy) হ'ল নাৰীবাদী দৃষ্টিকোণৰ পৰা দৰ্শনৰ এক দৃষ্টিভংগী। ইয়াৰ উপৰিও ই নাৰীবাদী বিষয় আৰু প্ৰশ্নৰ ক্ষেত্ৰত দাৰ্শনিক পদ্ধতিৰ ব্যৱহাৰ।
-
মাতৃতন্ত্ৰ
মাতৃতন্ত্ৰ (matriarchy) হৈছে এনে এক সামাজিক ব্যৱস্থা য’ত মহিলাসকলে কৰ্তৃত্বৰ ভূমিকাত প্ৰাথমিক ক্ষমতাৰ পদবী গ্ৰহণ কৰে। বহল অৰ্থত ই নৈতিক কৰ্তৃত্ব, সামাজিক বিশেষাধিকাৰ আৰু সম্পত্তিৰ নিয়ন্ত্ৰণলৈকে বিস্তৃত হ’ব পাৰে।
-
দৃষ্টি
সমালোচনাত্মক তত্ত্ব, দৰ্শন, সমাজবিজ্ঞান আৰু মনোবিশ্লেষণত ৰূপক অৰ্থত দৃষ্টি (Gaze) হৈছে ব্যক্তিৰ (বা এটা গোটৰ) আন ব্যক্তি, অন্য গোট বা নিজৰ প্ৰতি সচেতনতা আৰু ধাৰণা। দৃষ্টিৰ ধাৰণা আৰু সামাজিক প্ৰয়োগসমূহ অস্তিত্ববাদী আৰু পৰিঘটনাবাদী দাৰ্শনিকসকলে সংজ্ঞায়িত আৰু ব্যাখ্যা কৰিছে।
-
নাৰীবাদী মনোবিজ্ঞান
নাৰীবাদী মনোবিজ্ঞান (Feminist Psychology) হৈছে সামাজিক গাঁথনি আৰু লিংগক কেন্দ্ৰ কৰি গঢ়ি উঠা মনোবিজ্ঞানৰ এক প্ৰকাৰ। নাৰীবাদী মনোবিজ্ঞানে পুৰুষৰ দৃষ্টিকোণৰ পৰা কৰা ঐতিহাসিক মানসিক গৱেষণাৰ সমালোচনা কৰে। নাৰীবাদী মনোবিজ্ঞান নাৰীবাদৰ মূল্যবোধ আৰু নীতিৰ ওপৰত কেন্দ্ৰীভূত।
-
মেল গে'জ
নাৰীবাদী তত্ত্বত পুৰুষৰ দৃষ্টি (Male Gaze) হৈছে দৃশ্য কলা আৰু সাহিত্যত নাৰী আৰু জগতখনক পুৰুষতান্ত্ৰিক, বিপৰীতকামি যৌন দৃষ্টিভংগীৰে চিত্ৰিত কৰা কাৰ্য যিয়ে নাৰীক বিপৰীতকামি পুৰুষৰ আনন্দৰ বাবে কামুক বস্তু বা বিষয় হিচাপে দৰ্শকৰ সন্মুখত উপস্থাপন আৰু প্ৰতিনিধিত্ব কৰে।
-
সামাজিক নাৰীবাদ
সামাজিক নাৰীবাদ (Social feminism) হৈছে নাৰীৰ বাবে সামাজিক অধিকাৰ আৰু বিশেষ বাসস্থানৰ পোষকতা কৰা নাৰীবাদী আন্দোলন। ঊনবিংশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিতে নাৰী আৰু শিশুক প্ৰভাৱিত কৰা সামাজিক সমস্যাৰ প্ৰতি চিন্তিত মহিলা ভোটাধিকাৰ আন্দোলনৰ সদস্যসকলক চিহ্নিত কৰিবলৈ ইয়াক প্ৰথম ব্যৱহাৰ কৰা…
-
উদ্যোগী নাৰীবাদ
সামাজিক নাৰীবাদৰ পৰাই উদ্যোগী নাৰীবাদৰ (Entrepreneurial feminism) বিকাশ ঘটিছে। ই এটা তত্ত্ব যিয়ে সমাজত নাৰীৰ অৱস্থান উন্নত কৰিবলৈ উদ্যোগ সৃষ্টি প্ৰক্ৰিয়াৰ জৰিয়তে নাৰীবাদী মূল্যবোধ কেনেকৈ প্ৰণয়ন কৰা হয় সেই বিষয়ে ব্যাখ্যা কৰে।বাৰ্বাৰা অৰ্চাৰ আৰু কেথেৰিন ইলিয়টে উদ্ভাৱন কৰা উদ্যোগীকৰণক কিশোৰী…
