অসমৰ খাদ্য
৪৪ প্ৰবন্ধ
-
পিঠা
পিঠা মুখ্যতঃ চাউলগুড়িৰ পৰা প্ৰস্তুত কৰা অসমৰ পৰম্পৰাগত খাদ্য, যি জলপান, মিঠাই বা উৎসৱ-অনুষ্ঠানৰ আংগিক ব্যঞ্জন হিচাপে বহুল ব্যৱহৃত। অসমত বিশেষকৈ ৰঙালী আৰু ভোগালী বিহুত পিঠা-পনা সামাজিক আতিথ্য আৰু লোক-সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ, আৰু ভাৰত-বাংলাদেশৰ বহু অঞ্চলতো ইয়াৰ সাদৃশ্যধৰ্মী ধাৰা দেখা যায়।
-
বৰা চাউল
বৰা চাউল ঘাইকৈ পূব আৰু দক্ষিণ-পূব এচিয়াৰ দেশসমূহত উৎপাদিত হোৱা এবিধ চাউল। সিজালে এই চাউলবিধ আঠাযুক্ত হয়। অসমৰ বাহিৰেও এচিয়াৰ বিভিন্ন দেশ যেনে চীন, থাইলেণ্ড, ইণ্ডোনেচিয়া, বাৰ্মা (ম্যানমাৰ), বাংলাদেশ আদিত বৰা চাউলৰ ৰন্ধন প্ৰকৰণৰ বিশেষ প্ৰচলন আছে।
-
অসমীয়া খাদ্যাভ্যাস
অসমৰ খাদ্যসম্ভাৰ অথবা অসমীয়া আহাৰ অসমৰ স্থায়ী বাসিন্দাসকলৰ খাদ্য প্ৰণালী। অসমীয়া আহাৰত পাহাৰীয়া শুকান বা আচাৰ কৰা খাদ্যাভ্যাসৰ লগতে সমতলৰ সতেজ উপকৰণ দুয়োটা প্ৰভাৱেই বিদ্যমান। বিভিন্ন সংস্কৃতিৰ প্ৰভাৱ পৰাৰ বাবে এই অঞ্চলটোৰ খাদ্যাভ্যাসৰ মাজতো বিভিন্নতা বিৰাজমান।
-
কলাখাৰ
কলাখাৰ বা খাৰ হ’ল কলৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা ছাইত পানী দি থৈ পিছত তাৰ পৰা নিগৰি ওলোৱা খাৰ-পানী। সাধাৰণতে ভীমকল গছৰ পটুৱা ছিৰলা-ছিৰিলিকৈ ফালি ৰ’দত শুকুৱাই, জুইত পুৰি, তাৰ ছাইৰ পৰা কলাখাৰ তৈয়াৰ কৰা হয়।
-
খৰিচা
খৰিচা হৈছে বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য। এছিয়া মহাদেশৰ বিভিন্ন দেশৰ খাদ্যাভ্যাসত খৰিচাৰ ব্যৱহাৰ হয় আৰু ইয়াক বিভিন্ন নামেৰে জনা যায়। অসম তথা উত্তৰ-পূব ভাৰতৰ ভৈয়ামৰ জাতি-জনজাতিৰ দৰে পাহাৰীয়া জন-জনজাতিৰো এয়া উপাদেয় খাদ্য। ইয়াৰ বহুতো ঔষধিয় গুণ আছে।
-
চুঙা চাউল
চুঙা চাউল তিয়াই লোৱা বৰা চাউল কুমলীয়া বাঁহৰ চুঙাত ভৰাই চুঙাটো জুইত পুৰি তৈয়াৰ কৰা এবিধ আহাৰ। জুইত সেকি লেৰেলাইলোৱা কলপাতেৰে চুঙাটোত সোপা দি লোৱা হয়। চুঙাটোৰ ভিতৰৰ চাউলখিনি ভাপত সিজি খোৱাৰ উপযোগী হয়।
-
পাতত দিয়া
পাতত দিয়া (cooked in banana leaf) হৈছে ভাৰতকে ধৰি ইণ্ডোনেছিয়া, মালয়েছিয়া, লাওছ আদি এছিয়াৰ বিভিন্ন দেশৰ লগতে মেক্সিকো, হাৱাই আদি দেশৰ বিভিন্ন জনগোষ্ঠীৰ এক ৰন্ধনশৈলী। এই পদ্ধতিত সাধাৰণতে কলপাতেৰে খাদ্য বস্তু মেৰিয়াই ৰন্ধা হয়।
-
অসমীয়া জলপান
