ভাৰতৰ মুছলমান সম্প্ৰদায়
৪১ প্ৰবন্ধ
-
আনছাৰী
আনছাৰী বা মমিন আনছাৰী বা সৌদাগৰ প্ৰধানকৈ ভাৰত, পাকিস্তান আৰু নেপালত থকা ব্যৱসায়ীসকলৰ এটা মুছলমান সম্প্ৰদায়। আনছাৰৰ আক্ষৰিক অৰ্থ আৰবীত "সমৰ্থক।" উত্তৰ ভাৰতত এই সম্প্ৰদায়টোক আনছাৰী বা শ্বেইখ বুলি জনা যায় আনহাতে মহাৰাষ্ট্ৰত এই সম্প্ৰদায়টোক মমিন বা সৌদাগৰ বুলি জনা যায়।
-
খানজাদা ৰাজপুত
খানজাদা বা খান জাদেহ হৈছে ভাৰতৰ উত্তৰ প্ৰদেশ আৰু ৰাজস্থান ৰাজ্যত পোৱা মুছলমান ৰাজপুতৰ এটা সম্প্ৰদায়। এটা উল্লেখযোগ্য সম্প্ৰদায় হৈছে ৰাজপুতৰ ৰাজা নাহৰ খানৰ বংশধৰ মেৱাটৰ খানজাদাসকল, যিসকল যাদৌন বংশৰ এটা উপগোত্ৰ। তেওঁলোকে নিজকে মুছলমান ৰাজপুত বুলি কয়।
-
বাচগোটি খানজাদা
বাচগোটি, বাচলগোটি বা বাচল, ভাৰতৰ উত্তৰ প্ৰদেশ আৰু ৰাজস্থান ৰাজ্যত সিঁচৰতি হৈ থকা এটা হিন্দু ৰাজপুত বংশ। ভাৰতত মুছলমান শাসনৰ সময়ত তেওঁলোকৰ বহুতেই ইছলাম ধৰ্ম গ্ৰহণ কৰি বৰ্তমান বাচগোটি খানজাদা নামেৰে জনাজাত মুছলমান ৰাজপুত সম্প্ৰদায়ৰ অংশ হৈ পৰিছে।
-
বিছাটি
বিছাটি এটা মুছলমান সম্প্ৰদায়, যিসকলক উত্তৰ ভাৰতত পোৱা যায়। এই সম্প্ৰদায়ৰ বহু সদস্যই ১৯৪৭ চনত পাকিস্তানলৈ প্ৰব্ৰজন কৰি কৰাচী আৰু সিন্ধত বসতি স্থাপন কৰিছে।
-
ভাণ্ড
ভাণ্ড ভাৰত, পাকিস্তান, বাংলাদেশ আৰু নেপালৰ পৰম্পৰাগত লোক মনোৰঞ্জকৰ দল। ভাৰত আৰু নেপালত বাহাণ্ডসকল এতিয়া এক অন্তৰ্বিবাহী হিন্দু আৰু মুছলমান সম্প্ৰদায়, যি এতিয়া তেওঁলোকৰ পৰম্পৰাগত লোক মনোৰঞ্জনৰ বৃত্তিৰ সৈতে জড়িত নহয়।
-
মুছলিম তেলী
মুছলমান তেলীসকল চুন্নী ইছলাম অনুসৰণ কৰা তেলী জাতিৰ লোক। ভাৰত, পাকিস্তান আৰু নেপালত এওঁলোকৰ বসতি। তেওঁলোকৰ উপাধি মালিক। মুছলমান তেলীৰ সৈতে জড়িত গুজৰাটত পোৱা ঘাঁচী নামৰ এটা সম্প্ৰদায়, যিসকলে ৰন্ধন তেল প্ৰস্তুত আৰু ব্যৱসায়ৰ সৈতেও জড়িত।
-
শ্বেইখ
শ্বেইখ, ছেইখ, শ্বেখ, শ্বেহ আৰু অন্যান্য ৰূপেৰে জনাজাত, দক্ষিণ এছিয়াৰ বহু মুছলমান জনগোষ্ঠীক দিয়া উপাধি। ই মূলতঃ আৰবী শব্দ বা সন্মানীয় শব্দ যিয়ে সাধাৰণতে কোনো জনগোষ্ঠীৰ মুৰব্বী, ৰাজপৰিয়ালৰ সদস্য, মুছলমান ধৰ্মীয় পণ্ডিত বা “বয়োজ্যেষ্ঠ’’ক বুজায়।
-
ৰাংঘাৰ (সম্প্ৰদায়)
ৰাংঘাৰসকল ভাৰতৰ হাৰিয়ানা, পঞ্জাৱ, হিমাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ৰাজ্য আৰু দিল্লীৰ কেন্দ্ৰীয় শাসিত অঞ্চল; আৰু পাকিস্তানৰ সিন্ধ (মুহাজিৰ) আৰু পঞ্জাৱত থকা মুছলমান ৰাজপুতৰ এটা সম্প্ৰদায়।
-
আট্টাৰৱালা
আট্টাৰৱালা ভাৰতৰ গুজৰাট ৰাজ্যৰ যথেষ্টসংখ্যক থকা এটা মুছলমান সম্প্ৰদায়।
-
আলভি
আলভি দক্ষিণ এছিয়াৰ এটা আলিদ মুছলমান সম্প্ৰদায়। ইছলামিক হজৰত মহম্মদৰ খুলশালীয়েক, সংগী আৰু জোঁৱাই আছিল চতুৰ্থ ৰছিদুন খলিফা আলী ইবনে আবি তালিবৰ বংশধৰ, তেওঁৰ পত্নীসকলৰ জৰিয়তে যিসকলক তেওঁ নবীৰ কন্যা ফাতিমা বিন্ত মুহাম্মাদ মৃত্যুৰ পাছত বিয়া কৰাইছিল।
-
আৰ্ঘন
আৰ্ঘনসকল স্থানীয় লাডাখী সম্প্ৰদায়ৰ সৈতে মিলি যোৱা ইয়াৰকাণ্ড আৰু কাশ্মীৰৰপৰা অহা অনুপ্ৰৱেশকাৰীৰ বংশধৰসকলৰ এটা সৰু সম্প্ৰদায়, মূলতঃ ভাৰতৰ লাডাখৰ লেহ আৰু কাৰ্গিল চহৰত বাস কৰে। তেওঁলোক চুন্নী মুছলমান।
-
আৱান (জনগোষ্ঠী)
আৱান পাকিস্তানৰ উত্তৰাঞ্চল আৰু পঞ্জাব অঞ্চলত কেন্দ্ৰীভূত এটা জনগোষ্ঠী আৰু জনগোষ্ঠীয় সম্প্ৰদায়, এই জনগোষ্ঠীয়ে উপাধি হিচাপে আৱান নাম ব্যৱহাৰ কৰে। পঞ্জাৱৰ উত্তৰ, মধ্য আৰু পশ্চিম অংশত আৱান প্ৰধানকৈ পোৱা যায়, আজাদ কাশ্মীৰৰ খাইবাৰ পখতুনখৌ আৰু কম পৰিমাণে সিন্ধ আৰু বেলুচিস্তানতো উল্লেখযোগ্য জনসংখ্যা…
-
ওছান
ওছান দক্ষিণ ভাৰতৰ কেৰালাৰ মুছলমানৰ এটা সম্প্ৰদায় বা গোট। মধ্য মালাবাৰ উপকূলৰ (উত্তৰ কেৰালা) মুছলমানসকলৰ মাজত ওছান পুৰুষসকল পৰম্পৰাগত চুন্নত আছিল। ওছান মহিলাসকল গৰ্ভৱতী মহিলাৰ প্ৰসৱৰ পূৰ্বে আৰু প্ৰসৱৰ পিছৰ যত্নৰ বিশেষজ্ঞ (ধাত্ৰী)আছিল। ওছান কেৰেলাৰ মুছলমান সম্প্ৰদায়ৰ মুছলমান।
-
কান (জনগোষ্ঠী)
কান, যাক খলিফা বুলিও কোৱা হয়, বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ স্থানীয় মুছলমান সম্প্ৰদায়।
-
কেলা (সম্প্ৰদায়)
কেলা সম্প্ৰদায় ভাৰতৰ পশ্চিম বংগ ৰাজ্যত পোৱা এটা মুছলমান সম্প্ৰদায়। এওঁলোকক খাৰিয়া মুছলিম বুলিও জনা যায়।
-
খলিফা (জাতি)
খলিফাসকল ভাৰতৰ গুজৰাটৰ ভালছাদ জিলাত বসতি কৰা প্ৰধানকৈ মুছলমান জাতি; পাকিস্তানৰ ৰাজধানী ইছলামবাদ আৰু পাকিস্তানৰ কৰাচীৰ লিয়াৰীৰ ভূমিতো বাস কৰে। খলিফা জাতিটোক মুছলমান হোৱাৰ বাবে ভাৰত-আৰব হিচাপে শ্ৰেণীভুক্ত কৰা হয় যদিও কিছুমানে আফ্ৰিকান ঐতিহ্যৰ বুলি দাবী কৰে।
-
খোটা (সম্প্ৰদায়)
খোটাসকল ভাৰতৰ পশ্চিম বংগ ৰাজ্যত বাস কৰা এটা চুন্নী মুছলমান সম্প্ৰদায়।
-
গৌড় (সম্প্ৰদায়)
গৌড় (গড়া, গাৰ্হ বুলিও বানান কৰা হয়) উপমহাদেশৰ এটা মুছলমান সম্প্ৰদায়। এওঁলোক প্ৰধানকৈ পঞ্জাৱ, দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড আৰু ৰাজস্থান ৰাজ্যত বাস কৰে।
-
ঘাঁচী (মুছলিম)
ঘাঁচী বা ঘাঁচী-পিঞ্জাৰা ভাৰতৰ গুজৰাট আৰু ৰাজস্থান ৰাজ্যত পোৱা এটা মুছলমান সম্প্ৰদায়। পাকিস্তানৰ কৰাচী চহৰতো সামান্য সংখ্যক ঘাঁচী পোৱা যায়।
-
ছাউচ (সম্প্ৰদায়)
চৌছ বা চাউছ হাদ্ৰামী আৰব বংশৰ এটা সম্প্ৰদায়। ভাৰতৰ দাক্ষিণাত্য অঞ্চলত এওঁলোকক পোৱা যায়। পূৰ্বৰ হায়দৰাবাদ ৰাজ্যত নিজামৰ সামৰিক বাহিনীত সৈন্য হিচাপে কাম কৰিবলৈ চৌছ বা চাউছক য়েমেনৰপৰা অনা হৈছিল।
-
ছিপি
ছিপি ( বিকল্পভাৱে ছিম্পা'/ছিপা বুলি কোৱা হয়) ভাৰততে পূৰ্বপুৰুষৰ শিপা থকা লোকৰ এটা জাতি। এই লোকসকল মূলতঃ ৰাজপুত আৰু আগতে ক্ষত্ৰিয় সাজ-পোছাক পৰিধান কৰিছিল। এইসকল লোক যুদ্ধৰ কলাত পাকৈত আছিল, পিছলৈ এই জাতিৰ মানুহে ছপা কাম কৰিবলৈ আৰম্ভ কৰিছিল।
-
ডোগ্ৰা মুছলমান
ডোগ্ৰা মুছলমান ভাৰতৰ জম্মু-কাশ্মীৰ ৰাজ্যত পোৱা এটা মুছলমান সম্প্ৰদায়। তেওঁলোক বৃহত্তৰ হিন্দু ডোগ্ৰা সম্প্ৰদায়ৰপৰা ইছলামলৈ ধৰ্মান্তৰিত। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশতো বৰ্তমান বহু ডোগ্ৰা মুছলমান পোৱা যায়। তেওঁলোকক পাকিস্তানত ৰাজাস বুলিও কোৱা হয়।
-
থাংগল
থাংগল (টাংগল বুলিও কোৱা হয়) দক্ষিণ ভাৰতৰ কেৰালাৰ মুছলমানসকলৰ মাজৰ এটা সামাজিক গোট। থাংগলসকলক প্ৰায়ে বহল ইছলামিক সংস্কৃতিৰ অধিক সাধাৰণ ছয়ীদ বা শ্বৰীফ বা মহম্মদৰ বংশধৰসকলৰ মোটামুটি সমতুল্য বুলি গণ্য কৰা হয়।
-
নশ্যা শ্বেখ
নশ্যা শ্বেখ ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ উত্তৰ প্ৰান্তত পোৱা এটা মুছলমান সম্প্ৰদায়। উত্তৰ বাংলাদেশ আৰু অসমৰ গোৱালপাৰা দুয়োখন ঠাইৰে লোকৰ লগত সাংস্কৃতিক আৰু ভাষিক দিশত তেওঁলোকৰ মিল আছে। এই সম্প্ৰদায়ৰ সামান্যসংখ্যক চুবুৰীয়া ৰাজ্য বিহাৰতো দেখা যায়, য’ত তেওঁলোকক বাঙালী শ্বেখ বুলি জনা যায়।
-
পটুৱা (জাতি)
ভাৰতৰ লগতে বাংলাদেশৰ কিছু অংশত পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশা ৰাজ্যত পোৱা এটা শিপিনী সম্প্ৰদায়ক পটুৱা নামে জনা যায়। কিছুমান পটুৱা হিন্দু, আন কিছুমান মুছলমান। পশ্চিম বংগৰ আন কিছুমান অঞ্চলৰ লগতে কলিকতাৰ কালিঘাট আৰু কুমাৰতুলি অঞ্চলতো হিন্দু পটুৱা সক্ৰিয় হৈ আছে; বৰ্তমান এওঁলোকৰ সংখ্যা কমিছে।
-
পুছলান
পুছলান দক্ষিণ ভাৰতৰ কেৰালাৰ মুছলমানসকলৰ এটা সম্প্ৰদায়ৰ সামাজিক গোট। তেওঁলোক আছিল মধ্য মালাবাৰ উপকূলৰ (উত্তৰ কেৰালা) পৰম্পৰাগত সাগৰীয় মাছমৰীয়া। আন মাপিলাসকলে তেওঁলোকক "কদপ্পুৰাট্টুকাৰ" বুলি কয়, আনহাতে নিজকে "অংগদিক্কাৰ" বুলি জনা গৈছিল।
-
বাঘৱান
বাঘৱান এটা মুছলমান সম্প্ৰদায়। এওঁলোকক উত্তৰ ভাৰত আৰু পাকিস্তানত পোৱা যায়। দাক্ষিণাত্য অঞ্চলত ইহঁতক বাগৱান নামেৰে জনা যায়।
-
বাল্টি লোক
বাল্টিলোকসকল এটা তিব্বতী জনগোষ্ঠী, যি পাকিস্তানী প্ৰশাসিত গিলগিট−বাল্টিস্তান আৰু ভাৰতীয় প্ৰশাসিত ভূ-খণ্ড লাডাখৰ স্থানীয়, প্ৰধানকৈ কাৰ্গিল জিলাত আৰু লেহ জিলাত পাতলীয়াকৈ আছে।
-
ভাদলা
ভাদলা বা ভোডালা হৈছে ভাৰতৰ সিন্ধ, পাকিস্তান আৰু গুজৰাটৰ কুচ্চ আৰু সৌৰাষ্ট্ৰ অঞ্চলত পোৱা নাৱিক আৰু মাছমৰীয়াৰ এটা সম্প্ৰদায়। পাকিস্তানত ইহঁত প্ৰধানকৈ দক্ষিণ সিন্ধত পোৱা যায়।
-
ভিষ্টি
ভিষ্টি বা বাহিষ্ঠী উত্তৰ ভাৰত, পাকিস্তান আৰু নেপালত পোৱা এটা মুছলমান জনগোষ্ঠী বা বিৰাদাৰী। তেওঁলোক আব্বাছি, বাহিষী আব্বাচী, শ্বেখ আব্বাছি আৰু ছাক্কা নামেৰেও পৰিচিত। তেওঁলোকে প্ৰায়ে আব্বাছি বা শ্বেখ আব্বাছি উপাধি ব্যৱহাৰ কৰে। ভিষ্টিসকলে পৰম্পৰাগতভাৱে পানীভাৰী হিচাপে কাম কৰিছিল।