-
কেৰিয়াৰ নাৰী
কেৰিয়াৰ নাৰী (Career Woman) হৈছে এটা পৰিভাষা যাৰ জৰিয়তে এনে এগৰাকী মহিলাক বুজোৱা হয়, যাৰ জীৱনৰ লক্ষ্য হৈছে নিজৰ বাবে এটা কেৰিয়াৰ সৃষ্টি কৰা।১৯৩০ চনৰ আমেৰিকাৰ প্ৰেক্ষাপটত নিৰ্দিষ্ট শব্দটো সেই সময়ত ঘৰত কাম কৰা মহিলা অথবা ঘৰৰ বাহিৰত কাম কৰি নিম্ন পৰ্যায়ৰ চাকৰিত অৰ্থনৈতিক প্ৰয়োজনীয়তা হিচাপে কাম…
-
খিলঞ্জীয়া নাৰীবাদ
খিলঞ্জীয়া নাৰীবাদ (Indigenous feminism) হৈছে নাৰীবাদৰ এক আন্তঃবিভাজনমূলক তত্ত্ব আৰু অনুশীলন যিয়ে খিলঞ্জীয়া মহিলা আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বি-ঔপনিৱেশিকৰণ, খিলঞ্জীয়া সাৰ্বভৌমত্ব, আৰু মানৱ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
নাৰী দৃষ্টি
নাৰী দৃষ্টি (Female gaze) হৈছে নাৰীবাদী তত্ত্বৰ অন্তৰ্গত এটা শব্দ৷ বিশেষ শব্দটোৱে কোনো শিল্পকৰ্মৰ নাৰী দৰ্শক, চৰিত্ৰ বা পৰিচালকৰ দৃষ্টিভংগীক বুজায়, কিন্তু লিংগতকৈ অধিক এই শব্দটোৱে নাৰী জড়িত হৈ থকা বিষয়ক প্ৰতিনিধিত্ব কৰে। সেইবাবেই সকলো লিংগই নাৰী দৃষ্টিৰে ছবি সৃষ্টি কৰিব পাৰে।
-
নাৰী মনোবিজ্ঞান
নাৰী মনোবিজ্ঞান (ইংৰাজী: Feminine psychology) বা মহিলাৰ মনোবিজ্ঞান হ’ল এক দৃষ্টিভংগী যিয়ে মহিলাসকলে তেওঁলোকৰ সমগ্ৰ জীৱনত সন্মুখীন হোৱা সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
নাৰীবাদী গঠনবাদ
নাৰীবাদী গঠনবাদ (Feminist constructivism) হৈছে গঠনবাদৰ তত্ত্বৰ ওপৰত নিৰ্মাণ কৰা এক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক তত্ত্ব। নাৰীবাদী গঠনবাদে লিংগ সম্পৰ্কীয় ধাৰণাসমূহে বিশ্ব ৰাজনীতিক কেনেদৰে প্ৰভাৱিত কৰে তাৰ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই হৈছে দুটা উত্তৰ-ঔপনিৱেশিক তত্ত্ব নাৰীবাদ আৰু গঠনবাদৰ মাজৰ যোগাযোগ।
-
নাৰীবাদী চলচ্চিত্ৰ তত্ত্ব
নাৰীবাদী চলচ্চিত্ৰ তত্ত্ব (Feminist film theory) হৈছে দ্বিতীয় ঢৌৰ নাৰীবাদৰ প্ৰভাৱত নাৰীবাদী ৰাজনীতি আৰু নাৰীবাদী তত্ত্বৰ পৰা উদ্ভৱ হোৱা আৰু ১৯৭০ চনৰ আশে-পাশে আমেৰিকাত দৃষ্টিগোচৰ হোৱা এক তাত্ত্বিক চলচ্চিত্ৰ সমালোচনা।
