অসমৰ মহাবিদ্যালয়সমূহ
১২৭ প্ৰবন্ধ
-
সন্দিকৈ ছোৱালী মহাবিদ্যালয়
সন্দিকৈ ছোৱালী মহাবিদ্যালয় গুৱাহাটীৰ পাণবজাৰ এলেকাত, দীঘলীপুখুৰীৰ কাষত অৱস্থিত এখন ৰাজহুৱা ছোৱালী মহাবিদ্যালয়। ১৯৩৯ চনত প্ৰতিষ্ঠিত এই প্রতিষ্ঠানটো অসমত নাৰী উচ্চশিক্ষাৰ অগ্ৰগতিৰ এটা ঐতিহাসিক কেন্দ্ৰ আৰু বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।
-
দৰং মহাবিদ্যালয়
দৰং মহাবিদ্যালয় (Darrang College) তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল। মহাবিদ্যালয়খনি ১৯৪৫ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল জ্যেষ্ঠ স্বাধীনতা সংগ্ৰামী কামাখ্যা প্ৰসাদ ত্ৰিপাঠী।
-
ভোলানাথ বৰুৱা মহাবিদ্যালয়
ভোলানাথ বৰুৱা মহাবিদ্যালয় বা চমুকৈ বি. বৰুৱা কলেজ (B. Borooah College) হৈছে অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত এখনি অগ্ৰণী শিক্ষানুষ্ঠান। অসম তথা ভাৰতৰ প্ৰখ্যাত উদ্যোগী ভোলানাথ বৰুৱালৈ শ্ৰদ্ধা জনাই এইখনি শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল।
-
দেৱৰাজ ৰয় মহাবিদ্যালয়
দেৱৰাজ ৰয় মহাবিদ্যালয় বা ডি আৰ কলেজ হৈছে গোলাঘাটৰ জোনাকী নগৰত অৱস্থিত এখন চৰকাৰী মহাবিদ্যালয়। ১৯৪৯ চনত স্থাপিত এই মহাবিদ্যালয়খনত কলা আৰু বিজ্ঞান উভয় শাখাৰে মুঠ ১৫ টা বিভাগ আছে।
-
প্ৰাগজ্যোতিষ মহাবিদ্যালয়
প্ৰাগজ্যোতিষ মহাবিদ্যালয় (Pragjyotish College) হৈছে অসমৰ কামৰূপ (মহানগৰ) জিলাৰ ভৰলুমুখত অৱস্থিত এখন শিক্ষানুষ্ঠান। ১৯৫৪ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়ৰ পাঠ্যক্ৰম গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত।
-
ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়
ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় ১৯৪৫ চনৰ ১৫ জুনত ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয় খনৰ স্নাতক মহলা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত। ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ ডাঙৰীয়াই এই মহাবিদ্যালয় উদ্বোধন কৰিছিল।
-
বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়
বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় অসমৰ গুৱাহাটীত অৱস্থিত আইন মহাবিদ্যালয়। ১৯১৪ চনত স্থাপিত এই মহাবিদ্যালয় পূৰ্বতে আৰ্ল ল কলেজ হিচাপে জনাজাত আছিল। ই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আইন মহাবিদ্যালয়।
-
দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়
দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় বা ডিচিবি গাৰ্লছ কলেজ যোৰহাটৰ কৃষ্ণকান্ত সন্দিকৈ পথত অৱস্থিত এখন চৰকাৰী মহাবিদ্যালয়। ১৯৫৫ চনত স্থাপিত এই মহাবিদ্যালয়খন উজনি অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয়।
-
নলবাৰী মহাবিদ্যালয়
নলবাৰী মহাবিদ্যালয় (Nalbari College) অসমৰ নলবাৰী চহৰৰ পৰা এক কিঃমিঃ দূৰত জাপাৰকুছি গাঁৱত অৱস্থিত অৱস্থিত এক শৈক্ষিক প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল ১৯৪৫ চনত। ইয়াৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল ত্ৰৈলোক্য নাথ গোস্বামী।
-
বজালী মহাবিদ্যালয়
বজালী মহাবিদ্যালয় (Bajali College) অসমৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান। এই মহাবিদ্যালয় বৰপেটা জিলাৰ পাঠশালা চহৰত অৱস্থিত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এই মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (National Assessment and Accreditation Council)ৰ "A" শ্ৰেণীৰ মহাবিদ্যালয়ৰূপে…
-
বিশ্বনাথ মহাবিদ্যালয়
বিশ্বনাথ মহাবিদ্যালয় বিশ্বনাথ জিলাৰ লগতে উত্তৰ অসমৰ এখন অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ৷ ২০১০ বৰ্ষত ৫০ বছৰ সম্পূৰ্ণ কৰা মহাবিদ্যালয়খনে সমগ্ৰ বিশ্বনাথ জিলাৰ লগতে দাঁতিকাষৰীয়া শোণিতপুৰ আৰু লক্ষীমপুৰ জিলাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷
-
গৌহাটী বাণিজ্য মহাবিদ্যালয়
গৌহাটী কমাৰ্চ কলেজ বা গৌহাটী বাণিজ্য মহাবিদ্যালয় অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথত অৱস্থিত। বাণিজ্য শাখাৰ এই মহাবিদ্যালয়খন ১৯৬২ চনৰ ১০ ছেপ্টেম্বৰত প্ৰতিষ্ঠা কৰা হৈছিল।
-
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় গোলাঘাট জিলাৰ দেৰগাঁওত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬২ এই মহাবিদ্যালয় স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খনক উজনি অসমৰ কটন বুলিও জনা যায়। NAAC ৰ মূল্যাংকনত মহাবিদ্যালয়খনে A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, অসম চৰকাৰৰ দ্বাৰা ১৯৭১ চনত "চৰকাৰী বিজ্ঞান মহাবিদ্যালয়" নামেৰে যোৰহাট জিলাত প্ৰতিষ্ঠা কৰা হয়। জিলাখনৰ বিজ্ঞান উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল এই প্ৰতিষ্ঠানটো।
-
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় (Anandaram Dhekial Phookan College) হৈছে ১৯৫৯ চনত স্থাপিত অসমৰ নগাঁও জিলাৰ দক্ষিণ হয়বৰগাঁৱত অৱস্থিত এখন স্নাতক আৰু স্নাতকোত্ত ডিগ্ৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
তেজপুৰ মহাবিদ্যালয়
তেজপুৰ মহাবিদ্যালয় কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। এইখন অসমৰ তেজপুৰ চহৰত, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ দক্ষিণ দিশত আৰু অগ্নিগড় পাহাৰৰ নিচেই কাষত অবস্থিত।
-
যোৰহাট মহাবিদ্যালয় (একত্ৰিত)
যোৰহাট মহাবিদ্যালয় (একত্ৰিত) (Jorhat College(Amalgamated)) যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত কেৱল কলা শাখাৰ এখন স্নাতক মহাবিদ্যালয়। ইয়াত ছাত্ৰ-ছাত্ৰী উভয়ৰে পঢ়াৰ সুবিধা আছে।
-
কলিয়াবৰ মহাবিদ্যালয়
কলিয়াবৰ মহাবিদ্যালয় (kaliabor college) হৈছে নগাঁও জিলাৰ অন্যতম উল্লেখযোগ্য উচ্চ শিক্ষাৰ কেন্দ্ৰ, যি কলিয়াবৰ অঞ্চলৰ ৰাইজৰ শৈক্ষিক সপোন পূৰণৰ বাবে স্থাপন কৰা হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহাবিদ্যালয়।
-
গুৱাহাটী মহাবিদ্যালয়
গুৱাহাটী মহাবিদ্যালয় (Guwahati College) অসমৰ গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬৪ চনত মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। গুৱাহাটী মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ছয়দুৱাৰ মহাবিদ্যালয়
ছয়দুৱাৰ মহাবিদ্যালয় (ইংৰাজী : Chaiduar College) শোণিতপুৰ জিলাৰ গহপুৰ মহকুমাৰ এখন পুৰণি অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান। গহপুৰ নগৰৰ নিচেই কাষতে মহাবিদ্যালয়খন অৱস্থিত।
-
তিনিচুকীয়া মহাবিদ্যালয়
তিনিচুকীয়া মহাবিদ্যালয় তিনিচুকীয়া জিলাত অৱস্থিত উচ্চ শিক্ষাৰ এখন প্ৰধান শিক্ষানুষ্ঠান। তিনিচুকীয়া নগৰৰ পৰ্বতীয়াস্থিত এই মহাবিদ্যালয়খন ১৯৫৬ চনত প্ৰতিষ্ঠা হয়। তিনিচুকীয়া মহাবিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে।
-
ধেমাজি মহাবিদ্যালয়
ধেমাজি মহাবিদ্যালয় (ইংৰাজী: Dhemaji College) ধেমাজি জিলাৰ আটাইতকৈ পুৰণি মহাবিদ্যালয়।
-
পূব কামৰূপ মহাবিদ্যালয়
পূব কামৰূপ মহাবিদ্যালয় কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত এখন চৰকাৰী শিক্ষানুষ্ঠান। অঞ্চলটোৰ কেইগৰাকীমান শিক্ষাবিদৰ উদ্যোগত ১৯৭২ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰিছিল। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।
-
বাহনা মহাবিদ্যালয়
বাহনা মহাবিদ্যালয় অসমৰ যোৰহাট জিলাৰ বাহনা অঞ্চলত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬৬ চনত মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা হয়। ৰাম কুমাৰ বৰুৱা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত।
-
বিশ্বনাথ কৃষি মহাবিদ্যালয়
বিশ্বনাথ কৃষি মহাবিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু বিশ্বনাথ জিলাত অৱস্থিত।
-
মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়
মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় ১৯৬৩ চনৰ জুলাই মাহত ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয় খনত মুঠ ছাত্ৰীৰ সংখ্যা প্ৰায় ১৮০০ গৰাকী। মহাবিদ্যালয় খনৰ স্নাতক মহলা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত।
-
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (Arya Vidyapeeth College) হৈছে ১৯৫৮ চনৰ ২৯ জুলাইত স্থাপিত অসমৰ কামৰূপ জিলাৰ গোপীনাথ নগৰত অৱস্থিত এক উচ্চশিক্ষাৰ প্ৰতিষ্ঠান, য’ত কলা, বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখা আছে। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
কামপুৰ মহাবিদ্যালয়
নগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল কামপুৰ মহাবিদ্যালয়। মহাবিদ্যালয়খনি ১৯৬৮ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃত প্ৰাপ্ত এই কামপুৰ মহাবিদ্যালয়।
-
চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়
চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় বা চিকেবি কমাৰ্চ কলেজ যোৰহাটত অৱস্থিত এখন চৰকাৰী পোষকতা লাভ কৰা মহাবিদ্যালয়। ১৯৬৫ চনৰ ৬ ফেব্ৰুৱাৰীত যোৰহাট ফাউণ্ডেচন ছচাইটীৰ সহযোগত বাণিজ্যৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যৰে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল।
-
চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়
চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰত ১৯৫৯ চনত স্থাপন কৰা হৈছিল। এই মহাবিদ্যালয় খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।