গোলাঘাটৰ জৱাহৰ নবোদয় বিদ্যালয় হৈছে অসম ৰাজ্যৰ, গোলাঘাট জিলাত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ জৱাহৰ নৱোদয় বিদ্যালয়সমূহ ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক আবাসিক বিদ্যালয় ব্যৱস্থা। গোলাঘাটৰ বিদ্যালয়খন ১৯৯৫ চনত স্থাপন কৰা হৈছিল৷ এই বিদ্যালয়ৰ পাঠ্যক্ৰম চি॰বি॰এচ॰চি॰-ৰ অধিনত কৰা হয়৷ নবোদয় বিদ্যালয় সমিতিৰ শ্বিলং অঞ্চলৰ অধিনত এই বিদ্যালয় কাৰ্যকৰত৷ ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত ৫৫৭খন বিদ্যলয়ৰ ভিতৰত অন্যতম এখন বিদ্যালয়৷ এই বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ থকা-খোৱাৰ বাবে বিনামূলীয়া সেৱা প্ৰদান কৰে৷ গোলাঘাট নগৰৰ পৰা ১৩ কি॰মি॰ দূৰত্বত অৱস্থিত এই বিদ্যালয়ৰ বৰ্ত্তমানৰ অধ্যক্ষ শ্ৰী মনমোহন চৌধূৰী৷ পাঠ্যক্ৰম চিঃবিঃএচঃচি-ৰ দ্বাৰা যোগান ধৰা হৈছে৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৱাহৰ নবোদয় বিদ্যালয়, গোলাঘাট” প্ৰবন্ধৰ সংশোধন ২৮২০৭০ (১৩ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।