ভাৰতৰ ৰন্ধনশৈলী
৩১ প্ৰবন্ধ
-
সাদ্যা
সাদ্যা (Sadya), সাধ্যা বুলিও উচ্চাৰণ কৰা হয়, কেৰালা মূলৰ আৰু সকলো মালয়ালীৰ বাবে গুৰুত্বপূৰ্ণ খাদ্য, সাধাৰণতে কলৰ পাতত দুপৰীয়াৰ আহাৰ হিচাপে পৰিবেশন কৰা বিভিন্ন ধৰণৰ পৰম্পৰাগত নিৰামিষ খাদ্যৰে গঠিত।
-
ঘুগনি
ঘুগনি (ଘୁଗ୍ନି ) বা ঘুগুনি ( ঘুগুনি) বা গুগুনি মটৰ বা বুটমাহৰে তৈয়াৰ কৰা এবিধ তৰকাৰী। খাদ্যৰ বিভিন্ন শৈলীত বিভিন্ন ধৰণৰ মটৰমাহ বা বুটমাহ ব্যৱহাৰ কৰা হয়, যেনে ক’লা বুট, সেউজীয়া মটৰমাহ বা বগা মটৰমাহ।
-
কাচ্চী বিৰিয়ানী
কাচ্চী বিৰিয়ানী ( Kacchi Biryani) বিৰিয়ানীৰ এক বিশেষ ভিন্নতা। ইয়াৰ উৎপত্তি স্থল মধ্য এছিয়া হ’লেও দক্ষিণ এছিয়াৰ দেশবোৰত, বিশেষকৈ ভাৰত, পাকিস্তান, বাংলাদেশ আদি দেশত ই এক জনপ্ৰিয় খাদ্য। কাচ্চী বিৰিয়ানী সুগন্ধি চাউল, ঘি বা তেল, গৰম মচলা আৰু কেঁচা মাংস মিহলি কৰি ৰন্ধা হয়।
-
ডোছা (খাদ্য)
ডোছা হৈছে একপ্ৰকাৰ ভাৰতীয় খাদ্য। ইয়াক চাম্বাৰ আৰু চাটনীৰ সৈতে পৰিৱেশন কৰা হয়।
-
দহি (দৈ)
দৈ, মোছাৰু বা দাহি বা থাইৰ বা পেৰুগুও বা দৈ হৈছেপৰম্পৰাগত কিম্বন কৰা এবিধ গাখীৰৰ খাদ্যসামগ্ৰী। সমগ্ৰ ভাৰতীয় উপমহাদেশত ইয়াৰ উৎপত্তি আৰু ই সমগ্ৰ অঞ্চলটোতে জনপ্ৰিয়। ইয়াক সাধাৰণতে গৰুৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা হয়।
-
পিঠাগুড়ি
পিঠাগুড়ি (Rice flour) হৈছে মিহিকৈ পিহি লোৱা চাউলৰ পৰা তৈয়াৰী গুড়ি। ই সাধাৰণতে লাইত চাউল ডুবাই দিলে উৎপন্ন হোৱা শ্বেতসাৰৰ পৰা পৃথক। ঘেঁহুৰ আটাৰ সাধাৰণ বিকল্প হিচাপে পিঠাগুড়ি ব্যৱহাৰ হয়।
-
সন্দেশ
সন্দেশ (সন্দেশ) গাখীৰৰ ছানাৰপৰা প্ৰস্তুত কৰা এবিধ উপাদেয় মিঠাই। ছানাৰ লগত চেনি বা গুৰ মিহলাই সাঁচত দি প্ৰস্তুত কৰা হয়। খাদ্যৰ উপাদানৰফালৰপৰা ই এক পুষ্টিকৰ খাদ্য। বঙালীৰ উৎসৱ আয়োজনত এই নক্সাকৰা উপাদেয় খাদ্যবিধৰ ব্যৱহাৰ অনেক প্ৰাচীন কালৰপৰাই প্ৰচলিত হৈ আহিছে।
-
আকুৰী