-
নাৰীবাদী জীৱবিজ্ঞান
নাৰীবাদী জীৱবিজ্ঞান (Feminist biology) হৈছে জীৱবিজ্ঞানৰ এনে এক দৃষ্টিভংগী যি লিংগ মূল্যবোধৰ প্ৰভাৱ, লিংগ পক্ষপাতিত্বৰ পৃথকীকৰণ তথা জৈৱিক গৱেষণা আৰু অনুশীলনত সামাজিক মূল্যবোধৰ সামগ্ৰিক ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰে।
-
নাৰীবাদী ন্যায় নীতি
নাৰীবাদী ন্যায় নীতি (Feminist justice ethics) হৈছে নৈতিকতা সন্দৰ্ভত প্ৰতিষ্ঠিত হোৱা এক নাৰীবাদী দৃষ্টিভংগী যিয়ে নৈতিকতাৰ পৰম্পৰাগত সাৰ্বজনীন পদ্ধতিৰ সৈতে জড়িত হ'ব বিচাৰে আৰু পৰিশেষত ইয়াক ৰূপান্তৰিত কৰিব বিচাৰে।
-
নাৰীবাদী পদ্ধতি
নাৰীবাদী পদ্ধতি (Feminist method) হৈছে স্পষ্টভাৱে নাৰীবাদী দৃষ্টিকোণৰ পৰা অনুসন্ধান কৰা আৰু তত্ত্ব সৃষ্টিৰ বাবে যুগুতোৱা এক মাধ্যম। নাৰীবাদী পদ্ধতিসমূহ বৈচিত্ৰ্যময়।
-
নাৰীবাদী বিচ্ছিন্নতাবাদ
নাৰীবাদী বিচ্ছিন্নতাবাদ (Feminist separatism) হৈছে এটি নাৰীবাদী তত্ত্ব যিয়ে মত পোষণ কৰে যে পুৰুষতন্ত্ৰৰ নাৰীবাদী বিৰোধিতা পুৰুষৰ পৰা নাৰীৰ বিচ্ছিন্নতাৰ জৰিয়তে সম্ভৱ হ'ব পাৰে। তত্ত্বৰ বহুখিনি ধাৰণা লেচবিয়ান নাৰীবাদৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।
-
নাৰীবাদী ভাষা সংস্কাৰ
নাৰীবাদী ভাষা সংস্কাৰ (Feminist language reform) বা নাৰীবাদী ভাষা পৰিকল্পনাই ব্যক্তিগত আৰু সমাজ পৰ্যায়ত লিংগ, কাৰ্য্যকলাপ আৰু ধাৰণাসমূহৰ সৈতে ব্যৱহৃত হোৱা ভাষাক সলনি কৰিবলৈ ৰাজনৈতিক আৰু তৃণমূল পৰ্যায়ত গ্ৰহণ কৰা প্ৰচেষ্টাক বুজায়।এই পদক্ষেপ ছুইডেন, ছুইজাৰলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশত গ্ৰহণ কৰা…
-
মাতৃ নাৰীবাদ
মাতৃ নাৰীবাদ বা মাতৃত্ব নাৰীবাদ (Maternal feminism) হৈছে বহু প্ৰাথমিক নাৰীবাদীৰ বিশ্বাস যে মাতৃ আৰু যত্ন লোৱা ব্যক্তি হিচাপে নাৰীৰ সমাজ আৰু ৰাজনীতিত গুৰুত্বপূৰ্ণ কিন্তু সুকীয়া ভূমিকা আছিল।
-
যৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগী
যৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগী (Feminist views on the sex industry) বহু পৰিমাণে ভিন্ন হোৱা পৰিলক্ষিত হয়। এই দৃষ্টিভংগী প্ৰয়োগ কৰা নাৰীবাদৰ ধৰণটোৰ ওপৰত নিৰ্ভৰশীল।
