এলজিবিটি
৮৫ প্ৰবন্ধ
-
সমকামিতা
সমকামিতা (Homosexuality) মানে হ'ল এক প্ৰকাৰৰ চাৰিত্ৰিক বৈশিষ্ট্য যত কোনো এজন ব্যক্তি বা কোনো জীৱই নিজৰ সৈতে একে লিংগৰ কোনোবাৰ প্ৰতি শাৰীৰিক, প্ৰেম তথা আবেগিক ভাবে আকৰ্ষিত হয়। ই একপ্ৰকাৰৰ যৌন অভিমুখিতা আৰু প্ৰেম অভিমুখিতা (Romantic orientation) লগতে এটা আকৰ্ষণ ভিক্তিক পৰিচয় হয়।
-
লেছবিয়ান
লেছবিয়ান (Lesbian) মানে হৈছে সমকামী মহিলা যি অন্য মহিলাৰ প্ৰতি প্ৰেম, শাৰীৰিক আৰু আবেগিকভাৱে আকৰ্ষিত হয়। চিকিৎসা বিজ্ঞান আৰু বৈজ্ঞানিক গৱেষণাই প্ৰকাশ কৰিছে যে একে লিংগৰ আকৰ্ষণ, অনুভৱ আৰু ব্যৱহাৰ সম্পূৰ্ণ স্বাভাৱিক আৰু ই মানৱ অভিমুখীতাৰ এটা সাধাৰণ প্ৰকাৰ।
-
এলজিবিটি
এলজিবিটি (LGBT) হ'ল এলজিবিটি সমাজৰ পৰা অহা এটা সংক্ষিপ্ত শব্দ (acronym) যি সংখ্যালঘু ৰোমাণ্টিক অভিমুখিতা, যৌন অভিমুখিতা (লেছবিয়ান, গে',বাইচেক্সুৱেল) আৰু পৃথক লিংগ পৰিচয় (ট্ৰান্সজেণ্ডাৰ)ক প্ৰতিনিধিত্ব কৰে। শব্দটো ইংৰাজী ভাষাৰ পৰা বিংশ শতিকাত অহা।
-
ট্ৰান্সজেণ্ডাৰ
ট্ৰান্সজেণ্ডাৰ বা ৰূপান্তৰিত লিংগ (Transgender) বুলিলে যিসকল ব্যক্তিয়ে জন্মতে লাভ কৰা ‘জৈৱ লিংগ’ বা সমাজে আৰোপিত ‘সাংস্কৃতিক লিংগ’ৰ সৈতে নিজৰ লৈংগীক পৰিচয়ৰ লগত প্ৰভেদ পোৱা বুজায়।
-
উভকামিতা
উভকামিতা (Bisexuality) মানে হ'ল একে বা বিপৰীত দুয়ো লিংগৰ ব্যক্তিৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ। উভকামিতা শব্দটো নাৰী আৰু পুৰুষ উভয়ৰ প্ৰতি যৌন বা প্ৰেম আৰু আৱেগিক অনুভূতি নিৰ্দেশক মানৱ আকৰ্ষণক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
-
গে'
গে (Gay) মানে হৈছে সমকামী পুৰুষ যি অন্য পুৰুষৰ প্ৰতি প্ৰেম, শাৰীৰিক আৰু আবেগিকভাৱে আকৰ্ষিত হয়। বৰ্তমান বৃহৎ সংখ্যক চিকিৎসাবিজ্ঞান আৰু মনোবিজ্ঞানৰ গৱেষণাই প্ৰমাণ কৰি দেখুৱাইছে যে গে' বা লেছবিয়ান হোৱাটো মানসিকভাৱে আৰু সামাজিকভাৱে সাধাৰণ।ভাৰতত বৰ্তমান সমকামী সম্পৰ্ক বৈধ।
-
যৌন অভিমুখিতা
যৌন অভিমুখিতা (Sexual orientation) হ'ল এগৰাকী ব্যক্তিয়ে অনুভৱ কৰা যৌন, প্ৰেমসম্বন্ধীয় আৰু মানসিক আকৰ্ষণ। অকামিতা হ'ল এনে এক প্ৰকাৰৰ যৌন অভিমুখিতা য'ত কোনো ব্যক্তিয়ে যৌন আকৰ্ষণ অনুভৱ নকৰে।
-
কুইয়াৰ
কুইয়াৰ (Queer) শব্দটি যৌন আৰু লিংগীয় সংখ্যালঘু ব্যক্তিসকলক বুজাবলৈ ব্যৱহৃত হয়। সাধাৰণতে সামাজিকভাৱে স্বাভাৱিক বুলি গণ্য কৰা লিংগ আৰু যৌনতাৰ সংজ্ঞাৰ বাহিৰৰ ব্যক্তিক বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হয়।
-
হিজিৰা
