অসমৰ বিশ্ববিদ্যালয়সমূহ
৩২ প্ৰবন্ধ
-
গুৱাহাটী বিশ্ববিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ গুৱাহাটী মহানগৰীৰ জালুকবাৰী অঞ্চলত অৱস্থিত এক ৰাজহুৱা কলেজিয়েট ৰাজ্যিক বিশ্ববিদ্যালয়, আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয়। ১৯৪৮ চনত স্থাপিত এই প্ৰতিষ্ঠানে অঞ্চলটোৰ উচ্চশিক্ষা, গৱেষণা আৰু সাংস্কৃতিক জীৱনৰ বিকাশত দীৰ্ঘকাল ধৰি মুখ্য ভূমিকা পালন কৰি আহিছে।
-
কটন বিশ্ববিদ্যালয়
কটন বিশ্ববিদ্যালয় অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এক ৰাজহুৱা উচ্চশিক্ষা প্ৰতিষ্ঠান। ১৯০১ চনত কটন কলেজ ৰূপে আৰম্ভ হোৱা এই প্ৰতিষ্ঠানে ২০১৭ চনত পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয় হিচাপে “কটন বিশ্ববিদ্যালয়” নাম লাভ কৰে।
-
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ ডিব্ৰুগড় চহৰত অৱস্থিত এক ৰাজহুৱা বিশ্ববিদ্যালয়, যি উত্তৰ-পূৰ্বাঞ্চলৰ পূব প্ৰান্তৰ উচ্চশিক্ষাৰ এটা গুৰুত্বপূর্ণ কেন্দ্ৰ। ১৯৬৫ চনত “ডিব্ৰুগড় বিশ্ববিদ্যালয় বিধেয়ক, ১৯৬৫” অনুসৰি স্থাপিত এই বিশ্ববিদ্যালয়ে বিভাগীয় পাঠদানৰ লগতে বহু সংখ্যক অধীনস্থ মহাবিদ্যালয়ৰ এক…
-
জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়
জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় অসমৰ যোৰহাট চহৰত অৱস্থিত এক ঐতিহাসিক উচ্চশিক্ষা প্ৰতিষ্ঠান, যাৰ আৰম্ভণি ১৯৩০ চনত উজনি অসমৰ প্ৰথম মহাবিদ্যালয় হিচাপে হৈছিল। দীৰ্ঘকাল ধৰি মহাবিদ্যালয় ৰূপে শিক্ষাদান কৰাৰ পাছত ই বিশ্ববিদ্যালয়লৈ উন্নীত হয় আৰু মান-নিৰ্ণায়ন ব্যৱস্থাত NAAC-ৰ A গ্ৰেড লাভ কৰিছে।
-
তেজপুৰ বিশ্ববিদ্যালয়
১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বৰ্তমান বিশ্ববিদ্যালয়খনত ১৫টা বিভাগেৰে প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে প্ৰফেচৰ শম্ভূনাথ সিঙক নিযুক্তি দিয়া হৈছে।
-
অসম কৃষি বিশ্ববিদ্যালয়
অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University) অসমৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়। ১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত স্থাপিত হোৱা এই বিশ্ববিদ্যালয়খনে অসমত কৃষি-শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে।
-
শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় গুৱাহাটী, অসমত অৱস্থিত একমাত্ৰ স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয় তথা উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়।
-
অসম বিশ্ববিদ্যালয়
অসম বিশ্ববিদ্যালয় অসমৰ কাছাৰ জিলাত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় খনত মুঠ ষোল্লখন বিদ্যাপীঠ আছে, এইসমূহত সমাজ বিজ্ঞান, কলা, জীৱ বিদ্যা, ভৌতিক বিদ্যা, পৰিৱেশ বিদ্যা, তথ্য বিজ্ঞান, প্ৰযুক্তি আৰু ব্যৱস্থাপনা বিদ্যাপীঠ আদি অন্তৰ্ভুক্ত।
-
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় (North Lakhimpur University) পূৰ্বৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত) উত্তৰ লখিমপুৰৰ খেলমাটিত অৱস্থিত এখন বিশ্ববিদ্যালয়। পূৰ্বৰ মহাবিদ্যালয়খনি ১৯৫২ চনত স্থাপিত হৈছিল যি পাছলৈ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিল ২০২৩ অনুসৰি বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হয়।
-
বড়োলেণ্ড বিশ্ববিদ্যালয়
বড়োলেণ্ড বিশ্ববিদ্যালয় ( Bodoland University) অসমৰ কোকৰাঝাৰ জিলাৰ দেৱৰগাৱত অৱস্থিত। বড়োলেণ্ড বিশ্ববিদ্যালয় হৈছে অসম বিধানসভাৰ বডোলেণ্ড বিশ্ববিদ্যালয় আইন, ২০০৯ৰ অধীনত ২০০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা এখন ৰাজ্যিক বিশ্ববিদ্যালয়।