-
সমাজবাদী নাৰীবাদ
নাৰীবাদী আন্দোলন আৰু নব্য বাঁওৰ এটা শাখা হিচাপে ১৯৬০ আৰু ১৯৭০ চনত সমাজবাদী নাৰীবাদৰ (Socialist feminism) উত্থান ঘটিছিল যিয়ে পিতৃতন্ত্ৰ আৰু পুঁজিবাদৰ আন্তঃসংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
ৰাষ্ট্ৰীয় নাৰীবাদ
ৰাজ্য বা দেশৰ চৰকাৰে সৃষ্টি কৰা বা অনুমোদন জনোৱা নাৰীবাদক ৰাষ্ট্ৰীয় নাৰীবাদ (State feminism) বোলে। ই সাধাৰণতে এটা বিশেষ কাৰ্যসূচীক নিৰ্দিষ্ট কৰে। ১৮৮০ চনৰ পৰাই চৰকাৰী সমৰ্থিত উদাৰ নাৰীবাদৰ পৰম্পৰা থকা নৰৱেৰ পৰিস্থিতিৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰি হেলগা হাৰ্নেছে এই শব্দটোৰ উদ্ভাৱন কৰিছিল আৰু নৰ্ডিক…
-
আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত নাৰীবাদ
আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ শৈক্ষিক অধ্যয়নত লিংগ চিন্তা আনিবলৈ চেষ্টা কৰা, বিশ্ব ৰাজনীতি আৰু সামগ্ৰিকভাৱে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক ভালদৰে বুজিবলৈ নাৰীবাদী তত্ত্ব আৰু কেতিয়াবা বিবিধ তত্ত্ব ব্যৱহাৰ কৰা পণ্ডিত-গৱেষকৰ ৰচনাক নাৰীবাদ বুলি কোৱা হয়।
-
আফ্ৰিকানা নাৰীবাদ
আফ্ৰিকানা নাৰীবাদ (Africana womanism) হৈছে ১৯৮০ চনৰ শেষৰ ফালে ক্লেনোৰা হাডছন-উইমছে উদ্ভাৱন কৰা এটা শব্দ, যিটো আফ্ৰিকান বংশৰ সকলো মহিলাৰ বাবে প্ৰযোজ্য মতাদৰ্শ হিচাপে উদ্দেশ্য কৰা হৈছিল।
-
উত্তৰ নাৰীবাদ
উত্তৰ-নাৰীবাদ (Postfeminism)(বিকল্পভাৱে উত্তৰ-নাৰীবাদ বুলিও অনুবাদ কৰা হয়) হৈছে গণমাধ্যমসমূহে ১৯৯০ চনৰ পৰা নাৰীবাদৰ সমৰ্থন হ্ৰাস পোৱাৰ অভিযোগ উত্থাপন কৰিবলৈ জনপ্ৰিয় কৰা এটা শব্দ। নাৰীবাদ, জনপ্ৰিয় সংস্কৃতি আৰু নাৰীত্বৰ মাজত পৰিৱৰ্তিত সম্পৰ্ক বুজিবলৈ ইয়াক এক জটিল বিকল্প বুলি ধৰিব পাৰি।
-
চাইবাৰ নাৰীবাদ
চাইবাৰ নাৰীবাদ (Cyberfeminism) হৈছে এক নাৰীবাদী দৃষ্টিভংগী যিয়ে চাইবাৰ স্পেচ, ইণ্টাৰনেট আৰু প্ৰযুক্তিৰ মাজত থকা সম্পৰ্কক অগ্ৰাধিকাৰ দিয়ে। ইয়াক কোনো দৰ্শন, শিল্প পদ্ধতি, পদ্ধতি বা সম্প্ৰদায়ক বুজাবলৈ ব্যৱহাৰ কৰিব পাৰি।