হিজিৰা বুলিলে নপুংসক, উভয়লিংগী আৰু ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ এক বিশেষ গোট বা সমাজত বাস কৰা আৰু এক উমৈহতীয়া গুৰু পৰম্পৰা অনুসৰি নীতি-নিয়ম মানি চলা ব্যক্তিসকলক বুজায়। হিজিৰা সকলে গুৰু পৰম্পৰা মানি চলে আৰু বিশেষ ৰীতি-নীতিৰে হিজিৰা সমাজত অন্তৰ্ভুক্ত হোৱাৰ পিছত হে 'হিজিৰা' নাম লাভ কৰে।
-
একে লিংগৰ বিয়া
একে লিংগৰ বিয়া ( Same sex marriage) হল অনুষ্ঠানিকভাবে দুজন পুৰুষ বা দুগৰাকী মহিলাৰ মাজত হোৱা বিয়া যি সমকামিতাৰ ফলত হোৱা একে লিংগৰ প্ৰেমৰ পৰিনাম হয়। একে লিংগৰ বিয়া ভিন্ন প্ৰাচীন সভ্যতা যেনে ৰোমান আৰু চীনা ফুজিয়ানৰ মাজত প্ৰাচীন কালৰে পৰা অনুষ্ঠিত হৈ আহিছে।
-
হমফবিয়া
হমফবিয়া (Homophobia) হ'ল সমকামিতাক লৈ অৰ্থাৎ গে' তথা লেচবিয়ানৰ বিৰুদ্ধে থকা অযুক্তিকৰ প্ৰত্যাখ্যান, অৱমাননামূলক, বৈষম্যমূলক, আপত্তিজনক বা প্ৰতিকূল মনোভাৱৰ বিদ্বেষ। এই নেতিবাচক, পক্ষপাতিত্বমূলক আৰু বৈষম্যমূলক মনোভাৱ বিশ্বৰ বহু দেশৰ আইন প্ৰণয়নত এক অপৰাধ।
-
অকামিতা
অকামিতা (Asexuality) হৈছে আনৰ প্ৰতি যৌন আকৰ্ষণৰ অভাৱ, বা যৌন কাৰ্যকলাপৰ প্ৰতি কম আগ্ৰহ বা একেবাৰেই আগ্ৰহ নথকা। ইয়াক যৌনঅভিমুখীতাৰ এটা ভাগ বা যৌন আকাংক্ষাৰ অভাৱ থকা ব্যক্তিক প্ৰতিনিধিত্ব কৰা এটা অভিধা বুলি গণ্য কৰা হ'ব পাৰে।
-
গৌৰৱ যাত্ৰা
গৌৰৱ যাত্ৰা বা প্ৰাইড পৰেড (Pride parade) হৈছে সমকামী নাৰী, গে', উভকামী, ৰূপান্তৰকামী তথা কুইয়াৰ (এলজিবিটিকিউ) লোকসকলৰ সামাজিক স্বীকৃতি আৰু স্ব-স্বীকৃতি, সাফল্য, আইনী অধিকাৰ, তথা গৌৰৱ উদযাপনৰ বাবে ৰাজহুৱা স্থানত আয়োজন কৰা অনুষ্ঠান।
-
এলজিবিটি সমাজ
এলজিবিটিকিউ+ সমাজ (LGBTQ+ Community, বৈজ্ঞানিক ভাবে:পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু সমাজ (Sexual and Gender Minorities)) হ'ল সাংস্কৃতিক আৰু সামাজিকভাৱে একত্ৰিত সংখ্যালঘু যৌন আৰু প্ৰেম অভিমুখিতা (Sexual and romantic orientation) থকা লেছবিয়ান (Lesbian), গে’ (Gay), বাইচেক্সুৱেল (Bisexual) আৰু পৃথক…
-
ৰূপান্তৰকামিতা
ৰূপান্তৰকামিতা (transsexual) বুলিলে এক বিশেষ প্ৰৱণতাক বুজায় য’ত ‘জৈৱ লিংগ’ ব্যক্তিৰ লিংগ বা ‘সাংস্কৃতিক লিংগ’ৰ লগত প্ৰভেদ সৃষ্টি কৰে। ৰূপান্তৰকামী ব্যক্তিসকলে এনে ধৰণৰ এক যৌন পৰিচয়ৰ অভিজ্ঞতা লাভ কৰে যে ঐতিহ্যগতভাৱে তেওঁলোকৰ নিৰ্ধাৰিত যৌনতাৰ লগত স্থিতিশীল নহয় আৰু তেওঁলোকে নিজক স্থায়ীভাৱে সেই…
-
একে লিংগৰ সম্পৰ্ক
একে লিংগৰ সম্পৰ্ক (ইংৰাজী: Same sex relationship) হল একে লিংগৰ দুজন ব্যক্তিৰ মাজৰ প্ৰেম তথা যৌন সম্পৰ্ক। একে লিংগৰ বিবাহ একে লিংগৰ দুজন ব্যক্তিৰ মাজত আনুষ্ঠানিক বিবাহক বুজায়; কিছু দেশত একে লিংগৰ বিবাহৰ সলনি আইনী দম্পতী নামৰ ব্যৱস্থা দেখা যায়।
-
তৃতীয় লিংগ
তৃতীয় লিংগ (third gender) হৈছে এনে এক ধাৰণা য’ত ব্যক্তিক নিজৰ দ্বাৰা বা সমাজৰ দ্বাৰা পুৰুষ বা নাৰী বুলি শ্ৰেণীভুক্ত কৰা নহয়। তিনিটা বা তাতকৈ অধিক লিংগক স্বীকৃতি দিয়া সমাজত ই এক সামাজিক শ্ৰেণী।
-
বেশান্তৰ
বেশান্তৰ বা ক্ৰছ ড্ৰেছিংৰ দ্বাৰা পৰস্পৰ বিপৰীত লিংগৰ সৈতে সম্পৰ্কিত নিৰ্দিষ্ট সমাজ নিৰ্ধাৰিত সাজ-সজ্জা পৰিধান কৰাক বুজোৱা হয়। আধুনিক বিশ্বত তথা সমগ্ৰ বিশ্বৰ ইতিহাসত ছদ্মবেশ, স্বাচ্ছন্দ্য, কৌতুক অভিনয় আৰু আত্মপ্ৰকাশৰ উদ্দেশ্যে ক্ৰছ-ড্ৰেছিং ব্যৱহাৰ কৰি অহা হৈছে।
-
সৰ্বকামিতা
সৰ্বকামিতা, হ'ল যিকোনো দৈহিক যৌনতা বা লিংগ পৰিচয়-বিশিষ্ট মানুহৰ প্ৰতি এক প্ৰকাৰৰ যৌন আকৰ্ষণ, ৰোমাণ্টিক প্ৰেম বা আৱেগিক আকৰ্ষণ। সৰ্বকামী ব্যক্তিসকলে নিজকে লিংগ-অন্ধ হিচাপে নিৰ্দেশ কৰে, যাৰ দ্বাৰা বুজোৱা হয় যে, তেওঁলোকে আনৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰে কিন্তু সেয়া নিৰ্ধাৰণৰ হেতু লিংগ আৰু জৈৱিক যৌন…
-
এলজিবিটি প্ৰতীক
এলজিবিটি সমাজৰ (LGBT Community) সদস্যসকলে ইজনে আনজনৰ প্ৰতি থকা একটা, গে' গৌৰৱ (Gay Pride), সন্মান আৰু নিষ্ঠাৰ প্ৰদৰ্শনৰ বাবে কিছুমান বিশেষ প্ৰতীক আঁকোৱালি লৈছে।
-
সুকীয়া
সুকীয়া হৈছে এলজিবিটি (LGBT) অৰ্থাৎ সমকামী নাৰী, সমকামী পুৰুষ, উভকামী আৰু ৰূপান্তৰকামী ব্যক্তিসকলৰ অধিকাৰৰ বাবে কাম কৰা বেচৰকাৰী প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ গুৱাহাটীত অৱস্থিত। ই অসম তথা সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ তথা প্ৰথম এনে ধৰণৰ প্ৰতিষ্ঠান।
-
ৰাষ্ট্ৰীয় কামিঙআউট দিৱস
ৰাষ্ট্ৰীয় কামিঙআউট দিৱস (National comingout day) আন্তৰ্জাতিকভাৱে ১১ অক্টোবৰ তাৰিখে লেছবিয়ান, গে', বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ সকলৰ মানৱ অধিকাৰৰ ওপৰত সজাগতাৰ বাবে উদযাপন কৰা হয়। এই দিৱসটোত নিজৰ পৰিয়াল, সমনীয়া আৰু সহকৰ্মীৰ আগত কামিঙ আউট হৈ মুক্ত ভাবে জীয়াই থকাৰ বাবে সজাগতা অনা হয়।
-
আন্তৰ্জাতিক হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস
আন্তৰ্জাতিক হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস পৃথিৱীৰ যৌন আৰু লৈংগীক সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে বৈষম্য আৰু ঘৃণাৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস। প্ৰতি বছৰে মে মাহৰ ১৭ তাৰিখে এই দিৱস পালন কৰা হয়।
-
কুইয়াৰ অধ্যয়ন
কুইয়াৰ অধ্যয়ন, যৌন বৈচিত্ৰ্য অধ্যয়ন, বা এলজিবিটি অধ্যয়ন (Queer Studies) হৈছে যৌন অভিমুখীতা আৰু লিংগ পৰিচয় সম্পৰ্কীয় বিষয়বোৰৰ অধ্যয়ন, যি সাধাৰণতে লেছবিয়ান (Lesbian), গে' (Gay), বাইচেক্সুৱেল (Bisexual), ট্ৰান্সজেণ্ডাৰ (Transgender), লিংগ ডিচফোৰিয়া, অকামি (Asexual), কুইয়াৰ…
-
গুৱাহাটী গৌৰৱযাত্ৰা
কুইয়াৰ প্ৰাইড গুৱাহাটী বা গুৱাহাটী গৌৰৱযাত্ৰা (Queer Pride Guwahati) অসমৰ গুৱাহাটীত অনুষ্ঠিত বাৰ্ষিক গৌৰৱ যাত্ৰা। ২০১৪ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত স্থানীয় এলজিবিটি সম্প্ৰদায়ৰ সদস্য আৰু এলজিবিটি অধিকাৰ সমৰ্থকসকলে প্ৰথমবাৰৰ বাবে এই প্ৰাইডৰ আয়োজন কৰিছিল।
-
নৱতেজ সিং জোহৰ বনাম ভাৰত চৰকাৰ
নৱতেজ সিং জোহৰ আৰু অন্যান্য বনাম ভাৰত চৰকাৰ ২০১৮ চনৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান। এই ৰায় অনুসৰি সমকামী যৌন সম্পৰ্ককে ধৰি প্ৰাপ্তবয়স্কসকলৰ মাজত সকলো সন্মতিপূৰ্ণ যৌন সম্পৰ্ক অপৰাধৰ সংজ্ঞাৰ পৰা আঁতৰোৱা হয়।
-
বাইফ'বিয়া
বাইফ'বিয়া (biphobia) হৈছে ব্যক্তি হিচাপে উভকামিতা আৰু উভকামী লোকৰ প্ৰতি বিতৃষ্ণা। ইয়াৰ দ্বাৰা উভকামিতা যে এক প্ৰকৃত যৌন অভিমুখীতা সেই সম্পৰ্কে অস্বীকাৰ কৰা হয় বা উভকামী লোকসকলৰ বিষয়ে ই এক নেতিবাচক ধাৰণা। বাইফোবিয়াৰ অন্যান্য প্ৰকাৰবোৰৰ ভিতৰত আছে উভকামিতাৰ বিলোপন প্ৰৱণতা।
-
কিশোৰ প্ৰীতি
কিশোৰ প্ৰীতি বা বালক প্ৰীতি (Pederasty বা paederasty) হৈছে এজন প্ৰাপ্তবয়স্ক পুৰুষ আৰু কিশোৰৰ বা বালকৰ মাজত যৌন সম্পৰ্ক। পেডেৰাষ্টি শব্দটো মুখ্যতঃ কিছুমান সংস্কৃতিৰ ঐতিহাসিক প্ৰথা, বিশেষকৈ প্ৰাচীন গ্ৰীচ আৰু প্ৰাচীন ৰোমক বুজাবলৈ ব্যৱহাৰ কৰা হয়। বৰ্তমান বেছিভাগ দেশতে এনে সম্পৰ্ক অবৈধ।
-
গে' স্বীকাৰাত্মক মনোচিকিৎসা
গে' স্বীকাৰাত্মক মনোচিকিৎসা (ইংৰাজী:Gay affirmative psychotherapy) হল অবিপৰীতকামী বিশেষকৈ গে' আৰু লেছবিয়ান সকলৰ বাবে এক প্ৰকাৰৰ মনোচিকিৎসা যত নিজৰ বিশ্বাসযোগ্যতা আৰু নিজক গ্ৰহণ কৰিবলৈ শিকোৱা হয় যাতে ব্যক্তিজনে নিজৰ যৌন আৰু প্ৰেম অভিমুখীতাক সলনি কৰিবলৈ নিবিচাৰে বা একে লিংগৰ প্ৰতি থকা প্ৰেম আৰু…
-
ট্ৰান্স মেন
ট্ৰান্স মেন (Trans man; ট্ৰান্সজেণ্ডাৰ পুৰুষৰ সংক্ষিপ্ত ৰূপ) হ'ল এনে এজন পুৰুষ যি জন্মৰ সময়ত মহিলাৰ শাৰীৰিক অৱয়বৰে জন্ম হৈছিল। ট্ৰান্স পুৰুষৰ 'সাংস্কৃতিক লিংগ' পৰিচয় পুৰুষ আৰু বহুতো ট্ৰান্স পুৰুষে তেওঁলোকৰ 'জৈৱ লিংগ' আৰু 'সামাজিক লিংগ' পৰিচয়ৰ সৈতে মিল নথকা বাবে বা লিংগ ডিছফ'ৰিয়া উপশম ঘটাবলৈ…