আকুৰী ভাৰতৰ পাৰ্চী খাদ্যত খোৱা টেঙা স্ক্ৰেম্বলড এগ ডিচ৷ আকুৰী প্ৰায় পানী ওলোৱালৈকে সিজোৱা হয়; কণীবোৰ কেতিয়াও অতিমাত্ৰা সিজোৱা নহয়। মূল সোৱাদটো হৈছে পিয়াঁজ ভাজি আৰু ব্যৱহাৰ কৰা মছলাসমূহ হ'ল আদা, ধনীয়া, কটা জলকীয়া, আৰু ক'লা জালুক৷ পৰম্পৰাগতভাৱে পাভ বা ডাবল ৰোটি (ভাৰতীয় ৰুটিৰ প্ৰকাৰ)ৰ লগত…
-
আভিয়ল
আভিয়ল (মালায়ালম: അവിയൽ, তামিল: அவியல்) হৈছে ভাৰতৰ কেৰালা আৰু তামিলনাডু ৰাজ্যত উৎপত্তি আৰু প্ৰচলিত এবিধ ভাৰতীয় খাদ্য। ই সাধাৰণতে পশ্চিম ঘাটত পোৱা ১৩ বিধ শাক-পাচলিৰ আৰু নাৰিকলেৰে প্ৰস্তুত কৰা, নাৰিকল তেল আৰু ধনীয়া পাতেৰে জুতি বৃদ্ধি কৰা এবিধ ডাঠ তৰকাৰী।
-
চমচম
চমচম (Chomchom) হ’ল বাংলাদেশৰ টাঙ্গাইলৰ পোড়াবাড়ী নামৰ ঠাইত উৎপন্ন একটি বিখ্যাত মিঠাই যিটো কেৱল বাংলাদেশ, ভাৰত, পাকিস্তানতেই নহয় সমগ্ৰ ভাৰতীয় উপমহাদেশতে বিখ্যাত। চমচমকে বাংলাদেশেৰসকল মিষ্টিৰ ৰাজা বলা হয়। বাংলাদেশত চমচমক সকলো মিঠাইৰ ৰজা বুলি কোৱা হয়।
-
চোলে ভাতুৰে
চোলে ভাতুৰে ভাৰত উপমহাদেশৰ উত্তৰ অঞ্চলৰ এবিধ জনপ্ৰিয় খাদ্য ব্যঞ্জন ৷ ইয়াত চানা মছলা (মছলা বগা বুটম্মাহ বা কাবেলী বুট) আৰু ভাতুৰা / পুৰি থাকে। এইকেইটা ময়দাৰ পৰা তৈয়াৰী তেলত ডুবাই ভজা ৰুটিসদৃশ খাদ্য। চোলে ভাতুৰে প্ৰায়ে পুৱাৰ আহাৰ হিচাপে খোৱা হয়। কেতিয়াবা ইয়াক লচীৰ সৈতেও খোৱা হয়।
-
পকোৰা
পকোৰা বা পকোড়া বা পকৰি ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হোৱা এবিধ ফ্ৰিটাৰ বা তেলত ডুবাই ভজা মিশ্ৰণ ৷ ইয়াক সাধাৰণতে ৰাজপথৰ বিক্ৰেতাই বিক্ৰী কৰে আৰু দক্ষিণ এছিয়াৰ ৰেষ্টুৰেণ্টতো ইয়াকপৰিবেশন কৰা হয়৷ ইয়াত উপকৰণ হিচাপে প্ৰায়ে আলু আৰু পিঁয়াজৰ দৰে শাক-পাচলি, বেচনৰ ঘোলত আৱৰণ দি তেলত ডুবাই ভজা হয়।
-
পটা (শিল)
