শ্ৰীলংকা
২৭ প্ৰবন্ধ
-
তামিল ভাষা
তামিল ভাষা (தமிழ்) ভাষাত ভাৰতৰ ছয় কোটিৰো বেছি মানুহে কথা পাতে। এই ভাষাটো দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ চৰকাৰী ভাষা আৰু উত্তৰ আৰু উত্তৰ-পূৱ শ্ৰীলঙ্কাৰ প্ৰধান ভাষা। ইয়াৰ উপৰিও চিঙ্গাপুৰ, মালয়েচিয়া, মৰিচাছ আৰু দক্ষিণ আফ্ৰিকাত বহুতো তামিলভাষী মানুহ আছে।
-
সিংহল ভাষা
সিংহল (සිංහල) [উচ্চৰণ: সিংহলো] বা "সিংহলী ভাষা" শ্ৰীলঙ্কাৰ মূল ভাষা। শ্ৰীলঙ্কাৰ প্ৰায় ২ মিলিয়ন মানুহে সিংহল ভাষাত কথা কয়। এই ভাষাটো সিংহল লিপিৰে লিখা হয়। খ্ৰীষ্টপূৰ্ৱ ৩য় শতিকাত সিংহল ভাষাত লিখা শিলালিপি পোৱা হৈছে। ১০ম শতিকাৰ পৰা আৰম্ভ কৰি ভাষাটোত সমৃদ্ধ বৌদ্ধ সাহিত্য ৰচিত হৈছে।
-
সিংহলী জনগোষ্ঠী
সিংহলী জনগোষ্ঠী বা সিংহলী (Sinhalese people) হৈছে শ্ৰীলংকা দ্বীপৰ এক স্থানীয় জনগোষ্ঠী।ঐতিহাসিকভাৱে, তেওঁলোকক হেলাচ বা সিংহ লোক বুলিও জনা যায়। সিংহলীসকল শ্ৰীলংকাৰ সৰ্ববৃহৎ জনগোষ্ঠী, যি শ্ৰীলংকাৰ জনসংখ্যাৰ প্ৰায় ৭৫% আৰু তেওঁলোকৰ জনসংখ্যা ১৬.২ নিযুততকৈও অধিক।
-
শ্ৰীলংকাৰ অসামৰিক যুদ্ধ
শ্ৰীলংকাৰ সামৰিক যুদ্ধ (ශ්රී ලංකාවේ සිවිල් යුද්ධය; இலங்கை உள்நாட்டுப் போர்) ১৯৮৩ চনৰ পৰা ২০০৯ চনলৈকে চলা শ্ৰীলংকাৰ গৃহযুদ্ধ। ১৯৮৩ চনৰ ২৩ জুলাইৰ পৰা আৰম্ভ হোৱা চৰকাৰৰ বিৰুদ্ধে ভেলুপিল্লাই প্ৰভাকৰন নেতৃত্বাধীন লিবাৰেচন টাইগাৰছ অৱ তামিল ইলাম, চমুকৈঃ LTTE (যাক দ্য তামিল টাইগাৰ বুলি জনাজাত)ৰ এখন যুদ্ধ।
-
কিৰিবাথ
কিৰিবাথ (Kiribath) চাউলৰ পৰা তৈয়াৰী শ্ৰীলংকাৰ এক পৰম্পৰাগত খাদ্য। ইয়াক নাৰিকলৰ গাখীৰ(ৰস)ৰ সৈতে চাউল সিজাই প্ৰস্তুত কৰা হয়; সেয়ে এইবিধক কিৰিবাথ নাম দিয়া হয় আৰু ইয়াক চাউলৰ পিঠা বা চাউলৰ পুডিঙৰ এটা প্ৰকাৰ বুলি ধৰিব পাৰি। শ্ৰীলংকাৰ খাদ্যত কিৰিবাথ এক অপৰিহাৰ্য খাদ্য।
-
দক্ষিণ এছিয়ান আচাৰ
দক্ষিণ এছিয়ান আচাৰ (অন্যান্য নামৰ ভিতৰত আচাৰ বুলিও জনাজাত) হৈছে বিভিন্ন ধৰণৰ শাক-পাচলি আৰু ফল-মূল নিমখ-পানী, ভিনেগাৰ, ভোজ্য তেল আৰু দক্ষিণ এছিয়ান মচলা ব্যৱহাৰ কৰি সংৰক্ষণ কৰা একপ্ৰকাৰৰ আচাৰ কৰা আৰু প্ৰায়ে অতি জ্বলা-মচলাযুক্ত অনুষংগিক খাদ্য।
-
শ্ৰীলংকাৰ ৰন্ধনপ্ৰণালী
