আফগান মহিলা সমাজকৰ্মী
৪৭ প্ৰবন্ধ
-
নায়েৰা কোহিস্তানী
নায়েৰা কোহিস্তানী (Nayera Kohistani) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী। দেশৰ প্ৰথম তালিবান শাসন তেওঁ প্ৰত্যক্ষ কৰিছিল। তেওঁলোক পুনৰ ক্ষমতালৈ অহাৰ সময়ত তেওঁ আছিল প্ৰতিবাদকাৰী।
-
ৱাহিদা আমিৰী
ৱাহিদা আমিৰী (Wahida Amiri) এগৰাকী আফগান পুথিভঁৰালী আৰু মহিলা অধিকাৰ কৰ্মী। তালিবান আৰু মহিলাৰ শিক্ষা আৰু কৰ্মৰ অধিকাৰৰ ওপৰত নিষেধাজ্ঞাৰ প্ৰতিবাদৰ অবিৰত প্ৰচেষ্টাৰ বাবে তেওঁক বিবিচি ১০০ মহিলা ২০২১ৰ তালিকাত স্থান দিয়া হৈছিল।
-
তামানা জাৰয়াব পৰ্যানি
তামানা জাৰয়াব পৰ্যানি (Tamana Zaryab Paryani; জন্ম-১৯৯৭) এগৰাকী আফগান সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী যি ২০২১ৰ আফগানিস্তানত তালিবান শাসনৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ বাবে পৰিচিত। আফগানিস্তানৰ নাৰী সংগ্ৰামৰ প্ৰতীক হিচাপে তেওঁক বহুলভাৱে স্বীকৃতি দিয়া হৈছে।
-
অনাৰকলি কৌৰ হনাৰায়ৰ
আনাৰকলি কৌৰ হনাৰায়ৰ (Anarkali Kaur Honaryar) এগৰাকী শিখ আফগান ৰাজনীতিবিদ।তেখেত এগৰাকী মহিলা অধিকাৰ কৰ্মী আৰু এগৰাকী দন্ত চিকিৎসক। আফগানিস্তানত মাত্ৰ প্ৰায় ৩০ হাজাৰ শিখ আৰু হিন্দু আছিল৷ তাৰ ভিতৰত অনাৰকলি কৌৰ হনাৰায়ৰ অন্যতম। আফগানিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ তেওঁ প্ৰথমগৰাকী অ-মুছলমান সদস্য।
-
আজিজা ছিদ্দিকী
আজিজা ছিদ্দিকী (জন্ম-প্ৰায় ১৯৮৩) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী। তেওঁ আফগান বেচৰকাৰী সংগঠন একচন এইডৰ সৈতে মহিলা অধিকাৰ সমন্বয়ক আছিল৷ য'ত তেওঁ গ্ৰাম্য আফগান মহিলাসকলৰ পৰিস্থিতিৰ ওপৰত গৱেষণা কৰিছিল আৰু তেওঁলোকৰ অধিকাৰৰ বিষয়ে জ্ঞান দিছিল৷ ইয়াৰ লগতে তেওঁৰ কামৰ বাবে ব্যক্তিগতভাৱে ভাবুকি পোৱাৰ পিছতো…
-
আমিনা আজিমী
আমিনা আজিমী (Amina Azimi) আফগানিস্তানত প্ৰতিবন্ধী মহিলাৰ অধিকাৰৰ হকে কাম কৰা এগৰাকী অগ্ৰণী মহিলা। ২০১২ চনত তেওঁ এন-পিচ বঁটা লাভ কৰে।
-
আৰিয়ানা ছয়ীদ
আৰিয়ানা ছয়ীদ (দাৰি/পাস্তু:, Aryana Sayeed) এগৰাকী আফগান কণ্ঠশিল্পী, গীতিকাৰ আৰু টিভি ব্যক্তিত্ব। তেওঁ মুখ্যতঃ দাৰি ভাষাত গীত গায় যদিও তেওঁৰ যথেষ্ঠ সংখ্যক পাস্তু গীতো আছে। তেওঁ আফগানিস্তানৰ অতি প্ৰখ্যাত সংগীত শিল্পীসকলৰ অন্যতম।
-
এঞ্জেলা ঘায়ৌৰ