পটা বা বাটান (Batan (stone)) দক্ষিণ আমেৰিকা, এণ্ডিয়ান আৰু ভাৰতীয় ৰন্ধন প্ৰণালীৰ বিভিন্ন ধৰণৰ খাদ্য প্ৰক্ৰিয়াকৰণ বা পিহি লোৱাৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ পাকঘৰৰ সঁজুলি। ইয়াৰ এটা সমতল শিল (পটা) আৰু এটা নিমজ কৰি লোৱা শিল থাকে যাক পটাগুটি বা উনা বুলি কোৱা হয়।
-
পাপড়ি চাট
পাপড়ি চাট বা পাপৰি চাট বা পেপৰি চাট ( উচ্চাৰণ: pāpṛī cāṭ ) হৈছে ভাৰত উপমহাদেশ অৰ্থাৎ ভাৰত, বাংলাদেশ, নেপাল আৰু পাকিস্তানৰ কিছু অঞ্চলত জনপ্ৰিয় পৰম্পৰাগত ফাষ্ট ফুড আৰু পদপথৰ দাঁতিৰ খাদ্য বা ষ্ট্ৰিট ফুড।আমেৰিকাৰ কিছুসংখ্যক ৰেষ্টোৰাত চাটৰ পৰম্পৰাগত সংস্কৰণতো অটুট ৰাখি পৰিবেশন কৰা হয়।
-
পেড়া
পেডা বা পেৰা ভাৰতৰ উত্তৰ প্ৰদেশৰ ম উদ্ভাৱন হোৱা এবিধ মিঠাই। অথুৰা চহৰত ইয়াৰ উৎপত্তি হৈছিল। পৰম্পৰাগতভাৱে ঘূৰণীয়া গল্ক এটা হাতৰ তলুৱা বা আঙুলিৰে হেঁচা মাৰি দিলে যি ৰূপ লয় সেই হিচাপে প্ৰস্তুত কৰা হয়। ইয়াৰ মূল উপাদানসমূহ হ’ল খোয়া, চেনি আৰু ইলাচিৰ গুটিকে ধৰি পৰম্পৰাগত সোৱাদ যেনে শুকান ফল।
-
অপ্পম
অপ্পম (Appam) বা হপাৰ্ছ (Hoppers) হৈছে দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ এক প্ৰকাৰৰ পাতল পেনকেক। ই সাধাৰণতে চাউলৰ গুড়ি কৰা মিশ্ৰণ আৰু নাৰিকল দুগ্ধৰ সৈতে প্ৰস্তুত কৰা হয়। অপ্পম পৰম্পৰাগতভাৱে আপ্পাচট্টি নামেৰ গভীৰ পেনত ৰন্ধা হয়, যিয়ে আকাৰত ৱকৰ দৰে।
-
আদমচিনি চাউল
আদমচিনি চাউল হৈছে প্ৰধানকৈ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত উৎপাদিত অ-বাছমতী, পৰম্পৰাগত, চুটি দানাযুক্ত সুগন্ধি ধানৰ এক প্ৰজাতি। পূব উত্তৰ প্ৰদেশৰ চণ্ডাউলী, মিৰ্জাপুৰ, বাৰাণসী আৰু সোনভদ্ৰা, আৰু বিন্ধ্যা অঞ্চলত ই এক সাধাৰণ আৰু বহুলভাৱে খেতি কৰা শস্য।
-
আমৰ আচাৰ
আমৰ আচাৰ হৈছে সাধাৰণতে কেঁচা আম ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ আচাৰ ৷দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ই অতিকে জনপ্ৰিয় ৷ এই টেঙা, মিঠা বা জ্বলা আৰু মচলা দিয়া আচাৰ ঘৰত খাবলৈ প্ৰস্তুত কৰাৰ লগতে ব্যৱসায়িকভাৱেঅনলাইন বা দোকানতো পোৱা যায়।
-
আলু ভৰ্তা
আলু ভৰ্তা, হ'ল সিজোৱা কোমল আলু গুড়ি কৰি কটা জলকীয়া, পিঁয়াজ, নিমখ আৰু সৰিয়হৰ তেল মিহলাই তৈয়াৰ কৰা খাদ্য। ইয়াক অন্যতম চাইড ডিচ হিচাপে পৰিবেশন কৰা হয়। এইবিধ খাদ্য ভাৰতৰ পশ্চিমবংগ, অসম, বিহাৰ আদি ৰাজ্যৰ লগতে বাংলাদেশত জনপ্ৰিয়।
-
এণ্ডুৰী পিঠা
এণ্ডুৰী পিঠা হৈছে ভাৰতৰ প্ৰধানকৈ ওড়িশা অঞ্চলত তৈয়াৰ কৰা এক প্ৰকাৰৰ পিঠা, অৱশ্যে ই উত্তৰ আৰু মধ্য অঞ্চলতো ই জনপ্ৰিয়। এই পিঠাৰ উপাদান হ'ল হালধিৰ পাত, ক'লা জিৰা, চাউলৰ গুড়ি, নাৰিকল, ঘিঁউ, আৰু মাটিমাহৰ দালি। এণ্ডুৰী মূলতঃ প্ৰথমাষ্টমীৰ সময়ত তৈয়াৰ কৰা হয়।
-
কচুৰি
কাচোৰি হৈছে মিঠা আৰু টেঙা তেলত ডুবাই ভজা এবিধ নিমখীয়া মুখৰোচক। ভাৰতীয় প্ৰব্ৰজনকাৰী আৰু অন্যান্য দক্ষিণ এছিয়াৰ প্ৰব্ৰজনকাৰী থকা ঠাইত সাধাৰণ। পুৱাৰ আহাৰৰ বিকল্প নাম হৈছে কচৌৰী, কোচুৰি, কচোড়ী আৰু কটচুৰি।
-
কণী ভূৰ্জী
কণী ভূৰ্জী, যাক আণ্ডা ভূৰ্জী বা আণ্ডে কা খগিনা বুলিও কোৱা হয়, ই হৈছে ৰাজপথৰ খাদ্য আৰু ব্ৰেকফাষ্ট, দুপৰীয়া বা ৰাতিৰ আহাৰ গ্ৰহণৰ জনপ্ৰিয় ৰেচিপি। ভাৰত উপমহাদেশৰ পৰা উৎপত্তি হোৱা এই খাদ্যক কেতিয়াবা পাৰ্চী খাদ্য আকুৰিৰ সৈতে তুলনা কৰা হয়।
-
খাজা
খাজা বা খাজুৰী হৈছে ভাৰতীয় তেলত ভজা পেষ্ট্ৰি, সাধাৰণতে ফল-মূলেৰে ভৰাই বা চেনিৰ চিৰাপেৰে তিয়াই থোৱা হয়।
-
চাক-হাও (ক'লা চাউল)
চাক-হাও (Chak-Hao (Black rice)) হ'ল এক থলুৱা, সুগন্ধি, আঠাযুক্ত আৰু বৃহৎ দানাৰ ক'লা চাউলৰ প্ৰকাৰ যিটো মূলতঃ ভাৰতৰ মণিপুৰ আৰু নাগালেণ্ড ৰাজ্যত উৎপাদিত হয়। ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, মণিপুৰৰ থৌবাল আৰু নাগালেণ্ডৰ পেৰেন জিলাত ই এক সাধাৰণ আৰু বহুলভাৱে কৰা খেতি।
-
তামিল ৰন্ধনশৈলী
