শস্য
২২ প্ৰবন্ধ
-
ধান
ধান হৈছে এবিধ খাদ্যশস্য। অসমৰ লগতে ভাৰত তথা প্ৰাচ্যৰ বিভিন্ন দেশত জনপ্ৰিয় ধানৰ প্ৰজাতিটো হৈছে Oryza sativa, যাক সচৰাচৰ এছিয় ধান (Asian rice আৰু চমুকৈ Rice) বোলা হয়। ধান উষ্ণ জলবায়ুত, বিশেষকৈ পূব-এছিয়াত বহুলভাৱে খেতি কৰা হয়। Rice শব্দটো তামিল ভাষাৰ আৰিছি শব্দৰপৰা অহা।
-
চাউল
চাউল (Rice) হৈছে অৰাইজা ছেটিভা (Oryza sativa, এছিয়ান ধান) বা সচৰাচৰ কম ব্যৱহাৰ হোৱা অৰাইজা গ্লেবেৰিমা (Oryza glaberrima, আফ্ৰিকান ধান) নামৰ ঘাঁহজাতীয় উদ্ভিদ প্ৰজাতিৰ বীজ।
-
গম
গম বা ঘেঁহু (Wheat) ভাৰতৰ দ্বিতীয় প্ৰধান শস্য। উত্তৰ আৰু পশ্চিম ভাৰতৰ ই প্ৰধান খাদ্য শস্য। আন খাদ্য বস্তুতকৈ গম খাদ্য হিচাপে বেছি পুষ্টিকাৰক। গম এবিধ শীতকালীন ৰবি শস্য।
-
বৰা চাউল
বৰা চাউল ঘাইকৈ পূব আৰু দক্ষিণ-পূব এচিয়াৰ দেশসমূহত উৎপাদিত হোৱা এবিধ চাউল। সিজালে এই চাউলবিধ আঠাযুক্ত হয়। অসমৰ বাহিৰেও এচিয়াৰ বিভিন্ন দেশ যেনে চীন, থাইলেণ্ড, ইণ্ডোনেচিয়া, বাৰ্মা (ম্যানমাৰ), বাংলাদেশ আদিত বৰা চাউলৰ ৰন্ধন প্ৰকৰণৰ বিশেষ প্ৰচলন আছে।
-
তিল
তিল (; বৈজ্ঞানিক নাম Sesamum indicum) এবিধ Sesamum গোত্ৰৰ ফুলৰ গছ। ইয়াৰ ওচৰ সম্বন্ধীয় উদ্ভিদ আফ্ৰিকাত যথেষ্ট পোৱা যায়। ভাৰততো ইয়াৰ কিছু জাতিত দেখা যায়। খোৱা বীজ হিচাপে ব্যৱহাৰ হোৱা তিল বিষুৱ অঞ্চলত যথেষ্ট পৰিমাণে খেতি হয়।
-
মৰাপাট
মৰাপাট হৈছে এক দীঘল, খহটা, চিকমিকীয়া বাকলি আঁহ যাক সূতা কাটি শক্তিশালী, মোটা সূতা তৈয়াৰ কৰিব পাৰি। ই Malvaceae পৰিয়ালৰ Corchorus গণৰ পুষ্পী উদ্ভিদৰপৰা উৎপন্ন হয়। আঁহৰ মূল উৎস হৈছে Corchorus olitorius, কিন্তু এনে আঁহক Corchorus capsularisৰপৰা পোৱা আঁহতকৈ নিম্নমানৰ বুলি গণ্য কৰা হয়।
-
মাকৈ
মাকৈ (Maize, হিন্দী: মক্কা, বাংলা: ভুট্টা) হৈছে একপ্ৰকাৰ গ্ৰীষ্মকালীন খাদ্যশস্য, যাক বৈজ্ঞানিকভাৱে Zea mays নামেৰে জনা যায়। ই ঘাঁহ পৰিয়ালৰ অন্তৰ্গত আৰু মানুহৰ খাদ্য, পশুখাদ্য, আৰু উদ্যোগিক কেঁচামাল হিচাপে বিশ্বজুৰি বহুলভাৱে ব্যৱহৃত। মাকৈৰ গৰাকী বুলি মায়াক কোৱা হয়।
-
বুট
বুট (বৈজ্ঞানিক নাম:Cicer arietinum) হৈছে এবিধ মাহজাতীয় খাদ্যশস্য। ই হৈছে ফেবেচিয়া (Fabaceae) পৰিয়ালৰ অন্তৰ্গত ফেবইডিয়া (Faboideae) উপ−পৰিয়ালৰ এবিধ একবাৰ্ষিক উদ্ভিদ।
-
যৱ
যৱ (ইংৰাজী: Barley (বাৰ্লি), বৈজ্ঞানিক নাম: Hordeum vulgare), বিশ্বজুৰি নাতিশীতোষ্ণ জলবায়ুত উৎপাদিত এটা প্ৰধান শস্য, যি ঘাঁহ পৰিয়ালৰ সদস্য। প্ৰথম খেতি কৰা শস্যৰ ভিতৰত ই অন্যতম আছিল। খ্ৰীষ্টপূৰ্ব ৯০০০ চনত যৱ খেতি কৰা হৈছিল বুলি অনুমান কৰা হয়।
-
বাদাম
বাদাম হৈছে এক প্ৰকাৰৰ খাদ্য, যাক সাধাৰণতে বীজ ৰূপে খোৱা হয় আৰু যাৰ ওপৰত এক কঠিন আৱৰণ থাকে। যদিও বহু প্ৰকাৰৰ বীজ আৰু ফলক সাধাৰণ কথোপকথনত "বাদাম" বুলি কোৱা হয়, উদ্ভিদবিদ্যাৰ দৃষ্টিকোণত কেৱল বিশেষ ধৰণৰ ফলবোৰহে প্ৰকৃত বাদাম হিচাপে গণ্য কৰা হয়।
-
জহা চাউল
জহা চাউল হৈছে চুটি বা মধ্যম আকাৰৰ এবিধ সুগন্ধি চাউল। অসমৰ মাটি আৰু জলবায়ু জহাধানৰ বাবে উপযোগী হোৱাৰ হেতুকে চাউলবিধ মূলতঃ অসমতেই উৎপাদিত হয়। জহা চাউলত যথেষ্ট পৰিমাণে প্ৰাকৃতিক সুগন্ধি ২-এচিটাইল-১-পাইৰ’লাইন নিহিত হৈ থকাৰ বাবে চাউলবিধ নিজস্ব গোন্ধযুক্ত হয়।
-
জোৱাৰ
জোৱাৰ (Sorghum, হিন্দী: বজ্ৰা, বৈজ্ঞানিক নাম: Sorghum bicolor) খেতি কৰা হয় মানুহৰ খাদ্য, পশুৰ খাদ্য, ইথানল উৎপাদন, সুৰা প্ৰস্তুত কৰা আদি বিভিন্ন কামৰ বাবে। ই একবৰ্ষীয় উদ্ভিদ। জোৱাৰৰ উৎপত্তি আফ্ৰিকাত হৈছিল, আৰু বৰ্তমান ইয়াৰ খেতি গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অঞ্চলত ব্যাপকভাৱে কৰা হয়।
-
কোমল চাউল
কোমল চাউল অসমত উৎপাদিত হোৱা একপ্ৰকাৰৰ চাউল। সাধাৰণতে চকোৱা, নানিয়া বা তেনেধৰণৰ ধানৰ পৰা কোমল চাউল উৎপাদন কৰা হয়। এই চাউল নিসিজোৱাকৈ খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি বাবেই বিশেষ সমাদৰ লাভ কৰিছে।
-
বোকা চাউল
বোকা চাউল নামনি অসমত উৎপাদিত হোৱা একপ্ৰকাৰৰ কোমল চাউল। এই চাউল নিসিজোৱাকৈ খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি বাবেই বিশেষ সমাদৰ লাভ কৰিছে। কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই ললে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়ালে এই চাউল খোৱাৰ বাবে উপযোগী হৈ পৰে। ২০১৮ চনত এই চাউলে ভৌগোলিক স্বীকৃতি লাভ কৰে।
-
চকোৱা চাউল
চকোৱা চাউল বা চকোৱা ধান অসমৰ বিভিন্ন ঠাইত উৎপাদিত এবিধ থলুৱা জাতৰ শালিধান। এই চাউলবিধত এমিলুজ উপাদান (শৰ্কৰা অণু) তুলনামূলকভাৱে কম পৰিমাণে পোৱা যায়। আন চাউলসমূহত এমিলুজ উপাদান ২০-২৭% হোৱাৰ পৰিৱৰ্তে চকোৱা চাউলত এই পৰিমাণ ১২-১৭% হয়। চকোৱা চাউল কিছু পৰিমাণে আঠাজাতীয় হয়।
-
খাদ্যশস্য
খাদ্যশস্য (Cereal) বা হৈছে ঘাঁহ জাতীয় উদ্ভিদৰ এনে বীজ যাক খাদ্যৰূপে ব্যৱহাৰ কৰা হয়। এই শস্যবোৰ Poaceae বা Gramineae পৰিয়ালৰ অন্তৰ্গত উদ্ভিদৰ পৰা আহে। খাদ্যশস্য বিশ্বজনীনভাৱে মানৱ জাতিৰ বাবে শক্তিৰ মুখ্য উৎস হিচাপে বিবেচিত।
-
ৰাই
ৰাই (Secale cereale) হৈছে একপ্ৰকাৰ শস্য। ইয়াক মূলতঃ পূব আৰু উত্তৰ ইউৰোপৰ পৰা ৰাছিয়ালৈকে খেতি কৰা হয়। এই শস্য ঠাণ্ডা বতৰৰ অঞ্চলবোৰত উপযোগী; ইয়াৰ জোৰদাৰ বৃদ্ধিয়ে অপতৃণ দমন কৰে আৰু বছৰৰ আৰম্ভণিতে জীৱ-জন্তুৰ বাবে প্ৰচুৰ খাদ্যৰ যোগান ধৰে। ই ঘেঁহু আৰু যৱ জাতীয় শস্য।
-
অ'ট
অ'ট বা জই (Oat) এবিধ খাদ্যশস্য। ই ঘেঁহু, যৱ, ৰাই আদি শস্যজাতীয় শস্যতকৈ ই ঠাণ্ডা শীতকাল কম সহ্য কৰে। অ'ট উৎপাদনৰ গ্ৰীষ্মকালীন তাপ কম আৰু অধিক বৰষুণৰ প্ৰয়োজন হয়, যাৰ বাবে উত্তৰ-পশ্চিম ইউৰোপৰ দৰে অঞ্চলত ই গুৰুত্বপূৰ্ণ হৈ পৰে, য'ত শীতল, ভিজা গ্ৰীষ্ম থাকে।
-
কণী ধান
কণী ধান ( Foxtail Millet) (বৈজ্ঞানিক নাম: Setaria italica; সমাৰ্থক Panicum italicum L.), মানুহৰ খাদ্যৰ বাবে খেতি কৰা এবিধ বাৰ্ষিক শস্য। ই দ্বিতীয় সৰ্বাধিক ৰোপণ কৰা বজৰাৰ এটা প্ৰজাতি আৰু এছিয়াত সৰ্বাধিক উৎপাদিত বজৰাৰ প্ৰজাতি।
-
ইণ্ডোনেছিয়াত ধান উৎপাদন
ইণ্ডোনেছিয়াত ধান উৎপাদন ৰাষ্ট্ৰীয় অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ। ইণ্ডোনেছিয়া বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম ধান উৎপাদনকাৰী দেশ। ইণ্ডোনেছিয়াৰ খাদ্যত চাউল প্ৰধান খাদ্য, গড় খাদ্যৰ আধাতকৈ অধিক কেলৰিৰ পৰিমাণ আৰু ১৯৮০ চনৰ শেষৰ ফালে প্ৰায় ২ কোটি পৰিয়ালৰ অৰ্থাৎ প্ৰায় ১০ কোটি লোকৰ জীৱিকাৰ উৎস।
-
ভাৰতত ঘেঁহু উৎপাদন
ভাৰতৰ আটাইতকৈ বেছি ঘেঁহু উৎপাদন হয় ইণ্ডো-গংগা সমভূমিৰ উত্তৰ-পশ্চিম অংশত। ভাৰত হৈছে বিশ্বৰ দ্বিতীয় বৃহৎ ঘেঁহু উৎপাদক দেশ। জলবায়ু পৰিৱৰ্তনে ভাৰতৰ ঘেঁহু উৎপাদনত প্ৰভাৱ পেলাইছে। ভাৰতে ঘেঁহু ৰপ্তানি নিষিদ্ধ কৰিছে।
-
মহীশূৰৰ পাণ
মহীশূৰৰ পাণ মহীশূৰ অঞ্চল আৰু ইয়াৰ আশে-পাশে উৎপাদিত হৃদয় আকৃতিৰ একপ্ৰকাৰৰ পাণ। ইয়াক তামোল বা চুপাৰিৰ লগত বা পান হিচাপে, ধঁপাতৰ সৈতে বা ধঁপাত নোহোৱাকৈ সেৱন কৰা হয়। পৰম্পৰাগতভাৱে সন্মান আৰু শুভ আৰম্ভণিৰ চিন হিচাপে পাণৰ গোট এটা আগবঢ়োৱা হয়।