অসমীয়া মানুহে চাউল সিজাই ভাত খোৱাৰ উপৰিও ভিন্নধৰণৰ মুখৰোচক খাদ্য প্ৰস্তুত কৰি লঘু আহাৰ হিচাপে গ্ৰহণ কৰে। তেনে এক পৰম্পৰাগত লঘু আহাৰ হৈছে জলপান। কোমল চাউল, সান্দহ, পিঠাগুড়ি, চিৰা, লুথুৰি, কড়াই গুড়ি, পায়স, চুঙা চাউল, তিলপিঠা, ঘিলা পিঠা, মুড়ি, টেকেলি পিঠা ইত্যাদি ভিন্ন নামৰ জলপানে অসমীয়া সমাজত…
-
জহা চাউল
জহা চাউল হৈছে চুটি বা মধ্যম আকাৰৰ এবিধ সুগন্ধি চাউল। অসমৰ মাটি আৰু জলবায়ু জহাধানৰ বাবে উপযোগী হোৱাৰ হেতুকে চাউলবিধ মূলতঃ অসমতেই উৎপাদিত হয়। জহা চাউলত যথেষ্ট পৰিমাণে প্ৰাকৃতিক সুগন্ধি ২-এচিটাইল-১-পাইৰ’লাইন নিহিত হৈ থকাৰ বাবে চাউলবিধ নিজস্ব গোন্ধযুক্ত হয়।
-
পঁইতা ভাত
পঁইতা ভাত হৈছে সিজোৱা ভাত ওৰে ৰাতি পানীত তিয়াই ৰাখি, পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য। পানীত তিয়াই ৰখা বাবে ই সামান্য টেঙা হৈ পৰে। বিশেষকৈ গৰমৰ দিনত অসমীয়া ৰাইজৰ প্ৰিয় খাদ্য। অসমৰ বাদেও আন আন চাউল প্ৰধান খাদ্যাভ্যাসত এনে খাদ্যৰ উপস্থিতি দেখা যায়।
-
বিহুৰ খাদ্য
বিহু সাংস্কৃতিক বৈশিষ্ট্যৰে ভৰপূৰ অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ। অসমত তিনিটা বিহু পালন কৰা হয়, ব’হাগ বিহু বা ৰঙালী বিহু (বসন্তৰ বিহু), মাঘ বা ভোগালী বিহু (খেতি চপোৱা বিহু) আৰু কাতি বা কঙালী বিহু (শৰতৰ বিহু)। বিহু উৎসৱৰ লগত খোৱা-বোৱাৰ ওতঃপ্ৰোত সম্বন্ধ আছে।
-
কোমল চাউল
কোমল চাউল অসমত উৎপাদিত হোৱা একপ্ৰকাৰৰ চাউল। সাধাৰণতে চকোৱা, নানিয়া বা তেনেধৰণৰ ধানৰ পৰা কোমল চাউল উৎপাদন কৰা হয়। এই চাউল নিসিজোৱাকৈ খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি বাবেই বিশেষ সমাদৰ লাভ কৰিছে।
-
বোকা চাউল
বোকা চাউল নামনি অসমত উৎপাদিত হোৱা একপ্ৰকাৰৰ কোমল চাউল। এই চাউল নিসিজোৱাকৈ খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি বাবেই বিশেষ সমাদৰ লাভ কৰিছে। কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই ললে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়ালে এই চাউল খোৱাৰ বাবে উপযোগী হৈ পৰে। ২০১৮ চনত এই চাউলে ভৌগোলিক স্বীকৃতি লাভ কৰে।
-
মছলা চাহ
মছলা চাহ বুলিলে সচৰাচৰ সুগন্ধিযুক্ত একপ্ৰকাৰ উষ্ণ পানীয়ক বুজায়, যি ক'লা চাহ পাতৰ লগত বিভিন্ন ধৰণৰ মছলা আৰু ভেষজৰ লগত পানীত গৰম কৰি প্ৰস্তুত কৰা হয়। যি মূলতঃ ভাৰতীয় উপমহাদেশত উদ্ভাৱিত, কিন্তু বিশ্বব্যাপী সমাদৃত হৈছে। মছলা চাহ ৰেস্তোৰাঁ বা কফি হাউজৰ এটি আৱশ্যক বা জনপ্ৰিয় বৈশিষ্ট্য।
-
আপং
মিচিং লোকসকলৰ মাজত বহুলভাৱে প্ৰচলিত পানীয় বিধৰ নাম আপং। মিচিং সকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ উপৰিও উছৱ-পৰৱ, ধৰ্মীয় কাম-কাজ আৰু অপদেৱতাৰ নৈৱেদ্য হিচাপেও ব্যৱহাৰ কৰি আহিছে।
-
আলু পিটিকা
আলু পিটিকা হৈছে সিজাই বা পুৰি কোমল কৰা আলুৰ সৈতে মিঠাতেল, পিয়াঁজ, জলকীয়া, নিমখ, ধনিয়া আদি মিহলাই পিটিকা কৰি তৈয়াৰ কৰা এবিধ খাদ্য। আলু পিটিকা অসমীয়া খাদ্যৰ অভিন্ন অংশ। সাধাৰণতে ইয়াক ৰাতিপুৱাৰ আহাৰ হিচাপে ভাতৰ লগত খোৱা হয়।
-
খাও ৰুম
খাও ৰুম বা হু-ৰুম হল আহোমসকলৰ একপ্ৰকাৰৰ পৰম্পৰাগত জলপান। ইয়াৰ নাম টাই আহোম ভাষাৰ পৰা আহিছে। নামৰ অৰ্থ হল ঢকা ধান অৰ্থাৎ খাও মানে ধান আৰু ৰুম মানে ঢাকি থোৱা। খাও ৰুমক কিছু লোকে হু ৰুম বুলিও কয় যি খাও ৰুমৰ অপভ্ৰংশ। খাও ৰুম প্ৰস্তুত কৰিবলৈ তিতাকচি বৰা ধানৰ প্ৰয়োজন হয়।
-
সান্দহ
উখুৱা চাউল শুকানে ভাজি তাক গুড়ি কৰি তৈয়াৰ কৰা এবিধ অসমীয়া জলপান, সাধাৰণতে চেনি আৰু গাখীৰৰ সৈতে খোৱা হয়। সান্দহ হ'ল অসমীয়া লোকে আহাৰ হিচাপে গ্ৰহণ কৰা এবিধ সঘু খাদ্য, অসমীয়াৰ অন্যান্য জলপানৰ ইও অন্যতম। সান্দহ-গুড়ি বা কৰাই গুড়ি অথবা সান্দহে একেবিধকে বুজোৱা হয়।
-
আখৈ
আখৈ হৈছে ধানৰ পৰা প্ৰস্তুত কৰা এবিধ জলপান। ইয়াৰ বাবে ধান ৰ'দত শুকুৱাই লোৱা হয়। নদী বা পুখুৰীৰ পৰা বালি আনি ৰ'দত শুকুৱাই লোৱা হয়। তাৰ পিছত চৌকাত এটা কেৰাহীত শুকান বালিবোৰ তপতোৱা হয়। এনেদৰে তপতাই থাকোঁতে তাৰ ওপৰত ধানবোৰ ৰখা হয়।
-
আমৰলি টোপ
আমৰলি টোপ অসমৰ জনজাতি লোকসকলৰ মাজত দেখা পোৱা খাদ্যৰাজিৰ ভিতৰত এবিধ প্ৰিয় খাদ্য হ’ল আমৰলি টোপ৷ আমৰলি পৰুৱাই গছত বাহ বান্ধি থাকে৷ এইবিধ পৰুৱাৰ ৰং ৰঙা আৰু ইয়াৰ পিছৰ অংশত এবিধ এচিড জাতীয় পানীয় জমা থাকে৷ শত্ৰুৰ আক্ৰমণ এইবিধ পৰুৱাই নিজে প্ৰাণ দিও প্ৰতিহত কৰিবলৈ চেষ্টা কৰে৷ পৰুৱা বিধে মুখেৰে কামুৰি…
-
জুডিমা (পানীয়)
জুডিমা (Judima) অসমৰ ডিমাছা সকলে প্ৰস্তুত কৰা পাৰম্পৰিক চাউলৰ সুৰা। জুডিমা ডিমাছা সমাজৰ সকলো ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। উত্তৰ পূব ভাৰতৰ সকলো সম্প্ৰদায়ৰ দ্বাৰা চাউলৰ সুৰা প্ৰস্তুত কৰা হয়।
-
টোপোলা ভাত
টোপোলা ভাত চাউলৰপৰা প্ৰস্তুত কৰা একপ্ৰকাৰ খাদ্য। অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া, জয়পুৰ আদিৰ উপৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, লিডু প্ৰভৃতি অঞ্চলত বসবাস কৰা শ্যামচীন গোষ্ঠীৰ টাইফাকেসকলে টোপোলা ভাত (তেওঁলোকৰ ভাষাত শাখাও) প্ৰস্তুত কৰে।
-
লাও (পানীয়)
