বাংলাদেশৰ ৰন্ধনশৈলী
২১ প্ৰবন্ধ
-
বঙালী ৰন্ধনশৈলী
বঙালী ৰন্ধনশৈলী (Bengali cuisine) হৈছে ভাৰত উপমহাদেশৰ বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰাৰ লগতে অসমৰ বৰাক উপত্যকালৈ বিস্তৃত বংগীয় ৰন্ধনশৈলী। অঞ্চলটোৰ বৈচিত্ৰময় ইতিহাস আৰু জলবায়ুয়ে বঙালী খাদ্যাভাসত প্ৰভাৱ পেলাইছে।।
-
দাইল
দাইল বা দালি (ইংৰাজী: dal, daal বা dhal; উচ্চাৰণ: ) হৈছে শুকুৱাই লোৱা, ফলা মাহজাতীয় শস্য (যেনে— মচুৰ, মটৰ, ৰহৰ আৰু বুট আদি), যিবোৰ ৰান্ধিবলৈ আগতীয়াকৈ তিয়াই থোৱাৰ প্ৰয়োজন নহয়। ভাৰত সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক মাহজাতীয় শস্য উৎপাদনকাৰী দেশ।
-
বাংলাদেশী ৰন্ধনশৈলী
বাংলাদেশী ৰন্ধনশৈলী (Bangladeshi Cuisine) বাংলাদেশত উদ্ভৱ হোৱা এক পাকশৈলী। বাংলাদেশৰ বৈচিত্ৰময় ইতিহাস আৰু নদীকেন্দ্ৰিক ভৌগলিক বৈচিত্ৰৰ দ্বাৰা বাংলাদেশী খাদ্যাভাস গঢ় লৈ উঠিছে। দেশখনৰ প্ৰধান খাদ্য হৈছে চাউল আৰু মাছ। বাংলাদেশী জনগোষ্ঠীৰ অধিকাংশই বঙালী নৃগোষ্ঠীৰ, যিয়ে বঙালী খাদ্য অনুসৰণ কৰে।
-
মেজবান
মেজবান (Mezban; میزبان) বাংলাদেশৰ চট্টগ্ৰাম অঞ্চলৰ এক ঐতিহ্যবাহী জনপ্ৰিয় সামাজিক উৎসৱ। কুলখানি (মৃতকৰ সকাম), মৃত্যু বাৰ্ষিকী, আকিকা (নৱজাতকৰ উপজিলে পালন কৰা অনুষ্ঠান), জন্মদিন, ব্যক্তিগত সাফল্য, নতুন কোনো ব্যৱসায় আৰম্ভণি, গৃহ প্ৰবেশ, বিবাহ, খৎনা, ছোৱালীৰ কৰ্ণবেধন, ধৰ্মীয় নেতাৰ মৃত্যুবাৰ্ষিকী আদি…
-
কাচ্চী বিৰিয়ানী
কাচ্চী বিৰিয়ানী ( Kacchi Biryani) বিৰিয়ানীৰ এক বিশেষ ভিন্নতা। ইয়াৰ উৎপত্তি স্থল মধ্য এছিয়া হ’লেও দক্ষিণ এছিয়াৰ দেশবোৰত, বিশেষকৈ ভাৰত, পাকিস্তান, বাংলাদেশ আদি দেশত ই এক জনপ্ৰিয় খাদ্য। কাচ্চী বিৰিয়ানী সুগন্ধি চাউল, ঘি বা তেল, গৰম মচলা আৰু কেঁচা মাংস মিহলি কৰি ৰন্ধা হয়।
-
পিঠাগুড়ি
পিঠাগুড়ি (Rice flour) হৈছে মিহিকৈ পিহি লোৱা চাউলৰ পৰা তৈয়াৰী গুড়ি। ই সাধাৰণতে লাইত চাউল ডুবাই দিলে উৎপন্ন হোৱা শ্বেতসাৰৰ পৰা পৃথক। ঘেঁহুৰ আটাৰ সাধাৰণ বিকল্প হিচাপে পিঠাগুড়ি ব্যৱহাৰ হয়।
-
সন্দেশ
সন্দেশ (সন্দেশ) গাখীৰৰ ছানাৰপৰা প্ৰস্তুত কৰা এবিধ উপাদেয় মিঠাই। ছানাৰ লগত চেনি বা গুৰ মিহলাই সাঁচত দি প্ৰস্তুত কৰা হয়। খাদ্যৰ উপাদানৰফালৰপৰা ই এক পুষ্টিকৰ খাদ্য। বঙালীৰ উৎসৱ আয়োজনত এই নক্সাকৰা উপাদেয় খাদ্যবিধৰ ব্যৱহাৰ অনেক প্ৰাচীন কালৰপৰাই প্ৰচলিত হৈ আহিছে।