-
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (Krishna Kanta Handiqui State Open University) হৈছে অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। ইয়েই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম আৰু ভাৰতৰ ভিতৰত ১৪তম মুক্ত বিশ্ববিদ্যালয়।
-
নগাঁও বিশ্ববিদ্যালয়
নগাঁও বিশ্ববিদ্যালয় (Nagaon University) হৈছে অসমৰ নগাঁও জিলা চহৰৰ মাজমজিয়াত অৱস্থিত এখন বিশ্ববিদ্যালয়। ১৯৪৪ চনৰ ৭ আগষ্ট তাৰিখে নগাঁও মহাবিদ্যালয় হিচাপে স্থাপন কৰা শৈক্ষিক প্ৰতিষ্ঠানখন পাছলৈ স্বায়ত্বশাসন আৰু বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ হয়। নগাঁও বিশ্ববিদ্যালয় অসমৰ এখন পুৰণি শিক্ষানুষ্ঠান।
-
অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়
অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় ( Assam Science and Technology University) জালুকবাৰী,গুৱাহাটীত অৱস্থিত অসমৰ একমাত্ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়।
-
মাধৱদেৱ বিশ্ববিদ্যালয়
মাধৱদেৱ বিশ্ববিদ্যালয় অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। ১৯৬৪ চনত নাৰায়ণপুৰ কলেজ নামেৰে প্ৰতিষ্ঠা হোৱা আৰু পাছলৈ মাধৱদেৱ মহাবিদ্যালয় নামৰে পুনঃনামকৰণ কৰা মহাবিদ্যালয়খন উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।
-
ভট্টদেৱ বিশ্ববিদ্যালয়
ভট্টদেৱ বিশ্ববিদ্যালয় অসমৰ বজালী জিলাৰ পাঠশালাত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত স্থাপন কৰিছে। বৰপেটাৰ পাঠশালাত অৱস্থিত বজালী মহাবিদ্যালয়ক উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।
-
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত গুৰুজনাৰ নামত স্থাপিত বিশ্ববিদ্যালয়। বৰ্তমান নগাঁও চহৰত অৱস্থিত সংঘৰ মূল কাৰ্য্যালয় চৌহদতে আৰু গুৱাহাটীৰ ৰূপনগৰত এই বিশ্ববিদ্যালয়খন অস্থায়ী ভাৱে পৰিচালিত হৈ আহিছে। বৰ্তমান ১৩টা বিভাগত পাঠদান কৰি থকা হৈছে।
-
অসম ডাউনটাউন বিশ্ববিদ্যালয়
অসম ডাউনটাউন বিশ্ববিদ্যালয় ২০১০ চনত অসম ডাউনটাউন বিশ্ববিদ্যালয় বিধি,২০১০ৰ মতে গুৱাহাটীৰ পানীখাইতীত প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয় খনে প্ৰায় ৪২ একৰ ভূমি আৱৰি আছে। ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থিত বিশ্ববিদ্যালয়খন অসম সচিবালয়ৰ পৰা মাত্ৰ ১২ কিঃমিঃ নিলগত।
-
অসম মহিলা বিশ্ববিদ্যালয়
অসম মহিলা বিশ্ববিদ্যালয় অসমৰ যোৰহাটত অৱস্থিত চৰকাৰী খণ্ডৰ এখন বিশ্ববিদ্যালয়। ২০১৩ চনৰ ১৫ জুলাইত অসম বিধানসভাত নতুন মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত এক বিধেয়ক গৃহীত হয়।
-
অসম ডনব’স্ক’ বিশ্ববিদ্যালয়
অসম ডনব’স্ক’ বিশ্ববিদ্যালয় ২০০৮ চনৰ ২৯ মাৰ্চত গুৱাহাটীৰ আজাৰাত প্ৰতিষ্ঠা কৰা এখন ব্যক্তিগত বিশ্ববিদ্যালয়। অসম ব্যক্তিগত বিশ্ববিদ্যালয় বিধি,২০০৭ৰ অনুসৰি অসম ডনব’স্ক’ বিশ্ববিদ্যালয় বিধি,২০০৯ ২০০৯ চনৰ ৯ জানুৱাৰীৰ মতে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল।
-
আউনীআটী বিশ্ববিদ্যালয়
আউনীআটী বিশ্ববিদ্যালয় (Auniati University) অসম যোৰহাট জিলাৰ এখন ব্যক্তিগত খণ্ডৰ ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ অধীনত সৃষ্টি হোৱা আউনীআটী বিশ্ববিদ্যালয় আইন, ২০২২ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল।
-
কাজিৰঙা বিশ্ববিদ্যালয়
অসম কাজিৰঙা বিশ্ববিদ্যালয় ২০১২ চনত অসম কাজিৰঙা বিশ্ববিদ্যালয় বিধি, ২০১২ অনুসৰি অসমৰ যোৰহাটত স্থাপিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়। অসম ব্যক্তিগত বিশ্ববিদ্যালয় বিধি,২০০৭ৰ মতে বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল।