এঞ্জেলা ঘায়ুৰ (Angela Ghayour) এগৰাকী আফগান শিক্ষাবিদ আৰু মহিলাৰ অধিকাৰৰ সমৰ্থক। ইৰাণত শিশু শৰণাৰ্থী হিচাপে আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছত তেওঁ আন শৰণাৰ্থী শিশুসকলক সাক্ষৰতা আৰু সংখ্যা বিজ্ঞান শিকোৱা আৰম্ভ কৰে। তেওঁ আফগানিস্তান এডুকেচন একচন প্ৰতিষ্ঠা কৰিছিল।
-
এডেলা ৰাজ
এডেলা ৰাজ (Adela Raz, জন্ম ১৯৮৬) এগৰাকী আফগান ৰাজনীতিবিদ৷ তেওঁ ২০২১ চনৰ জুলাইৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰীলৈকে আমেৰিকাত ইছলামিক ৰিপাব্লিক অৱ আফগানিস্তানৰ শেষ ৰাষ্ট্ৰদূত আছিল।
-
গাইছু য়াৰী
গাইছু য়াৰী (Gaisu Yari) এগৰাকী আফগান মানৱ অধিকাৰ আৰু মহিলা অধিকাৰ কৰ্মী, লেখিকা, ব্লগাৰ আৰু বক্তা। আফগানিস্তানৰ মহিলা অধিকাৰৰ ক্ষেত্ৰত তেওঁক অন্যতম প্ৰচাৰক হিচাপে গণ্য কৰা হয়। তালিবানৰ নীতিক লৈ প্ৰশ্ন উত্থাপন কৰি পোনপটীয়াকৈ তালিবানৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁ সুপৰিচিত।
-
চুমিয়া টোৰা
চুমিয়া টোৰা (Summia Tora) মহিলা আৰু শৰণাৰ্থীৰ অধিকাৰৰ দিশত কাম কৰি থকা এগৰাকী আফগান প্ৰচাৰক আৰু সামাজিক উদ্যোগী। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁক বিবিচিৰ ১০০ মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।
-
চেকেবা হাচেমি
চেকেবা হাচেমি (Chékéba Hachemi; জন্ম: ২০ মে', ১৯৭৪) এগৰাকী আফগান নাৰীবাদী আৰু লেখিকা। ২০০১ চনত কূটনীতিবিদ হিচাপে নিযুক্তি পোৱা হাচেমি প্ৰথমগৰাকী আফগান মহিলা আছিল। হাচেমি আফগানিস্তান লিব্ৰে নামৰ এন জি অ’টোৰ সভানেত্ৰী আৰু প্ৰতিষ্ঠাপক।
-
ছাব্ৰিনা ছাকিব
ছাব্ৰিনা ছাকিব (Sabrina Saqeb) এগৰাকী আফগান ৰাজনীতিবিদ যিয়ে ২০০৫ চনৰ পৰা ২০১০ চনলৈকে সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনত আফগান ৰাষ্ট্ৰপতি হামিদ কাৰ্জাইয়ে শ্বিয়া ব্যক্তিগত আইন সম্পৰ্কীয় আইনখনৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ আৰু আয়োজন কৰাত তেওঁ সহায় কৰে৷ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে তেওঁ…
-
ছালমা নিয়াজী
ছালমা নিয়াজী (Salma Niazi, জন্ম-২০০১) এগৰাকী আফগান সাংবাদিক আৰু দ্য আফগান টাইমছৰ প্ৰতিষ্ঠাপক। তালিবানৰ পৰা পলায়ন কৰি তেওঁ নিৰ্বাসনৰ সময়ত সাংবাদিকতাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
-
ছাহাৰ ফেট্ৰট
ছাহাৰ ফেট্ৰাট (Sahar Fetrat) এগৰাকী আফগান কৰ্মী, চিত্ৰনাট্যকাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা। আফগানিস্তানত জন্মগ্ৰহণ কৰা ছাহাৰে প্ৰথম তালিবান শাসনৰ সময়ত ইৰাণ আৰু পাকিস্তানত যুৱ শৰণাৰ্থী হিচাপে বাস কৰিছিল।