তামিল ৰন্ধনশৈলী (Tamil cuisine) দক্ষিণ ভাৰতৰ তামিলনাডু আৰু শ্ৰীলংকাৰ দৰে দক্ষিণ এছিয়াৰ অন্যান্য দেশত উৎপত্তি হোৱা এক পাকশৈলী। তামিল চাউল, মাহজাতীয় শস্য, মচুৰ দাইলৰ লগতে মাংসও জনপ্ৰিয়। দুগ্ধজাত উৎপাদন আৰু টেঙা সোৱাদৰ বাবে তেতেলিৰ ব্যৱহাৰ কৰা হয়।
-
পুনুকুলু
পুনুকুলু বা পুনুগুলু(Punukulu) ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ এটা জলপান আৰু সাধাৰণ ৰাজপথৰ খাদ্য। পুনুকুলু হৈছে চাউল, উৰাদ দালি আৰু অন্যান্য মছলাৰে তৈয়াৰী ডিপ ফ্ৰাইড জলপান।
-
বগিয়া
বগিয়া (পিঠা বুলিও জনা যায়) ভাৰত আৰু নেপালৰ মৈথিলী আৰু থাৰু সম্প্ৰদায়ৰ এক সুস্বাদু খাদ্য। এই খাদ্য বিশেষভাৱে শীতকালত ৰন্ধা হয়। নেপালী ব্যঞ্জন ভিতৰত ই এটা ডাম্পলিং, য'ত চাউলৰ আটাৰ বাহিৰৰ আৱৰণ আৰু ভিতৰত মিঠা পদাৰ্থ নাইবা শাক-পাচলি অথবা কুকুৰা বা ছাগলীৰ মাংস আৰু অন্যান্য ভজা উপাদানৰ ভৰোৱা থাকে।
-
বেন্নে ডোছা
দাৱনগেৰে বেন্নে ড’জ (Benne dose ) বা বাটাৰ ডোছা হৈছে এক প্ৰকাৰৰ ডোছা যাৰ উৎপত্তি ভাৰতৰ কৰ্ণাটকৰ দাৱনগেৰে চহৰৰ পৰাই হয়। কানাড়া ভাষাত "বেনে ড'জ" শব্দটোৰ অৰ্থ হৈছে কেৱল "বাটাৰ ডোছা।" সাধাৰণ ডোছা প্ৰস্তুত কৰাৰ সময়ত উদাৰ পৰিমাণৰ মাখন মিহলাই প্ৰস্তুত কৰা হয়, আৰু ইয়াৰ লগত নাৰিকলৰ চাটনিও দিয়া হয়।
-
মালাই
মালাই এবিধ ঘনীভূত গাখীৰ। ইয়াৰ উৎপত্তি হৈছিল ভাৰতীয় উপমহাদেশত, যি মূলতঃ ভাৰতীয় উপমহাদেশীয় খাদ্যত ব্যৱহাৰ কৰা হয়, বিশেষকৈ মিঠাই তৈয়াৰ কৰাত ই এটা গুৰুত্বপূৰ্ণ উপাদান। ইয়াক একত্ৰিত নোহোৱা গাখীৰক প্ৰায় ৮০ ডিগ্ৰী চেলছিয়াছত এঘণ্টা গৰম কৰি তাৰ পিছত ঠাণ্ডা হ’বলৈ দি তৈয়াৰ কৰা হয়।
-
মিহিদানা
মিহিদানা ভাৰতৰ পশ্চিম বংগৰ বৰ্ধমানত উৎপত্তি হোৱা এবিধ ভাৰতীয় মিঠাই। ইয়াক পৰম্পৰাগত বুণ্ডী বা বুন্দিয়াৰ কণমানি সম্পৰ্কীয় ভাই হিচাপে বৰ্ণনা কৰা হয়। মিহিদানা দুটা শব্দৰ পৰা উদ্ভৱ হৈছে, মিহিৰ অৰ্থ মিহি বা নিমজ আৰু ডানা, যাৰ অৰ্থ হৈছে শস্য। ই ২০১৭ চনত ভৌগোলিক সূচাংক লাভ কৰে।