বড়ো জনগোষ্ঠী
২০ প্ৰবন্ধ
-
বড়ো জনগোষ্ঠী
বড়ো জনগোষ্ঠী হৈছে অসমৰ ভৈয়ামৰ প্ৰধান চীনা-তিব্বতীয় জনগোষ্ঠী, যাৰ মাতৃভাষা বড়ো ভাষা আৰু পৰম্পৰাগত ধৰ্ম বাথৌ। অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি আদি জিলাত তেওঁলোকৰ ঘন বসতি দেখা যায়, আৰু কৃষিজীৱন, উৎসৱ-পাৰ্বণ, নৃত্য-গীত আৰু সমাজ-সংগঠনৰ নিজস্ব ৰীতিনীতিয়ে তেওঁলোকক বিশেষ পৰিচয় প্ৰদান কৰে।
-
বড়ো ভাষা
বড়ো ভাষা (बर’ राव) বড়ো জনগোষ্ঠীৰ মাতৃভাষা আৰু উত্তৰ-পূব ভাৰতৰ তিব্বত-বৰ্মীয় ভাষাসমূহৰ ভিতৰত কওঁতাৰ সংখ্যাৰে অগ্ৰগণ্য। ই অসমৰ সহ-চৰকাৰী ভাষা, বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চলৰ চৰকাৰী ভাষা, আৰু ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত স্বীকৃত ভাষা।
-
বড়ো-কছাৰী
বড়ো-কছাৰী হৈছে অসম আৰু পাৰ্শ্বৱৰ্তী অঞ্চলত বসবাস কৰা কেইবাটাও খিলঞ্জীয়া জনগোষ্ঠীক সামগ্ৰিকভাৱে বুজাবলৈ ব্যৱহাৰ কৰা এক শ্ৰেণীবাচক নাম, যিসকলে চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-গাৰো শাখাৰ ভাষাসমূহৰ সৈতে ঐতিহাসিকভাৱে সম্পৰ্কিত।
-
বড়ো সাহিত্য সভা
বড়ো সাহিত্য সভা (Bodo Sahitya Sabha, बर' थुनलाइ आफाद), হৈছে অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান। বড়ো সাহিত্য-সংস্কৃতিৰ উন্নতি আৰু প্ৰসাৰৰ বাবে ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ (বর্তমান চিৰাং জিলা) বাসুগাঁও -ত বড়ো সাহিত্য সভা গঠন কৰা হয়।
-
নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড
এনডিএফবি বা নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড হৈছে এটা সশস্ত্ৰ বিচ্ছিন্নতাবাদী সংগঠন যিয়ে বড়োসকলৰ বাবে এখন সাৰ্বভৌম বড়োলেণ্ডৰ পোষকতা কৰে। এই সংগঠনটো ভাৰত চৰকাৰে এক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে। ১৯৮৬ চনত গঠন হোৱা বড়ো ছিকিউৰিটি ফ'ৰ্চ নামৰ সংগঠনটোৱে পিছলৈ এনডিএফবি নাম লৈছিল।
-
বাথৌ ধৰ্ম
বাথৌ ধৰ্ম (बाथौ) বড়ো আৰু কছাৰী সম্প্ৰদায়ৰ জাতিগত ধৰ্ম। বাথৌ নাম (বা = পাঁচ; থৌ = গভীৰ) টোৰ অৰ্থ হৈছে পাঁচটি নীতি। এই ধৰ্মৰ পাঁচটি মূলনীতি হ'ল: বাৰ (বতাহ), অৰ (জুই), হা (পৃথিৱী), দৈ (জল) আৰু অখৰাং (ইথাৰ)। পৰম্পৰাগত ভাৱে
-
বাথৌ পূজা
বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে।
-
খেৰাই
খেৰাই অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰজনন আৰু উৰ্বৰতাৰ প্ৰতীকৰূপত পালন কৰা এক কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সাধাৰণতে কাতি মাহত (অক্টোবৰ -ডিচেম্বৰ) খেতি চপোৱাৰ ঠিক আগে আগে উদ্যাপন কৰা হয়। এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য।
-
বাগৰুম্বা
বাগৰুম্বা (बागुरुम्बा) হৈছে বড়োসকলৰ বসন্তকালীন লোক-নৃত্য বিশেষ। মূলতঃ লোক-নৃত্য যদিও ইয়াত লাস্যময়ী নৃত্যৰ বহু উপাদান পৰিলক্ষিত হয়। 'বগ্ৰুম বাগ্ৰুম মৌছাদে' বাক্যাংশৰ অৰ্থ হ'ল দেও দি নাচা।
-
আৰ্নাই
আৰ্নাই একপ্ৰকাৰৰ কাপোৰ বিশেষ। ই বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ। হস্তচালিত তাঁতশাল বা মেচিন শালৰ সহায়ত ইয়াক প্ৰস্তুত কৰা হয়। ই এখন সৰু স্কাৰ্ফ। ইয়াক পুৰুষ আৰু মহিলা উভয়ে পৰিধান কৰে। বড়ো পৰম্পৰা অনুসৰি আৰ্নাই পৰম্পৰাগতভাৱে পৰিধান কৰাৰ উপৰি, প্ৰিয়জনক উপহাৰ স্বৰূপে ভেদ কৰা হয়।
-
বৈচাগু
বৈচাগু (बैसागु; Bwisagu) অসমৰ বড়ো জনগোষ্ঠীৰ এটা জনপ্ৰিয় ঋতুকালীন উৎসৱ। বৈচাগু মানে হ’ল নৱবৰ্ষৰ আৰম্ভণি। ইয়াৰে ‘বৈচা’ শব্দই নতুন বছৰ আৰু ‘আগে’ বা ‘আগু’ শব্দই আৰম্ভণি বুজায়। এই উৎসৱ চ’ত মাহৰ শেষৰ দিনাৰ পৰা বহাগ মাহৰ ষষ্ঠদিনালৈ (এপ্ৰিল মাহৰ মাজভাগত) সাতদিন জুৰি চলে।
-
কোকৰাঝাৰ সংঘৰ্ষ ২০১২
২০১২ চনৰ জুলাই মাহত অসমৰ কোকৰাঝাৰত থলুৱা বড়ো আৰু বঙালীভাষী মুছলমানৰ মাজত সংঘৰ্ষ হৈছিল। প্ৰথম ঘটনাটো হৈছিল ২০ জুলাইৰ দিনা। ৮ আগষ্টলৈ ৭৭ জন লোকৰ মৃত্যু হৈছিল। ৪ লাখতকৈও অধিক লোকে ৪০০ খনতকৈও অধিক গাওঁৰ পৰা বিতাৰিত হৈ ২৭০ টা শৰণাৰ্থী শিবিৰত আশ্ৰয় লব লগীয়া হৈছিল।
-
দখনা
দখনা (दख'ना; Dokhona) বড়ো মহিলাই কঁকালত মেখেলাৰ দৰে মেৰাই বুকু-পিঠি আৱৰি পিন্ধা এবিধ পাৰম্পৰিক জনজাতীয় কাপোৰ। বড়ো তিৰোতাই বুকুত দখনা মাৰি বা মেখেলা-চাদৰ পিন্ধি, গাত ফাছ্ৰা লৈ ঘিলাখোপা বান্ধি, খোপাত একোটাকৈ কাকৈ গুজি লৈ সাজি-কাচি ভাল পায়। দখনা বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰতীক।
-
বড়ো চুক্তি ২০২০
ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো চুক্তি স্বাক্ষৰিত হয়। ভাৰত চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব…
-
বড়ো লিবাৰেচন টাইগাৰছ ফ'ৰ্চ
বড়ো লিবাৰেচন টাইগাৰছ ফ'ৰ্চ (সংক্ষেপ BLTF বাBLT) বুলি জনা যায়, যি বড়ো অধ্যুষিত অঞ্চলসমূহত সক্ৰিয় হৈ থকা এটা অস্ত্ৰধাৰী মিলিটেণ্ট গোট আছিল। যাক ১৯৯৬ চনৰ ১৮ জুন তাৰিখে প্ৰেম সিং ব্ৰহ্ম আৰু হাগ্ৰামা মহিলাৰীয়ে প্ৰতিষ্ঠা কৰিছিল। মহিলাৰী আছিল গোটটোৰ মুখ্য নেতা।
-
বড়ো সংস্কৃতি
বড়ো সংস্কৃতি অসমৰ বড়ো জনগোষ্ঠীৰ সংস্কৃতি। দীৰ্ঘদিন ধৰি বড়োসকল মীনপালন, হাঁহ-কুকুৰা, গাহৰি পালন, ধান-পাট খেতি, সুমথিৰা বাগিচাৰ প্ৰবল পৰম্পৰা থকা কৃষি সমাজত বাস কৰা কৃষক। তেওঁলোকে নিজেই নিজৰ পৰম্পৰাগত সাজ-পোছাক ঘৰতে তৈয়াৰ কৰে। বড়ো সকলৰ সমাজ সংস্কাৰ হৈছিল ব্ৰহ্ম ধৰ্মৰ যোগেদি।
-
গাৰ্জা পূজা
গাৰ্জা পূজা অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক ধৰ্মীয় অনুষ্ঠান। বড়োসকলে ইয়াক 'মওদাই হওনাই' বুলিও কয়। 'মওদাই হওনাই'ৰ অৰ্থ হৈছে অশুভ শক্তি বা অপদেৱতা বিতাড়ন কৰা। ই এক সমূহীয়া ভিত্তিত কৰা পূজা।
-
জৌ
জৌ অসমৰ বড়ো জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে ভাতৰ কিণ্বন প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা এবিধ পানীয়। এই এলকহলীয়া পানীয় বড়োসকলৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অতিথি অপ্যায়ন, বিয়া-সবাহ, শ্ৰাদ্ধ আদি প্ৰায়বোৰ সামাজিক অনুষ্ঠানত জৌ পৰিবেশন কৰা হয়।
-
অসমৰ লোকনৃত্য
অসমৰ লোকনৃত্য (Folk dances of Assam)ৰ ভিতৰত বিহু আৰু বাগৰুম্বা (বসন্ত কালত অনুষ্ঠিত হোৱা উৎসৱৰ সময়ত দুয়োটা নৃত্য কৰা), ভোৰতাল, ওজাপালি নৃত্য। অসমত হিন্দু-মুছলমান, ভাৰত-আৰ্য্য, ৰাভা, বডো, ডিমাছা, কাৰ্বি, মিছিং, সোণোৱাল কছাৰী, মিশ্মী আৰু তিৱা (লালুং) ইত্যাদি বহুতো লোকৰ বাসস্থান।
-
বড়ো জনগোষ্ঠীৰ উপাধিসমূহ
বড়ো জনগোষ্ঠীৰ মাতৃভাষা হ'ল বড়ো ভাষা। এই জনগোষ্ঠীৰ মাজত বহুকেইটা উপাধি দেখিবলৈ পোৱা যায়।