শ্ৰীলংকাৰ ৰন্ধনপ্ৰণালী শ্ৰীলংকাৰ ৰন্ধনপ্ৰণালী ইয়াৰ নিৰ্দিষ্ট বনৌষধি, মচলা, মাছ, পাচলি, চাউল আৰু ফলৰ সংমিশ্ৰণৰ বাবে জনাজাত। শ্ৰীলংকাৰ ৰন্ধনপ্ৰণালী বিভিন্ন প্ৰকাৰৰ চাউলৰ ওপৰত কেন্দ্ৰীভূত, লগতে নাৰিকল যি সমগ্ৰ দেশৰ এক সৰ্বব্যাপী উদ্ভিদ।
-
ৱাটাদাগে
ৱাটাদাগে হৈছে শ্ৰীলংকাত পোৱা এক প্ৰকাৰৰ বৌদ্ধ গঠন। ইয়াক দাগে, থুপাগৰা আৰু চেতিয়াগৰা বুলিও জনা যায়। ইয়াৰ কিছু ভাৰতীয় প্ৰভাৱ আছিল যদিও ই প্ৰায় একান্তভাৱে প্ৰাচীন শ্ৰীলংকাৰ স্থাপত্যৰ বৈশিষ্ট্যপূৰ্ণ গঠন।
-
অচাৰিয়া
অচাৰিয়া (সিংহলী: ඔසරිය) বা কাণ্ডিয়ান সাজ-পাৰ হৈছে শ্ৰীলংকাৰ সিংহলী লোকসকলৰ পৰম্পৰাগত সাজ-পাৰ আৰু ইয়াক শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় সাজ-পাৰ হিচাপে গণ্য কৰা হয়।
-
আনাইকোড্ডাই ছীল
আনাইকোড্ডাই ছীল হৈছে এটি সোপষ্টোন ধাতুৰে নিৰ্মিত, যিটো শ্ৰীলংকাৰ আনাইকোড্ডাইত এক মেগালিথিক সমাধিস্থলৰ খননকালত য়াপন বিশ্ববিদ্যালয়ৰ এক গৱেষণা দলৰ দ্বাৰা উদ্ঘাটিত হৈছিল। ছীলটো মূলত এক চিহ্ন-মুদ্ৰাৰ আঙুঠিৰ অংশ আছিল আৰু ইয়াত ব্ৰাহ্মী লিপি আৰু মেগালিথিক গ্ৰাফিটি চিহ্নৰ সংমিশ্ৰণ দেখা পোৱা যায়।
-
আভুকানা বুদ্ধ মূৰ্তি
আভুকানা বুদ্ধ মূৰ্তি ( Avukana Buddha statue) উত্তৰ মধ্য শ্ৰীলংকাৰ কেকিৰাৱাৰ ওচৰত প্ৰতিষ্ঠিত হৈছে। ১৪ মিটাৰ (৪৬ ফুট)তকৈ অধিক উচ্চতাৰ এই প্ৰতিমূৰ্তিটোত বুদ্ধই “অভয় মুদ্ৰা’’ৰ দৰেই আশ্বাস দিবলৈ হাত তুলি থকা ভংগীত নিৰ্মাণ কৰা হৈছে।
-
এল্লে
এল্লে হৈছে শ্ৰীলংকাৰ জনপ্ৰিয় বেট-এণ্ড-বল খেল যিটো লেহেমীয়া পিটচ চফ্টবলৰ স্থানীয় নাম হিচাপেও ব্যৱহাৰ কৰা হয়। এই খেলখন প্ৰায়ে গ্ৰাম্য গাঁও আৰু চহৰ অঞ্চলত খেলা হয়। আধুনিক বিশ্বত জনপ্ৰিয় ক্ৰীড়াসমূহৰ ভিতৰত এল্লে খেলৰ সৈতে চফ্টবলৰ সাদৃশ্য আটাইতকৈ বেছি দেখা যায়।
-
চীনা দি
চীনা দি (চীনা খোজ পদ্ধতি বা চীনা মুষ্টি; বা চীনাাডি, কেতিয়াবা চিনা আতি / চাইনা পুদি; আৰু চীনা আদি বুলি জনা যায়) হৈছে চীন-প্ৰভাবিত শ্ৰীলংকাৰ যোদ্ধা কলা।
-
চূন পান
চূন পান হৈছে শ্ৰীলংকাৰ একপ্ৰকাৰৰ সাধাৰণ ভ্ৰাম্যমাণ ব্ৰেড বিক্ৰেতা। চুন পান ডেলিভাৰীত বিথোভেন সংগীতৰ শৈলীক সংযুক্ত কৰা হৈছে আৰু লগতে বেকাৰীৰ সামগ্ৰীসমূহ বেছিভাগেই পাওৰুটী, গ্ৰাহকক ৰাজপথত আৰু ঘৰৰ দুৱাৰমুখে দুৱাৰমুখে বিক্ৰী কৰা হয়।
-
ছান্নি ইয়াকুমা
ছান্নি ইয়াকুমা, যাক কেতিয়াবা দাহা আতা ছান্নিয়াচ বুলিও জনা যায়, সিংহলীসকলৰ পৰম্পৰাগত ভূত-প্ৰেত বিতাৰণৰ অনুষ্ঠান। এই অনুষ্ঠানত ১৮টা মুখা পিন্ধা নৃত্য থাকে, প্ৰতিটো নৃত্যত মানুহক আক্ৰান্ত কৰা কোনো বিশেষ ৰোগ বা ৰোগৰ চিত্ৰণ কৰা হয়।
-
ছিগিৰিয়া
ছিগিৰিয়া বা সিংহগিৰি ( Sigiriya) এটা প্ৰাচীন শিলৰ দুৰ্গ, যি শ্ৰীলংকাৰ মধ্য প্ৰদেশ বা চেণ্ট্ৰেল প্ৰভিন্সৰ ডাম্বুলা চহৰৰ ওচৰৰ উত্তৰ মাটালে জিলাত অৱস্থিত। ই এক ঐতিহাসিক আৰু প্ৰত্নতাত্ত্বিক গুৰুত্বপূৰ্ণ স্থান। ইয়াৰ ওপৰত প্ৰায় ১৮০ মিটাৰ (৫৯০ ফুট) উচ্চতাত এটা বিশাল গ্ৰেনাইট স্তম্ভ আছে।
-
ডাম্বুলা
ডাম্বুল্লা শ্ৰীলংকাৰ মধ্য প্ৰদেশৰ মাটালে জিলাৰ উত্তৰত অৱস্থিত এখন চহৰ ৷ মাটালে জিলাৰ মাটালেৰ পিছত ই দ্বিতীয় বৃহত্তম জনবসতিপূৰ্ণ আৰু নগৰীয়া কেন্দ্ৰ ৷ ই কলম্বোৰ পৰা ১৪৮ কিলোমিটাৰ উত্তৰ-পূবত, মাটালেৰ পৰা ৪৩ কিলোমিটাৰ উত্তৰত আৰু কেণ্ডিৰ পৰা ৭২ কিলোমিটাৰ উত্তৰত অৱস্থিত।
-
ডাম্বুলা গুহা মন্দিৰ
ডাম্বুল্লা গুহা মন্দিৰ (সিংহল ভাষাত දඹුල්ල රජ මහා විහාරය) ডাম্বুলাৰ সোণালী মন্দিৰ বুলিও জনা যায়, শ্ৰীলংকাত অৱস্থিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ(১৯৯১)। শ্ৰীলংকাৰ চেণ্ট্ৰেল প্ৰভিঞ্চত অৱস্থিত।
-
ধদু মোনৰা
ধদু মোনৰা (ඩණ්ඩු මෝනර) বা ডাণ্ডু মোনৰা শ্ৰীলংকাৰ পৌৰাণিক কাহিনীত উল্লিখিত এক উৰন্ত যান, যাক ৰাৱণে ব্যৱহাৰ কৰিছিল বুলি জনবিশ্বাস আছে। কিছুমান মতে, এই যান পুষ্পক বিমানৰ এক বিকল্প আছিল। শ্ৰীলংকাৰ কিছুমান স্থলীয় উপকথাত ইয়াক ৰাৱণে নিজেই নিৰ্মাণ কৰিছিল বুলি কোৱা হয়।
-
পশ্চিম প্ৰদেশ, শ্ৰীলংকা
পশ্চিম প্ৰদেশ শ্ৰীলংকাৰ ৯খন প্ৰদেশৰ ভিতৰত অন্যতম, দেশৰ প্ৰথম পৰ্যায়ৰ প্ৰশাসনিক বিভাগ। ১৯ শতিকাৰ পৰাই এই প্ৰদেশসমূহৰ অস্তিত্ব আছিল যদিও ১৯৮৭ চনত শ্ৰীলংকাৰ সংবিধানৰ ত্ৰয়োদশ সংশোধনীৰ ফলত প্ৰাদেশিক পৰিষদ গঠন হোৱালৈকে ইয়াৰ কোনো আইনী মৰ্যাদা নাছিল।
-
পেৰালিকাটুমা
পেৰালিকাটুমা (Peralikatuma) হৈছে শ্ৰীলংকাৰ এটা দুজনীয়া বিমূৰ্ত কৌশলভিত্তিক ব'ৰ্ড খেল। এই খেলখন ড্ৰাফ্টছ (চেকাৰ্ছ) আৰু এলকুৱেৰকৰ সৈতে সম্পৰ্কিত, কাৰণ খেলুৱৈসকলে প্ৰতিপক্ষৰ গুটি ধৰি পেলাবলৈ সিহঁতৰ ওপৰেৰে জাঁপ মাৰে।
-
শ্ৰী মুথুমৰিয়াম্মান মন্দিৰ, মাটালে
মুথুমাৰিয়াম্মান মন্দিৰ (তামিল ভাষাত முத்து மாரயமம் கோவில்) বা আৰুলমিগু শ্ৰী মুথুমাৰী আম্মান কোভিল শ্ৰীলংকাৰ মাটালেৰ এটা হিন্দু মন্দিৰ। "মুথু" উপসৰ্গৰ আক্ষৰিক অৰ্থ হৈছে মুকুতা। "মাৰী" মানে বৰষুণ আৰু "আম্মান" মানে তামিল ভাষাত মাতৃ। এই মন্দিৰটো বৰষুণ আৰু উৰ্বৰতাৰ দেৱী মাৰিয়াম্মানক উৎসৰ্গিত কৰা হৈছে।
-
শ্ৰী লংকাৰ ধৰ্ম
শ্ৰী লংকাৰ ধৰ্ম শ্ৰীলংকা আনুষ্ঠানিকভাৱে বৌদ্ধ দেশ যদিও শ্ৰীলংকা ৰ লোকসকলে বিভিন্ন ধৰ্ম পালন কৰে। ২০১২ চনৰ লোকপিয়ল অনুসৰি শ্ৰীলংকাৰ ৭০.২% বৌদ্ধ, ১২.৬% হিন্দু, ৯.৭% মুছলমান (মূলতঃ চুন্নী), আৰু ৭.৪% খ্ৰীষ্টান (বেছিভাগেই কেথলিক)।
-
শ্ৰীলংকাৰ সংসদ
শ্ৰীলংকা গণতান্ত্ৰিক সমাজতান্ত্ৰিক গণৰাজ্যৰ সংসদ (Parliament of the Democratic Socialist Republic of Sri Lanka; (সিংহলা: ශ් රී ලංකා පාර්ලිමේන්තුව Śrī Laṇkā Pārlimentuvā, তামিল: இலங்கை நாடாளுமன்றம் Ilaṅkai nāṭāḷumaṉṟam) হৈছে শ্ৰীলংকাৰ সৰ্বোচ্চ আইনী সংস্থা।
-
শ্ৰীলংকাৰ সেনাবাহিনীৰ মহিলা বাহিনী
শ্ৰীলংকা সেনাবাহিনীৰ মহিলা বাহিনী (SLAWC) শ্ৰীলংকা সেনাবাহিনীৰ এটা কৰ্পছ। ১৯৭৯ চনৰ ১ ছেপ্টেম্বৰত এই কৰ্পছটো গঠন কৰা হয়। এই কৰ্পছৰ ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয় কলম্বোৰ ব'ৰেলাত আছে।
-
সীতা আম্মান মন্দিৰ
সীতা আম্মান মন্দিৰ বা সীতা এলিয়া সীথাই আম্মান থিৰুকোভিল, যাক অশোক বাটিকা সীতা মন্দিৰ বুলিও কোৱা হয়, মধ্য শ্ৰীলংকাৰ নুৱাৰা এলিয়া জিলাত অৱস্থিত এটা প্ৰাচীন হিন্দু মন্দিৰ। মন্দিৰৰ লোককথা হিন্দু মহাকাব্য ৰামায়ণৰ সৈতে গভীৰভাৱে জড়িত।
-
ৰুৱানৱেলিছায়া
ৰুৱানৱেলি মহা সেয়া, যাক মহা থুপা (শব্দ অৰ্থত ‘মহান থুপা’) বুলিও কোৱা হয়, শ্ৰীলংকাৰ অনুৰাধাপুৰাত অৱস্থিত এটা স্তুপ (ধ্বংসাৱশেষ থকা অৰ্ধগোলাকাৰ গঠন)। বুদ্ধৰ ধ্বংসাৱশেষৰ দুটা কোৱাৰ্ট বা এটা ডোনা স্তুপটোত সন্নিৱিষ্ট কৰা হৈছে, যাৰ ফলত ই তেওঁৰ ধ্বংসাৱশেষৰ যিকোনো ঠাইতে সৰ্ববৃহৎ সংগ্ৰহ।