নগাঁও চিকিৎসা মহাবিদ্যালয় (Nagaon Medical College and Hospital অসমৰ নগাঁও জিলাৰ মহখুলিত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। মহাবিদ্যালয়খনে ২০২৩ চনৰ পৰা কাৰ্যক্ষমতা আৰম্ভ কৰাৰ অনুমতি লাভ কৰে।১২
ইতিহাস
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ চাংসাৰিত নিৰ্মিত এইমছৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।৩
পাঠ্যক্ৰম
নগাঁও চিকিৎসা মহাবিদ্যালয়ত পাঁচ বছৰীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক (এম বি বি এছ) ডিগ্ৰী আগবঢ়াব যিটো ভাৰতীয় চিকিৎসা পৰিষদে স্বীকৃতি প্ৰদান কৰিব। মহাবিদ্যালয়খনে নাৰ্চিং, ফাৰ্মাচী, আৰু মেডিকেল লেবৰেটৰী টেকন’লজিৰ বিভিন্ন ডিপ্লমা আৰু চাৰ্টিফিকেট পাঠ্যক্ৰম প্ৰদানৰ পৰিকল্পনা কৰিছে।
তথ্যসূত্ৰ
- ↑ Assam: National Medical Commission nod to Nagaon Medical College. Times of India
- ↑ Nagaon Medical College and Hospital gets NMC approval. The Sentinel
- ↑ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব কোকৰাঝাৰ, নগাঁও, নলবাৰী. নিয়মীয়া বাৰ্তা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগাঁও চিকিৎসা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৭৩৯১৮ (১২ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।