অসমৰ জনগোষ্ঠী
৩৫ প্ৰবন্ধ
-
টাই-আহোম জনগোষ্ঠী
টাই-আহোম জনগোষ্ঠী হৈছে অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ টাই জাতিগত গোট। ঐতিহাসিকভাৱে তেওঁলোকৰ আগমন, ৰাজ্য-গঠন, লিপি-ভাষা আৰু পূৰ্বপুৰুষ-পূজাভিত্তিক ধৰ্মীয়-সাংস্কৃতিক পৰম্পৰা অসম ইতিহাসৰ এটা মুখ্য অধ্যায়।
-
বড়ো জনগোষ্ঠী
বড়ো জনগোষ্ঠী হৈছে অসমৰ ভৈয়ামৰ প্ৰধান চীনা-তিব্বতীয় জনগোষ্ঠী, যাৰ মাতৃভাষা বড়ো ভাষা আৰু পৰম্পৰাগত ধৰ্ম বাথৌ। অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি আদি জিলাত তেওঁলোকৰ ঘন বসতি দেখা যায়, আৰু কৃষিজীৱন, উৎসৱ-পাৰ্বণ, নৃত্য-গীত আৰু সমাজ-সংগঠনৰ নিজস্ব ৰীতিনীতিয়ে তেওঁলোকক বিশেষ পৰিচয় প্ৰদান কৰে।
-
মিচিং জনগোষ্ঠী
মিচিং জনগোষ্ঠী অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা টানি জাতিৰ এটা প্ৰধান জনগোষ্ঠী, যাৰ ভাষা চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। নদীকেন্দ্ৰিক বাসস্থান, কৃষিভিত্তিক অৰ্থনীতি আৰু উৎসৱ-সংস্কৃতিৰ বাবে মিচিং সমাজ অসমৰ সামাজিক-সাংস্কৃতিক পৰিসৰত উল্লেখযোগ্য।
-
বড়ো-কছাৰী
বড়ো-কছাৰী হৈছে অসম আৰু পাৰ্শ্বৱৰ্তী অঞ্চলত বসবাস কৰা কেইবাটাও খিলঞ্জীয়া জনগোষ্ঠীক সামগ্ৰিকভাৱে বুজাবলৈ ব্যৱহাৰ কৰা এক শ্ৰেণীবাচক নাম, যিসকলে চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-গাৰো শাখাৰ ভাষাসমূহৰ সৈতে ঐতিহাসিকভাৱে সম্পৰ্কিত।
-
ৰাভা জনগোষ্ঠী
ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ খিলঞ্জীয়া জনজাতিসমূহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ জনগোষ্ঠী, যাৰ ভাষা-সংস্কৃতি চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ সৈতে সম্পৰ্কিত। ঐতিহ্যগত বনভিত্তিক জীৱনধাৰা, মাতৃতান্ত্ৰিক সমাজ-ৰীতি, আৰু ভাৰীগান-নৃত্য-গীতৰ দৰে লোকঐতিহ্যৰ বাবে ৰাভাসকল বিশেষভাৱে পৰিচিত।
-
চুতীয়া জনগোষ্ঠী
চুতীয়া জনগোষ্ঠী অসমৰ এক থলুৱা সমাজ-গোট, যাৰ ঐতিহাসিক বিকাশ চুতীয়া ৰাজ্য আৰু শদিয়া অঞ্চলৰ ৰাজনৈতিক-সাংস্কৃতিক পৰিমণ্ডলৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত। মধ্যযুগত আহোম ৰাজ্যত অন্তৰ্ভুক্তিৰ পাছত চুতীয়াসকল উজনি অসমকে ধৰি অসমজুৰি বহুমুখী সামাজিক অভিযোজনৰ মাজেৰে অসমীয়া জাতিসত্তাৰ এক গুৰুত্বপূৰ্ণ উপাদান হৈ…