-
ছিমা সমৰ
ছিমা সমৰ(Sima Samar; জন্ম ৩ ফেব্ৰুৱাৰী ১৯৫৭) এগৰাকী হাজাৰা মানৱ অধিকাৰৰ সমৰ্থক, কৰ্মী আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ ভিতৰৰ চিকিৎসক, যি ২০০১ চনৰ ডিচেম্বৰৰ পৰা ২০০৩ চনলৈকে আফগানিস্তানৰ মহিলা পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ২০০৫ চনৰ পৰা ২০০৯ চনলৈকে ছুদানৰ মানৱ অধিকাৰৰ…
-
ছিমা ৱালী
ছিমা ৱালী (Sima Wali, ৭ এপ্ৰিল, ১৯৫১ – ২২ ছেপ্টেম্বৰ, ২০১৭) আছিল বিশ্বৰ ভিতৰতে লেখত ল'বলগীয়া এগৰাকী আফগান মানৱ অধিকাৰৰ সমৰ্থক৷ তেওঁ শৰণাৰ্থী আৰু আভ্যন্তৰীণভাৱে স্থানচ্যুত জনসাধাৰণৰ স্বাধীনতা আৰু সবলীকৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় অভিযানকাৰী হিচাপে কাম কৰিছিল।
-
ছুইতা নুৰী
ছুইতা নুৰী (Sweeta Noori, জন্ম:১৯৭৩) আফগানিস্তানৰ মহিলা অধিকাৰৰ সমৰ্থক।তেওঁ বেচৰকাৰী সংস্থা ৱমেন ফৰ ৱমেন ইণ্টাৰনেশ্যনেলৰ আফগানিস্তান অধ্যায়ৰ দেশীয় পৰিচালক।
-
ছেদিকা বালখী
ছেদিকা বালখী (Sediqa Balkhi) এগৰাকী আফগান ৰাজনীতিবিদ আৰু হামিদ কাৰ্জাই চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী।
-
জাকিয়া ৱাৰডাক
জাকিয়া ৱাৰডাক (Jakia Wardak) এগৰাকী আফগান স্থপতিবিদ, ৰাজনীতিবিদ আৰু ব্যৱসায়ী। তেওঁ মুম্বাইত আফগানিস্তানৰ প্ৰথমগৰাকী মহিলা কনছুল জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৱাৰডাকে অন্তৰ্ভুক্তি আৰু মহিলাৰ অধিকাৰৰ পোষকতা কৰে।
-
জামিলা আফগানী
জামিলা আফগানী (Jamila Afghani) (জন্ম-১৯৭৬ চনত কাবুলত)এগৰাকী নাৰীবাদী আৰু আফগানিস্তানৰ মহিলাৰ অধিকাৰ আৰু শিক্ষা কৰ্মী। তেওঁ নূৰ এডুকেচনেল এণ্ড কেপাচিটি ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা। তেওঁ আফগান মহিলা নেটৱৰ্ক (AWN) নামৰ সংস্থাটোৰ কাৰ্যবাহী সদস্যও।
-
জোহৰা ৰাছেখ কাছানিয়ান
জোহৰা ৰাছেখ কাছানিয়ান ( Zohra Rasekh Kashanian; ৭ ফেব্ৰুৱাৰী ১৯৬৯ – মাৰ্চ ২০২৫) আছিল এগৰাকী আফগান চিকিৎসক, মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা। দ্য তালিবানছ ৱাৰ অন উইমেন: এ হেল্থ এণ্ড হিউমেন ৰাইটছ ক্ৰাইচিছ ইন আফগানিস্তান নামৰ প্ৰতিৱেদনৰ সহ-লেখিকা হিচাপে গ্ল’বেল ৱাচ গ্ৰুপ (জি ডব্লিউ জি), ফিজিচিয়ানছ ফৰ…
-
নীলা ইব্ৰাহীমী
নীলা ইব্ৰাহিমী (Nila Ibrahimi. জন্ম ২০০৬ বা ২০০৭) আফগানিস্তানৰ এগৰাকী জনগোষ্ঠীয় হাজাৰা আফগান কিশোৰী কৰ্মী৷ তেওঁ মহিলাৰ অধিকাৰৰ পোষকতা কৰে। ২০২১ চনৰ মাৰ্চ মাহত আফগানিস্তানে ১২ বছৰৰ ঊৰ্ধৰ ছোৱালী আৰু মহিলাক ৰাজহুৱাভাৱে গান গোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত ইব্ৰাহিমীয়ে এটা প্ৰতিবাদী গীত ৰেকৰ্ডিং কৰি…
-
পাষ্টানা দূৰানী
পাষ্টনা দূৰানী (Pashtana Durrani; জন্ম-১৯৯৭) এগৰাকী আফগান নাৰীবাদী, কৰ্মী আৰু শিক্ষাবিদ। তেওঁ LEARN Afghanistan ৰ প্ৰতিষ্ঠাপক। বিশেষকৈ ছোৱালীৰ শিক্ষা আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আফগান শিশু আৰু মহিলাসকলক শিক্ষা প্ৰদানৰ বাবে উৎসৰ্গিত ই আছিল দেশৰ প্ৰথমটো ডিজিটেল স্কুল নেটৱৰ্ক।
-
ফাটিমা গায়লানী
ফাটিমা গায়লানী (Fatima Gailani; জন্ম ১৯৫৪ চনত কাবুলত) এগৰাকী আফগান ৰাজনৈতিক নেতা আৰু মহিলা অধিকাৰ কৰ্মী, যিয়ে ইয়াৰ পূৰ্বে আফগান ৰেড ক্ৰীচেণ্ট ছ'চাইটিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২১ চনৰ বিবিচিৰ ১০০ মহিলাৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি লাভ কৰে।
-
ফাৰখুণ্ডা মুহতাজ
ফাৰখুণ্ডা মুহতাজ (Farkhunda Muhtaj; জন্ম: ১৫ নৱেম্বৰ, ১৯৯৭) এগৰাক আফগান ফুটবলাৰ যিয়ে নৰ্দাৰ্ণ ছুপাৰ লীগৰ কেলগাৰী ৱাইল্ড এফ চিৰ হৈ মিডফিল্ডাৰ হিচাপে খেলে।
-
ফৈজা দৰ্খানী
ফৈজা দৰ্খানী (Faiza Darkhani, জন্ম-প্ৰায় ১৯৯২) এগৰাকী আফগান পৰিৱেশবিদ, মহিলা অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ। ২০২১ চনত তেওঁ বিবিচিৰ ১০০ গৰাকী মহিলা তালিকাৰ অংশ আছিল, য'ত বিশ্বৰ আটাইতকৈ প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাসকলক অন্তৰ্ভুক্ত কৰা হৈছে।
-
ফ্ৰেষ্টা কোহিস্তানী
ফ্ৰেষ্টা কোহিস্তানী (Freshta Kohistani, ১৯৯১ – ২৪ ডিচেম্বৰ ২০২০) আফগান তাজিক মহিলাৰ অধিকাৰ কৰ্মী আৰু গণতন্ত্ৰ সমৰ্থক আছিল৷ তেওঁ আফগানিস্তানত হত্যাৰ বিৰুদ্ধে সঘনাই মাত মাতিছিল। ২৯ বছৰ বয়সত তেওঁক হত্যা কৰা হৈছিল।
-
বছিৰা পাইঘাম
বছিৰা পাইঘাম (জন্ম ১৯৯৭/১৯৯৮) এগৰাকী আফগান এলজিবিটিকিউ-অধিকাৰ কৰ্মী।
-
মাৰিয়া বাশ্বিৰ
মাৰিয়া বাশ্বিৰ (Maria Bashir) তেখেত আফগানিস্তানত বাস কৰা এগৰাকী প্ৰচিকিউটৰ আৰু দেশখনত এনে পদত অধিষ্ঠিত হোৱা একমাত্ৰ মহিলা৷ আফগান অসামৰিক সেৱাৰ সৈতে পোন্ধৰ বছৰতকৈ অধিক অভিজ্ঞতাৰে সমৃদ্ধ হৈ তেওঁ তালিবান, দুৰ্নীতিগ্ৰস্ত আৰক্ষী, মৃত্যুৰ ভাবুকি, ব্যৰ্থ হত্যাৰ চেষ্টা - এই সকলোবোৰ দেখিছে।