ৰন্ধনপ্ৰণালী
৬১ প্ৰবন্ধ
-
পাতত দিয়া
পাতত দিয়া (cooked in banana leaf) হৈছে ভাৰতকে ধৰি ইণ্ডোনেছিয়া, মালয়েছিয়া, লাওছ আদি এছিয়াৰ বিভিন্ন দেশৰ লগতে মেক্সিকো, হাৱাই আদি দেশৰ বিভিন্ন জনগোষ্ঠীৰ এক ৰন্ধনশৈলী। এই পদ্ধতিত সাধাৰণতে কলপাতেৰে খাদ্য বস্তু মেৰিয়াই ৰন্ধা হয়।
-
দাইল
দাইল বা দালি (ইংৰাজী: dal, daal বা dhal; উচ্চাৰণ: ) হৈছে শুকুৱাই লোৱা, ফলা মাহজাতীয় শস্য (যেনে— মচুৰ, মটৰ, ৰহৰ আৰু বুট আদি), যিবোৰ ৰান্ধিবলৈ আগতীয়াকৈ তিয়াই থোৱাৰ প্ৰয়োজন নহয়। ভাৰত সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক মাহজাতীয় শস্য উৎপাদনকাৰী দেশ।
-
চুঙাত দিয়া
চুঙাত দিয়া (cooked in bamboo tube) হৈছে ভাৰত, চীন, ভিয়েটনাম আদি এছিয়াৰ বিভিন্ন দেশৰ বিভিন্ন জনগোষ্ঠীৰ এক ৰন্ধনশৈলী। এই পদ্ধতিত বাঁহৰ চুঙাত বিভিন্ন খাদ্য সামগ্ৰী ভৰাই জুইত পুৰি প্ৰস্তুত কৰা হয়। সাধাৰণতে, ইয়াক পাহাৰীয়া অঞ্চলত বাস কৰা লোকসকলে প্ৰস্তুত কৰে।
-
কালান
কালান (মালয়ালম: കാളൻ) হৈছে দক্ষিণ ভাৰতৰ কেৰালাৰ এবিধ পৰম্পৰাগত ব্যঞ্জন। ই দৈ, নাৰিকল আৰু কেঁচা কাঁচকল (নেণ্ড্ৰা কায়া) বা মাটিৰ তলৰ আলু যেনে ওলকবি/কাঠ আলু (চেনা) ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। এই তৰকাৰীখন অতি ঘন আৰু টেঙা সোৱাদযুক্ত হয়। কেৰালাৰ পৰম্পৰাগত নিৰামিষ ভোজ সদ্যাৰ ই এক অন্যতম অপৰিহাৰ্য পদ।
-
চাটনি
চাটনি ভাৰতীয় উপমহাদেশৰ খাদ্যৰ সৈতে জড়িত মচলা। চাটনি বিভিন্ন ৰূপত তৈয়াৰ কৰা হয়, কিছুমান কেঁচা যেনে ধনীয়াৰ লগত, আন কিছুমান চেনিৰে সিজোৱা, যেনে আমৰ চাটনি। ব্ৰিটিছ ৰাজৰ সময়ত এংলো-ভাৰতীয় খাদ্যই ভাৰতীয় চাটনীক খাপ খুৱাই ব্ৰিটেইনলৈ ঘূৰাই আনিছিল, য’ত বিশেষকৈ সেউজীয়া আমৰ চাটনি জনপ্ৰিয় হৈ পৰিছিল।
-
ডোছা (খাদ্য)
ডোছা হৈছে একপ্ৰকাৰ ভাৰতীয় খাদ্য। ইয়াক চাম্বাৰ আৰু চাটনীৰ সৈতে পৰিৱেশন কৰা হয়।
-
পথৰ খাদ্য
পথৰ খাদ্য (ইংৰাজী: Road food) হৈছে বিশেষকৈ পথেৰে যাত্ৰা কৰা ভ্ৰমণকাৰী, চালক আৰু পৰ্যটকসকলৰ বাবে প্ৰস্তুত কৰা এক ৰন্ধনশৈলী বা খাদ্য সংস্কৃতি। এই ধৰণৰ খাদ্য সাধাৰণতে দীঘলীয়া পথযাত্ৰাৰ সময়ত সহজে পোৱা, সোনকালে প্ৰস্তুত কৰা আৰু তুলনামূলকভাৱে সস্তা মূল্যত উপলব্ধ খাদ্যক বুজায়।
-
আভিয়ল
আভিয়ল (মালায়ালম: അവിയൽ, তামিল: அவியல்) হৈছে ভাৰতৰ কেৰালা আৰু তামিলনাডু ৰাজ্যত উৎপত্তি আৰু প্ৰচলিত এবিধ ভাৰতীয় খাদ্য। ই সাধাৰণতে পশ্চিম ঘাটত পোৱা ১৩ বিধ শাক-পাচলিৰ আৰু নাৰিকলেৰে প্ৰস্তুত কৰা, নাৰিকল তেল আৰু ধনীয়া পাতেৰে জুতি বৃদ্ধি কৰা এবিধ ডাঠ তৰকাৰী।
-
কলৰ চিপচ
কলৰ চিপচ (ইংৰাজী: Banana chip) হৈছে কলৰ টুকুৰা শুকুৱাই বা তেলত দকৈ ভাজি প্ৰস্তুত কৰা এবিধ মচমচীয়া খাদ্য। ই সাধাৰণতে কিছু টান আৰু কঠিনপ্ৰকাৰৰ কলৰ (যেনে ৰান্ধি খোৱা কল বা কাঁচকল) পৰা তৈয়াৰ কৰা হয়, যাৰ ভিতৰত চাবা আৰু নেণ্ড্ৰান জাতৰ কল অন্যতম।
-
খৰিকাত দিয়া
খৰিকাত দিয়া (Skewered grilled food) হৈছে এবিধ ৰন্ধন প্ৰণালী য’ত এডাল শলাত খাদ্য দ্ৰব্যবোৰৰ টুকুৰাবোৰ খুচি লৈ শলাডালত ভৰাই জুই বা গৰম কয়লাত পুৰি তৈয়াৰ কৰা হয়। খৰিকা হৈছে এডাল বাহ, কাঠ বা লোহাৰ ক্ষীণ কাঠি বা শলা, য’ত মাংস, মাছ, ফল বা পাচলিৰ টুকুৰাবোৰ একেলগে ধৰি ৰাখিব পাৰি।
-
চমচম
চমচম (Chomchom) হ’ল বাংলাদেশৰ টাঙ্গাইলৰ পোড়াবাড়ী নামৰ ঠাইত উৎপন্ন একটি বিখ্যাত মিঠাই যিটো কেৱল বাংলাদেশ, ভাৰত, পাকিস্তানতেই নহয় সমগ্ৰ ভাৰতীয় উপমহাদেশতে বিখ্যাত। চমচমকে বাংলাদেশেৰসকল মিষ্টিৰ ৰাজা বলা হয়। বাংলাদেশত চমচমক সকলো মিঠাইৰ ৰজা বুলি কোৱা হয়।
-
থাই ৰন্ধনপ্ৰণালী
থাই ৰন্ধনপ্ৰণালী (อาหารไทย, আহান থাই) হৈছে থাইলেণ্ডৰ ৰাষ্ট্ৰীয় ৰন্ধনপ্ৰণালী। থাই ৰন্ধনত সুগন্ধি উপাদান আৰু মচলাৰ সৈতে পাতলকৈ প্ৰস্তুত কৰা ব্যঞ্জনৰ ওপৰত গুৰুত্ব দিয়া হয়।
-
দক্ষিণ এছিয়ান আচাৰ
