সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অচাৰিয়া
অচাৰিয়া (সিংহলী: ඔසරිය) বা কাণ্ডিয়ান সাজ-পাৰ হৈছে শ্ৰীলংকাৰ সিংহলী লোকসকলৰ পৰম্পৰাগত সাজ-পাৰ আৰু ইয়াক শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় সাজ-পাৰ হিচাপে গণ্য কৰা হয়।
-
অনাৰকলি কৌৰ হনাৰায়ৰ
আনাৰকলি কৌৰ হনাৰায়ৰ (Anarkali Kaur Honaryar) এগৰাকী শিখ আফগান ৰাজনীতিবিদ।তেখেত এগৰাকী মহিলা অধিকাৰ কৰ্মী আৰু এগৰাকী দন্ত চিকিৎসক। আফগানিস্তানত মাত্ৰ প্ৰায় ৩০ হাজাৰ শিখ আৰু হিন্দু আছিল৷ তাৰ ভিতৰত অনাৰকলি কৌৰ হনাৰায়ৰ অন্যতম। আফগানিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ তেওঁ প্ৰথমগৰাকী অ-মুছলমান সদস্য।
-
অনিচি
অনিচি (Nüoshi) বুলিও কোৱা হয় (Nüoshi) হৈছে কল’কেচিয়া প্ৰজাতিৰ কিম্বন কৰা পাতৰপৰা তৈয়াৰী নগা সুস্বাদু খাদ্য। অনিচি বনাবলৈ তাৰো পাতবোৰ গুণি বেগ বা কলৰ পাতত প্ৰায় ৩-৪ দিন মেৰিয়াই পেষ্ট কৰা হয়, সাধাৰণতে নিমখ আৰু অন্যান্য মচলাৰ সৈতে, তাৰ পিছত চেপি পিঠাৰ দৰে কৰি জুইত ধোঁৱা দি বা ৰ'দত শুকুৱাই ক’লা…
-
অপৰাজিতা গোপ্পী
অপৰাজিতা গোপ্পী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৩ চনত অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হয়। ২০০৯ চনলৈকে পশ্চিম বংগত দলটোৰ সচিবালয়ৰ সদস্য আছিল। ২০০০ চনলৈকে তেওঁ আছিল ৰাজ্যিক দলৰ সৰ্বোচ্চ পদবীৰ মহিলা। তেওঁ দলটোৰ মহিলা শাখা অল ইণ্ডিয়া প্ৰগ্ৰেছিভ উইমেনছ এছ’চিয়েশ্যনৰ সভানেত্ৰী।
-
অশোকা গুপ্তা
অশোকা গুপ্তা (Ashoka Gupta; ১৯১২ নৱেম্বৰ – ৮ জুলাই ২০০৮) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী আছিল। তেওঁ মহিলা সেৱা সমিতিৰ প্ৰতিষ্ঠাপক, সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সদস্য আৰু ইণ্ডিয়ান ছ'চাইটি ফৰ স্পনছৰশ্বিপ এণ্ড এডপচনৰ সভানেত্ৰী আছিল।
-
অসমীয়া যুৱ উন্নয়ন পৰিষদ
অসমীয়া যুৱ উন্নয়ন পৰিষদ(ইংৰাজীত চমুকৈ AYDC) অসমৰ এক ছাত্ৰ সংগঠন।
-
অসমৰ জনগণ
অসমৰ জনগনই বহুজাতিক, বহুভাষিক আৰু বহুধৰ্মীয় সমাজত বাস কৰে। তেওঁলোকে চাৰিটা মুখ্য ভাষা গোটৰ ভাষা কয়: তিব্বত-বৰ্মীয়, ইন্দো-আৰ্য, টাই-কাদাই, আৰু অষ্ট্ৰোচিয়াটিক। বৃহৎ সংখ্যক জাতিগত আৰু ভাষিক গোট, জনসংখ্যাৰচনা ইয়াক "ক্ষুদ্ৰ ৰূপত ভাৰত" বুলি কোৱা হৈছেে।
-
অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ
অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়।
-
অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয়
অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয় ৰাজ্যখনৰ একমাত্ৰ ৰাজ্যিক বিশ্ববিদ্যালয়।
-
অৰুণোদয় বিশ্ববিদ্যালয়
অৰুণোদয় বিশ্ববিদ্যালয় এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ ৰাজধানী চহৰ ইটানগৰত অৱস্থিত।
-
আকাদেমী ফ্ৰঁচেজ
আকাদেমী ফ্ৰঁচেজ (Académie française, ), যাক ফৰাচী আকাদেমী বুলিও জনা যায়, হৈছে ফৰাচী ভাষা সম্পৰ্কীয় বিষয়সমূহৰ বাবে মুখ্য ফৰাচী পৰিষদ। ১৬৩৫ চনত ৰজা লুই ত্ৰয়োদশৰ প্ৰধানমন্ত্ৰী কাৰ্দিনাল ৰিশ্ব্যলিয়ৰ দ্বাৰা আধিকাৰিকভাৱে এই ‘আকাদেমী’ প্ৰতিষ্ঠা কৰা হৈছিল।
-
আগিয়া মহাবিদ্যালয়
আগিয়া মহাবিদ্যালয় (Agia College) নামনি অসমৰ গোৱালপাৰা জিলাৰ অন্তৰ্গত আগিয়া আৰু সোলমাৰীৰ মাজত অৱস্থিত কলা শাখাৰ এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৯৬ চনৰ ২২ আগষ্ট তাৰিখে প্ৰতিষ্ঠা কৰা হৈছে। আৰু ইয়াক ২০২১ চনত প্ৰাদেশিকীকৰণ কৰা হৈছে।
-
আগুয়াৰা
আগুয়াৰা আমাজন অঞ্চলৰ আভা গুয়াৰানি আৰু চানে পৌৰাণিক কাহিনীত বৰ্ণিত এটা পৌৰাণিক শিয়াল। মৌখিক পৰম্পৰাত আগুয়াৰা ভাষাৰ প্ৰত্যয় টুনপা ('পবিত্ৰ') আৰু ইয়াক আগুয়াৰা-টুনপা বুলি কোৱা হয়।
-
আছ-ছুন্না ফাউণ্ডেশ্যন
আছ-ছুন্নাহ ফাউণ্ডেচন হৈছে বাংলাদেশৰ অৰাজনৈতিক আৰু অলাভজনক ধৰ্মীয় সংগঠন। ইয়াত শিক্ষা, ইছলামিক দ’ৱাহ আৰু মানৱ কল্যাণকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। ২০১৭ চনত শ্বেখ আহমদুল্লাই প্ৰতিষ্ঠা কৰিছিল আৰু আৰম্ভণিৰে পৰাই অধ্যক্ষ হিচাপে পৰিচালনা কৰি আহিছে।
-
আছামা ভাইৰাচ
আছামা ভাইৰাছ (ASAV) আৰ এন এ হাণ্টাভাইৰাছৰ এটা প্ৰকাৰ আৰু ই একক ডালযুক্ত, আৱৰণযুক্ত, খণ্ডিত ঋণাত্মক সংবেদনশীল। জাপানত জাপানীজ শ্ৰু মোলৰপৰা হাণ্টাভাইৰাছ পৃথক কৰা হৈছিল। হাণ্টাভাইৰাছৰ বিৱৰ্তনৰ ইতিহাসৰ ওপৰত চিন্তাধাৰা ASAV আৱিষ্কাৰৰ বাবে সম্প্ৰসাৰিত হৈছে।
-
আজিজা ছিদ্দিকী
আজিজা ছিদ্দিকী (জন্ম-প্ৰায় ১৯৮৩) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী। তেওঁ আফগান বেচৰকাৰী সংগঠন একচন এইডৰ সৈতে মহিলা অধিকাৰ সমন্বয়ক আছিল৷ য'ত তেওঁ গ্ৰাম্য আফগান মহিলাসকলৰ পৰিস্থিতিৰ ওপৰত গৱেষণা কৰিছিল আৰু তেওঁলোকৰ অধিকাৰৰ বিষয়ে জ্ঞান দিছিল৷ ইয়াৰ লগতে তেওঁৰ কামৰ বাবে ব্যক্তিগতভাৱে ভাবুকি পোৱাৰ পিছতো…
-
আডা প্ৰধমন
আডা প্ৰধমন (ইংৰাজী: Ada pradhaman) হৈছে এক পৰম্পৰাগত কেৰালেট মিঠাই, যি চাউলৰ আডা (চাউলৰ পাষ্টা বা ফ্লেকছ) আৰু সিজাই লোৱা নাৰিকলৰ গাখীৰ তথা গুড়ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ভাৰতৰ কেৰালা ৰাজ্যৰ ঘৰবোৰত বিশেষকৈ ওনাম উৎসৱৰদিনা আডা প্ৰধমন প্ৰস্তুত কৰা হয়।
-
আদিবাসী লোক কলা একাডেমী
আদিবাসী লোক কলা একাডেমী হ'ল জনজাতীয় কলাক উৎসাহিত, সংৰক্ষণ আৰু বিকাশৰ উদ্দেশ্যেৰে ১৯৮০ চনত মধ্যপ্ৰদেশ চৰকাৰে প্ৰতিষ্ঠা কৰা এটা সাংস্কৃতিক অনুষ্ঠান। ই জনজাতীয় লোককলাৰ ওপৰত জৰীপ চলায়, কাৰ্যসূচী আয়োজন কৰে তথা গ্ৰন্থ আৰু সামগ্ৰী প্ৰকাশ কৰে।
-
আনফু হেম
আনফু হেম হৈছে চীনৰ জিয়াংক্সি প্ৰদেশৰ আনফু চহৰত উৎপত্তি হোৱা একপ্ৰকাৰৰ নিমখ দি শুকুৱাই সংৰক্ষিত কৰা হেম (গাহৰিৰ পিছফালৰ মঙহ)। ইয়াৰ ৰং হালধীয়া আভাযুক্ত ৰঙা হয়। এই হেমৰ চালখন পাতল, কিন্তু ইয়াৰ মঙহখিনি ডাঠ। মঙহখিনিত নিমখ দি আৰু ধোঁৱাত শুকুৱাই ইয়াৰ বিশেষ সোৱাদ তৈয়াৰ কৰা হয়।
-
আন্তঃৰাষ্ট্ৰীয় তাত্বিক বিজ্ঞান কেন্দ্ৰ
আন্তঃৰাষ্ট্ৰীয় তাত্বিক বিজ্ঞান কেন্দ্ৰ (ইংৰাজী: International Centre for Theoretical Sciences) টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা স্থাপিত এটা বিজ্ঞান গৱেষণা কেন্দ্ৰ। এই কেন্দ্ৰৰ নিৰ্মীয়মান চৌহদ বাংগালোৰৰ হেছাৰাঘাটা অঞ্চলত অৱস্থিত।
-
আন্তৰ্জাতিক মহিলা মঞ্চ
১৯৭৪ চনত নিউয়ৰ্কৰ মহিলা মঞ্চ হিচাপে প্ৰতিষ্ঠা হোৱা আন্তৰ্জাতিক মহিলা মঞ্চ (IWF) হৈছে প্ৰায় ৭,৮০০ আমন্ত্ৰণমূলক সদস্যৰে গঠিত মহিলা সংগঠন। ইয়াৰ মিছন হৈছে "আজি আৰু কাইলৈৰ মহিলা নেত্ৰীসকলক সমৰ্থন কৰা।" আই ডব্লিউ এফে মহিলাৰ সমস্যাসমূহৰ ওপৰত প্ৰতি বছৰে দুখন সন্মিলন আয়োজন কৰে আৰু ই মহিলাসকলৰ বাবে…
-
আমুৰ ভাইৰাচ
আমুৰ ভাইৰাছ (AMRV) এটা জুনোটিক নেগেটিভ-চেন্স একক-ডাল আৰ এন এ ভাইৰাছ। ই অৰ্থ’হাণ্টাভাইৰাছ প্ৰজাতিৰ সদস্য হ’ব পাৰে, কিন্তু ইয়াক নিৰ্দিষ্টভাৱে প্ৰজাতি হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই আৰু ই কেৱল এটা প্ৰজাতিও হ’ব পাৰে। ইয়াক ৰেনাল চিনড্ৰমৰ সৈতে ৰক্তক্ষৰণজনিত জ্বৰৰ কাৰণ হিচাপে চিনাক্ত কৰা হৈছে।
-
আল-আমিন এডুকেশ্বনেল চ’ছাইটি
আল-আমিন এডুকেশ্যনেল ছ’চাইটি ১৯৬৬ চনত সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ শিক্ষাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বাংগালুৰু চহৰত আৰম্ভ কৰা হৈছিল। মুমতাজ আহমেদ খান আল-আমিন এডুকেচনেল ছ'চাইটিৰ প্ৰতিষ্ঠাপক।
-
আলভি
আলভি দক্ষিণ এছিয়াৰ এটা আলিদ মুছলমান সম্প্ৰদায়। ইছলামিক হজৰত মহম্মদৰ খুলশালীয়েক, সংগী আৰু জোঁৱাই আছিল চতুৰ্থ ৰছিদুন খলিফা আলী ইবনে আবি তালিবৰ বংশধৰ, তেওঁৰ পত্নীসকলৰ জৰিয়তে যিসকলক তেওঁ নবীৰ কন্যা ফাতিমা বিন্ত মুহাম্মাদ মৃত্যুৰ পাছত বিয়া কৰাইছিল।
-
আৰ্গন (পোশাক)
ভাৰতীয় উপমহাদেশ, আধুনিক ভাৰত আৰু বাংলাদেশৰ হাজং মহিলাসকলে পিন্ধা পৰম্পৰাগত চাদৰ সদৃশ কাপোৰ হৈছে আৰ্গন ( আগন, অগ্ৰুণ বা পাৰ্ছা বুলিও জনা যায়)। আগন দুই প্ৰকাৰৰ এটা সাধা আগন আৰু ফুলৗ আগন (ফুলা আগন) মানে সাধা আগন হৈছে ফুল নথকা আৰু ফুলৗ আগন মানে ফুল থকা।
-
ইউনিয়ন খ্ৰীষ্টান কলেজ, মেঘালয়
ইউনিয়ন খ্ৰীষ্টান কলেজ, মেঘালয় এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। এইখন মেঘালয়ৰ শ্বিলংত অৱস্থিত। মহাবিদ্যালয়খন ১৯৫২ চনত স্থাপন কৰা হৈছে। এইখন নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ সৈতে জড়িত হৈ আছে।
-
ইণ্ডিয়া ছামাৰ
ইণ্ডিয়া ছামাৰ এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু নগ্ন মডেল আৰু এভিএন আৰু এক্সআৰচিঅ’ হলছ অৱ ফেমৰ সদস্য। তেওঁৰ মঞ্চ নামটো ভাৰতীয় গ্ৰীষ্মকালীন বাক্যাংশৰ আধাৰত ৰখা হৈছে৷ ইয়াৰ উপৰিও তেওঁৰ মূলসুঁতিৰ অভিনয়ৰ ক্ৰেডিট আছে।
-
ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচন, নতুন দিল্লী
ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচন ১৯৫৪ চনত স্থাপিত হৈছিল। ইহ ভাৰত চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰ্যালয়ৰ অধীনত এক গৱেষণা আৰু প্ৰশিক্ষণ সংস্থা।এইখন অনুষ্ঠানে ভাৰতৰ ৰাজহুৱা প্ৰশাসন আৰু শাসন-ব্যৱস্থাৰ সৈতে জড়িতসকলক প্ৰশিক্ষণ আৰু গৱেষণাত সহায় কৰে।
-
ইলা লোধ
ইলা লোধ (Ela Lodh/Ila Loadh;২০২১ চনত ৭৯ বছৰ বয়সত মৃত্যু হয় ) এগৰাকী ভাৰতীয় প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ আছিল। তেওঁ ২০২০ চনৰ নাৰী শক্তি পুৰস্কাৰ মৰণোত্তৰভাৱে ২০২২ চনৰ ৮ মাৰ্চত লাভ কৰে।
-
উইলিয়াম কেৰী বিশ্ববিদ্যালয়
উইলিয়াম কেৰী বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যৰ শ্বিলংত অৱস্থিত। বিশ্ববিদ্যালয়খন উইলিয়াম কেৰী এক্ট ২০০৫ (গেজেট অৱ মেঘালয় নং ৭৬)ৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছে। এই আইনৰ জৰিয়তেই বিশ্ববিদ্যালয়খন বেপ্টিষ্ট মিছনেৰী উইলিয়াম কেৰীৰ সন্মানত নামকৰণ কৰি প্ৰতিষ্ঠা কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল।