অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দুগদুগী

দুগদুগী এবিধ অসমীয়া সোণৰ বিশেষ লকেট। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ডিঙিৰপৰা বুকুলৈ ইয়াক ওলোমাই পিন্ধা হয়। উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে।

হালনাগাদ: ৩১ মে’ ২০২২ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

দুগদুগী এবিধ অসমীয়া সোণৰ বিশেষ লকেট।১ সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ডিঙিৰপৰা বুকুলৈ ইয়াক ওলোমাই পিন্ধা হয়।১২ উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে। ব'হাগ বিহুত বিহু নাচোতে নাচনীয়ে আৰু বিয়াত কইনাইও ডিঙিত দুগদুগী পিন্ধে।

অলংকাৰ তৈয়াৰ কৰা পদ্ধতি

মূল প্ৰবন্ধ: গামখাৰু

অসমীয়া গহনা তৈয়াৰ কৰা পদ্ধতিটো দক্ষিণ-পূৱ এচিয়াৰ পাৰম্পৰিক পদ্ধতিৰ সৈতে সাদৃশ্য থকা। বিভিন্ন সঁজুলি সমূহ যেনে:হাঁতুৰী, ভাটী, নিয়াৰি, ডাইচ, ফলি, কৰ্ষণী, কাঁটি, নোৱনি, লেপ, থিনা/ঠিনা, বাখৰ আদিৰ সহায়ত হাতেৰে এই গহনা বিশেষ তৈয়াৰ কৰা হয়। সাধাৰণতে গহনাৰ জঁকাটো ৰূপ ধাতুৰ সহায়ত তৈয়াৰ কৰি তাৰ ওপৰত সোণৰ পাতল আৱৰণ দিয়া হয়। ইয়াৰ বাবে সোণ গলাই 'স্প্ৰে' যন্ত্ৰৰ দ্বাৰা গহনাৰ ওপৰত এটা নিৰ্দিষ্ট অনুপাতত প্ৰলেপ দিয়া হয়। এই পদ্ধতিটোক সোণপানী চৰোৱা বুলিও কোৱা হয়। সাধাৰণতে অসমীয়া গহনাৰ আকাৰ-আকৃতি বা ৰূপাংকৰণ জৈৱিক বৈচিত্ৰ্য আৰু অসমীয়া বাদ্যযন্ত্ৰৰ আকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। এই পদ্ধতিতে দুগদুগীও প্ৰস্তুত কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ দুগদুগী. শব্দ ডট অৰ্গ
  2. ↑ মুখ্য সম্পাদক: ড° দীনেশ চন্দ্ৰ গোস্বামী. (পঞ্চম মুদ্ৰন, জুলাই ২০১৬). শৰাইঘাট অভিধান. শৰাইঘাট প্ৰকাশন. পৃ. পৃ:৪৮৭. ISBN ৯৭৮-৯৩-৮৪২১১-০০-৪

সম্পৰ্কিত শ্ৰেণী

অসমৰ অলংকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুগদুগী” প্ৰবন্ধৰ সংশোধন ৩২২৮৭৩ (৩১ মে’ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।