অসমৰ সংগঠন
২২ প্ৰবন্ধ
-
সদৌ অসম ছাত্ৰ সন্থা
সদৌ অসম ছাত্ৰ সন্থা অসমৰ এক প্ৰধান ছাত্ৰ সংগঠন, যি ছাত্ৰসমাজৰ সাংগঠনিক প্ৰতিনিধিত্ব আৰু বিভিন্ন সামাজিক-ৰাজনৈতিক প্ৰসঙ্গত সক্ৰিয় ভূমিকাৰ বাবে পৰিচিত। সংগঠনটোৱে বিশেষকৈ অসম আন্দোলন আৰু তাৰ পাছত হোৱা অসম চুক্তি-সম্পৰ্কীয় ঘটনাপ্ৰবাহ, লগতে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯-কেন্দ্ৰিক প্ৰতিবাদী আন্দোলনত…
-
সংযুক্ত মুক্তি বাহিনী, অসম
সংযুক্ত মুক্তি বাহিনী, অসম (আলফা) অসমৰ সাৰ্বভৌমত্বৰ দাবী উত্থাপন কৰা, ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত এটা সংগঠন। ১৯৭৯ চনত গঠন হোৱা এই সংগঠনটোৱে উগ্ৰপন্থী কাৰ্য্যকলাপ, দমনমূলক সামৰিক অভিযান, আৰু আলোচনাৰ প্ৰচেষ্টাৰ মাজেৰে অসমৰ সমকালীন ৰাজনীতি-নিৰাপত্তা পৰিস্থিতিত উল্লেখযোগ্য প্ৰভাৱ পেলাই আহিছে।
-
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ হৈছে অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ, সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য। সঙ্ঘৰ নিজা সংবিধান আৰু মহাপুৰুষ জনাৰ জন্মৰ পৰা গণনা কৰা শঙ্কৰাব্দ নামৰ দিনপঞ্জী আছে।
-
নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড
এনডিএফবি বা নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড হৈছে এটা সশস্ত্ৰ বিচ্ছিন্নতাবাদী সংগঠন যিয়ে বড়োসকলৰ বাবে এখন সাৰ্বভৌম বড়োলেণ্ডৰ পোষকতা কৰে। এই সংগঠনটো ভাৰত চৰকাৰে এক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে। ১৯৮৬ চনত গঠন হোৱা বড়ো ছিকিউৰিটি ফ'ৰ্চ নামৰ সংগঠনটোৱে পিছলৈ এনডিএফবি নাম লৈছিল।
-
শিশু শিক্ষা সমিতি, অসম
শিশু শিক্ষা সমিতি, অসম হৈছে এটা বে-চৰকাৰী শৈক্ষিক সংগঠন যি অসমত এক বহল পৰিসৰৰ ব্যক্তিগত বিদ্যালয়ৰ প্ৰণালী সঞ্চালিত কৰে। ই হৈছে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ এক প্ৰাদেশিক সংস্থা। ১৯৭৯ চনৰ ২১ এপ্ৰিলৰ এই অনুষ্ঠানটো গঠন কৰা হৈছিল। বৰ্তমান ইয়াৰ সাধাৰণ সম্পাদক হৈছে শ্ৰীযুত সদা দত্ত।
-
কৃষক মুক্তি সংগ্ৰাম সমিতি
কৃষক মুক্তি সংগ্ৰাম সমিতি (ইংৰাজী:Krishak Mukti Sangram Samiti, চমুকৈ KMSS হিচাপে জনাজাত) অসমৰ এটা কৃষক সংগঠন। ২০০৫ চনত অসমৰ সক্ৰিয় ৰাজহুৱা কৰ্মী অখিল গগৈৰ নেতৃত্বত গঠিত এই সংগঠনটোৱে অসমৰ ৰাজহুৱা বিভিন্ন বিষয়ৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আহিছে।
-
সদৌ অসম লেখিকা সমাৰোহ সমিতি
সদৌ অসম লেখিকা সমাৰোহ সমিতি অসমৰ এক বেচৰকাৰী সংগঠন যিয়ে সাহিত্যৰ জৰিয়তে অসমৰ নাৰী সমাজৰ বিকাশৰ হকে কাম কৰি আহিছে। ১৯৭৪ চনত স্থাপিত হোৱা এই সমিতিৰ সৰ্বমুঠ শাখাৰ সংখ্যা দুশতকৈও অধিক। সংগঠনটিৰ মুখ্য কাৰ্যালয় তেজপুৰত অৱস্থিত।
-
মইনা পাৰিজাত
মইনা পাৰিজাত (Moina Parijaat) হৈছে অসমত শিশুৰ সৰ্বাঙ্গীন বিকাশৰ হকে আৰম্ভ হোৱা এক বেচৰকাৰী অনুষ্ঠান। শিশুসকলক শৈশৱতেই সামাজিক, সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰৰ সৈতে পৰিচয় কৰি দিবলৈ কুৰি শতিকাৰ মাজভাগত কেইগৰাকীমান ব্যক্তিয়ে পাৰিজাত কানন আৰু মইনা মেল নামৰ দুটি শিশু অনুষ্ঠান অসমত গঢ়ি তুলিছিল ৷…
-
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (ইংৰাজীত চমুকৈ AJYCP) অসমৰ এক যুৱ-ছাত্ৰ সংগঠন। অসমৰ জটিল জনগাঁথনিৰ পটভূমিত শোষণ,নিপীড়ন আৰু প্ৰবঞ্চনাৰ পৰা অসমৰ জনসাধাৰণক মুক্ত কৰিৱলৈ এক উমৈহতীয়া সংগ্ৰামী সত্ত্বাৰ প্ৰয়োজন আছিল।
-
টাই আহোম যুৱ পৰিষদ, অসম
টাইপা বা টাই আহোম যুৱ পৰিষদ, অসম(TAYPA) অসমৰ টাই-আহোম জনগোষ্ঠীৰ এটা যুৱ সংগঠন। এই সংগঠনৰ মূল উদ্দ্যেশ্য হল টাই আহোম ভাষা সংস্কৃতি আৰু ধৰ্মৰ উন্নতি সাধন তথা টাই আহোমক সামৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ।
-
নেচাৰ্চ বেকন
নেচাৰ্চ বেকন হৈছে উত্তৰ-পূব ভাৰতৰ এক বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন। ১৯৮২ চনত সামাজিক উদ্যোগীৰ সংস্থা অশোকৰ সদস্য সৌম্যদ্বীপ দত্তই নেচাৰ্চ বেকনৰ প্ৰতিষ্ঠা কৰে আৰু ১৯৯১ চনত সংগঠনটোৱে ভাৰতৰ ৰেজিষ্ট্ৰাৰ অফ ছ’চাইটীজ এক্ট বা সমিতি পঞ্জীকৰণ আইনৰ অধীনত পঞ্জীয়ণ লাভ কৰে। সংগঠনটোৰ মুখ্য কাৰ্যালয় ধুবুৰীত আছে।
-
সদৌ অসম কবি সন্মিলন
সদৌ অসম কবি সন্মিলন (All Assam Poets Association) অসম সাহিত্য সভাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ এক বৃহৎ কাব্য সংগঠন। আধুনিক কাব্যধাৰাক গতিশীল কৰি ৰাখিবলৈ এখন মুকলি মঞ্চৰ প্ৰযোজন অনুভৱ কৰি নামৰূপৰ ‘সমলয় কবি চক্ৰ’ৰ উদ্যোগত জনতাৰ কবি ৰাম গগৈ প্ৰমুখ্যে বহুকেইজন বৰেণ্য কবিৰ যৌথ প্ৰচেষ্টাত ১৯৮৭ চনৰ ৬…
-
অসম প্ৰাদেশিক মহিলা সমিতি
অসম প্ৰাদেশিক মহিলা সমিতি (Assam Provincial Mahila Samiti, সংক্ষেপে APMS, সাধাৰণতে অসম মহিলা সমিতি নামেৰে পৰিচিত) ১৯২৬ চনত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নেতৃত্বত প্ৰতিষ্ঠিত হৈছে। ই অসমৰ এক ঐতিহাসিক নাৰী সবলীকৰণ আৰু সমাজসেৱা সংস্থা হিচাপে পৰিগণিত।
-
অৰণ্যক
অৰণ্যক বন্যপ্ৰাণী সম্পৰ্কীয় এখন বেচৰকাৰী প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। ই উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিখ্যাত বন্যপ্ৰাণীৰ লগত জড়িত বেচৰকাৰী প্ৰতিষ্ঠান। এইখন ভাৰতৰ অন্যতম বৈজ্ঞানিক তথা ঔদ্যোগিক গৱেষণাৰ পৰিৱেশিক প্ৰতিষ্ঠান।
-