দক্ষিণ এছিয়ান আচাৰ (অন্যান্য নামৰ ভিতৰত আচাৰ বুলিও জনাজাত) হৈছে বিভিন্ন ধৰণৰ শাক-পাচলি আৰু ফল-মূল নিমখ-পানী, ভিনেগাৰ, ভোজ্য তেল আৰু দক্ষিণ এছিয়ান মচলা ব্যৱহাৰ কৰি সংৰক্ষণ কৰা একপ্ৰকাৰৰ আচাৰ কৰা আৰু প্ৰায়ে অতি জ্বলা-মচলাযুক্ত অনুষংগিক খাদ্য।
-
পুলিচেৰী
পুলিচেৰী (ইংৰাজী: Pulissery) হৈছে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ দৈ বা মাখন তোলা গাখীৰ ভিত্তিক তৰকাৰী। টেঙা দৈ বা বুটাৰমিল্কৰ সৈতে বটা নৰিকল, জিৰা, হালধি আৰু কেঁচা জলকীয়াৰ মিশ্ৰণ ৰান্ধি এই ব্যঞ্জন তৈয়াৰ কৰা হয়।
-
য়োমাৰী
য়োমাৰী (নেপালী: योमरी, নেৱাৰী: 𑐫𑑀𑐩𑐵𑐬𑐷, 𑐫𑑅𑐩𑐵𑐬𑐷 বুলিও লিখা হয়), নেৱাৰ জনগোষ্ঠীৰ এক পৰম্পৰাগত পিঠা সদৃশ মিঠাই জাতীয় খাদ্য, যিটো সাধাৰণতে শীতকালত প্ৰস্তুত কৰা হয়। য়োমাৰী সিজোৱা চাউলেৰে প্ৰস্তুত কৰা হয়। এই খাদ্যটোত অধিক কেলৰী থকা বাবে শীতৰ ঠাণ্ডা দূৰ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়।
-
ৰাজমা
ৰাজমা [raːdʒmaː] (হিন্দী: राजमा, নেপালী: राजमा, উৰ্দু: راجমা), যাক ৰাজমাহ, ৰাজমা বা লাল লোবিয়া বুলিও কোৱা হয়, ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা নিৰামিষ খাদ্য, বহু ভাৰতীয় গোটা মছলাৰ সৈতে ডাঠ গ্ৰেভিত ৰঙা কিডনী বীনৰে গঠিত আৰু সাধাৰণতে ভাতৰ সৈতে পৰিবেশন কৰা হয়।
-
ৱাজৱান
ৱাজৱান (কাশ্মীৰী উচ্চাৰণ: [Aːzɨʋaːn]) হৈছে কাশ্মীৰী খাদ্যসংস্কৃতিৰ এক বহুপদীয়া ভোজ, ইয়াৰ উৎপত্তি কাশ্মীৰত। প্ৰায় সকলো খাদ্যই মাংসৰ আধাৰত তৈয়াৰী হয়, য’ত ভেৰা, গৰু মাংস বা খাখুৰা, আৰু লগতে কিছুমান নিৰামিষ আহাৰও পৰিবেশন কৰা হয়। এইটো বৃহত্তৰ কাশ্মীৰ অঞ্চলজুৰি জনপ্ৰিয়।
-
অ'লান
অ’লান (মালয়ালম: ഓലൻ) হৈছে কেৰালাৰ ৰন্ধনশৈলীৰ এক মৃদু সোৱাদযুক্ত আঞ্জা (Stew), যাৰ মূল উপাদান হৈছে কোমোৰা (Ash gourd) আৰু লেচেৰা মাহ (Cowpeas)। ইয়াক নাৰিকলৰ গাখীৰৰ সৈতে সিজাই প্ৰস্তুত কৰা হয়। এইবিধ ব্যঞ্জন ওনাম উৎসৱত পৰিৱেশন কৰা পৰম্পৰাগত নিৰামিষ ভোজ সাদ্যাৰ অন্যতম প্ৰধান অংশ।
-
অট ৰন্ধনশৈলী
অট ৰন্ধনশৈলী (ফৰাচী: Haute cuisine; অৰ্থ: উচ্চ পৰ্যায়ৰ ৰন্ধন) বা গ্ৰাণ্ড ৰন্ধনশৈলী হৈছে ৰন্ধনৰ এক শৈলী যি সূক্ষ্ম প্ৰস্তুতি, বিশদ উপস্থাপন আৰু উচ্চ মানদণ্ডৰ সামগ্ৰীৰ ব্যৱহাৰৰ দ্বাৰা বৈশিষ্ট্যপূৰ্ণ।
-
অপ্পম
অপ্পম (Appam) বা হপাৰ্ছ (Hoppers) হৈছে দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ এক প্ৰকাৰৰ পাতল পেনকেক। ই সাধাৰণতে চাউলৰ গুড়ি কৰা মিশ্ৰণ আৰু নাৰিকল দুগ্ধৰ সৈতে প্ৰস্তুত কৰা হয়। অপ্পম পৰম্পৰাগতভাৱে আপ্পাচট্টি নামেৰ গভীৰ পেনত ৰন্ধা হয়, যিয়ে আকাৰত ৱকৰ দৰে।
-
আঞ্চলিক ৰন্ধনশৈলী
আঞ্চলিক ৰন্ধনশৈলী হৈছে ৰাষ্ট্ৰীয়, ৰাজ্যিক বা স্থানীয় অঞ্চলৰ ওপৰত আধাৰিত এক বিশেষ ৰন্ধনশৈলী। কোনো এখন অঞ্চলৰ ভৌগোলিক অৱস্থান, জলবায়ু, কৃষি উৎপাদন, খাদ্য উপকৰণৰ উপলব্ধতা, বাণিজ্যিক যোগাযোগ, ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰাৰ প্ৰভাৱত আঞ্চলিক ৰন্ধনশৈলীৰ বিকাশ ঘটে।
-
আডা প্ৰধমন
আডা প্ৰধমন (ইংৰাজী: Ada pradhaman) হৈছে এক পৰম্পৰাগত কেৰালেট মিঠাই, যি চাউলৰ আডা (চাউলৰ পাষ্টা বা ফ্লেকছ) আৰু সিজাই লোৱা নাৰিকলৰ গাখীৰ তথা গুড়ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ভাৰতৰ কেৰালা ৰাজ্যৰ ঘৰবোৰত বিশেষকৈ ওনাম উৎসৱৰদিনা আডা প্ৰধমন প্ৰস্তুত কৰা হয়।
-
আলু পৰঠা
আলু পৰঠা (শব্দগত অৰ্থ: 'আলু পৰাঠা') হৈছে ভাৰতীয় উপমহাদেশৰ এক পৰম্পৰাগত খাদ্য, যিটো আলু ভৰাই চেপেতা কৰি ঘূৰণীয়াকৈ বেলি লৈ তৈয়াৰ কৰা হয়।পৰম্পৰাগতভাৱে ইয়াক পুৱাবেলাৰ আহাৰ হিচাপে খোৱা হয়। ইয়াত ময়দা বা আটাগুৰি লোৱা হয়।
-
এছিয়ান ৰন্ধনশৈলী
এছিয়ান ৰন্ধনশৈলীয়ে এছিয়াৰ কেইবাটাও উল্লেখযোগ্য আঞ্চলিক ৰন্ধনশৈলীক সামৰি লয়: মধ্য এছিয়ান, পূব এছিয়ান, উত্তৰ এছিয়ান, দক্ষিণ এছিয়ান, দক্ষিণ-পূব এছিয়ান, আৰু পশ্চিম এছিয়ান। ৰান্ধনীশাল হৈছে সাধাৰণতে একোটা নিৰ্দিষ্ট সংস্কৃতিৰ সৈতে জড়িত ৰন্ধনপ্ৰথা আৰু ৰীতি-নীতিৰ এক সুকীয়া পদ্ধতি।
-
এন্দুৰৰ মাংস
এন্দূৰৰ মাংস বা নিগনিৰ মাংস হৈছে মজলীয়া আকাৰৰ, দীঘল নেজযুক্ত কূটি খোৱা প্ৰাণী এন্দুৰৰ বিভিন্ন প্ৰজাতিৰ মাংস। এই খাদ্যবিধ কিছুমান সংস্কৃতিত নিষিদ্ধ হ'লেও আন কিছুমান সংস্কৃতিত ইয়াক এক প্ৰধান বা প্ৰচলিত খাদ্য হিচাপে গণ্য কৰা হয়।
-
কংগো দেশৰ ৰন্ধনশৈলী
কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ ৰন্ধনশৈলীৰ পৰা এই দেশৰ আদিবাসীসকল কোনটো গোটৰ সেইটো আভাশ ল’ব পাৰি। এই দেশৰ সৰ্বসাধাৰণ আহাৰ কাচাভা, ফুফু, ভাত, প্লেনটেন (ডাঙৰ কাচকল) আৰু আলু এওঁলোকৰ প্ৰধান খাদ্য আৰু এইবিলাক অন্য পদাৰ্থৰ লগতো খোৱা হয়।
-
কম্বোডিয়াৰ ৰন্ধনপ্ৰণালী
কম্বোডিয়াৰ ৰন্ধনপ্ৰণালী (Cambodian cuisine) কম্বোডিয়াৰ থলুৱা জনগোষ্ঠীসমূহৰ সামূহিক ৰন্ধনশৈলী। ইয়াৰ বিপৰীতে ক্ষ্মেৰ ৰন্ধনপ্ৰণালীয়ে থলুৱা ক্ষ্মেৰ জনগোষ্ঠীসমূহৰ ৰন্ধনপ্ৰণালীক বুজায়। ক্ষ্মেৰ ৰন্ধনপ্ৰণালীক তিনিটা মূল ভাগত ভগাব পাৰি। এইকেইটা হৈছে সৰ্বসাধাৰণ, অভিজাত আৰু ৰাজকীয় শ্ৰেণীৰ ৰন্ধনপ্ৰণালী।
-
কলকাতা বিৰিয়ানী
কলকাতা বিৰিয়ানী হৈছে এক মছলাদাৰ ভাতৰ পৰিসৰ। এই খাদ্যৰ নাম পশ্চিমবঙ্গৰ মহানগৰ কলকাতাৰ পৰা আহিছে। ইয়াত ভাতক মুখ্য উপাদান হিচাপে ব্যৱহাৰ কৰা হয় আৰু মাংস, কণী, আলু আৰু মছলা যোগ কৰা হয়। ই আলুৰ ব্যৱহাৰৰ বাবে অধিক পৰিচিত আৰু মছলা কম পৰিমাণে ব্যৱহৃত হোৱা বাবে বিখ্যাত।
-
কাটলেট
কাটলেট হৈছে মাংস বা শাক-পাচলিৰে তৈয়াৰ কৰা একপ্ৰকাৰৰ খাদ্য, যাক কণীত ডুবাই, তাৰপাছত ব্ৰেডক্ৰাম্ব বা বিস্কুটৰ গুড়িৰ সৈতে মিহলাই তেলত ডুবাই ভজা হয়। উপমহাদেশীয় ধৰণৰ আলু বা মাংসৰ কাটলেট সাধাৰণতে কম তেলত ভজা হয়। ই ভাৰত উপমহাদেশত, বিশেষকৈ পশ্চিমবংগত একপ্ৰকাৰৰ জনপ্ৰিয় জলপান।
-
কেঁকোৰাৰ তৰকাৰী
কেঁকোৰাৰ তৰকাৰী (ইংৰাজী: Crab curry; পৰ্তুগীজ: caril de caranguejo) হৈছে এক পৰম্পৰাগত ভাৰতীয় সামুদ্ৰিক খাদ্য, যাক পিছলৈ পৰ্তুগীজসকলে নিজৰ ৰন্ধনশৈলীত অন্তৰ্ভুক্ত কৰিছিল।