-
চমচম
চমচম (Chomchom) হ’ল বাংলাদেশৰ টাঙ্গাইলৰ পোড়াবাড়ী নামৰ ঠাইত উৎপন্ন একটি বিখ্যাত মিঠাই যিটো কেৱল বাংলাদেশ, ভাৰত, পাকিস্তানতেই নহয় সমগ্ৰ ভাৰতীয় উপমহাদেশতে বিখ্যাত। চমচমকে বাংলাদেশেৰসকল মিষ্টিৰ ৰাজা বলা হয়। বাংলাদেশত চমচমক সকলো মিঠাইৰ ৰজা বুলি কোৱা হয়।
-
চোলে ভাতুৰে
চোলে ভাতুৰে ভাৰত উপমহাদেশৰ উত্তৰ অঞ্চলৰ এবিধ জনপ্ৰিয় খাদ্য ব্যঞ্জন ৷ ইয়াত চানা মছলা (মছলা বগা বুটম্মাহ বা কাবেলী বুট) আৰু ভাতুৰা / পুৰি থাকে। এইকেইটা ময়দাৰ পৰা তৈয়াৰী তেলত ডুবাই ভজা ৰুটিসদৃশ খাদ্য। চোলে ভাতুৰে প্ৰায়ে পুৱাৰ আহাৰ হিচাপে খোৱা হয়। কেতিয়াবা ইয়াক লচীৰ সৈতেও খোৱা হয়।
-
ঢাকাইয়া ৰন্ধনশৈলী
ঢাকাইয়া ৰন্ধনশৈলী (Dhakaiya cuisine) (ঢাকাই খাদ্য বা ঢাকাৰ খাদ্য বুলিও জনা যায়) মূলতঃ মোগলাই খাদ্যৰ সৈতে দেশী খাদ্যৰ সংমিশ্ৰণ বা মোগলাই খাদ্যৰ দেশী সংস্কৰণ; যিয়ে বাংলাদেশৰ খাদ্য সংস্কৃতিত এক সুকীয়া স্থান দখল কৰি লৈছে। চুবাহ বংগ বা মোগল বংগৰ ৰাজধানী আছিল ঢাকা।
-
দক্ষিণ এছিয়ান আচাৰ
দক্ষিণ এছিয়ান আচাৰ (অন্যান্য নামৰ ভিতৰত আচাৰ বুলিও জনাজাত) হৈছে বিভিন্ন ধৰণৰ শাক-পাচলি আৰু ফল-মূল নিমখ-পানী, ভিনেগাৰ, ভোজ্য তেল আৰু দক্ষিণ এছিয়ান মচলা ব্যৱহাৰ কৰি সংৰক্ষণ কৰা একপ্ৰকাৰৰ আচাৰ কৰা আৰু প্ৰায়ে অতি জ্বলা-মচলাযুক্ত অনুষংগিক খাদ্য।
-
পকোৰা
পকোৰা বা পকোড়া বা পকৰি ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হোৱা এবিধ ফ্ৰিটাৰ বা তেলত ডুবাই ভজা মিশ্ৰণ ৷ ইয়াক সাধাৰণতে ৰাজপথৰ বিক্ৰেতাই বিক্ৰী কৰে আৰু দক্ষিণ এছিয়াৰ ৰেষ্টুৰেণ্টতো ইয়াকপৰিবেশন কৰা হয়৷ ইয়াত উপকৰণ হিচাপে প্ৰায়ে আলু আৰু পিঁয়াজৰ দৰে শাক-পাচলি, বেচনৰ ঘোলত আৱৰণ দি তেলত ডুবাই ভজা হয়।
-
সিদল ভৰ্তা
সিদল ভৰ্তা হ'ল বাংলাদেশৰ উত্তৰাঞ্চলৰ গাইবান্ধা, ৰংপুৰ, কুড়িগ্ৰাম, লালমনিৰহাট, নীলফামাৰী, দিনাজপুৰ, ঠাকুৰগাঁও আৰু পঞ্চগড় জিলাত প্ৰচলিত এটা জনপ্ৰিয় মুখৰোচক খাদ্য। ই ভাৰতৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰো প্ৰিয় খাদ্য।
-
আলু চাট
আলু চাট হৈছ্ৰ ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হোৱা এবিধ পথৰ দাঁতিৰ খাদ্য বা ষ্ট্ৰীট ফুড। ই উত্তৰ ভাৰত, পূব ভাৰতৰ পশ্চিম বংগ, পাকিস্তান আৰু বাংলাদেশৰ ছিলেট সংমণ্ডলৰ কিছু অংশতো জনপ্ৰিয়।