বড়ো লিবাৰেচন টাইগাৰছ ফ'ৰ্চ
বড়ো লিবাৰেচন টাইগাৰছ ফ'ৰ্চ (সংক্ষেপ BLTF বাBLT) বুলি জনা যায়, যি বড়ো অধ্যুষিত অঞ্চলসমূহত সক্ৰিয় হৈ থকা এটা অস্ত্ৰধাৰী মিলিটেণ্ট গোট আছিল। যাক ১৯৯৬ চনৰ ১৮ জুন তাৰিখে প্ৰেম সিং ব্ৰহ্ম আৰু হাগ্ৰামা মহিলাৰীয়ে প্ৰতিষ্ঠা কৰিছিল। মহিলাৰী আছিল গোটটোৰ মুখ্য নেতা।
-
সদৌ টাই আহোম ছাত্ৰ সন্থা
সদৌ টাই আহোম ছাত্ৰ সন্থা (আহোম ভাষা: 𑜋𑜪𑜤 𑜑𑜪𑜤 𑜎𑜤𑜀𑜫 𑜑𑜦𑜃𑜫 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤 𑜄𑜂𑜫 𑜉𑜢𑜤𑜂𑜫 চুম হুম লুক হেন টাই আহোম টাং মু'ঙ, ইংৰাজী: All Tai Ahom Students union) বা চমুকৈ আটাছু হ'ল অসম আৰু অৰুণাচল প্ৰদেশৰ এটা আগশাৰী জনগোষ্ঠীয় ছাত্ৰ সংগঠন। ই টাই-আহোম জনগোষ্ঠীৰ ছাত্ৰ সমাজ মিলিত হৈ গঠন হৈছে।
-
অসম বিজ্ঞান লেখক সংস্থা
অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰতিষ্ঠা হয় ১৯৯৯ চনৰ ২০ নৱেম্বৰত যোৰহাট জিলাৰ চন্দ্ৰকান্ত ভৱনত। প্ৰথমবাৰৰ বাবে দীনেশ চন্দ্ৰ গোস্বামীৰ নেতৃত্বত অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰতিষ্ঠা হয়। এই সংস্থা ২০০১ চনৰ ১০ জানুৱাৰী তাৰিখে ছ’চাইটিজ ৰেজিষ্ট্ৰেচন এক্ট XXI of 1860 ৰ অধীনত পঞ্জীয়ন কৰা হয়।
-
অসম লেখিকা সন্থা
অসম লেখিকা সন্থা হৈছে অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে মহিলা সাহিত্যিক তথা সাহিত্যপ্ৰেমীসকলক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে গঠিত এক সাহিত্য অনুষ্ঠান।
-
সদৌ অসম আইন ছাত্ৰ সন্থা
সদৌ অসম আইন ছাত্ৰ সন্থা (All Assam Law Students Union, চমুকৈ AALSU) অসমৰ সৰ্ববৃহৎ আইনৰ ছাত্ৰৰ সংগঠন। ২০১৬চনৰ ১৬চেপ্তেম্বৰ তাৰিখে অসমৰ আইন মহাবিদ্যালয়সমূহৰ ছাত্ৰৰ দ্বাৰা গঠিত এটি বৃহৎ ছাত্ৰ সংগঠন যিয়ে অসমৰ ছাত্ৰসমাজৰ সমস্যা আৰু জনগনৰ ন্যায়ৰ পক্ষত মাত মাতি আহিছে।
-
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী (Assam State Primary Teachers' Association) অসম ৰাজ্যৰ প্ৰাথমিক শিক্ষক, শিক্ষাৰ্থী, শিক্ষানুষ্ঠান আৰু শিক্ষাৰ উত্তৰণত সেৱাৰত অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এটি শিক্ষক সংগঠন।
-
অসমীয়া যুৱ উন্নয়ন পৰিষদ
অসমীয়া যুৱ উন্নয়ন পৰিষদ(ইংৰাজীত চমুকৈ AYDC) অসমৰ এক ছাত্ৰ সংগঠন।
-
টাকাম মিচিং পৰিন কেবাং
টাকাম মিচিং পৰিন কেবাং (টিএমপিকে) হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ এটা ছাত্ৰ সংগঠন। ১৯৭১ চনত উচ্চতৰ মাধ্যমিক বিদ্যালয় জোনাইত এই সংগঠনক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ২০২১ চনত জোনাই বজাৰত মাধ্যমিক ক্ষেত্ৰত ইয়াৰ ৫০ বছৰীয়া সোণালী জয়ন্তী উদযাপন কৰা হয়।