অনুষ্ঠান প্ৰতিষ্ঠান
৯১ প্ৰবন্ধ
-
ভাৰতীয় গণনাট্য সংঘ
ভাৰতীয় গণনাট্য সংঘ ( Indian People's Theatre Association, IPTA) ভাৰতৰ থিয়েটাৰ শিল্পীসকলৰ আটাইতকৈ পুৰণি সংস্থা। ব্ৰিটিছৰ শাসন কালত ১৯৪৩ চনত গণনাট্য সংঘ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে সম্পৰ্কিত বিষয়-বস্তুৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিছিল।
-
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ইং: Akhil Bharatiya Vidyarthi Parishad ),সৰ্বভাৰতীয় পৰ্যায়ত শিক্ষাৰ ক্ষেত্ৰত কৰ্মৰত সোপন্থী ছাত্ৰ সংগঠন। অ ভা বি প ৰ প্ৰতিষ্ঠা হৈছিল ১৯৪৮ চনত আৰু পিছলৈ ১৯৪৯ চনৰ ৯ জুলাই তাৰিখে আনুষ্ঠানিক ভাৱে পঞ্জীভুত হয়। ই ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন।
-
বিদ্যা ভাৰতী
বিদ্যা ভাৰতী (Vidya Bharati; সম্পূৰ্ণ নাম: বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান) হৈছে সমগ্ৰ ভাৰতত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ ঘটোৱা এটা বেচৰকাৰী শৈক্ষিক অনুষ্ঠান। ই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ এক ভগ্নী অনুষ্ঠান।
-
দ্য এছিয়াটিক ছ'ছাইটি
এচিয়াটিক চছাইটি হৈছে ভাৰতত কোম্পানীৰ শাসনকালত প্ৰতিষ্ঠা কৰা ভাৰত চৰকাৰৰ এক সংগঠন, যাৰ দ্বাৰা "প্ৰাচ্য গৱেষণা"ৰ কাৰণ বৃদ্ধি কৰা আৰু ভাৰত আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলবোৰৰ ওপৰত গৱেষণা আগবঢ়োৱা।
-
অসমীয়া সাহিত্য সন্মিলনী
অসমীয়া সাহিত্য সন্মিলনীৰ জন্ম ২০১৩ চনৰ ১০ ফেব্ৰুৱাৰীত। অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ বিকাশ, প্ৰসাৰ-প্ৰচাৰ আৰু চৰ্চাৰ হেতুকে নগাঁও জিলাত এই জাতীয় অনুষ্ঠানৰ জন্ম হয়।
-
আত্মসহায়ক গোট
আত্মসহায়ক গোট (Self-help group বা চমুকৈ SHG) হৈছে এক গ্ৰম্যাঞ্চলৰ স্থানীয় মহিলাসকলৰ বা কোনো কোনো ক্ষেত্ৰত পুৰুষসকলৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এক সমমাত্ৰিক গোট। সাধাৰণতে এনে গোটবোৰ চৰকাৰৰ ১৮ৰ পৰা ৪০ বছৰৰ বয়সৰ ১০ৰ পৰা ২০ গৰাকী স্থানীয় মহিলা বা পুৰুষৰ দ্বাৰা গঠিত।
-
ভাৰত বতৰ বিজ্ঞান বিভাগ
ভাৰত বতৰ বিজ্ঞান বিভাগ (India Meterological Department, IMD) ভাৰত চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ অধীনস্থ এটা ভাৰতীয় সংস্থা। বতৰ বিজ্ঞান পৰ্যবেক্ষণ, বতৰ পূৰ্বাভাস আৰু ভূমিকম্প বিজ্ঞানৰ বাবে ই প্ৰধান সংস্থা। আই এম ডিৰ মুখ্য কাৰ্যালয় দিল্লীত আছে।
-
হৰিজন সেৱক সংঘ
হৰিজন সেৱক সংঘ হৈছে ১৯৩২ চনত মহাত্মা গান্ধীৰ দ্বাৰা গঠিত এটি অলাভজনক সামাজিক সংস্থা। ই ভাৰতৰ অস্পৃশ্যতা দূৰীকৰণ, হৰিজন বা দলিত লোকসকলৰ বাবে তথা হতাশাগ্ৰস্ত সকলৰ উন্নতিৰ হকে কাম কৰে। দিল্লীৰ কিংচ্ৱে কেম্পত ইয়াৰ মুখ্য কাৰ্য্যালয় আৰু ভাৰতৰ ২৬খন ৰাজ্যত ইয়াৰ শাখা কাৰ্য্যালয় আছে।
-
গ্ল’বেল ফাণ্ড ফৰ উইমেন
গ্ল’বেল ফাণ্ড ফৰ উইমেন হৈছে মহিলাৰ মানৱ অধিকাৰৰ পদক্ষেপৰ বাবে ধন আগবঢ়োৱা এক অলাভজনক ফাউণ্ডেশ্যন। ১৯৮৭ চনত নিউজিলেণ্ডৰ এন্নে ফাৰ্থ মাৰেই প্ৰতিষ্ঠা কৰিছিল, আৰু ফ্ৰান্সিছ কিছলিং আৰু ল’ৰা লেডাৰেৰে বিশ্বজুৰি মহিলাৰ পদক্ষেপৰ বাবে পুঁজিৰ বাবে সহযোগীভাৱে প্ৰতিষ্ঠা কৰিছিল।
-
বিশ্ব বতৰ বিজ্ঞান সংস্থা
বিশ্ব বতৰ বিজ্ঞান সংস্থা World Meteorological Organization(WMO) হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা যিয়ে বায়ুমণ্ডল বিজ্ঞান, জলবায়ুবিজ্ঞান, জল বিজ্ঞান আৰু ভূপদাৰ্থ বিজ্ঞানৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা প্ৰসাৰিত কৰাৰ বাবে দায়বদ্ধ।
-
অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন
অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন (AISA) ভাৰতৰ এটা বাঁওপন্থী ছাত্ৰ সংগঠন। ই নিজকে "উগ্ৰবাদী ছাত্ৰ আন্দোলনৰ কণ্ঠ" বুলি বৰ্ণনা কৰে আৰু ই ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) মুক্তিৰ সৈতে জড়িত। এই সংস্থাটো পূৰ্বে আই পি এফৰ সৈতে জড়িত আছিল।
-
অসম শঙ্কৰ মিশ্যন
অসম শঙ্কৰ মিশ্যন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটি অনুষ্ঠান।বিভিন্ন সমাজ সংস্কাৰমূলক কাম কৰি থকা এই মিশ্যনৰ প্ৰতিষ্ঠাতা আছিল ৰমাকান্ত মুক্তিয়াৰ আতা আৰু হলধৰ ভূঞা।
-
প্ৰাচীন মিথিলা বিশ্ববিদ্যালয়
গংগা সমভূমিৰ কাষেৰে বৈদিক আৰু ব্ৰাহ্মণ্য সংস্কৃতিৰ পূব দিশলৈ সম্প্ৰসাৰণৰ লগে লগে মিথিলাত আৰম্ভ হৈছিল, সংস্কৃত আৰু বৈদিক শিক্ষা, যাক বৈদিক অধ্যয়ন বুলিও কোৱা হয়।
-
বিবেকানন্দ কেন্দ্ৰ
বিবেকানন্দ কেন্দ্ৰ হৈছে স্বামী বিবেকানন্দৰ আদৰ্শৰে পৰিচালিত এটা হিন্দু আধ্যাত্মিক সংগঠন। শ্ৰী একনাথ ৰানাডেই ১৯৭২ চনৰ ৭ জানুৱাৰীত ভাৰতবৰ্ষৰ তামিলনাডু ৰাজ্যৰ কন্যাকুমাৰীত ইয়াক প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ বৰ্তমানৰ সভাপতি হৈছে পি পৰমেশ্বৰম।
-
বিৰাগো প্ৰেছ
বিৰাগো প্ৰেছ মহিলাৰ লেখা আৰু নাৰীবাদী বিষয়ৰ কিতাপ প্ৰকাশ কৰা বৃটিছ প্ৰকাশক। ১৯৭০ চনত মহিলাৰদ্বাৰা আৰম্ভ আৰু পৰিচালিত আৰু মহিলা মুক্তি আন্দোলনৰ (ডব্লিউ এল এম) সফলতাই শক্তিশালী কৰা বিৰাগোক প্ৰকাশনৰ ক্ষেত্ৰত অসমতাপূৰ্ণ লিংগ গতিশীলতাক সমাধান কৰাত সহায় কৰা কেইবাটাও ব্ৰিটিছ নাৰীবাদী প্ৰেছৰ ভিতৰত অন্যতম…
-
ভাৰতৰ প্ৰেছ কাউন্সিল