-
কালা ভুনা
কালা ভুনা (Kala bhuna; হালা ভুনো) হ’ল গৰু বা ছাগলীৰ মাংসৰে প্ৰস্তুত কৰা বাংলাদেশৰ চট্টগ্ৰামৰ ৰন্ধনশৈলীৰ এক ঐতিহ্যবাহী মাংসৰ আঞ্জা। ই বাংলাদেশৰ বিখ্যাত আৰু জনপ্ৰিয় খাদ্য সম্ভাৰ।
-
ঝালমুড়ি
ঝালমুড়ি হৈছে ভাৰতীয় উপমহাদেশৰ পূৰ্বাঞ্চলত উদ্ভৱ হোৱা এটা জনপ্ৰিয় মুখৰোচক খাদ্য। ই মূলতঃ মুড়ি (ফুলোৱা চাউল)ৰ সৈতে বিভিন্ন ধৰণৰ মচলা, কেঁচা শাক-পাচলি, চানাচুৰ আৰু সৰিয়হৰ তেল মিহলাই প্ৰস্তুত কৰা হয়। ইয়াৰ স্বাদ সাধাৰণতে জলা আৰু টেঙা ধৰণৰ হয়।
-
বালিছ মিষ্টি
বালিছ মিষ্টি বা মিঠাই (বঙালী: বালিশ মিষ্টি) বাংলাদেশৰ নেত্ৰকোণা জিলাৰ এবিধ প্ৰসিদ্ধ মিঠাই। বঙালী ভাষাত গাৰুক বালিছ কয়; মিঠাইবিধৰ আকাৰ এটা গাৰুৰ দৰে। ইয়াৰ ওপৰত ক্ষীৰৰ প্ৰলেপ এটা থাকে বাবে দেখাত গাৰুৰ আৱৰণীৰ দৰে লাগে। মিঠাইবিধ গয়ানাথেৰ বালিছ নামেৰেও পৰিচিত।
-
মুক্তাগাছাৰ মণ্ডা
মুক্তাগাছাৰ মণ্ডা হʼল গাখীৰ আৰু চেনিক মূল উপাদান হিচাপে ব্যৱহাৰ কৰি তৈয়াৰ কৰা একপ্ৰকাৰৰ মিঠাই। ইয়াৰ প্ৰস্তুতিৰ ক্ষেত্ৰত কেইবাটাও অতিৰিক্ত উপাদান ব্যৱহাৰ কৰিব পাৰি। ১৮২৪ চনত বাংলাদেশৰ ময়মনসিংহ জিলাৰ মুক্তাগাছা উপজিলাত এই মিঠাইৰ প্ৰথম প্ৰচলন হৈছিল।
-
মেৰা পিঠা
মেৰা বা দাউল্লাহ হৈছে এক প্ৰকাৰৰ শীতকালীন পিঠা যি বাংলাদেশত বিশেষকৈ চিলেট আৰু বৃহত্তৰ ময়মেনসিং আৰু চুবুৰীয়া জিলাত অতি জনপ্ৰিয়। ইয়াক চাউলৰ গুৰি, নিমখ, চেনি, নাৰিকল আদিৰে তৈয়াৰ কৰা হয়। কিছুমান ক্ষেত্ৰত ইয়াক গোটেই পিঠা বা ভাপ তৈয়াৰ কৰা চান্নাই বুলিও কোৱা হয়।
-
মোগলাই পৰঠা
মোগলাই পৰঠা (Mughlai paratha; Moglai pôroṭa) হৈছে এবিধ জনপ্ৰিয় বঙালী পথৰ খাদ্য (Street food)। এটা ফ্লেটব্ৰেড (পৰঠা)ৰ ভিতৰত কীমা (মচলাযুক্ত কীমা মাংস) বা কণীৰে পূৰ্ণ কৰি বা মেৰিয়াই এই খাদ্যবিধ প্ৰস্তুত কৰা হয়।
-
ৰসমালাই
ৰসমালাই হৈছে ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হোৱা এটা মিঠাই। মিঠাইটোক বঙালী ভাষাত ৰসমালাই, উৰ্দু আৰু হিন্দীত ৰসমলাই আৰু ওড়িয়াত ৰসমলেই বুলি কোৱা হয়। যদিও বিভিন্ন ঠাইত ৰসমালাই তৈয়াৰ কৰা হয়, তাৰে ভিতৰত বাংলাদেশৰ কুমিল্লা জিলা আৰু ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ কলকাতাৰ ৰসমালাই মুখ্যভাৱে জনা যায়।