লাও (𑜎𑜰𑜫,চীনা ভাষা:酪,থাই ভাষা:เหล้า) হল মূলতঃ টাইসকলৰ পৰম্পৰাগত পানীয় যাক অসম, চীন, ছান, থাইলেণ্ড আৰু লাওচৰ টাই সকলে প্ৰস্তুত আৰু গ্ৰহণ কৰে। অসম আৰু উত্তৰ পূৰ্ব্বাঞ্চলত লাওৰ প্ৰয়োগ যথেষ্ট হয়। বিশেষকৈ অসমৰ টাই আহোম সকলৰ মাজত ইয়াৰ প্ৰয়োগ যথেষ্ট।
-
অসমত ব্যৱহৃত পতংগ খাদ্য
পতংগখাদক (Entomophagy)ৰ ৰূপত দেশৰ অন্যান্য প্ৰান্তৰ লগতে, উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্যত চহকী অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিম; এই অঞ্চলত বাস কৰা মানুহে লিংকৰি, জেৱাংকৰি নাইবা মেজাংকৰি, উঁই, পাইন বিছা, এৰিপলু, আমৰলি পৰুৱা, মৌ-মাখি আৰু বৰলক খাদ্য হিচাপে…
-
অসমৰ বনৌষধি
অসমৰ হাবি-বন, বাৰী আদিতো নানা ধৰণৰ বনৌষধি পোৱা যায়। প্ৰাথমিক চিকিৎসা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহ, এই বনৌষধি বিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। বনৌষধি সমূহৰ পাৰ্শ্বক্ৰিয়া কম। পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত।
-
টেকেলি পিঠা
টেকেলি পিঠা অসমৰ স্থানীয় পিঠা। চেৱা দিয়া ভাত আৰু টেকেলী পিঠা কৰাৰ পদ্ধতিৰ মিল আছে৷ ভাৰতৰ আন ঠাইত এনেদৰে ভাত বা পিঠা কৰাৰ পদ্ধতি নাই৷ আৰৈ চাউলৰ পিঠাগুড়ি, ৰোকা নাৰিকল আৰু চেনি ভজা মিশ্ৰণ অথবা ভজা তিল আৰু গুড়ৰ মিশ্ৰণ হ'লেই এইবিধ পিঠা সাজিব পাৰি।
-
পানীটেঙা
পানীটেঙা বা বেহুৱা এবিধ অসমীয়া মুখৰোচক খাদ্য। ইয়াৰ প্ৰধান উপাদান হৈছে সৰিয়হ আৰু লাইশাকৰ গুটি।
-
পুৰাং আপিন
পুৰাং আপিন হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ এবিধ পৰম্পৰাগত খাদ্য। ই মূলতঃ চাউলৰ পৰা তৈয়াৰী এক আহাৰ। এই খাদ্যবিধ বৰা বা লাহী চাউল তৰাপাতত মেৰিয়াই পানীত উতলাই সিজাই প্ৰস্তুত কৰা হয়। আলি আঃয়ে লৃগাং আদি বিভিন্ন উৎসৱ-পাৰ্বনৰ উপৰিও অন্যান্য উপলক্ষত পুৰাং আপিন প্ৰস্তুত কৰা হয়।
-
বনশাক
স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে অতীজৰ পৰা অসমৰ লোক-সংস্কৃতিত বিভিন্ন প্ৰকাৰৰ ফল-মূল, শাক-পাচলি, গছ-বন আদি ব্যৱহৃত হৈ আহিছে। এই খাদ্য সামগ্ৰীবিলাক পুৰিপুষ্টি আৰু ঔষধি গুণেৰে ভৰপূৰ।
-
সাতশাকী
সাতশাকী হৈছে অসমীয়া লোকসকলে পালন কৰা ব'হাগ বিহুৰ সময়ত এশ এবিধ শাক খোৱাৰ এক পৰম্পৰা। সাতশাকী নামটো ব'হাগৰ সাতবিহুৰ যিকোনো এদিন খোৱাৰ পৰম্পৰাৰ পৰা উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হয়। অঞ্চলভেদে এশ এবিধৰ সলনি এশ আঠবিধ শাক খোৱাৰো পৰম্পৰা আছে।