ভাৰতৰ প্ৰেছ কাউন্সিল (PCI) ভাৰতৰ এটা বিধিগত আৰু অৰ্ধ ন্যায়িক সংস্থা, ১৯৭৯ চনত প্ৰেছ কাউন্সিল আইন, ১৯৭৮ৰদ্বাৰা পুনৰ প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতত “কাকত আৰু সংবাদ সংস্থাৰ মানদণ্ড বজাই ৰখা আৰু উন্নত কৰি সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা কৰা।’’ প্ৰথমতে ১৯৬৬ চনত ভাৰতীয় প্ৰেছ কাউন্সিল আইন,…
-
লেডী আৰউইন কলেজ
লেডী আৰউইন কলেজ উত্তৰ কেম্পাছত অৱস্থিত দিল্লী বিশ্ববিদ্যালয়ৰ এখন গঠনমূলক মহাবিদ্যালয়। ১৯৩২ চনত স্থাপিত এই মহাবিদ্যালয়খন ভাৰতৰ নতুন দিল্লীত অৱস্থিত আৰু ইয়াত গৃহ বিজ্ঞান আৰু খাদ্য প্ৰযুক্তিৰ স্নাতক পাঠ্যক্ৰমৰ লগতে গৃহ বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমো আছে।
-
শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ
শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ (Shri Ram Janmabhoomi Teerth Kshetra) হৈছে ভাৰত চৰকাৰে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ আৰু পৰিচালনাৰ বাবে গঠন কৰা এটা ন্যাস। ১৫ জন ন্যাসৰক্ষীৰে এই ন্যাসটো গঠিত।
-
সৰ্বভাৰতীয় দলিত মহিলা অধিকাৰ মঞ্চ
অল ইণ্ডিয়া দলিত মহিলা অধিকাৰ মঞ্চ (AIDMAM) হৈছে দলিত সম্প্ৰদায়ৰ মহিলাসকলে ন্যায়ৰ বাবে মাত মাতিবলৈ সৃষ্ট এক মঞ্চ। এই মঞ্চই আত্ম-সন্মান আৰু মৰ্যাদাৰ বাবে কেইবাটাও সংগ্ৰাম আৰু আন্দোলনৰ অৱতাৰণা কৰিছে। এআইডিএমএএম হৈছে ৰাষ্ট্ৰীয় দলিত মানৱ অধিকাৰ অভিযান (এনচিডিএইচআৰ)ৰদ্বাৰা আৰম্ভ হোৱা এটা আন্দোলন।
-
অসম চাৰু-কাৰু কলা পৰিষদ
অসম চাৰু-কাৰু কলা পৰিষদ (Assam Fine Arts & Crafts Society) অসমৰ শিল্পকলা জগতৰ এটি পুৰণি অনুষ্ঠান। অসমৰ শিল্পকলাৰ জগতখনত এই অনুষ্ঠানটোৰ এক বিশেষ অৰিহণা আছে।
-
অসমীয়া ভাষাৰ আলোচনা সভা
অসমীয়া ভাষাৰ আলোচনা সভাৰ জন্ম হয় ১৮৯০ চনৰ ১৩ নৱেম্বৰ দেওবাৰে লম্বোদৰ বৰাৰ বাসগৃহত অনুষ্ঠিত হোৱা আলোচনামৰ্মে। এই সভাৰ সৈতে লম্বোদৰ বৰা, পণ্ডিত জয়দেৱ শৰ্মা, কালিনাথ হাজৰিকা, বংশীধৰ বৰুৱা, ঘনকান্ত চলিহাৰ আদি উল্লেখযোগ্য ব্যক্তিসকল জড়িত আছিল।
-
আনন্দবন
আনন্দবন আক্ষৰিক অৰ্থত, সুখৰ অৰণ্য; ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ চন্দ্ৰপুৰ জিলাৰ ৱাৰোৰাৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন আশ্ৰম আৰু এটা সামূহিক পুনৰ্বাসন কেন্দ্ৰ, যিটো মূলতঃ কুষ্ঠ ৰোগী আৰু সমাজৰ নিপীড়িত শ্ৰেণীৰ পৰা অহা প্ৰতিবন্ধীসকলৰ বাবে আৰম্ভ কৰা হৈছিল।
-
আন্তৰ্জাতিক মহিলা সংগ্ৰহালয়
আন্তৰ্জাতিক মহিলা সংগ্ৰহালয়ৰ আমেৰিকাৰ কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত মুখ্য কাৰ্যালয় অৱস্থিত। আন্তৰ্জাতিক মহিলা সংগ্ৰহালয় (চমুকৈ IMOW) হৈছে বিশ্বজুৰি মহিলাৰ বিষয়সমূহ সামৰি লোৱা এটা অনলাইন সংগ্ৰহালয়। ২০১৪ চনৰ মাৰ্চ মাহৰপৰা ই গ্ল’বেল ফাণ্ড ফৰ উইমেনৰ অংশ হৈ আছে।
-
ইণ্ডিয়ান ছ'চাইটি অৱ অৰিয়েণ্টেল আৰ্ট
ইণ্ডিয়ান ছ’চাইটি অৱ অৰিয়েণ্টেল আৰ্ট ১৯০৭ চনত অবনীন্দ্ৰনাথ ঠাকুৰে কলিকতাত প্ৰতিষ্ঠা কৰা ‘ইণ্ডিয়ান ছ’চাইটি অৱ অৰিয়েণ্টেল আৰ্ট’ নামৰ কলা সমাজখনে শিল্প প্ৰদৰ্শনীৰ আয়োজন কৰিছিল, ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছিল। লগতে উচ্চমানৰ চিত্ৰকল্প আলোচনী প্ৰকাশ কৰিছিল।
-
ওৱাকফ্
ইছলামিক আইন অনুসৰি ওৱাকফ বা মৰ্টমেইন সম্পত্তি হ’ল এক অ-হস্তান্তৰযোগ্য দাতব্য অক্ষয় নিধি। ইয়াত সাধাৰণতে মুছলমান ধৰ্মীয় বা দাতব্য উদ্দেশ্যত এটা অট্টালিকা, মাটি বা অন্যান্য সম্পত্তি দান কৰা হয় যিবোৰ সম্পত্তি পুনৰ দাবী কৰাৰ কোনো অৱকাশ নাথাকে।
-
নগাঁও নাট্য মন্দিৰ
নগাঁও নাট্য মন্দিৰ নগাঁও চহৰৰ আমোলাপট্টি অঞ্চলত প্ৰতিষ্ঠিত এক সাংস্কৃতিক ভৱন আৰু স্থায়ী মঞ্চসহ নাট পৰিৱেশনৰ এক অনুষ্ঠান৷ ১৮৯৬ চনত “দা নগাঁও আছামীজ ড্ৰামাটিক ক্লাৱ’’ গঠনৰ যোগেদি আৰম্ভণি ঘটা অনুষ্ঠানটিৰ ১৯২৯ চনত স্থায়ী ৰংগমঞ্চ আৰু প্ৰেক্ষাগৃহ মুকলি কৰা হয়৷ ১৯৫৪ চনত নগাঁও নাট্য মন্দিৰে ভাৰত চৰকাৰৰ…
-
পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড
পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড এটা ভাৰতৰ আঠা উৎপাদনকাৰী উদ্যোগ। ই আঠাৰ উপৰিও বিভিন্ন শিল্প সামগ্ৰী, নিৰ্মাণজনিত কামত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থ আদিৰো উৎপাদন কৰে। পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেডৰ উৎপাদিত এটা উল্লেখযোগ্য উৎপাদন হৈছে ফেৱিক'ল।
-
ফেডাৰেল কম্পিউটাৰ উইক
ফেডাৰেল কম্পিউটাৰ উইকনামেৰে আৰম্ভ কৰা হয় যদিও পিছলৈ নেক্সটগভ/এফ চি ডব্লিউ এফচিডব্লিউ পুনৰ নামকৰণ কৰা এই ৱেবচাইটটো হৈছে আমেৰিকাৰ ফেডাৰেল চৰকাৰৰ প্ৰযুক্তি আৰু মাজে মাজে ৰাজ্যিক, স্থানীয়, জনজাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় চৰকাৰসমূহক সামৰি লোৱা এটা বাতৰি ৱেবছাইট। ইয়াৰ মালিক হৈছে GovExec.
-
বাংলা পক্ষ
বাংলা পক্ষ ( Bangla Pokkho) এটি বঙালী জাতীয়তাবাদী সংগঠন। ২০১৭ চনৰ ২৫ ডিচেম্বৰ তাৰিখত পশ্চিমবংগৰ বৰ্ধমান জিলাত সৰ্বপ্ৰথম বাংলা পক্ষৰ পতাকা উন্মোচন কৰা হৈছিল।
-
ব্ৰিক্ছ
ব্ৰিক্ছ (BRICS) হৈছে এঘাৰখন দেশক লৈ গঠিত আন্তঃচৰকাৰী সংস্থা; যিসমূহ হৈছে ব্ৰাজিল, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইথিওপিয়া, ভাৰত, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া, চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহী।