আন্তঃৰাষ্ট্ৰীয় সংস্থা
২৮ প্ৰবন্ধ
-
ৰাষ্ট্ৰসংঘ
ৰাষ্ট্ৰসংঘ (United Nations) এক আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু ইয়াৰ মূল লক্ষ্যসমূহ হ'ল আন্তঃৰাষ্ট্ৰীয় আইন, সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি, মানৱ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে কাম কৰা। দ্বিতীয় বিশ্বযুদ্ধৰ পাচতে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয়।
-
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (United Nations Educational, Scientific, and Cultural Organization) বা ইউনেস্কো (UNESCO) হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য।
-
বিশ্ব স্বাস্থ্য সংস্থা
বিশ্ব স্বাস্থ্য সংস্থা বা ডব্লিউ এইছ অ' হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক জনস্বাস্থ্যৰ সমন্বয়কৰ ভূমিকা পালন কৰে। ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে ইয়াৰ গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত।
-
ইউৰোপিয়ান ইউনিয়ন
ইউৰোপিয়ান ইউনিয়ন বা ইউৰোপিয় সংঘ মূলতঃ ইউৰোপ মহাদেশত অৱস্থিত ২৮খন দেশৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ। ইয়াৰ মাটিকালি ৪,৩২৪,৭৮২ বৰ্গ কি:মি: আৰু জনসংখ্যা প্ৰায় ৫০.৮ কোটি।
-
বিশ্ব বেংক
বিশ্ব বেংক হৈছে এক আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটোৱে উন্নয়নশীল দেশসমূহক আন্তঃগাঁঠনি নিৰ্মাণৰ বাবে ঋণ প্ৰদান কৰে। বিশ্ব বেংক দুটা প্ৰতিষ্ঠানেৰে গঠিত: ইণ্টাৰনেচনেল বেংক ফৰ ৰিকনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পুনৰ্নিৰ্মাণ আৰু উন্নয়ন বেংক বা চমুকৈ আই.বি.আৰ.ডি.
-
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি বা চমুকৈ আই এম এফ হৈছে ১৮৮খন সদস্য ৰাষ্ট্ৰৰে গঠিত এক আন্তঃৰাষ্ট্ৰীয় সংস্থা। সংস্থাটোৰ প্ৰধান কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিত অৱস্থিত।
-
জাতিসংঘ
জাতিসংঘ (League of Nations; লিগ অফ নেশ্বনছ) আছিল বিশ্বৰ প্ৰথম আন্তঃচৰকাৰী সংস্থা, যাৰ মূল লক্ষ্য আছিল বিশ্ব শান্তি বজায় ৰখা। প্ৰথম বিশ্বযুদ্ধৰ অৱসানৰ পাছত ১৯১৯ চনৰ আৰম্ভণিতে বহা 'পেৰিচ শান্তি সম্মিলন'-ত এই সংস্থাৰ গঠনৰ চিন্তা-চৰ্চা কৰা হয়। পাছত ১৯২০ চনৰ ১০ জানুৱাৰীত জাতিসংঘ প্ৰতিষ্ঠিত হয়।
-
ফিফা
Fédération Internationale de Football Association বা আন্তৰ্জাতিক ফুটবল সংস্থা (ফিফা,; ইংৰাজী: International Federation of Association Football) ফুটবল, ফুটছাল আৰু বীচ্চ ছকাৰৰ আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণকাৰী সংস্থা। ২০৯টা ৰাষ্ট্ৰীয় সন্থা ইয়াৰ সদস্য। ইয়াৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জুৰিখত অৱস্থিত।
-
দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা
দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা (ছাৰ্ক)(ইংৰাজী: South Asian Association for Regional Cooperation) হৈছে দক্ষিণ এচিয়াত অৱস্থিত আঠখন সদস্য ৰাষ্ট্ৰৰ এক অৰ্থনৈতিক আৰু ৰাজনৈতিক সংগঠন।
-
আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা
আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা চমুকৈ আই এল অ ৰাষ্ট্ৰসংঘৰ এটা সংস্থা। ইয়াৰ মূল উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় শ্ৰম মানদণ্ড নিৰ্ধাৰণ কৰি সামাজিক আৰু অৰ্থনৈতিক ন্যায় আগবঢ়োৱা। ১৯১৯ চনৰ অক্টোবৰ মাহত জাতিসংঘৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
-
বিশ্ব বাণিজ্য সংস্থা
বিশ্ব বাণিজ্য সংস্থা (World Trade Organization) বা চমুকৈ ডব্লিউ টি অ’ (WTO) হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উদাৰীকৰণৰ উদ্দেশ্যৰে গঠিত এক আন্তৰ্জাতিক সংগঠন। ১৯৪৮ চনত গঠন হোৱা জেনেৰেল এগ্ৰীমেণ্ট অন টেৰিফছ এণ্ড ট্ৰেড (General Agreement on Tariffs and Trade) বা চমুকৈ গেট (GATT) এই সংগঠনটোৰ পূৰ্বসূৰী আছিল।
-
খাদ্য আৰু কৃষি সংস্থা
ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা বা এফ এ অ হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বত ক্ষুধাক জয় কৰিবলৈ চলোৱা প্ৰচেষ্টাত আন্তঃৰ্জাতিক স্তৰত ই নেতৃত্ব দিয়ে। উন্নত আৰু উন্নয়নশীল দেশ উভয়ৰ বাবে খাদ্য আৰু কৃষি সংস্থায়ে এক নিৰপেক্ষ মঞ্চ হিচাপে কাম কৰে আৰু ইয়াত সকলোৱে সমানভাৱে নীতি আলোচনা কৰে।
-
দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন
দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন বা চমুলৈ এচিয়েন (ASEAN) (ASEAN, ) ১০খন দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংগঠন বা সংস্থা। ১৯৬৭ চনৰ ৮ আগষ্টত ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ আৰু থাইলেণ্ডে এই সংগঠনটোৰ প্ৰতিষ্ঠা কৰে।
-
নাটো
নাটো (North Atlantic Treaty Organisation, সংক্ষেপে NATO) হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মুঠ ২৬খন দেশৰ এক সন্ধি। ১৯৪৯ চনৰ ৪ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত বেলজিয়াম, কানাডা, পৰ্টুগাল, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নৰৱে, নেদাৰলেণ্ডছ, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ…
-
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় বা বিশ্ব ন্যায়ালয় বা আন্তঃৰাষ্ট্ৰীয় ন্যায়বিচাৰ আদালত (International Court of Justice) হৈছে ৰাষ্ট্ৰসংঘৰ চূড়ান্ত ন্যায়পালিকা। ৰাষ্ট্ৰ সমূহৰ মাজৰ মতানক্য সমাধান কৰা আৰু ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অংগ সমূহক আইনী পৰামৰ্শ প্ৰদান কৰা ইয়াৰ মুখ্য কাৰ্য।
-
কমনৱেলথ অৱ নেচনছ
কমনৱেলথ অৱ নেচনছ বা ৰাষ্ট্ৰমণ্ডল বা জাতিসমূহৰ সংঘ (Commonwealth of Nations, সাধাৰণতে কেৱল কমনৱেলথ বুলি জনা যায়) হৈছে এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন য'ত মূলতঃ ৫৬খন স্বাধীন ৰাষ্ট্ৰ সদস্য ৰূপে যুক্ত। এই সংগঠনটোত অতিৰিক্তকৈ বেলেগ অঞ্চল আৰু নিৰীক্ষক সদস্যও থাকে।
-
বিশ্ব খাদ্য কাৰ্যসূচী
বিশ্ব খাদ্য কাৰ্যসূচী (World Food Programme, WFP) হৈছে ৰাষ্ট্ৰসংঘৰ খাদ্য-সাহায্য শাখা আৰু বিশ্বৰ সৰ্ববৃহৎ মানৱহিতৈষী সংস্থা। এওঁলোকৰ মূল লক্ষ্য হৈছে ক্ষুধা-নিৰ্মূল আৰু খাদ্য সুৰক্ষা। ১৯৬১ চনত স্থাপিত হোৱা এই বিশেষ সংস্থাটোৰ মুখ্য কাৰ্যালয় ৰোমত অৱস্থিত। বিশ্বৰ ৮০খন দেশত তেওঁলোকৰ কাৰ্যালয় আছে।
-
ইণ্টাৰপোল
আন্তৰ্জাতিক পুলিচ সংগঠন বা ইণ্টাৰপ'ল (International Criminal Police Organization – INTERPOL)-ৰ জন্ম হয় ১৯২৩ চনত অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত আন্তৰ্জাতিক অপৰাধ আৰু অপৰাধীসকলক দমন কৰাৰ অৰ্থে। ইণ্টাৰপ'ল (INTERPOL) নামটো International আৰু Police এই শব্দ দুটাৰ পৰা আহিছে।
-
আফ্ৰিকান ইউনিয়ন
আফ্ৰিকান ইউনিয়ন (ইংৰাজীত African Union, সংক্ষিপ্ত ৰূপে AU) হৈছে আফ্ৰিকা মহাদেশৰ ৫৫খন দেশৰ উদ্যোগত গঠিত আন্তঃৰাষ্ট্ৰীয় সংস্থা, যাৰ উদ্দেশ্য হৈছে মহাদেশীয় ঐক্য, শান্তি, সুৰক্ষা আৰু উন্নয়ন আগবঢ়োৱা।
-
বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ
বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ চমুকৈ বিমষ্টেক দক্ষিণ-পূব এছিয়াৰ বংগোপসাগৰৰ আশে-পাশে থকা দেশ কেইখনমান আন্তৰাষ্ট্ৰীয় সংগঠন। এই সংগঠনৰ সদস্য ৰাষ্ট্ৰসমূহৰ মুঠ জনসংখ্যা ১.৫ বিলিয়ন আৰু মুঠ ঘৰুৱা আয় ৩.৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰ।
-
ব্ৰিক্ছ
ব্ৰিক্ছ (BRICS) হৈছে এঘাৰখন দেশক লৈ গঠিত আন্তঃচৰকাৰী সংস্থা; যিসমূহ হৈছে ব্ৰাজিল, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইথিওপিয়া, ভাৰত, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া, চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহী।
-
মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি
মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি (United Nations Development Fund for Women (UNIFEM)) ১৯৭৬ চনৰ ডিচেম্বৰত আন্তৰ্জাতিক মহিলা বৰ্ষত ৰাষ্ট্ৰসংঘৰ মহিলাৰ বাবে দশকৰ বাবে স্বেচ্ছামূলক পুঁজি হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ প্ৰথম সঞ্চালক মাৰ্গাৰেট চি. স্নাইডাৰ আছিল।
-
অ'পেক
অ'পেক (Organization of the Petroleum Exporting Countries, সংক্ষেপে OPEC) হৈছে খনিজ তৈল ৰপ্তানিৰ সৈতে জড়িত দেশসমূহৰ এক আন্তঃৰাষ্ট্ৰীয় সংগঠন। এই সংগঠনটোৰ উদ্দেশ্য হৈছে সদস্য ৰাষ্ট্ৰসমূহৰ খনিজ তৈল নীতি সমন্বয় কৰা আৰু বিশ্ব তেল বজাৰত স্থিতিশীলতা ৰক্ষা কৰা।
-
আৰব লীগ
আৰব লীগ (Arab League, جامعة الدول العربية Jāmiʿat ad-Duwal al-ʿArabiyya) হৈছে আৰব ৰাষ্ট্ৰসমূহৰ মাজত ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু সামৰিক সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে গঠিত এখন আঞ্চলিক আন্তঃৰাষ্ট্ৰীয় সংস্থা। এই সংগঠনটো ১৯৪৫ চনৰ ২২ মাৰ্চ তাৰিখে চাৰিচাৰত প্ৰতিষ্ঠা কৰা হয়।
-
চাংহাই কোঅপাৰেছন অৰ্গেনাইজ্যেশ্যন
চাংহাই কোঅপাৰেছন অৰ্গেনাইজ্যেশ্যন (Shanghai Cooperation Organization) বা চমুকৈ এছ চিও(SCO) ইউৰোপ আৰু এছিয়াৰ দহখন সদস্য ৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা। এই সংস্থাই ৰাজনৈতিক, অৰ্থনৈতিক, নিৰাপত্তা আৰু সন্ত্ৰাসবাদ বিৰোধী সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
জি৭
গ্ৰুপ অৱ চেভেন (Group of 7) বা সাতখন দেশৰ গোট হৈছে কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰে গঠিত এক আন্তঃচৰকাৰী ৰাজনৈতিক আৰু অৰ্থনৈতিক মঞ্চ৷ ইয়াৰ উপৰি ইউৰোপীয় সংঘ (ইউৰোপীয় সংঘ) ইয়াৰ এক "গণনাবিহীন সদস্য"।
-
মালালা ফাণ্ড
মালালা ফাণ্ড (Malala Fund) ছোৱালীৰ শিক্ষাৰ বাবে ওকালতি কৰা এক আন্তৰ্জাতিক, অলাভজনক দাতব্য সংগঠন। ইয়াক মহিলা শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পাকিস্তানী কৰ্মী আৰু কনিষ্ঠতম ন'বেল বঁটা বিজয়ী মালালা ইউছুফজাই আৰু তেওঁৰ দেউতাক জীয়াউদ্দীন ইউছুফজাইয়ে প্ৰতিষ্ঠা কৰিছিল।
-
ৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছ
ৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছ (Royal Society for the Protection of Birds (RSPB)) ইংলেণ্ড, ৱেলছ আৰু স্কটলেণ্ডত পঞ্জীভূক্ত এটা দাতব্য সংগঠন (charitable organisation)। এই সংগঠনটো ১৮৮৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল।