বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ চমুকৈ বিমষ্টেক দক্ষিণ-পূব এছিয়াৰ বংগোপসাগৰৰ আশে-পাশে থকা দেশ কেইখনমান আন্তৰাষ্ট্ৰীয় সংগঠন। এই সংগঠনৰ সদস্য ৰাষ্ট্ৰসমূহৰ মুঠ জনসংখ্যা ১.৫ বিলিয়ন আৰু মুঠ ঘৰুৱা আয় ৩.৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰ।১২ বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহ হ'ল— বাংলাদেশ, ভাৰত, ম্যানমাৰ, শ্ৰীলংকা, থাইলেণ্ড, নেপাল আৰু ভূটান।৩ গোটেই কেইখন ৰাষ্ট্ৰ বংগোপসাগৰৰ ওপৰত নিৰ্ভৰশীল ৰাষ্ট্ৰ।
বিমষ্টেকত ১৪টা মুখ্য বিষয় চিনাক্ত কৰা হৈছে আৰু সদস্য ৰাষ্ট্ৰসমূত এইবিষয়ে বিভিন্ন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছে।১৪বিমষ্টেকৰ সদস্য সমূহৰ মাজত মুক্ত অৰ্থনীতিৰ চুক্তি বুজাপৰা চলি আছে।
ইয়াৰ নেতৃত্বৰ বাবে সদস্য ৰাষ্ট্ৰসমূহৰ পৰা বৰ্ণানুক্ৰমিক ৰীতিত চয়ন কৰা হয়। ইয়াৰ সচিবালয় বাংলাদেশৰ ঢাকাত অৱস্থিত।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ BIMSTEC: Building bridges between South Asia & Southeast Asia, IndiaWrites, 2014
- ↑ BIMSTEC
- ↑ www.thedailystar.net/op-ed/economics/regional-ec
- ↑ Energy. bimstec.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ” প্ৰবন্ধৰ সংশোধন ৩৮১৯৩৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।