নাৰীৰ অধিকাৰ
৫৮ প্ৰবন্ধ
-
লিংগ বৈষম্য
লিংগৰ ভিত্তিত মানুহক সম-ব্যৱহাৰ নকৰা সামাজিক পৰিঘটনাটোৱেই হৈছে লিংগ বৈষম্য (Gender inequality)। জীৱবিজ্ঞান, মনোবিজ্ঞান বা সমাজত প্ৰচলিত সাংস্কৃতিক নীতি-নিয়মৰ সম্পৰ্কীয় পাৰ্থক্যৰ পৰাই এই বৈষম্যৰ নিৰ্মূল হ’ব পাৰে।
-
পেলেষ্টাইনৰ মহিলা
যদিও ৮ মাৰ্চত বিশ্বই নাৰী দিৱস উদযাপন কৰে, পেলেষ্টাইনৰ মহিলাসকলে নিজৰ অধিকাৰ আৰু লিংগ সমতাৰ বাবে আজিও সংগ্ৰাম অব্যাহত ৰাখিছে। তাৰ মূল কাৰণ হৈছে: ইজৰাইলৰ দখল আৰু অভ্যন্তৰীণ পিতৃতান্ত্ৰিক সমাজ নিয়ন্ত্ৰণ।।
-
ইথিঅ’পিয়াৰ নাৰী
ইথিঅ’পিয়াৰ নাৰীক (Women in Ethiopia) লৈ কেইবাটাও অধ্যয়ন এতিয়ালৈকে কৰা হৈছে। ঐতিহাসিকভাৱে ইথিঅ’পিয়াৰ অভিজাত মহিলাসকলক প্ৰশাসক আৰু যোদ্ধা হিচাপে দেখিবলৈ পোৱা গৈছে৷ অৱশ্যে ইয়াৰ ফলত নাৰীৰ অধিকাৰ অধিক উন্নত হোৱা বুলি ক'ব নোৱাৰি৷ মহিলাসকলে উত্তৰাধিকাৰী সূত্ৰে সম্পত্তিৰ মালিক হোৱা আৰু গুৰুত্বপূৰ্ণ…
-
বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণ
১৯৭১ চনৰ বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত পাকিস্তানী সামৰিক বাহিনী আৰু ৰাজাকাৰ অৰ্ধসামৰিক বাহিনীৰ সদস্যসকলে গণহত্যাৰ ধৰ্ষণৰ পদ্ধতিগত অভিযানত ২ লাখৰ পৰা ৪ লাখ বঙালী মহিলা আৰু ছোৱালীক ধৰ্ষণ কৰিছিল।পাকিস্তানী সেনা আৰু ইয়াৰ মিত্ৰশক্তিৰ ধৰ্ষণৰ বলি হোৱা অধিকাংশই আছিল হিন্দু মহিলা।
-
নাৰী মুক্তি আন্দোলন
নাৰী মুক্তি আন্দোলন (WLM) (Women's liberation movement)নাৰী আৰু নাৰীবাদী বৌদ্ধিকতাবাদৰ ৰাজনৈতিক একত্ৰীকৰণ আছিল, যি ১৯৬০ চনৰ শেষৰ ফালে গঢ় লৈ উঠিছিল আৰু ১৯৮০ চন পৰ্যন্ত পশ্চিমীয়া বিশ্বৰ ঔদ্যোগিক ৰাষ্ট্ৰসমূহত অব্যাহত আছিল।
-
ইজিপ্তত লিংগ বৈষম্য
ইজিপ্তত পৰম্পৰাগত লিংগ ভূমিকা প্ৰচলিত আৰু স্পষ্টভাৱে সংজ্ঞায়িত। এই ভূমিকাসমূহ বহুলাংশে পৰম্পৰাগত ইছলামিক পৰিয়ালৰ গাঁথনিৰ সৈতে জড়িত, য’ত মহিলাৰ ভূমিকা ঘৰুৱা ক্ষেত্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু পুৰুষৰ ভূমিকা ৰাজহুৱা ক্ষেত্ৰৰ সৈতে জড়িত।
-
মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য দূৰীকৰণৰ চুক্তি (১৯৭৯)
মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য নিৰ্মূলকৰণ চুক্তি চমুকৈ CEDAW এক আন্তৰ্জাতিক চুক্তি, য'ত এটা প্ৰস্তাৱনা আৰু ৩০টা অনুচ্ছেদ আছে, যাক সাধাৰণতে মহিলাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অধিকাৰ বিধেয়ক হিচাপে জনা যায়।
-
লিংগ অনুসৰি মজুৰিৰ ব্যৱধান
লিংগ অনুসৰি দৰমহাৰ ব্যৱধান বা লিংগ অনুসৰি মজুৰিৰ ব্যৱধান (Gender pay gap) হ’ল কাম কৰা পুৰুষ আৰু মহিলাৰ পাৰিতোষিকৰ মাজৰ গড় পাৰ্থক্য। সাধাৰণতে মহিলাসকলক পুৰুষতকৈ কম দৰমহা পোৱা দেখা যায়। দৰমহাৰ ব্যৱধানৰ সন্দৰ্ভত দুটা সুকীয়া সংখ্যা আছে: অ-নিয়মিত (Non adjusted) বনাম নিয়মিত মজুৰিৰ (adjusted) ব্যৱধান।
-
কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন (প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ) আইন, ২০১৩
কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন (প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ) আইন, ২০১৩ (Sexual Harassment of Women at Workplace (Prevention, Prohibition and Redressal) Act, 2013)ভাৰতৰ এক সাংবিধানিক আইন যিয়ে মহিলাসকলক তেওঁলোকৰ কৰ্মস্থলীত যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা প্ৰদান কৰিব পাৰে।
-
ঘৰে বাইৰে
ঘৰে বাইৰে (Ghare Baire ) ১৯৮৪ চনৰ সত্যজিৎ ৰায় পৰিচালিত আৰু ৰচিতএখন ভাৰতীয় বাংলা ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, ভিক্টৰ বেনাৰ্জী, স্বাতীলেখা চেটাৰ্জী আৰু জেনিফাৰ কেণ্ডেলে।
-
থাইলেণ্ডৰ নাৰী
থাইলেণ্ডৰ মহিলাসকল এছিয়াৰ ভিতৰতে ভোটাধিকাৰ পোৱা প্ৰথম মহিলা যিসকলে ১৯৩২ চনত প্ৰথম বাৰৰ বাবে ভোট দিয়াৰ অধিকাৰ পাইছিল। থাই ৰাজনীতিত মহিলাৰ প্ৰতিনিধিত্ব কম। ২০১১ চনৰ পৰা ২০১৪চনলৈ থাইলেণ্ডৰ প্ৰধান মন্ত্ৰী আছিল ইংলাক চিনাওয়াত্ৰা।
-
দক্ষিণ আফ্ৰিকাৰ নাৰী
দক্ষিণ আফ্ৰিকাৰ একাধিক জনগোষ্ঠীৰ লিংগ ভূমিকা সম্পৰ্কে দীৰ্ঘদিনীয়া বিশ্বাস আছে বুলি ভবা হয় আৰু বেছিভাগেই এই ভিত্তিত গঢ় লৈ উঠিছে যে দক্ষিণ আফ্ৰিকাৰ মহিলাসকল পুৰুষতকৈ কম গুৰুত্বপূৰ্ণ বা ক্ষমতাৰ যোগ্য। কিছুমানে আফ্ৰিকান পৰম্পৰাগত সামাজিক সংগঠনসমূহক পুৰুষকেন্দ্ৰিক আৰু পুৰুষ প্ৰধান বুলি ভাবে।
-
ফ্ৰান্সৰ নাৰী
ইতিহাসৰ পাতত ফ্ৰান্সৰ নাৰীৰ (Women in France) ভূমিকা পৰিৱৰ্তনশীল। ১৯৪৪ চনত ফৰাচী মহিলাই ভোটাধিকাৰ লাভ কৰিছিল। আন আন পশ্চিমীয়া দেশৰ দৰেই ১৯৬০ আৰু ১৯৭০ চনত নাৰীৰ ভূমিকাত বহু সামাজিক আৰু আইনী পৰিৱৰ্তন ঘটিছিল।
-
বাংলাদেশৰ নাৰী
বাংলাদেশৰ নাৰীৰ মৰ্যাদা বিগত কেইটামান শতিকাত গুৰুত্বপূৰ্ণভাৱে পৰিৱৰ্তন ঘটিছে। ১৯৭১ চনত দেশে স্বাধীনতা লাভৰ পিছৰে পৰা বাংলাদেশী মহিলাসকলে যথেষ্ট অগ্ৰগতি লাভ কৰিছে, য’ত দেশখনৰ মহিলাসকলে তেওঁলোকৰ বাবে ৰাজনৈতিক সবলীকৰণ বৃদ্ধি কৰিব পাৰিছে।
-
বিধৱা
এগৰাকী বিধৱা (মহিলা) বা বিপত্নীক (পুৰুষ) এনে এজন ব্যক্তি যাৰ সংগীৰ মৃত্যু হৈছে আৰু যিয়ে পুনৰ বিবাহ কৰা নাই। পুৰুষ ৰূপ, "বিপত্নীক", ১৪ শতিকাত প্ৰথম তথ্যকৃত হৈছে, ১৯ শতিকাত পুৰুষৰ উল্লেখ কৰি "বিধৱা"ক সলনি কৰি ইংৰাজীত যিকোনো লিংগৰ বিশেষণটো উইডোদ।
-
ভাৰতীয় মহিলা সন্থা
ভাৰতীয় মহিলা সন্থা (Women's Indian Association) ১৯১৭ চনত মাদ্ৰাজৰ আদয়াৰত এনি বেছাণ্ট, মাৰ্গাৰেট কাজিনছ, ড’ৰথী জিনাৰাজাদাছা আদিয়ে ১৯ শতিকাৰ আৰু ২০ শতিকাৰ আৰম্ভণিতে আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিষয়ত মহিলাসকলে ভুগি থকা দুখজনক অৱস্থাৰ পৰা মহিলাসকলক মুক্ত কৰিবলৈ প্ৰতিষ্ঠা কৰিছিল।
-
ভাৰতীয় সংবিধানৰ এশ ষষ্ঠ সংশোধনী
জনপ্ৰিয় ৰূপত মহিলা সংৰক্ষণ বিধেয়ক, ২০২৩ (Women's Reservation Bill, 2023) নামে জনাজাত ভাৰতীয় সংবিধানৰ এই আইনখন ২০২৩ চনৰ ১৯ ছেপ্টেম্বৰত সংসদৰ বিশেষ অধিৱেশনৰ সময়ত লোকসভাত উত্থাপন কৰা হয়। এই আইনখনৰ উদ্দেশ্য হৈছে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে প্ৰত্যক্ষভাৱে সংৰক্ষিত কৰা।
-
আইচলেণ্ডৰ নাৰী
আইচলেণ্ডৰ নাৰীসকলে (Women in Iceland) উল্লেখযোগ্য লিংগ সমতা লাভ কৰি আহিছে। ২০১৮ চন পৰ্যন্ত আইচলেণ্ডত কৰ্মত নিয়োজিত ৮৮%, বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীৰ ৬৫%, আৰু সংসদৰ সদস্যৰ ৪১% মহিলা হিচাপে পৰিলক্ষিত হৈছে। কিন্তু আইচলেণ্ডত মহিলাসকলে এতিয়াও পুৰুষতকৈ প্ৰায় ১৪% কমকৈ উপাৰ্জন কৰে।
-
আন্তৰ্জাতিক মহিলা গণতান্ত্ৰিক সংস্থা
আন্তৰ্জাতিক মহিলা গণতান্ত্ৰিক সংস্থা (Women's International Democratic Federation) হৈছে আন্তঃৰাষ্ট্ৰীয় মহিলা অধিকাৰ সংগঠন। ১৯৪৫ চনত স্থাপিত এই সংস্থাটো শীতল যুদ্ধৰ সময়ত আটাইতকৈ সক্ৰিয় আছিল৷ ইতিহাসবিদ ফ্ৰান্সিস্কা ডি হানৰ মতে ই আছিল "১৯৪৫ চনৰ পিছৰ যুগৰ আটাইতকৈ ডাঙৰ আৰু সম্ভৱতঃ আটাইতকৈ প্ৰভাৱশালী…
-
ইণ্ডোনেছিয়াৰ নাৰী
বৰ্তমান ইণ্ডোনেছিয়াত মহিলা ৰ ভূমিকা বহু কাৰণত প্ৰভাৱিত হৈছে, তাৰে ভিতৰত আধুনিকীকৰণ বৃদ্ধি, গোলকীকৰন, শিক্ষাৰ উন্নতি আৰু প্ৰযুক্তিৰ উন্নতি আদিও অন্তৰ্ভুক্ত।
-
গ্ৰাম্য মহিলা
বিশ্বৰ গ্ৰাম্য সম্প্ৰদায়সমূহে যত্ন প্ৰদান কৰা আৰু জীৱিকাৰ বাবে খেতি, ক্ষুদ্ৰ ব্যৱসায় আৰু কৃষিৰ বাহিৰৰ কামৰ দৰে সংখ্যক অৰ্থনৈতিক কামৰ সৈতে জড়িত হোৱাত গ্ৰাম্য মহিলাসকলে মৌলিক ভূমিকা পালন কৰে। পৃথিৱীৰ বেছিভাগ ঠাইতে গ্ৰাম্য মহিলাসকলে অতি কঠোৰ পৰিশ্ৰম কৰে যদিও তেওঁলোকৰ উপাৰ্জন অতি কম।
-
চুজেট জৰ্ডান
ছুজেট জৰ্ডান (Suzette Jordan, ২১ অক্টোবৰ ১৯৭৪ – ১৩ মাৰ্চ ২০১৫) আছিল কলকাতা, ভাৰতৰ এগৰাকী বিশিষ্ট নাৰী-অধিকাৰ কৰ্মী আৰু ধৰ্ষণ বিৰোধী আন্দোলনৰ অভিযানকাৰী।
-
ছৌদি আৰবত নাৰীৰ অধিকাৰ
ছৌদি আৰৱত মহিলাৰ অধিকাৰ আন্তৰ্জাতিক পৰ্যায়ত উদ্বেগ আৰু বিতৰ্কৰ বিষয়। ১৯৭৯ চনৰ পৰা ধৰ্মীয় মৌলবাদী আধিপত্যৰ সন্মুখীন হোৱাৰ পিছত ২০১৭ চনৰ পৰা ছৌদি মহিলাসকলে গুৰুত্বপূৰ্ণ অধিকাৰ সংস্কাৰৰ অভিজ্ঞতা লাভ কৰিছে।
-
নাৰী জাগৰণ
নাৰী জাগৰণ হ'ল মূলতঃ কৃষ্ণাংগ নাৰীবাদীসকলৰ নেতৃত্বত চলা এক নাৰীবাদী আন্দোলন। এই ধাৰণাটোৰ উৎপত্তি হৈছিল ১৯৮৩ চনত আফ্ৰিকান-আমেৰিকান লেখিকা এলিছ ৱাকাৰৰ ইন চাৰ্চ অৱ আৱাৰ মাদাৰ্ছ গাৰ্ডেনছ নামৰ কিতাপখনৰ পৰা।
-
ফিনলেণ্ডৰ মহিলা
ফিনলেণ্ডৰ নাৰীসকলে পুৰুষ সমাজত "উচ্চ মানৰ সমতা" আৰু "পৰম্পৰাগত সৌজন্যতা" আহৰণ কৰে। ১৯০৬ চনত ফিনলেণ্ডৰ নাৰীসমাজে ইউৰোপৰ প্ৰথম নাৰী হিচাপে ভোটাধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ফিনলেণ্ডৰ বহু নাৰীয়ে ফিনলেণ্ডৰ সমাজত, শিক্ষা-বিদ্যাত, ব্যৱসায়ৰ ক্ষেত্ৰত
-
বিবাহ প্ৰতিবন্ধক
বিবাহ প্ৰতিবন্ধক (Marriage bar) হৈছে বিবাহিত মহিলাৰ নিয়োগক বাধা দিয়াৰ এক প্ৰথা। ১৯ শতিকাৰ শেষৰ ফালৰ পৰা ১৯৭০ চনলৈকে ইংৰাজী ভাষী দেশসমূহত সাধাৰণতে এই প্ৰথা দৃষ্টিগোচৰ হৈছিল ৷ এই প্ৰথাই প্ৰায়ে এগৰাকী মহিলাৰ বিবাহৰ সময়ত নিয়োগ বন্ধ কৰাৰ আহ্বান জনাইছিল।
-
বীৰাংগনা
বীৰাংগনা (Birangona) হৈছে বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত পাকিস্তান সেনা, ৰাজাকাৰ অৰ্ধসামৰিক বাহিনী আৰু তেওঁলোকৰ স্থানীয় সহযোগীসকলে ধৰ্ষণ কৰা মহিলাসকলক বাংলাদেশ চৰকাৰে প্ৰদান কৰা উপাধি।
-
বুলগেৰিয়াৰ নাৰী
বুলগেৰিয়াৰ নাৰীক বুলগেৰিয়াত বাস কৰা আৰু বুলগেৰিয়াৰ পৰা অহা মহিলাক বুজোৱা হয়। বুলগেৰিয়াৰ সমাজত নাৰীৰ স্থানত বাইজেন্টাইন আৰু অট্টোমান সংস্কৃতি, পূব অৰ্থডক্স খ্ৰীষ্টান ধৰ্ম, কমিউনিষ্ট মতাদৰ্শ, সমসাময়িক বিশ্বায়িত পশ্চিমীয়া মূল্যবোধ আদি বিভিন্ন সংস্কৃতি আৰু মতাদৰ্শৰ প্ৰভাৱ পৰিছে।
-
ভিয়েটনামৰ নাৰী
ভিয়েটনামৰ ইতিহাস ত ভিয়েটনামৰ নাৰীৰ ভূমিকাৰ বহু পৰিৱৰ্তন ঘটিছিল। ভিয়েটনামৰ নাৰীয়ে সমাজত যোদ্ধা, নাৰ্ছ, মাতৃ, পত্নীকে ধৰি বিভিন্ন ভূমিকা গ্ৰহণ কৰিছে। ভিয়েটনামত মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত বহু অগ্ৰগতি হৈছে, যেনে চৰকাৰী খণ্ডত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ লগতে ১৯৩০ চনত ভিয়েটনাম মহিলা সংঘৰ সৃষ্টি হৈছে।
-
মালিৰ নাৰী
জাতিগত সম্প্ৰদায়ৰ বিভিন্ন পৰম্পৰাৰ জটিল আন্তঃক্ৰিয়া, মহান ছাহেলিয়ান ৰাষ্ট্ৰৰ উত্থান-পতন, ফৰাচী ঔপনিৱেশিক শাসন, স্বাধীনতা, নগৰায়ন, আৰু উত্তৰ-ঔপনিৱেশিক সংঘাত আৰু প্ৰগতিৰ ফলত মালিৰ নাৰীৰ (Women in Mali) মৰ্যাদা আৰু সামাজিক ভূমিকা গঢ় লৈ উঠিছে।