-
বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়
বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০২০ চনৰ ২ ছেপ্টেম্বৰত গৃহীত কৰা বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়ক, ২০২০ৰ অধীনত স্থাপন কৰিছে।
-
অসম দক্ষতা বিশ্ববিদ্যালয়
অসম দক্ষতা বিশ্ববিদ্যালয় (Assam Skill University) অসমৰ দৰং জিলাৰ সদৰ মংগলদৈত অৱস্থিত। এইখন এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন The Assam Skill University Act, 2020 আইনৰ দ্বাৰা অসম বিধানসভাত গৃহীত কৰে আৰু ৩ ছেপ্টেম্বৰ, ২০২০ তাৰিখে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰে।
-
অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়
অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়( Assam Rajiv Gandhi University of Cooperative Management) অসমৰ শিৱসাগৰত অৱস্থিত ভাৰতৰ প্ৰথম সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়। ২০১০ চনৰ অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় বিধেয়কৰ দ্বাৰা বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়।
-
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয (Kumar Bhaskar Varma Sanskrit and Ancient Studies University, স্থাপিত: ২০১১) অসমৰ নলবাৰীত অৱস্থিত সংস্কৃত শিক্ষা আৰু কামৰূপৰ ইতিহাসৰ লগতে কলা, মানবিকী আৰু পেশাদাৰী শিক্ষাৰ এখন ৰাজ্যিক বিশ্ববিদ্যালয়।
-
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় Krishnaguru Adhyatmik Vishvavidyalaya) অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ন-সত্ৰত অৱস্থিত এখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়।
-
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়
মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয় অসমৰ মাজুলীত অৱস্থিত সংস্কৃতিৰ শিক্ষা আৰু গৱেষণাৰ বাবে স্থাপিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭-ৰ অধীনত স্থাপন কৰিছে।
-
ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়
অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয় (Assam Royal Global University) অসমৰ পঞ্চমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ৰয়েল গ্ৰুপ অফ ইনষ্টিটিউটৰ একত্ৰিতকৰণ কৰি গঠন কৰা হৈছে। অসম বিধানসভায়ে অনুমোদন জনোৱা অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয় বিধি ২০১৩ -ৰ আধাৰত বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়।
-
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (Girijananda Chowdhury University) অসমৰ এখন ব্যক্তিগত খণ্ডৰ ৰাজ্যিক বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ২০২২ চনত অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ অধীনত সৃষ্টি হোৱা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় আইন, ২০২২ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল।
-
প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়
প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় (Pragjyotishpur University) অসমৰ কামৰূপ মহানগৰ জিলাৰ হাজংবাৰীত অৱস্থিত এখন ব্যক্তিগত খণ্ডৰ ৰাজ্যিক বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ২০২২ চনত অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ অধীনত গৃহীত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় আইন, ২০২২ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল।