খাদ্য
২৩৪ প্ৰবন্ধ
-
মাংস
মাংস হৈছে প্ৰাণীৰ শৰীৰৰ অংশ, যিটো খাদ্য হিচাপে খোৱা হয়। প্ৰাগঐতিহাসিক কালত মানুহে মাংসৰ বাবে জীৱ-জন্তু চিকাৰ কৰিছিল। নৱপ্ৰস্তৰ বিপ্লৱৰ বসতিৰ ফলত কুকুৰা, ভেড়া, শহাপহু, গাহৰি, গৰু আদি জন্তুক পোহনীয়া কৰা হয়। পিছলৈ এইবোৰৰ পৰা মাংস উৎপাদনৰ ব্যৱস্থা কৰা হয়।
-
চাউল
চাউল (Rice) হৈছে অৰাইজা ছেটিভা (Oryza sativa, এছিয়ান ধান) বা সচৰাচৰ কম ব্যৱহাৰ হোৱা অৰাইজা গ্লেবেৰিমা (Oryza glaberrima, আফ্ৰিকান ধান) নামৰ ঘাঁহজাতীয় উদ্ভিদ প্ৰজাতিৰ বীজ।
-
চেনি
চেনি (Sugar) হৈছে মিঠা সোৱাদযুক্ত, পানীত দ্ৰৱনীয় কাৰ্বহাইড্ৰটৰ সাধাৰণ নাম। বেছিভাগ চেনি খাদ্য হিচাপে ব্যৱহৃত হয়। বিভিন্ন প্ৰকাৰৰ চেনি বিভিন্ন উৎসৰ পৰা আহৰণ কৰা হয়। সৰল চেনি, যাক মনোচেকাৰাইড বুলিও কোৱা হয়, গ্লুক’জ, ফ্ৰুক্ট’জ আৰু গেলেক্ট’জ আদি অন্তৰ্ভুক্ত।
-
ভাত
ভাত হৈছে সিজোৱা চাউল। সৰহ পানীত উতলাই বা কম পানীত ভাপৰ সহায়ত চাউল সিজাই ভাত তৈয়াৰ কৰা হয়। খাদ্য হিচাপে ভাত যথেষ্ট জনপ্ৰিয়। ভাত ৰান্ধিবৰ বাবে এছিয়া, আফ্ৰিকা বা যিকোনো ঠাইত উপলব্ধ ধানৰ দীঘল, মধ্যমীয়া বা চুটি চাউল ব্যৱহাৰ কৰিব পাৰি। চাউলবোৰ সম্পূৰ্ণকৈ বা আধা সিজাই ভাত তৈয়াৰ কৰা হয়।
-
খাদ্য
খাদ্য হৈছে জীৱৰ পুষ্টিত সহায়তা প্ৰদানৰ বাবে খোৱা কিছুমান পদাৰ্থ। খাদ্যত সাধাৰণত উদ্ভিদ বা প্ৰাণীজ উৎস থাকে আৰু প্ৰয়োজনীয় পুষ্টি উপাদান যেনে শৰ্কৰা, চৰ্বী, প্ৰটিন, ভিটামিন বা খনিজ লৱণ থাকে। শক্তি আহৰণ, জীৱন ধাৰণ আৰু বৃদ্ধি উদ্দীপনৰ বাবে জীৱই বা জীৱকোষে খাদ্য গ্ৰহণ কৰে।
-
গাহৰিৰ মাংস
গাহৰিৰ মাংস হ'ল ঘৰচীয়া গাহৰিৰ পৰা পোৱা মাংসৰ ৰন্ধনপ্ৰণালী। ই বিশ্বজুৰি সৰ্বাধিক ব্যৱহৃত খাদ্য, গাহৰিৰ পোহনীয়া হোৱাৰ প্ৰমাণ খ্ৰীষ্টপূৰ্ব ৫০০০ চনৰপৰাই পোৱা যায়। গাহৰিৰ মাংস সতেজ ৰন্ধা আৰু সংৰক্ষিত দুয়োটা অৱস্থাতে খোৱা হয়।
-
গুড়
গুড় হৈছে কুঁহিয়াৰ বা খেজুৰৰ ৰসৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ মিঠা খাদ্য। তালৰ ৰস পৰাও গুড় তৈয়াৰ কৰা হয়। কুঁহিয়াৰ, খেজুৰ বা তাল গছৰ ৰস ঘন গাঢ় কৈ পকাই গুড় তৈয়াৰ কৰা হয়।
-
ঘিউ
ঘিউ হৈছে ভাৰতীয় উপমহাদেশৰ মাখনৰ পৰা উৎপাদন কৰা পৰিষ্কাৰ পানীৰ দৰে পদাৰ্থ৷ খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধিৰ বাবে এই অঞ্চলৰ পৰম্পৰাগত খাদ্যত ঘিউ ব্যৱহাৰ কৰা হয়৷ ইয়াক সাধাৰণতে ৰন্ধা-বঢ়াৰ বাবে, পৰম্পৰাগত ঔষধ হিচাপে আৰু হিন্দু ধৰ্মীয় অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয়৷
-
শাক-পাচলি
শাক-পাচলি (Vegetable) হৈছে উদ্ভিদৰ এনেবোৰ অংশ যিবোৰ মানুহ বা আন প্ৰাণীয়ে খাদ্য হিচাপে গ্ৰহণ কৰে। উদ্ভিদৰ ফুল, ফল, কাণ্ড, পাত, শিপা আৰু বীজকে ধৰি সকলো খোৱা পদাৰ্থ বুজাবলৈ সামূহিকভাৱে শাক-পাচলি শব্দটো ব্যৱহাৰ কৰা হয়। সেউজীয়া পাতযুক্ত পাচলিক শাক বোলা হয়।
-
পায়স
পায়স, পাহ, পাহভাত, ক্ষীৰ বা ক্ষীৰী হৈছে এক মিঠা ব্যঞ্জন আৰু ভাৰতীয় উপমহাদেশত জনপ্ৰিয় এক প্ৰকাৰৰ লুপথুপিয়া পুডিং। সাধাৰণতে গাখীৰ, চেনি বা গুড় আৰু চাউল উতলাই সিজাই এই খাদ্য তৈয়াৰ কৰা হয়। কেতিয়াবা চাউলৰ পৰিৱৰ্তে অন্যান্য মাহ জাতীয় শস্য যেনে দাইল, ঘেঁহু, বজৰা, কোমল গোমধান আদিও ব্যৱহাৰ কৰা হয়।
-
মাকৈ
মাকৈ (Maize, হিন্দী: মক্কা, বাংলা: ভুট্টা) হৈছে একপ্ৰকাৰ গ্ৰীষ্মকালীন খাদ্যশস্য, যাক বৈজ্ঞানিকভাৱে Zea mays নামেৰে জনা যায়। ই ঘাঁহ পৰিয়ালৰ অন্তৰ্গত আৰু মানুহৰ খাদ্য, পশুখাদ্য, আৰু উদ্যোগিক কেঁচামাল হিচাপে বিশ্বজুৰি বহুলভাৱে ব্যৱহৃত। মাকৈৰ গৰাকী বুলি মায়াক কোৱা হয়।
-
চুঙা চাউল
চুঙা চাউল তিয়াই লোৱা বৰা চাউল কুমলীয়া বাঁহৰ চুঙাত ভৰাই চুঙাটো জুইত পুৰি তৈয়াৰ কৰা এবিধ আহাৰ। জুইত সেকি লেৰেলাইলোৱা কলপাতেৰে চুঙাটোত সোপা দি লোৱা হয়। চুঙাটোৰ ভিতৰৰ চাউলখিনি ভাপত সিজি খোৱাৰ উপযোগী হয়।
-
পঞ্চামৃত
পঞ্চামৃত (আক্ষৰিক অৰ্থ: পাঁচ অমৃত) হৈছে হিন্দুসকলৰ বিভিন্ন পাৰ্বন আৰু পূজাত ব্যৱহাৰ কৰা পাঁচবিধ খাদ্যৰ এক মিশ্ৰণ যি কেইটা হৈছে প্ৰধানতঃ মৌ, তৰল গুৰ, গৰু গাখীৰ, দৈ আৰু ঘিঁউ।
-
পাতত দিয়া
পাতত দিয়া (cooked in banana leaf) হৈছে ভাৰতকে ধৰি ইণ্ডোনেছিয়া, মালয়েছিয়া, লাওছ আদি এছিয়াৰ বিভিন্ন দেশৰ লগতে মেক্সিকো, হাৱাই আদি দেশৰ বিভিন্ন জনগোষ্ঠীৰ এক ৰন্ধনশৈলী। এই পদ্ধতিত সাধাৰণতে কলপাতেৰে খাদ্য বস্তু মেৰিয়াই ৰন্ধা হয়।
-
বুট
বুট (বৈজ্ঞানিক নাম:Cicer arietinum) হৈছে এবিধ মাহজাতীয় খাদ্যশস্য। ই হৈছে ফেবেচিয়া (Fabaceae) পৰিয়ালৰ অন্তৰ্গত ফেবইডিয়া (Faboideae) উপ−পৰিয়ালৰ এবিধ একবাৰ্ষিক উদ্ভিদ।
-
ৰুটী
ৰুটী হৈছে গোল চেপেটা আটা বা ময়দাৰে প্ৰস্তুত কৰা এবিধ খাদ্য। ইয়াক চাপাটি বুলিও জনা যায়। ইয়াৰ ব্যৱহাৰ প্ৰথমে ভাৰতীয় উপমহাদেশত আৰম্ভ হয়। ইয়াক শিলত গুৰি কৰা ঘেঁহুৰ আটাৰ লগত পানী, নিমখ আৰু তেল মিহলাই প্ৰথমে লাৰুৰ দৰে কৰি বেলনাৰে বেলি গোল আৰু চেপেটা কৰি লোৱা হয়।
-
পুৰি
পুৰি (Puri) ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ আটাৰে নিৰ্মিত ঘিঁউ বা তেলত ভজা সৰু, কোমল, ঘূৰণীয়া ৰুটি। ইয়াক ৰাতিপুৱাৰ আহাৰৰ বাবে বা জলপান বা লঘু আহাৰ হিচাপে খোৱা হয়। ইয়াক সাধাৰণতে পুৰি ভাজিৰ দৰে এটা আকৰ্ষণীয় তৰকাৰী বা ভাজিৰে পৰিৱেশন কৰা হয় যদিও ইয়াক মিঠা ব্যঞ্জনৰ সৈতেও খাব পাৰি।
-
বাদাম
বাদাম হৈছে এক প্ৰকাৰৰ খাদ্য, যাক সাধাৰণতে বীজ ৰূপে খোৱা হয় আৰু যাৰ ওপৰত এক কঠিন আৱৰণ থাকে। যদিও বহু প্ৰকাৰৰ বীজ আৰু ফলক সাধাৰণ কথোপকথনত "বাদাম" বুলি কোৱা হয়, উদ্ভিদবিদ্যাৰ দৃষ্টিকোণত কেৱল বিশেষ ধৰণৰ ফলবোৰহে প্ৰকৃত বাদাম হিচাপে গণ্য কৰা হয়।
-
চাট (খাদ্য)
চাট হৈছে ভাৰতীয় উপমহাদেশৰ বিভিন্ন অঞ্চলত প্ৰচলিত বিভিন্ন প্ৰকাৰৰ লঘু আহাৰৰ সমষ্টি। সাধাৰণতে ভাৰত, পাকিস্তান, নেপাল আৰু বাংলাদেশৰ পদপথৰ দোকান বা ৰেষ্টুৰেণ্ট আদিত ষ্টাৰ্টাৰ বা ভোকবৰ্দ্ধক খাদ্য হিচাপে পৰিবেশন কৰা হয়। চাটৰ উৎপত্তি হৈছিল ভাৰতৰ উত্তৰ প্ৰদেশত।
-
জোৱাৰ
জোৱাৰ (Sorghum, হিন্দী: বজ্ৰা, বৈজ্ঞানিক নাম: Sorghum bicolor) খেতি কৰা হয় মানুহৰ খাদ্য, পশুৰ খাদ্য, ইথানল উৎপাদন, সুৰা প্ৰস্তুত কৰা আদি বিভিন্ন কামৰ বাবে। ই একবৰ্ষীয় উদ্ভিদ। জোৱাৰৰ উৎপত্তি আফ্ৰিকাত হৈছিল, আৰু বৰ্তমান ইয়াৰ খেতি গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অঞ্চলত ব্যাপকভাৱে কৰা হয়।
-
পনীৰ
পনীৰ হৈছে এবিধ দুগ্ধজাত সামগ্ৰী। গাখীৰৰ পৰা আহৰণ কৰা প্ৰ'টিনত বিভিন্ন ধৰণৰ সুগন্ধি যোগ কৰি পনীৰ উৎপাদন কৰা হয়। ইয়াত গাখীৰত পোৱা প্ৰ'টিন আৰু চৰ্বি থাকে। পনীৰ প্ৰস্তুত কৰিবলৈ সাধাৰণতে গৰু, ম'হ, ছাগলী বা ভেড়াৰ গাখীৰ ব্যৱহাৰ কৰা হয়।
-
মাখন
মাখন (ইংৰাজী: Buttermilk) হৈছে গাখীৰত লেক্টিক এছিড বেক্টেৰিয়া যোগ কৰি প্ৰস্তুত কৰা এবিধ কিণ্বিত দুগ্ধজাত পানীয়। পৰম্পৰাগতভাৱে, কিণ্ব কৰা ক্ৰীমৰ (লাৱণি) পৰা মাখন মন্থন কৰাৰ পাছত ৰৈ যোৱা প্ৰায় চৰ্বিমুক্ত গাখীৰৰ পৰা মাখন তৈয়াৰ কৰা হৈছিল।
-
ইডলি
ইডলি বা আইডলি হৈছে দক্ষিণ ভাৰতৰ পৰা উৎপত্তি হোৱা এক প্ৰকাৰৰ টেঙা চাউলৰ পিঠা, দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত ব্ৰেকফাষ্ট খাদ্য হিচাপে জনপ্ৰিয়। কিম্বন কৰা ক’লা মচুৰ দাইল (ডি-হাস্কড) আৰু চাউলৰে গঠিত বেটাৰ ভাপত দি কেক তৈয়াৰ কৰা হয়।
-
চাম্বাৰ
চাম্বাৰ (Sambar) দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ জনপ্ৰিয় ব্যঞ্জন। বিভিন্ন প্ৰকাৰৰ পাচলি, দাইল, তেঁতেলী আৰু মছলাৰে থপ থপীয়াকৈ তৈয়াৰ কৰা ই একপ্ৰকাৰ জোল বা চুৰুহা। ই দক্ষিণ ভাৰতীয় আৰু শ্ৰীলংকান ৰন্ধনশৈলীৰ অভিন্ন অংশ আৰু সাংস্কৃতিক প্ৰতীক।
-
চিৰা
চিৰা হৈছে কেঁচা, ভজা বা সিজোৱা ধানৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ চাউলৰ খাদ্য। চিৰাক কোনো পৰিৱৰ্তন অবিহনেই খোৱা হয়। ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি চিৰা খৰখৰীয়া, টান, চোবাই খাব পৰা বা কোমল হ’ব পাৰে আৰু ইয়াৰ গাঁথনি পাতল বাদামৰ দৰে হ’ব পাৰে।
-
নাৰিকলৰ গাখীৰ
নাৰিকলৰ গাখীৰ হৈছে কুটি লোৱা নাৰিকলৰ পৰা উলিওৱা তৰল পদাৰ্থ। নাৰিকলৰ গাখীৰ অস্বচ্ছ আৰু সোৱাদযুক্ত হয়। ইয়াত অধিক পৰিমাণে তেল থাকে, যাৰ বেছিভাগেই সংপৃক্ত চৰ্বি। নাৰিকলৰ গাখীৰ দক্ষিণ-পূব এছিয়া, কেৰেবিয়ান আৰু উত্তৰ দক্ষিণ আমেৰিকাত খোৱা এক জনপ্ৰিয় খাদ্য উপাদান।
-
সৰিয়হ গুটি
সৰিয়হ এবিধ তেলজাতীয় গোলাকাৰ বীজ, ইয়াৰ ৰং গাঢ় ৰঙা আৰু ক'লা হয়, আন এবিধ সৰিয়হ হালধীয়া বৰণৰ হয়, যাক সাধাৰণতে হালধীয়া বৰণৰ বুলি নকৈ বগা সৰিয়হ বুলিহে জনা যায়। ইয়াৰ ফুলবিলাকৰ ৰং হালধীয়া হয়। সৰিয়হৰ গুটি বিলাকৰ আকাৰ ১ ৰ পৰা ২ মিলিমিটাৰ (০.০৩৯ ৰ পৰা ০.০৭৯ ইঞ্চি) হয়।
-
চকলেট
চকলেট হৈছে ভজা আৰু গুৰি কৰা কেকাও (cacao) গছৰ বীজৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ খাদ্য সামগ্ৰী। চকলেট তৰল, কঠিন বা পেষ্ট হিচাপে উপলব্ধ। অন্য খাদ্যৰ স্বাদগন্ধ বৃদ্ধিকাৰী দ্ৰব্য (ফ্লেভাৰিং এজেণ্ট) হিচাপেও চকলেট ব্যৱহাৰ কৰা হয়।
-
ফুচকা
ফুচকা এবিধ অতি জনপ্ৰিয় সুস্বাদু দক্ষিণ এচিয় মুখৰোচক খাদ্যবিশেষ। বাংলাদেশ আৰু ভাৰতৰ প্ৰায় সকলোতে এইবিধ খাদ্যৰ প্ৰচলন আছে। অঞ্চলভেদে ই বিভিন্ন নামেৰে পৰিচিত; যেনে উত্তৰ ভাৰতত ইয়াৰ পৰিচয় গোলগাপ্পা হিচাপে, আৰু পশ্চিম ভাৰতত (যেনে মহাৰাষ্ট্ৰত) ইয়াৰ নাম পানীপুৰি (पानीपूरी)।
-
ভোগ
ভোগ (বিশেষ্যঃ 'সুখ' বা 'আনন্দ', ক্ৰিয়াঃ 'সমাপ্ত' বা 'সমাপ্ত কৰা') হিন্দু আৰু শিখ ধৰ্মত ব্যৱহৃত শব্দ। শিখ ধৰ্মত গুৰু গ্ৰন্থ চাহিবৰ সামৰণি অংশ পাঠৰ লগতে ভোগ দিয়া হয়। বিয়া, বাৰ্ষিকী, অন্ত্যেষ্টিক্ৰিয়া আৰু অন্যান্য অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভোগ দিয়া হয়।