-
কোচ ৰাজবংশী
কোচ ৰাজবংশী হৈছে পূৰ্ব ভাৰত আৰু তৎসংলগ্ন অঞ্চলত বিস্তৃত এক জনগোষ্ঠী, যাৰ পৰিচয় “কোচ” আৰু “ৰাজবংশী” নাম দুটাৰ মাজত ইতিহাসগত মিশ্ৰণ আৰু বিতৰ্ক দেখা যায়। ভাষা, লোকাচাৰ, কৃষিভিত্তিক জীৱনধাৰা আৰু আঞ্চলিক সমাজ-ধাৰ্মিক অনুশীলনৰ দিশত এই জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্য স্পষ্ট।
-
মৰাণ জনগোষ্ঠী
মৰাণ জনগোষ্ঠী অসমত বসবাস কৰা বড়ো-কছাৰী ঠালৰ এক প্রাচীন নৃগোষ্ঠী, যিসকলৰ ইতিহাস ব্ৰহ্মপুত্ৰ উপত্যকাৰ দক্ষিণ-পূবাঞ্চলৰ সমাজ-গঠনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। ঐতিহাসিকভাৱে তেওঁলোকৰ নিজস্ব ভাষা থাকিলেও বৰ্তমানত অসমীয়া ভাষাই প্ৰধান মাধ্যম, আৰু ধৰ্মীয়-সাংস্কৃতিক জীৱনত বৈষ্ণৱ পৰম্পৰাৰ সৈতে কিছুমান পুৰণি…
-
অসমৰ চাহ জনগোষ্ঠী
অসমৰ চাহ জনগোষ্ঠী বুলিলে চাহ বাগিচাসমূহৰ কৰ্মচাৰী আৰু প্ৰাক্তন কৰ্মচাৰীসকলক, লগতে তেওঁলোকৰ পৰিয়ালসমূহক বুজায়। বিভিন্ন উৎস-জনগোষ্ঠীৰ সংমিশ্ৰণে গঢ় লৈ উঠা এই সমাজগোট অসমৰ জন-সংগঠন, শ্রম-ইতিহাস, ভাষা-সংস্কৃতি আৰু সমসাময়িক পৰিচয় ৰাজনীতিত বিশেষ গুৰুত্বপূর্ণ।
-
সোণোৱাল কছাৰী
সোনোৱাল কছাৰী উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ অন্যতম থলুৱা খিলঞ্জীয়া জনগোষ্ঠী। এওঁলোক চীন-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-কছাৰী ঠালৰ এক জনগোষ্ঠী। অসমৰ ধেমাজি, লখিমপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত এই জনগোষ্ঠীৰ লোক বিস্তাৰিতভাৱে বসবাস কৰে।
-
অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী
অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী (Sino-Tibetan and Tai peoples of Assam) বা অসমৰ মংগোলীয় জনগোষ্ঠী প্ৰাচীন আৰু মধ্যযুগীয় কালত চীন আৰু মানদেশ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰা জনগোষ্ঠী।
-
কলিতা জনগোষ্ঠী
কলিতা (Kalita) হৈছে উত্তৰ-পূব ভাৰত তথা অসমৰ এক প্ৰাচীন জনগোষ্ঠী। পৌৰাণিক কামৰূপ ৰাজ্যৰ বাসিন্দা আছিল কলিতাসকল। কলিতাসকল প্ৰধানত অসমৰ কৃষিজীৱী জনগোষ্ঠী। অসমত বসবাস কৰি অহা ভূমিপুত্ৰ জনগোষ্ঠীটোৱে কৃষিকাৰ্য, কুমাৰ, কঁহাৰ, শিপিনী আদি কৰ্মৰ সৈতে জড়িত হৈ এক স্বগোষ্ঠীয় পৰিচয় বহন কৰি আহিছে।
-
কৈৱৰ্ত জনগোষ্ঠী
কৈৱৰ্ত বা জালিয়া কৈৱৰ্ত সকল অসমৰ এটা প্ৰাচীনতম জনগোষ্ঠী। কৈৱৰ্তসকল মূলতে মাছমৰীয়া সম্প্ৰদায় আছিল, পিছলৈ সংস্কৃতকৰণৰ জৰিয়তে তেওঁলোকৰ বাণিজ্যিক সমৃদ্ধি আৰু বৈষ্ণৱীয় সংযোগৰ সহায়ত বৃহত্তৰ হিন্দুসম্প্ৰদায়ৰ অন্তৰ্গত এক সন্মানীয় জাতিগত পৰিচয় লাভ কৰে।
-
মটক জনগোষ্ঠী
মটক জনগোষ্ঠী (Matak) হৈছে অসমৰ এটা পুৰণি জনগোষ্ঠী। ইতিহাসবিদ শ্ৰীষ্টিধৰ দত্তৰ মতে, মৰাণ, চুতীয়া, কছাৰী, বৰাহী, আহোম, কৈৱৰ্ত আদি জনগোষ্ঠীৰ লগতে ব্ৰাহ্মণ, কায়স্থ, কলিতা আৰু বিভিন্ন বৃত্তিজীৱী গোটৰ মায়ামৰা শিষ্যসকলক লৈ বৃহত্তৰ মটক সমাজ গঢ় লৈছিল।
-
মায়ামৰা সম্প্ৰদায়
মায়ামৰা বা মোৱামৰীয়া (Moamariya) সম্প্ৰদায় হৈছে অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক মায়ামৰা সত্ৰৰ শিষ্যসকল। এওঁলোক বিভিন্ন জনগোষ্ঠীৰ যেনে মৰাণ, মটক, চুতীয়া, কছাৰী, আহোম, কৈৱৰ্ত্ত আদি। এই শিষ্যসকল অসমৰ বিভিন্ন ঠাইত বিস্তৃত হৈ আছিল। মোৱামৰীয়া শিষ্যসকলৰ ভিতৰত সংখ্যাগৰিষ্ঠ আছিল মৰাণসকল।
-
অসমৰ জনগোষ্ঠী
ভাৰতীয় সংবিধানত অসমৰ জনজাতিসমূহক অনুসূচিত জনজাতি (পাহাৰ) আৰু অনুসূচিত জনজাতি (ভৈয়াম) দুটা ভাগত বিভক্ত কৰা হৈছে। যিহেতু সমভূমি আৰু সমভূমি অঞ্চলত বাস কৰা পাহাৰীয়া জনজাতিসমূহক বৃহৎ সংখ্যক পাহাৰত বাস কৰা জনজাতিসমূহক নিজ নিজ ঠাইত অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিয়া নহয়, সেয়েহে লোকপিয়লৰ তথ্যই…
-
পাতিৰাভা
পাতি ৰাভা হ'ল ৰাভা ফৈদৰ ভিতৰৰ এটা মুখ্য ফৈদ। পৃথিৱীৰ সৰ্ববৃহৎ ভাষাগোষ্ঠীৰ ভিতৰত মংগোলীয় গোষ্ঠী অন্যতম। অসমত বাস কৰা জনজাতীয় লোকসকলৰ দৰে ৰাভাসকল মংগোলীয় ফৈদৰ বড়ো গোষ্ঠীৰেই এটি জনজাতি।
-
মিঞা জনগোষ্ঠী
Miya people মিঞা (Miya) বা ভাটিয়া, উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য অসমত বসবাস কৰা অবিভক্ত ভাৰতৰ পূৰ্ববঙ্গ মূলীয় বঙালী মুছলমানসকলৰ জনগোষ্ঠীয় পৰিচয়। মিঞাসকল হ'ল বঙালী মুছলমানৰ বংশধৰ যিসকল ব্ৰিটিছ ভাৰতীয় প্ৰদেশত জন্মগ্ৰহণ কৰিছিল, যিটো পৰৱৰ্তী কালত বংগ বিভাজনৰ সময়ত পূৰ্ববঙালীত পৰিণত হয় (১৯০৫)।
-
কেওঁট জনগোষ্ঠী
কেওঁট বা কৈৱৰ্ত জনগোষ্ঠী সংস্কৃত শব্দ ‘কৈৱৰ্ত’ৰপৰা কিৱত আৰু‘কেওঁট’ শব্দৰ সৃষ্টি হৈছিল। অনাৰ্য্য আৰু অষ্ট্ৰিক-মংগোলীয় প্ৰজাতিৰ লোক। এওঁলোক অসমৰ অন্যতম পুৰণি জনগোষ্ঠী। এই জাতিৰ লোকসকল হিন্দুধৰ্মীয়।এই কেওঁটসকল কৰ্ম অনুযায়ী পিছলৈ ‘জালোৱা কেওট’ আৰু ‘হালোৱা কেওট’ আদি উপগোটত বিভক্ত হৈছিল।
-
শৰণীয়া কছাৰী
শৰণীয়া কছাৰী অসমৰ চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ কছাৰী ঠালৰ এটা জনগোষ্ঠী। ১৮৮১ আৰু ১৮৯১ চনৰ লোকপিয়লত সুকীয়াকৈ জনজাতি শ্ৰেণীত বিভক্ত কৰা শৰণীয়াসকল নামনি অসমত শৰণীয়া কছাৰী বুলি পৰিচিত।
-
কোচ জনগোষ্ঠী
কোচ জনগোষ্ঠী (ইংৰাজী: Koch people) বা কোচসকল ভাৰতৰ অসম আৰু মেঘালয় আৰু উত্তৰ বাংলাদেশৰ এটা সীমান্তত বাস কৰা এটা সৰু জনগোষ্ঠী। এই জাতিৰ কিছুলোকে বড়ো-গাৰো ভাষা পৰিয়ালাৰ কোচ ভাষা ব্যৱহাৰ কৰে, আনহাতে আন কিছুমানে স্থানীয় প্ৰজাতিৰ ভাৰত-আৰ্য্য ভাষা ব্যৱহাৰ কৰে। ই ভাৰতৰ মেঘালয়ৰ এটা অনুসূচিত জনজাতি।
-
খাচী জনগোষ্ঠী
খাচী জনগোষ্ঠী হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয়, অসম আৰু বাংলাদেশৰ এটা অষ্ট্ৰো-এছিয়াটিক জনগোষ্ঠী। পূব অংশত, বিশেষকৈ খাচী পাহাৰত, খাচীসকলে সংখ্যাগৰিষ্ঠ জনসংখ্যা গঠন কৰে, য 'ত তেওঁলোকে অঞ্চলটোৰ জনসংখ্যাৰ ৭৪.৩% জনসংখ্যা প্ৰতিনিধিত্ব কৰে।মেঘালয়ৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪৮% তেওঁলোকৰে গঠিত, যাৰ ফলত তেওঁলোক…
-
মেচ জনগোষ্ঠী
মেচ জনগোষ্ঠী দক্ষিণ এছিয়াৰ বড়ো-কছাৰী ঠালৰ জনগোষ্ঠী। ভাৰতৰ অসম আৰু পশ্চিম বংগৰ লগতে নেপালত মেচ সকলৰ বসতি আছে। মেচ সকলৰ প্ৰথম উল্লেখ ত্ৰয়োদশ শতিকাত পোৱা গৈছে। তাত তেওঁলোকক কোচ ৰয় থাৰু সকলৰ লগত উল্লেখ কৰা হৈছিল। মেচ সকল ভাৰতৰ অনুসূচীত জনজাতিৰ মৰ্যাদা লাভ কৰিছে।
-
অসমৰ চৰ-চাপৰিবাসী
অসমৰ চৰ-চাপৰিবাসী বুলি ক'লে নৈ পৰিয়া চাপৰি অঞ্চলত বাস কৰা লোক সকলক বুজা যায়। অসমখন ভাৰতৰ উত্তৰ-পূৱ সীমান্তত অৱস্থিত এখন ৰাজ্য। অসমৰ সোঁ মাজেদি সুবিশাল মহাবাহু ব্ৰহ্মপুত্ৰ নদ পূৱৰ পৰা পশ্চিমলৈ বৈ গৈছে। অসমৰ সভ্যতা, সংস্কৃতি, লুইতৰ লগত গভীৰভাৱে জড়িত।
-
গৰীয়া
গৰীয়া (Goria) অসমৰ এটা খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ আচাৰ-ব্যৱহাৰ, কৃষ্টি-সংস্কৃতি, পৰম্পৰা আদি অসমৰ আন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ পৰা পৃথক নহয়।
-
প্নাৰ জনগোষ্ঠী
প্নাৰ (Pnar) হ’ল ভাৰতৰ মেঘালয়ৰ খাচী লোকসকলৰ এক উপ-জনজাতীয় গোট। তেওঁলোকক জয়ন্তীয়া বুলিও জনা যায়। প্নাৰ লোকসকলৰ সমাজ ব্যৱস্থা মাতৃপ্ৰধান। তেওঁলোকে প্নাৰ ভাষাত কথা কয়, যিটো অষ্ট্ৰো-এচিয়াটিক ভাষা পৰিয়ালৰ অন্তৰ্গত আৰু ই খাচী ভাষাৰ সৈতে যথেষ্ট সাদৃশ্যপূৰ্ণ।
-
বৰ্মন কছাৰী
বৰ্মন কছাৰী দক্ষিণ এছিয়াৰ বড়ো-কছাৰী ঠালৰ জনগোষ্ঠী। ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত বৰ্মন কছাৰী সকলৰ বসতি আছে। বৰ্মন কছাৰী সকল বৰাক উপত্যকাত ডিমাছা জনগোষ্ঠীৰ উপভাগ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত পৃথক গোষ্ঠী।
-
অসমীয়া চীনা
মাকুমৰ অসমীয়া চীনাসকল বা মাকুম জনগোষ্ঠী, যাক ঝোংগুম জনগোষ্ঠী বুলিও কোৱা হয়, ভাৰতৰ অসম ৰাজ্যৰ মাকুম চহৰত বসবাস কৰা জনগোষ্ঠীয় চীনা লোকৰ এটা সৰু সম্প্ৰদায়। বৰ্তমান সমগ্ৰ অসমতে সিঁচৰতি হৈ আছে। এই গোটটো মূলতঃ দুটা সুকীয়া পৰ্যায়ত অসমলৈ প্ৰব্ৰজন কৰা চীনা অনুপ্ৰৱেশকাৰীৰ বংশধৰেৰে গঠিত।
-
অসমৰ বৃত্তিয়াল সম্প্ৰদায়সমূহ
পুৰণি অসমত প্ৰাপ্ত বিভিন্ন অভিলেখ আৰু পুথি-পাঁজিৰ সহায়ত অসম ভূখণ্ডত বসবাস কৰা বিভিন্ন বৃত্তিয়াল সম্প্ৰদায়ৰ বিষয়ে ধাৰণা এটা কৰিব পাৰি।
-
অসমৰ ভূঞাসকল
অসমৰ ভূঞাসকল খৃষ্টীয় ত্ৰয়োদশ শতিকাৰ পৰা সপ্তদশ শতিকামানলৈ অসমৰ বিভিন্ন ঠাইত সৰু সৰু ৰাজ্য শাসন কৰা এক জনগোট আছিল৷ এই ভূঞা জনগোটৰ কেইবাটাও ফৈদ আছিল৷ তেওঁলোক কনৌজৰ পৰা অসমলৈ আহে৷ ভূঞাসকলে কোনো এটা জাতিক প্ৰতিনিধিত্ব কৰা নাছিল৷ তেওঁলোকৰ মাজত ব্ৰাহ্মণ, কলিতা(কায়স্থ) আৰু কিছুমান মুছলমান মানুহো ভূঞা…